লীলাৰ লগৰীয়া

আৰ কে নাৰায়ণৰ মূল ইংৰাজী "Leela's Friend" নামৰ গল্পৰ অসমীয়া অনুবাদ- "লীলাৰ লগৰীয়া"
                                                                                                            অনুবাদক- প্ৰশান্ত শইকীয়া।

লীলাৰ লগৰীয়া

    শিৱশংকৰে  বন কৰা ল'ৰা এজনৰ কথা ভাবি থাকোঁতে গেটৰ সন্মুখত এনেয়ে অনাই বনাই ফুৰা সিদ্দাই সুধিলে, "ছাৰ, আপোনাক এজন কাম কৰা ল'ৰা লাগিব নেকি? "
"সোমাই আহা" শিৱশংকৰে ক'লে।

    জপনাখন খুলি সোমাই অহা ল'ৰাটোলৈ চাই শিৱশংকৰে মনতে ভাবিলে, "ল'ৰাজন দেখাত বেচ পৰিপাটি, ইয়াক ৰখাব পাৰিলে বেয়া নহ'ব!"
"ইয়াৰ আগতে তুমি ক'ত আছিলা?" তেওঁ সুধিলে।
"এজন চিকিৎসকৰ ঘৰত, সৌ বঙলাটোত ছাৰ।"
"তেখেতৰ নাম কি?"
"নামটো নাজানো ছাৰ, তেওঁ বজাৰৰ ওচৰতে থাকে।"
"তেওঁলোকে তোমাক কিয় পঠিয়াই দিলে?"
"তেওঁলোক ইয়াৰ পৰা গুচি গ'ল, ছাৰ।"

    শিৱশংকৰে নিজে একো সিদ্ধান্ত ল'ব নোৱাৰি চিঞৰি পত্নীক মাতিলে। শিৱশংকৰৰ পত্নীয়ে সিদ্দাৰ ওপৰত ভালদৰে চকু ফুৰাই ক'লে, "দেখাত ইয়াক আগৰ বোৰতকৈ বেয়া যেন লগা নাই।"

    এনেতে লীলা নামৰ তেওঁলোকৰ পাঁচ বছৰীয়া ছোৱালীজনী বাহিৰলৈ ওলাই আহি সিদ্দাক দেখি আনন্দত চিঞৰি উঠিল, "তাক মোৰ বৰ ভাল লাগিছে, দেউতা! তাক যাবলৈ নিদিবা। তাক আমাৰ ঘৰতে থাকিবলৈ দিবা।"

    শেষত লীলাৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত হ'ল। সিদ্দাক দিনত দুসাজ ভাত আৰু মাহত চাৰি টকাকৈ দিয়া হৈছিল। বিনিময়ত সিদ্দাই কাপোৰ ধোৱা, বাগিচাৰ যতন লোৱা, খৰি ফলা, বজাৰ-সমাৰ কৰাৰ উপৰিও লীলীৰ আল-পৈচন ধৰা আদি কামবোৰ কৰি দিবলগীয়া হৈছিল।

"সিদ্দা, খেলো আহা!"
    -বুলি কোৱাৰ লগে লগে সি সকলো কাম পেলাই থৈ ৰঙা বল এটা হাতত লৈ বাগিচাৰ সন্মুখত থিয় হৈ ৰৈ থকা লীলাৰ লগত খেলিবলৈ দৈৰি আহে। কাষতে সিদ্দাক পাই তাই আনন্দত আত্মহাৰা হয়। তাই ৰঙা বলটো তাৰ গাৰফালে দলিয়াই দিয়ে আৰু সি তাইৰ গাৰফালে দলিয়াই দিয়ে।

    এনেকৈ খেলি থাকোঁতেস এবাৰ তাই ক'লে, "সিদ্দা তই এইবাৰ বলটো আকাশলৈ মাৰি পঠিওৱা।"
একান্ত বাধ্য ছাত্ৰৰ দৰে সি তাকেই কৰিছিল।
তাই আকৌ ক'লে, "এইবাৰ তই বহুত.......  বহুত ওপৰলৈ মাৰি পঠিওৱা, সিদ্দা?"

