জেউৰা দিয়া

জেউৰা দিয়া

         নামনি অসমৰ লোকসমাজত প্ৰচলিত এবিধ লোকাচাৰ হ'ল জেউৰা দিয়া। ন কইনা প্ৰথম গৰ্ভৱতী হ'লে মাকৰ ঘৰৰ পৰা অনা বিভিন্ন খাদ্য বস্তুৰে নিজৰ জীয়ৰীক ভালদৰে এসাঁজ খুৱায়।

        ব'হাগ বিহুত পুত্ৰ-বোৱাৰী ঘৰলৈ আহিছে। মাকৰ গাত ততেই নাইকিয়া। ইমান দিনৰ মূৰত পুত্ৰ বোৱাৰী ঘৰলৈ আহিছে। ক'ত থও ক'ত নথও অবস্থা। তাতেই আকৌ বোৱাৰীয়েকৰ গাত সাত মাহৰ লেঠা। কি কৰো ক'তে মৰো অৱস্থা। মনৰ উলাহতে বোৱাৰীয়েকক সুধিয়েই পেলালে, "তোক জেউৰা দিছেনা ? [ নগঞা আপী ক'ত জেউৰা বুজি পায়? ]

"নাই মা, মোক জেওৰা দিয়া নাই দেখোন।"

"একো নোহোই দে ময়ে তোক জেউৰা দিম।"

        বোৱাৰিয়ে মনতে - "কি জেগাত আহি পৰিলো, মোক এতিয়া জেওৰা দি থব! মুখেৰে একো মাতিবও নোৱাৰা হলো……! ইতিমধ্যে শাহুআয়ে এখন দীঘলীয়া তালিকা দি পুতেকক বজাৰলৈ পঠালেই। কি কৰা যায় ? এই দূপৰীয়াৰ ৰ'দত যদি দুঘন্টা জেওৰা দি থৈ দলে কি হ'ব এতিয়া? এইবাৰ মৰিলো মই, মোৰ নিস্তাৰ নাই। শাহুআয়ে ওচৰৰে তিৰোতা কেইজনীমান মাতি আনি জেওৰা দিয়াৰ প্ৰস্তুতি চলালেই। উপায় নাপাই, কি কৰিম ? ৰুম এটাৰ চুকত বহি ঈশ্বৰ চিন্তাৰ বাহিৰে একো উপায় নাই!

        সময়ত মোক মাতি নি মাহ-হালধিৰে নোৱাই-ধোৱাই উৰুলি দিলে। মায়ে সুধিলে- "বিয়াৰ দিনা কইনা হতে পিন্ধা কাপুৰ যুৰ আনছানা"

"নাই মা নানিলো নহয়।"

বাকচৰ পৰা কাপোৰ এসাঁজ উলিয়াই দি কলে-

"একো নোহোইদে এই আনা-কাটা যুৰকে পিন্ধ।"

        উপায় নাই, ন-কইনাৰ কথা, যি কৈছে তাকেই কৰি গৈছো। তাৰপিছত ডাঙৰ পীৰা এখনত গাৰিদিয়া কাপোৰ এখন পাৰি দি বহিব দিলে। মূৰত তেল, সেন্দুৰৰ ফোঁট আদি দি প্ৰত্যেকেই মোক উপহাৰ দিবলৈ ধৰিলে। ময়ো প্ৰতিগৰাকী জ্যেষ্ঠা ব্যক্তিৰ চৰণ চুই সেৱা জনালোঁ। ইয়াৰ পিছতে পুঠি একাধ্যায় পঢ়ি সকলোকে প্ৰসাদ দিয়াৰ লগতে মোকো এবাতি পায়স খাবলৈ দিলে। খাই থাকোতে মোৰ এনে লাগিল মই যেন পঞ্চামৃতহে খাই আছো !

        ইমানলৈ ঠিকেই পাৰ হ'ল। জেওৰা বা ক'ত দিয়ে এতিয়া? মনতে ভাবি থাকিলো, মানুহক নো জেওৰা দি ৰখাব পাৰিবনে? মোক জেওৰা দি থব, মই তাতে ৰৈ থাকিম নেকি ? মই গুচি আহিম।

ইয়াৰ পিছত চাহ-পানী খাই মানুহখিনি মাত লগাই ঘৰা-ঘৰী গ'ল দেখোন?

মই মাক সুধিলো, "মোক জেওৰা নিদিলেই চোন মা ?"

"হাও আবেৰীয়ে কি কয়-এ" ?
-----------------------------------------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments