আবুৰ অসুখ
আজি দুদিনমান হ'ল আবুৰ গাটো ভাল নহয়। ভালদৰে খোৱা বোৱাও কৰা নাই, সাধুও কোৱা নাই ! আবুল আসুখ বুলি ক'লে আমাৰ বৰ দুখ লাগে। আবুৰ কিবা হ'লে,ৰাতি আমাক বিচনীৰে বিচি-বিচি সাধু কৈ কৈ শুৱাই দিব ?
"অ' আবু কি হৈছে, তোৰ ? কিয় মন মাৰি আছা ?"
"চৰ্দি-কাহ জ্বৰ, গাৰ বিহত থাকবা পাৰা নাই এ বাপ্পা।"
"হবো দে আবু, আজিৰ দিনতু অলপ কষ্ট-মষ্ট কৰি থাক, কালি পুৱাই ডাক্টৰখানাৰ পৰা মই ঔষধ আনি দিম দে।"
ৰবিবাৰৰ দিনা পইটা ভাত কেইটামান পিয়াজ এটুকুৰা নিমখ-তেল সানি খাই -
"আবু মই ঔষধ আনবা যাং দে "
"যা বাবা যা, সংকালতে আইভি। যাওতে ৰাষ্টাৰ কানে কানে যাবি।"
"হ'বদে"
আমাৰ ঘৰৰ পৰা ডাক্টৰখানা প্ৰায় তিনি কিল'মিটাৰৰ বাট। হাতত দুটা বটল লৈ খোজকাঢ়ি দুই কিল'মিটাৰ মান গৈ থাকোতে স্কুলৰ খেল পথাৰত লগৰ কেইজনে ক্ৰিকেট খেলি থকা দেখি ময়ো খেলাত লাগি গলো। খেলি থাকোতে কোন তলকতনো ঘড়ীত এটা বাজিল ততেই ধৰিব নোৱাৰিলো। দৌৰা-দৌৰিকৈ ডাক্তৰখানা গৈ পালো যদিও ইতিমধ্যে ডাক্টৰখানা বন্ধই কৰিছিল।
কি কৰো ক'তে মৰো ? ঔষধ নিনিয়াকৈ গ'লেটো শুদাই নেৰে ? এনেদৰে ভাবি চিন্তি আহি থাকোতে বৰকে প্ৰচাৰ কৰিবলৈ লাগিল। খালৰ পাৰত মুতি থাকোতেই খালৰ পানীবোৰ দেখি মনতে এটা বুদ্ধি খেলালে। দুয়োটা বটলত ওচৰতে থকা কুঁৱা এটাৰ পৰা দুয়োটা বটলত দুবটল পানী ভৰাই লৈ ঘৰ পালো।
"আবু ল ঔষধ ! ইটা বটলৰ ঔষধ ভাত খাৱাৰ আগতে দুইচামুচ খাবি আৰু সিটা বটলৰ পৰা দুইচামুচ ভাত খাৱাৰ পাছত খাবি। খাৱাৰ আগতে বটল কেইটা ভালকে জাকৰি লবি।"
"হবদে বাবা।'
মাজে মাজে আবুক আহি চাই আছো। মনতে ভীষণ ভয়ো আছে নহয় ? মাজে মাজে আহি আবুৰ খৱৰ লৈ আছো ! আবুৰ যদি সঁচাই কিবা হয় ?
"ভাত খাৱাৰ আগতে খাৱা ঔষধটু খাইছানা আবু ?"
"অ' খালুদে, বাবা।"
"তেনেহলি এথেন ভাতকেইটা ভালকে খা।"
"খাংদে বাবা।"
"আৰো কেইটামান দিমনা আবু ?"
"দি কেইটামান। বেছিকে নেদবি, ফেলনি যাবো।"
"অ' নেফেলবি আবু গটে কেইটা খাবি।"
খাৱা হলি সিটু বটলৰ পৰা দুইচামুচ ঔষধ খাই ঘুমে থাকবি।"
"হবোদে।"
দুই-ঘন্টামান পিছত আহি চাও, আবুৰ জ্বৰ নাই।
"ভাল পাইছানা আবু ?"
"অলপ আগোতকে ভাল পাইছুঙদে।"
ৰাতিলৈ দেখোন আবু সাধু কোৱাত লাগিল।
মই বুলু "ইবাৰ বাচলুঙদে !"
--------------------------------------------------------------------------
প্ৰশান্ত
প্ৰশান্ত
0 Comments
Please do not enter any spam link in the comment box.