    চকু দুটা মুদি সি বৰ জোৰেৰে বলটো ওপৰলৈ মাৰি পঠিয়ালে। বলটো যেতিয়া আকাশৰ পৰা ধৰালৈ নামি আহিছিল তেতিয়া সি ক'লে, "এইবাৰ বলটোৱে আকাশৰ জোনটো চুই আহিছে। ভালদৰে চালে তুমি ইয়াত জোনৰ সৰু সৰু টুকুৰা কিছুমান লাগি থকা দেখা পাবা! 
দেখিছানে?"

    ভালদৰে বলটো নিৰীক্ষণ কৰি তাই ক'লে, "অহো! নাই-টো, নাই দেখা।"
"অ' তুমি এনেকৈ লাহে-ধীৰে চাই থাকিলে নহ'ব নহয়! তুমি পটাপট চাব লাগিব। নহ'লে ই ভাপ হৈ আকৌ জোনলৈ ঘুৰি যাব।"

    দুহাতেৰে বলটো টানকৈ সাবটি ধৰি আঙুলি ফাকৰ সৰু ফুটা এটাৰ মাজেৰে তাইক চাবলৈ কৈ সি সুধিলে-
 "দেখিছা?"
"অ' দেখিছোঁ! কিন্তু জোনটো বৰ সেমেকা, নহয়নে সিদ্দা?'
"অ'!" সি ক'লে।
"আকাশত কি থাকে সিদ্দা?"
"ভগৱান"
"আমি যদি ঘৰৰ মূধচত থিয় দিও আৰু দুহাত মেলি দিও, তেতিয়া আমি জোনটো চুই চাব পাৰিম নে, সিদ্দা?"
"নাই নোৱাৰিম! কিন্তু ওখ নাৰিকল গছত উঠিলে তুমি নিশ্চয় জোনটো চুই চাব পাৰিবা!"
"তুমি কেতিয়াবা জোনটো চুই চাইছানে, সিদ্দা?"
"অ' বহু বাৰ, মই বহুবাৰ চুই চাইছোঁ!"
"পূৰ্ণিমাৰ নিশা যেতিয়া জোনটো এখন ঘূৰণীয়া কাঁহিৰ নিচিনা হয়, তেতিয়াই মই এজোপা নাৰিকল গছত উঠো আৰু চুই আহো।"
"জোনটোৱে তোমাক চিনি পায় নে?"
"অ'! খুউব ভালদৰে চিনি পায়।"
"আহা! মোৰ লগত আহা! মই তোমাক বৰ ধুনীয়াকৈ প্ৰমাণ কৰি দিম।"
    সিহঁত তেতিয়া এজোপা গোলাপৰ কাষত থিয় হৈ আছিল। তাৰপৰাই সি জোনবাইলৈ আঙুলিয়াই দি ক'লে, "সৌৱা চোৱা জোনটো ইয়াতে আছে, নহয় জানো?"
"অ'!" তাই তপৰাই উত্তৰ দিলে।
"এতিয়া মোৰ লগত আহা।"
    -বুলি তাইক ঘৰৰ পিছফালে থকা কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল। কুঁৱাৰ ওচৰৰ পৰা জোনটোলৈ আঙুলিয়াই দি সি ক'লে, "চোৱা জোনটো তাৰ পৰা ইয়ালৈ আহিল।"

    "অ' এইটো চোন অলপ আগতে তাত আছিল? ইয়ালৈ কেনেকৈ আহিল?" তাই সুধিলে।
"মই তাক মোৰ পিছে পিছে আহি থাকিবলৈ কৈছোঁ।" -সি ক'লে।

    আচৰিত হৈ লীলাই দৌৰি গৈ মাকক ক'লে, "মা, মা, জানা মা! জোনটোৱে সিদ্দাক চিনি পায়!"

