বিশ্বাস

বিশ্বাস

"তই এতিয়াও ঘৰৰপৰা ওলাই যা। ঘৰৰ সম্পত্তি সমানে তিনিভাগ কৰা হ'ব।"

    মাকনি বাইদেউৰ এই কথাখিনিত বাপুকণ মৰ্মাহত হ'ল। সি সপোনতো বিশ্বাস কৰিব পৰা নাছিল, মাকনি বাইদেউৱে এনেকুৱা এষাৰ কথা ক'ব পাৰিব বুলি। কেতিয়াবা ঘৈনীয়েক মালতীয়ে মাকনি বাইদেউৰ বিপক্ষে কথা লগালেও," তই মোৰ মা আৰু বাইদেউৰ কথা তেনেকৈ নকবি।" বুলি ধমকি মাৰি দিয়ে। আজি সেই বাইদেউৱে তাক এনেকৈ ক'ব পাৰিছে ?

    আচলতে মাকনিক বাইদেউ বুলি মাতে যদিও তাই দেউতাকৰ ভনীয়েকহে অৰ্থাৎ বাপুকণৰ পেহীয়েক হয়। চৰকাৰী চাকৰিয়াল দৰা বাছি থাকোতে থাকোতে তাইৰ বয়সে ভাটি দিলে। তাই ককাইদেউৰ ল'ৰা-ছোৱালী কেইটাকে নিজৰ সন্তানৰ দৰে তুলি-তালি ডাঙৰ-দীঘল কৰিলে। ল'ৰা-ছোৱালী কেইটায়ো সৰুৰেপৰা মাকনিক পেহী নুবুলি মৰমতে মাকনি বাইদেউ বুলিয়েই মাতে।

    অষ্টমমান শ্ৰেণীত পঢ়ি থাকোতেই বাপুকণৰ পিতৃৰ বিয়োগ ঘটিল। ঘৰৰ ডাঙৰ ল'ৰা হিচাপে সমস্ত দায়িত্ব বাপুকণৰ মূৰত পৰিল। পঢ়াশুনা তাতেই সামৰি কৰ্মৰ সন্ধানত নগাঁও চহৰত ঘূৰি পাকি শেষত এটা চাকৰি পালে, নগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা যাত্ৰী যোগাৰ কৰি দিয়া। বিনিময়ত মালিকৰ পৰা কিছু কমিছন পায়। যি নহওক, তেনেকৈয়ে তাৰ পৰিয়ালটোৱে দুবেলা দুমুঠি ভাত যোগাৰ কৰিবলৈ সক্ষম হৈছিল।

এনেদৰে কঠোৰ পৰিশ্ৰম কৰি পদোন্নতি পাই পাই ক্ৰমে হেণ্ডিমেন, চেকাৰৰ পৰা এদিন এখন গাড়ীৰ মালিক হ'বলৈ সক্ষম হ'ল। এইখিনি সময়তে ভায়েকক প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ পৰা আদি কৰি ভনীয়েকক বিয়া দিয়া আৰু নিজেও বিয়া কৰালে।

    ইমানখিনি কৰাৰ পাছতো বাপুকণৰ নাম নাই। বজাৰৰ সমস্ত খৰছ লাগিলে বাপুকণেই দিয়ক তাৰ নাম নাই কিন্তু সৰু ভায়েক বাবাকণে লাগিলে বজাৰৰ পৰা মাত্ৰ বেগখন দাঙি আনক তাৰহে নাম বায়েকৰ কথা," আজি বাবাকণে বজাৰ নকৰা হ'ল লঘোণে মৰিব লাগিলহেঁতেন।" আজি বাবাকণে ইটো কৰিলে, কালি বাবাকণে সিটো কৰিলে, ইত্যাদি ইত্যাদি……….!

    বাপুকণৰ ঘৈনীয়েক মালতীৰ ক'ত সহ্য হয় ? সহ্যৰ বাহিৰ হৈ কেতিয়াবা বাপুকণ আহি পোৱাৰ লগে লগে লগাই দিলেও সি কেতিয়াও বিশ্বাস নকৰে। কিন্তু আজি নিজ কাণেৰে শুনাৰ পিছত, সি আৰু বুজিবলৈ বাকী নাথাকিল। সি নিজেই ঘৰৰ পৰা ওলাই গ'ল। যোৱাৰ সময়ত মাকক কৈ গ'ল,"ঘৰৰ সম্পত্তি সমানে দুভাগহে কৰিব পাৰিবি, কিন্তু ককায়েকৰ সম্পত্তিৰ ভাগ ভনীয়েকে পোৱা ক'তো নিয়ম নাই।"
---------------------------------------------------------------------------------------------
প্ৰশান্ত

Post a Comment

0 Comments