এটা শব্দত প্ৰকাশ কৰা
খাবলৈ অনা কলপুলি- পচলা।
যি চিঠি বিলায়- পিয়ন।
যি আগতে শুনা নাই- অশ্ৰুতপূৰ্ব।
যি ঘটনা আগতে ঘটা নাই- অভুতপূৰ্ব।
যি জন্তু পোহা হয়- পোহনীয়া।
যি অতিশয় দীঘল নহয়- নাতিদীর্ঘ।
যি জুইত পুৰি নাযায়- অদাহ্য।
যি আনৰ ভাল দেখিব নোৱাৰি- পৰশ্ৰীকাতৰ, চকু-চৰহা।
যি তিৰোতাই ধান ৰোৱে- ৰোৱনী।
যি তিৰোতাই ধান দায়- দাৱনী।
যি তিৰোতাৰ স্বামী মৰিছে- বিধৱা, বাঁৰী।
যি পুৰুষৰ ঘৈনীয়েক মৰিছে- বৰলা, বিপত্নীক।
যি আনৰ অধীন- পৰাধীন।
যি আনৰ অধীন নহয়- স্বাধীন।
যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে- ডকাইত।
যি মাটিত সাৰ নাই- অসাৰুৱা।
যি মাটিৰ উৎপাদিকা শক্তি নাই- অনুৰ্বৰা।
যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে- স্বাৱলম্বী, আত্মনিৰ্ভৰশীল।
যি অভাৱত থাকে- অভাৱী, অভাবগ্রস্ত।
যি অলপতে শুনে- শহাকণীয়া।
যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে- পৰনিৰ্ভৰশীল।
যি নিজকে পণ্ডিত বুলি ভাবে- পণ্ডিতম্মন্য।
যি বস্তু দিব পৰা নাযায়- অদেয়।
যি দেশৰ ভক্ত- দেশভক্ত।
যি মাতৃৰ মাত্ৰ এটাহে সন্তান- কাকবন্ধ্যা।
যি দেশক ভাল পায়- দেশপ্রেমিক।
যি কথা জনা নাযায়- অজ্ঞাত, অজানিত।
যি আনৰ মুখলৈ বাট চাই থাকে- পৰমুখাপেক্ষী।
যি পথৰ পৰা বিচলিত হৈছে- পথভ্রষ্ট।
যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে- কিংকৰ্তব্যবিমূঢ়, হতবুদ্ধি।
যি দেশৰ বাবে মৃত্যুবৰণ কৰে- স্বহিদ, ছহিদ।
যি মানুহৰ নিজাপী ঘৰ নাই- অঘৰী।
যি কৰ্মত বীৰৰ তুল্য- কৰ্মবীৰ।
যি জন সাহিত্যত সম্ৰাটৰ তুল্য- সাহিত্য-সম্ৰাট।
যি অনুষ্ঠান শৰৎ কালত হয়- শাৰদীয়।
যি দীৰ্ঘকাল জীয়াই থাকে- দীর্ঘজীবী।
যি খুজি খায়- খোজনিয়াৰ।
যি মাগি খায়- মগনিয়াৰ।
যি এটা চকুৰে নেদেখে- কণা।
যি বিদ্যাৰ আলয়- বিদ্যালয়।
যি একে গোত্ৰৰ- সগোত্ৰ।
যি বিদেশৰ পৰা আহে- বিদেশী।
যি সহজতে জীণ নাযায়- গুৰুপাকী, দুষ্পাচ্য।
যি ঠাই অতি ঠাণ্ডাও নহয় গৰমো নহয়- নাতিশীতোষ্ণ।
যি ঠাই অতি কষ্টৰে লঙ্ঘন কৰা যায়- দুৰ্লঙ্ঘ।
যি যন্ত্ৰৰে হাতেৰে সূতা কটে- যঁতৰ।
যি ইন্দ্ৰিয় জয় কৰিব পাৰে- জিতেন্দ্ৰিয়।
যি কষ্ট সহ্য কৰিব পাৰে- কষ্টসহিষ্ণু।
যি বিধিসম্মত- বৈধ।
যি বিধিসম্মত নহয়- অবৈধ।
যি ঈশ্বৰক বিশ্বাস কৰে- আস্তিক।
যি কথা কোৱা উচিত নহয়- অকথ্য, অকথনীয়।
যি ঈশ্বৰক বিশ্বাস নকৰে- নাস্তিক।
যি কোনো কাম কৰিব নোৱাৰে- অকৰ্মণ্য, অসাঁঠন।
যি গুণীৰ গুণ বুজিব পাৰে- গুণগ্ৰাহী।
যি পৰিণাম চিন্তা কৰি কাম কৰে- পৰিণামদৰ্শী।
যি ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰে- দূৰদৰ্শী।
যি ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰে- অদূৰদৰ্শী।