    গধুলি হলত সিদ্দাই তাইক ভিতৰলৈ লৈ আহে আৰু তাই সদায় সিদ্দাৰ ক্লাচ লয়।
তাইৰ এটা বাকচ আছে। বাকচটো সচিত্ৰ পুথি, কাগজ-কলম, ৰবৰ-পেঞ্চিল আদিৰে পৰিপূৰ্ণ। সিদ্দাৰ ওপৰত শিক্ষকতা কৰি তাই বৰ আনন্দ পায়। তাৰ হাতৰ আঙুলিৰ মাজত এডাল পেঞ্চিল গুজি দি আন এডাল পেঞ্চিল নিজৰ হাতত লৈ ক'লে, "লিখা।"

    লীলাৰ আদেশ মানি সি তাই লিখা আখৰবোৰ লিখি যাবলৈ চেষ্টা কৰে। তাই অসমীয়া বৰ্ণমালাৰ দুটামান আখৰ, কাউৰী আৰু কুকুৰ-মেকুৰী আদিৰ ছবি আঁকিব জানে। কিন্তু ইয়াৰে কোনো এটাকো সি চাই চাই আঁকিব পৰা নাই।

    তাকে দেখি তাই ক'লে, "এইটো কাউৰী নহয় জানো? তুমি মোৰ পৰা চাই চাই আঁকা।"
"এইটো "ক" তুমি মোৰ দৰে এনেকৈ লিখা।"
বহু চেষ্টা কৰিও সি সামান্য "ক" টোকে লিখিব পৰা নাই।

    তাকে দেখি তাই ভাবিলে, "কি আচৰিত কথা! এইজনেই সেইজন ব্যক্তি, যাৰ আদেশত আকাশৰ জোনবাই ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰে, অথচ সামান্য "ক" আখৰটোকে চাই চাই লিখিব পৰা নাই?"

    এনেতে সিদ্ধাৰ মনত এটা বুদ্ধিৰ উদয় হয় আৰু ক'লে, "ব'লা, মায়ে ভাত খাবলৈ মাতিছে!" বহী কলম তাতেই সামৰি লীলা মাকৰ ওচৰলৈ দৌৰ ল'লে। সিদ্দাই দীঘলীয়াকৈ এটি হুমুনিয়াহ কাঢ়িলে।

    নিশা ভাত পানী খাই লীলাই বিছনালৈ দৌৰি গৈছিল। সিদ্দাই নিত্য-নতুন সাধু এটি লৈ সাজু হৈ থাকিবলগীয়া হয়। সি তাইৰ বিছনাৰ কাষৰ মজিয়াতে বহি ল'লে। জোনবাইৰ সাধু, ৰাজকুমাৰীৰ সাধু, বুঢ়ী আইৰ সাধু, বান্দৰ আৰু শিয়ালৰ সাধু আৰু যে ক'ত কি......!

    দিনক দিনে তাই তাৰ ছাঁ-টোৰ দৰে হৈ পৰিছিল। সি বাগিচাত কাম কৰি থকা সময়ত তায়ো বাগিচাতে খেলি থাকে, বজাৰলৈ গ'লে তায়ো তাৰ লগতে বজাৰলৈ যায়।

    এনেকৈ এদিন বজাৰৰ পৰা ঘূৰি আহোতে লীলাৰ মাকে লক্ষ্য কৰে যে তাইৰ সোণৰ চেইনডাল ডিঙিত নাই!
"তোমাৰ ডিঙিৰ চেইনডাল কি হ'ল, লীলা?" মাকে সুধিলে।
চোলাৰ তলেৰে ডিঙিটো চুই চাই তাই ক'লে, "নাজানো"
"কিমানবাৰ তোমাক চেইনডাল খুলি, বাকচত ভৰাই থ'বলৈ কৈছোঁ, নাই তুমি নামানিলা!.......
দেউতা আহিলে মই কি বুলি ক'ম?"
তাই মনে মনে থাকে!

    কিছু সময় পিছত তেওঁ চিঞৰি উঠিল, "সিদ্দা! সিদ্দা? লীলাৰ সোণৰ চেইনডাল তুমি কি কৰিলা? সঁচা কথা কোৱা, নহ'লে তোমাক পুলিচত দিম।"

    কথাটো শুনি তাৰ অণ্ঠ-কণ্ঠ শুকাই গ'ল। সি একো ক'ব নোৱাৰিলে। মাত্ৰ তলমূৱা হৈ মাটিলৈ চাই থাকিল।

    সেই সময়তে, চৌকাত কিবা বহাই থোৱা বাবে তেওঁ লৰালৰিকৈ পাকঘৰলৈ যাবলগীয়া হ'ল। মাকৰ পিছে পিছে থেনথেনাই থেনথেনাই আহি তাই ক'লে, "মা মোৰ ভোক লাগিছে, মোক কিবা খাবলৈ দিয়া।"
পাকঘৰৰ পৰা ওলাই আহি দেখে- নিশাত আন্ধাৰত সিদ্দা অন্তৰ্ধান হ'ল।

    প্ৰায় এঘন্টামানৰ পিছত শিৱশংকৰ ঘৰলৈ আহি কথাটো গম পাই তেওঁৰ বৰ খং উঠে। তেওঁ পুলিচ থানালৈ গৈ এখন এজাহাৰ দাখিল কৰিলে।
নিশাৰ আহাৰ গ্ৰহণ কৰি লীলাই শুবলৈ যাবলৈ অমান্তি হ'ল।
"সিদ্ধা আহি সাধু কথা নক'লে মই নুশুও!"
"মই তোমালোকক বেয়া পাইছোঁ, মা! তোমালোকে সিদ্ধাক মৰম নকৰা, অনবৰতে গালি পাৰি থাকা। তোমালোক ইমান নিষ্ঠুৰ কিয়, মা?"
"কিন্তু সি যে তোমাৰ সোণৰ চেইনডাল চুৰ কৰি লৈ গ'ল.......?"
"নিলে নিয়ক, তাতে কি হ'ল? মই সেইবোৰ নাজানোঁ। মোক এতিয়া সাধু কোৱা!"
"বহু ৰাতি হ'ল আই, এতিয়া টোপনি যোৱা!"
"মোক এটা সাধু কোৱা না মা!"
কিন্তু এনেকুৱা এটা পৰিস্থিতিত তেওঁ এটা সাধু ভাবি উলিয়াবলৈ সামৰ্থ নাছিল। তেওঁ মনতে ভাবিলে, "ল'ৰাটোৱে ছোৱালীজনীৰ মূৰটো খাই পেলালে। সেই কাৰণে কথাতেই কয় বোলে অচিন কাঠৰ থোৰা নলগাবা!"
"টোপনি যোৱা আই! টোপনি যোৱা!"
লীলাই বৰ বিৰক্তি অনুভৱ কৰিছে।"তুমি মোক এটা সাধু ও ক'ব নোৱাৰানে?
"নাই নোৱাৰোঁ!"

    "তোমালোকক মই বৰ বেয়া পাইছোঁ, মা! তোমালোকে সিদ্দাক আমাৰ চকীত বহিব নিদিয়া কিয়, মা? সি গুচি গ'ল, কাৰণ সি আমাক বেয়া পাইছে, বহুত বেয়া পাইছে। কিয় তাক আমাৰ লগত শুবলৈ নিদিয়া,মা? কিয় তাক অকলে অকলে ভঙা জুপুৰিটোত শুবলৈ দিয়া? সেয়ে সি আমাৰ ওপৰত খং কৰি গুচি গ'ল, মা!"