যি সঁচা কথা কয়- সত্যবাদী।
যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে- অকৃতজ্ঞ, কৃতঘ্ন।
যি দুই হাত সমানে চলাব পাৰে- সব্যসাচী।
যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে- কৃতজ্ঞ।
যি মিছা কথা কয়- মিছলীয়া।
যি অলপতে ভয় খায়- ভয়াতুৰ।
যি একো নাজানে- অজ্ঞ।
যি কণীৰপৰা জন্মে- অণ্ডজ।
যি একেলগে পঢ়ে- সহপাঠী।
যি নিশাহে চৰে- নিশাচৰ।
যি যোগৰ পৰা ভ্ৰষ্ট হৈছে- যোগভ্ৰষ্ট।
যি নিজে নিজে হয়- স্বয়ম্ভু।
যি আনফালে মন দিয়ে- অন্যমনস্ক।
যি ধন খৰচ নকৰে- কৃপণ।
যি মাছ-মাংস খায়- আমিষাহাৰী।
যি মাছ-মাংস নাখায়- নিৰামিষাহাৰী।
যি ভাষাত পাৰ্গত- ভাষাবিদ।
যি লোকক দেখি পাছত কৰা যায়- অনুকৰণ।
যি নিজৰ পেটলৈহে চিন্তা কৰে- আপোনপেটীয়া, স্বাৰ্থপৰ।
যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে- ভিক্ষাৰী।
যি নিয়মমতে খৰচ কৰে- মিতব্যয়ী।
যি নিয়মমতে খৰচ নকৰে- অমিতব্যয়ী।
যি কথা বিশ্বাস কৰিব নোৱাৰি- অবিশ্বাস্য।
যি মৰো মৰো অৱস্থা হৈছে- মুমূর্ষ।
যি কাৰো পক্ষৰ নহয়- নিৰপেক্ষ।
যি পৰৰ ঠাইত বাস কৰে- প্ৰবাসী।
যি সহ্য কৰিব পাৰে- সহিষ্ণু।
যি ক্ষয় হ'বলৈ ধৰিছে- ক্ষয়িষ্ণু।
যি বিষ্ণুক উপাসনা কৰে- বৈষ্ণৱ।
যি মাটি ফুটি ওলায়- উদ্ভিদ।
যি শিৱক উপাসনা কৰে- শৈৱ।
যি শক্তিক উপাসনা কৰে- শাক্ত
যি গোচৰ তৰে- গুচৰীয়া।
যি বাঢ়িবলৈ ধৰিছে- বৰ্দ্ধিষ্ণু।
যি জানিবলৈ আগ্ৰহী- জিজ্ঞাসু।
যি সমাপ্ত হোৱা নাই- অসমাপ্ত।
যিটো সুধিবলগীয়া- জিজ্ঞাস্য।
যাক মূল্য দি কিনিব নোৱাৰি- অমূল্য।
যাক সহজে ভাঙিব পাৰি- ভঙ্গুৰ।
যাক সহজতে লাভ কৰিব নোৱাৰি- দুৰ্লভ।
যাক সহজতে লাভ কৰিব পাৰি- সুলভ।
যাক ভেদ কৰিব নোৱাৰি- অভেদ্য।
যাক সহজে ভেদ কৰিব নোৰাৰি- দুৰ্ভেদ্য।
যাক বধ কৰা উচিত- বধ্য।
যাক নিবাৰণ কৰিব নোৱাৰি- অনিবার্য।
যাক পৰিত্যাগ কৰিব নোৱাৰি- অপৰিহাৰ্য, অপৰিত্যাজ্য।
যাক বুজিব পাৰি- বোধগম্য।
যাক বধ কৰা অনুচিত- অবধ্য।
যাক সহজে বুজা যায়- সহজবোধ্য।
যাক কল্পনা কৰিব নোৱাৰি- অকল্পনীয়, কল্পনাতীত।
যাৰ সীমা আছে- সসীম।
যাৰ সীমা নাই- অসীম।
যাৰ আদি নাই- অনাদি।
যাৰ অন্ত নাই- অনন্ত।
যাৰ আশ্রয় নাই- নিৰাশ্ৰয়।
যাৰ ওপৰত গোচৰ তৰে- পাদকীয়।
যাৰ সকলো বস্তু অঁটাকৈ আছে- আটন্তিয়াৰ।
যাৰ ঋণ আছে- ঋণী।
যাৰ ধৰ্মলৈ ভয় আছে- ধৰ্মভীৰু।
যাৰ বিবেচনা শক্তি নাই- অবিবেচক।
যাৰ পিতৃ-মাতৃ দুয়ো মৰিছে- ঘাট-মাউৰা।
যাৰ গুণ আছে গুণী।
যাৰ মান আছে- মানী।
যাৰ বল আছে- বলী।
যাৰ মৰণ নাই- অমৰ।
যাৰ ধাৰ আছে- ধৰুৱা।
যাৰ নাম নাই- অনামী, অনামা।
যাৰ বল নাই- নিৰ্বলী, দুৰ্বল।
যাৰ একোয়েই নাই- নিঃস্ব।
যাৰ মূৰত চুলি নাই- তপা।
যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত- প্ৰাতঃ স্মৰণীয়।
যাৰ হাত আঁঠুৰ তললৈকে পৰে- অজানুলম্বিত।
যাৰ আগমন আহ্বান কৰা হয়- স্বাগত।
যাৰ পূৰ্বজন্মৰ কথা মনত আছে- জাতিস্মৰ।
য'ত মানুহ বেছি- জনবহুল।
য'ত কোনো মানুহ নাই- জনশূন্য।
য'লৈ যোৱা কষ্টসাধ্য- দুৰ্গম।
কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠিওৱা বিশ্বাসী মানুহ- সঁজাতী।
একেজন গুৰুৰে শিষ্য- হৰিভকত, সতীৰ্থ।
মাটিৰে যি নিৰ্মিত- মৃন্ময়।
গধুলি যি চকুৰে নেদেখে- কুকনৰীকণা।
হঠাতে হোৱা ঘটনা- আকস্মিক।
মেলত যি পাৰ্গত- মেলেকী।
বধ কৰিবলৈ ইচ্ছা- জিঘাংসা।
মাগিলেও ভিক্ষা নোপোৱা সময়- দুৰ্ভিক্ষ।
আনৰ দোষ দেখা স্বভাৱ- অসূয়া।
আহাৰ জীৰ্ণ নোহোৱা কাৰণে হোৱা বেমাৰ- অজীৰ্ণ।
দৰমহা বা বেতন নোলোৱাকৈ কৰা কাম- অবৈতনিক।
কাৰো নাম নধৰাকৈ পৰা গালি- গুৱাল-গালি।
ঘৰত থকা জন্তু- বনৰীয়া।
জুই ধৰি ৰখা ঠাই- জুহাল।
প্ৰাণক পণ কৰি- প্ৰাণপণে।
কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা- কৃত সংকল্প।
জন্তুৰ নিচিনা- জান্তৱ।
নাম নিদিয়াকৈ দিয়া (চিঠি)-বেনামী।
বনত থকা জন্তু- ঘৰচীয়া।
বাটেৰে যোৱা লোক- বাটৰুৱা।
ঘাঁহেৰে ভৰা ঠাই- ঘাঁহনি।
কলেৰে ভৰা যি ঠাই- কলনি।
বনেৰে ভৰা যি ঠাই- বননি।
বৰষুণ নোহোৱা যি বতৰ- খৰাং।
ঠেং নোহোৱা ভেকুলী পোৱালি- লালুকী।
দ নোহোৱা ঠাই- তৰাং।
ৰং আছে য'ত- ৰঙালী।
ভোগ আছে য'ত- ভোগালী।
কাণেৰে নুশুনা লোক- কলা।
গৰু বন্ধা ঠাই- গোহালি।
স্বামী থকা তিৰোতা- আয়তী, সধৱা।
সোণৰ দৰে বৰণ যাৰ- সোণালী, সোণোৱালী।
সাহ আছে যাৰ- সাহিয়াল, সাহসী।
ৰূপৰ দৰে বৰণ যাৰ- ৰূপালী, ৰূপোৱালী।
ৰন্ধা-বঢ়া কৰা ঠাই- ৰান্ধনি-ঘৰ, ৰান্ধনি-শাল।
ম'হ বন্ধা ঠাই- খুঁটি।
মাটিৰ নিচেই সৰু টেকেলি- ভুৰুকা।
গোটেই জীৱন জুৰি- আজীৱন।
নোহোৱা বস্তু উদ্ভাৱন কৰোতা- আৱিস্কাৰক, আৱিস্কৰ্তা।
দুয়োটা চকুৰে নেদেখা লোক- অন্ধ।
একে সময়তে হোৱা- সমসাময়িক।
চোবাই খোৱা যি বস্তু- চব্য।
পি খোৱা বস্তু- পেয়।
চেলেকি খোৱা বস্তু- লেহা।
বিহুৰ আগদিনা- উৰুকা।
বটা সৰিয়হেৰে কৰা চাট্নি- কাহুঁদি।
খাৰণি সনা সৰিয়হৰ গুৰি- খাঁৰলি, বেহুৱা।
বাঁহ গাজ খুন্দি কৰা খাদ্য-বস্তু- খৰিচা।
মিহি নোহোৱা গুৰি- খৰচি।
একে ঠাইতে থিতাপি হৈ নথকা এজাতি লোক- অঘৰী।
একে মাতৃৰ সন্তান- সহোদৰ, সোদৰ।
এবাৰ গুটি লাগি মৰা গছ- ঔষধি।
লোকক দেখি পিছে পিছে যোৱা- অনুসৰণ।
লোকৰ পৰা পোৱা নিন্দা- লোকনিন্দা।
এটা সন্তান জন্ম হোৱাৰ পৰা আন এটা জন্ম হোৱালৈকে সময়- আনজ।
পনীয়া গাখীৰ দিয়া গাই- জলাহী।
ভৰিৰ পৰা মূৰলৈ- আপাদ-মস্তক।
য'ত বহুতো ল'ৰা-ছোৱালীয়ে পঢ়ে- পঢ়াশালি।
0 Comments
Please do not enter any spam link in the comment box.