    কিছুসময় পিছত শিৱশংকৰ থানাৰ পৰা উভতি আহিল। ইতিমধ্যে লীলাও টোপনি গ'ল। শিৱশংকৰে ক'লে, "আচলতে, আমি ইমান মূৰ্খামী কৰিব নালাগিছিল।মই তাৰ বৰ্ণনা দিয়াৰ লগে লগে পুলিচ ইন্সপেক্টৰজনে মোক কৈছিল যে সি হেনো ইয়াৰ আগতেও বহুবাৰ জেললৈ গৈছিল। ইন্সপেক্টৰজনে একপ্ৰকাৰ ধমকিৰ সুৰতে মোক কৈছিল যে এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগতে অন্ততঃ এবাৰ তেওঁলোকক সুধিব লাগিছিল।"

"সি এতিয়া ক'ত আছে?" শিৱশংকৰৰ পত্নীয়ে সুধিলে।
"পুলিচে হেনো তাৰ গলিবোৰ ভালদৰে চিনি পায়। তেওঁলোকে তাক অতি সোনকালে ধৰি আনিব।" শিৱশংকৰে ক'লে।

    চাৰি দিন পিছত, দেউতাক অফিচৰ পৰা ঠিক ঘৰ আহি পাইছে মাত্ৰ, এনেতে এজন পুলিচ ইন্সপেক্টৰ আৰু এজন কনিষ্টবলে সিদ্দাক ধৰি লৈ আহে। সিদ্দাই তলমূৰ কৰি থাকে। এনেতে আনন্দতে "সিদ্দা! সিদ্দা!" বুলি লীলা তাৰ কাষলৈ দৌৰি আহিল।
"তাৰ কাষলৈ নাযাবা!" লীলাক বাধা দি পুলিচ ইন্সপেক্টৰজনে ক'লে।
"কিয়! কিয় নাযাম?"
"সি এজন চোৰ। সি তোমাৰ চেইনডাল চুৰ কৰি নিছে।"
"নিলেও নিয়ক! মই আকৌ এডাল নতুন চেইন কিনি ল'ম!"
শিৱশংকৰ আৰু তেওঁৰ পত্নীয়ে সিদ্দাক সুধিলে, "তুমি চেইনডাল নি ক'ত থৈছা?"
তলমূৰ হৈয়েই সি ক'লে, "মই নিয়া নাই!"
"তেনেহ'লে আমাক একো নোকোৱাকৈ সেই ৰাতিয়েই তুমি কিয় ইয়াৰ পৰা পলাই গ'লা?" শিৱশংকৰ পত্নীয়ে সুধিলে।
সি একো নক'লে।
খঙত লীলা ৰঙা পৰি গৈছিল। তাই ক'লে, "হে পুলিচ মহাশয়, তাক এৰি দিয়ক! মই এতিয়া তাৰ লগত খেলিব লাগে।"
"মাইনা, সি এটা মস্ত চোৰ।" পুলিচজনে ক'লে।
"তাতে কি হ'ল?" লীলাই ক'লে।
পুলিচ ইন্সপেক্টৰজনে ক'লে, "ইমান এজনী সহজ সৰল নিৰ্জু ছোৱালীৰ ডিঙিৰপৰা সোণৰ চেইনডাল চুৰ কৰি নিবলৈ তোৰ অলপো বেয়া নালাগিলনে? নিয়াৰ সময়ত তোৰ হাত দুখন অলপো নকঁপিলনে?"
"নাই, সি নিয়া নাই!" লীলাই ক'লে।
"চোৱা মাইনা, তুমি যদি মনে মনে নাথাকা মোৰ কিন্তু খং উঠি যাব।" দেউতাকে ক'লে।
আধা ঘণ্টামান পাছত পুলিচ ইন্সপেক্টৰজনে কনিষ্টবলজনক ক'লে, "ইয়াক থানালৈ লৈ ব'লক! আজি নিশা ইয়াক ভালদৰে এশিকনি দিব লাগিব।"
পুলিচ জনে একপ্ৰকাৰ চোঁচৰাই নিয়া দি তাক টানি লৈ গ'ল। লীলাই তাৰ হাতত থাপ মাৰি ধৰি কান্দিবলৈ ধৰিলে- "তাক নিনিব! তাক এৰি দিয়ক! সি নহ'লে মই কাৰ লগত খেলিম? তাক এৰি দিয়ক!"

    চলবলীয়া চকুৰে সি মাত্ৰ এবাৰ তাইৰ ফালে চালে। শিৱশংকৰে লীলাক ধমক এটা দি ভিতৰলৈ পঠিয়াই দিলে। লীলাৰ দুগালেৰে দুধাৰি চকুলো বাগৰি আহিল।

    প্ৰতিদিনে যেতিয়া শিৱশংকৰ অফিচৰপৰা ঘৰলৈ ঘূৰি আহে তেতিয়া শিৱশংকৰৰ পত্নীয়ে শিৱশংকৰক সোধে, "চেইনডালৰ কিবা সন্ধান ওলালনে?"
লীলাই সোধে, "সিদ্দা ক'ত আছে, দেউতা?"
"তেওঁলোকে তাক এতিয়াও লকাপতে ৰাখিছে। সি বৰ জেদি বুজিছা, চেইনডালৰ কথা সি একো নকয়।" শিৱশংকৰে ক'লে।
"বাপৰে! ইমান সাংঘাতিক ল'ৰা!"
"অ'! এনেকুৱা ল'ৰা যিয়ে ইতিমধ্যে দুই তিনিবাৰ জেলৰ ভাত খাইছে তাৰ মুখৰ পৰা কথা উলিওৱা ইমান সহজ নহয়!"

    কিছুদিন পিছত পাক ঘৰত কাম কৰি থাকোতে কিবা কাৰণত লীলাৰ মাকে তেঁতেলী থোৱা টেমা এটাত হাত দিবলগীয়া হ'ল। টেমাৰ ভিতৰত হাত সোমাই দিয়াত কিবা এটা বস্তু হাতত লগা যেন লাগিল। বস্তুটো উলিয়াই আনি দেখে সেইডাল এডাল চেইন! ভালদৰে ধুই পখালি দেখে- হয় সেইডাল লীলাৰ সোণৰ চেইনডাল!
লীলাই ক'লে- "দিয়া, মোক দিয়া! মই পিন্ধো দিয়া!"
"কেনেকৈ এইডাল ইয়াত সোমাল?" মাকে সুধিলে।
"জানো !" লীলাই ক'লে।
"তুমি ইয়াত ভৰাই থৈছিলা নেকি?" মাকে সুধিলে
"অ'!"
"কেতিয়া থৈছিলা?"
"বহু দিন আগতে, সৌ সিদিনা!"
"এই কথাখিনি তুমি আগতে নক'লা কিয়?"
"নাজানো!"

    আগদিনাৰ দৰে আফিচৰ পৰা অহাৰ পিছত শিৱশংকৰৰ পত্নীয়ে শিৱশংকৰক সকলো কথা বিৱৰি ক'লে। শিৱশংকৰে ক'লে, "এতিয়াৰেপৰা সতৰ্ক হোৱা যাতে কোনো কাৰণতেই সৰু ল'ৰা-ছোৱালীৰ ডিঙিত সোণৰ চেইন দিয়া নহয়! তাই ইচ্ছা কৰিয়েই কেনেবাকৈ চেইনডাল তেঁতেলী টেমাৰ ভিতৰত সুমুৱাই থৈছিল। যত যি হৈছে সব এইৰ কাৰণেই হৈছে।"
"বেচেৰা সিদ্দা! সি এতিয়া ক'ত আছে?" লীলাৰ মাকে সুধিলে।
"মই এতিয়াই ইন্সপেক্টৰৰ লগত কথা পাতোঁ! মিছাতে সি বৰ কষ্ট পালে! মই তাৰ বাবে কিবা এটা কৰিব লাগিব!"

Post a Comment

0 Comments