জতুৱা খণ্ডবাক্য
জতুৱা খণ্ডবাক্যবোৰ ভাষাৰ সম্পদ আৰু সৌন্দর্য স্বৰূপ।মনৰ ভাৱ প্ৰকাশ কৰোতে প্ৰতিটো ভাষাতে কিছুমান বিশেষ বিশেষ শব্দ সমষ্টি ব্যবহাৰ কৰা হয়। এই বিশেষ শব্দবোৰ কিছুমান বিশিষ্ট শব্দৰ লগত লগ লাগি কিছুমান বিশেষ বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ পৃথক অৰ্থ প্ৰকাশ কৰে। ভাষাৰ এনে ৰীতিক জতুৱা খণ্ডবাক্য বোলা হয়৷ কোনো এটা ভাষাৰ লালিত্য, মাধুর্য আৰু সৌন্দর্য বঢ়োৱাত জতুৱা খণ্ডবাক্যৰ ভুমিকা অপৰিসীম। যি ভাষা জতুৱা খণ্ডবাক্যৰ প্ৰয়োগ বেছি সেই ভাষা তিমানেই চহকী। সেইবাবে ভাষা এটা আয়ত্ত কৰিবলৈ হ'লে সেই ভাষাৰ জতুৱা খণ্ডবাক্যৰ ব্যৱহাৰ জনাটো অতিকৈ প্ৰয়োজনীয়। উদাহৰণস্বৰূপে "হাত লৰ" শব্দ দুটিৰ কথা উনুকিয়াব পাৰি। ইয়াত "হাত লৰ" শব্দই হাত এখন বা দুখন লৰি থকা নুবুজাই "চোৰ প্ৰকৃতিৰ" অৰ্থ প্ৰকাশ কৰিছে।অসমীয়া ভাষাটো জতুৱা খণ্ডবাক্যৰ ক্ষেত্রত অতি চহকী। তলত অসমীয়া ভাষাৰ কেইটামান জতুৱা খণ্ডবাক্যৰ বিষয়ে উল্লেখ কৰা হল-
আঁঠু
আঁঠু কাঢ়- আঁঠুৰে বুল।
আঁঠু ল- সেৱা কৰ।
আঁঠু চোঙা- সন্মান জনাবলৈ আঁঠু কোঁচাই অলপকৈ মাটিত লগা।
কাঠ
কাঠ-সংস্কাৰ কৰ- খৰি দে।
কাঠ-বাঁজী- সন্তান সন্ততি নোহোৱা তিৰোতা।
কাঠ- চিতীয়া- নিষ্ঠুৰ, নিৰ্দয়।
কথা
কথা দে- প্ৰতিশ্ৰুতি দে।
কথা বান্ধ- মনস্থ কৰ।
কথা ৰাখ- মান্তি হ, প্ৰতিশ্ৰুতি ৰক্ষা কৰ।
কথা কিন- ছলেৰে আনৰ মনৰ কথা উলিয়াই ল।
কথা চহকী- বেছিকৈ কথা কোৱা মানুহ।
কথা পাগুল- অনাহকত বাৰে বাৰে কৈ থকা।
কথা পেৰ- অনাহকত বাৰে বাৰে কৈ থকা।
কথা ফুট- স্পষ্টকৈ মাত।
কথা হ- কথা পাত।
কপাল
কপাল খা- দুৰ্ভাগ্য উপস্থিত হ।
কপাল ধো- আশা এৰ।
কপাল ফুল- সৌভাগ্য উপস্থিত হোৱা।
কপাল ফুট- দুৰ্ভাগ্য উপস্থিত হোৱা।
কপাল মুকলি হ- সৌভাগ্য উপস্থিত হোৱা।
কপালৰ ঘাম মাটিত পেলা- কঠোৰ পৰিশ্ৰম কৰ।
কাণ
কাণ কৰ- মনযোগ দে।
কাণ কটা- নিলাজ।
কাণ দি- মন দি, মনযোগ দি।
কাণ পাত- শুনিবলৈ যত্ন কৰ।
কাণ চুই থ- আগলৈ মনত ৰাখ।
কাণ চোৱাই থ- জনাই থ।
কাণ চোৱা- জনোৱা।
কাণত পৰা- শুনা।
কাণ থিয় হ- শুনিবলৈ ব্যগ্ৰ হ।
কাণ থিয় কৰ- শুনিবলৈ আগ্ৰহ কৰা।
কাণত ধৰি ক- শপত খাই ক।
কাণাকণি কৰ- ফুচ-ফুচাই ক।
কাণত পেলা- শুনাই থ।
কাণ সাৰ এৰ- যত্ন এৰি দে।
কাণ তাল মাৰ- তীব্ৰ শব্দত কাণেৰে নুশুনা হোৱা।
কাণ সমনীয়া- ডেকা।
কাণ বাগৰা- লোকৰ মুখত শুনা।
কান
কান কাট- খুঁটাৰ খোপ কাট।
কান খৰ- গৰুৰ কান্ধত হোৱা খৰ।
কান মাৰ- কান্ধ সলোৱা।
কঁকাল ভাং- নাচিবলৈ আৰম্ভ কৰ।
কঁকাল ভাগ- দুৰ্বল হ।
কঁকাল পৰ- বুঢ়া হ।
কঁকাল বান্ধ- সাজু হ।
কঁকালত টঙালি বান্ধ- সাজু হ।
গা
গা কৰ- শকত হ, অৱস্থাৱান হ।
গা ধৰ- শকত হ।
গা ৰ- ৰক্ষা পৰ।
গা উঠ- মন কৰ, ইচ্ছুক হ।
গা ঘেলা- ধুন মাৰি ফুৰা।
গা পাতি ল- দায়িত্ব ল।
গা তেঙা- বেজাৰ পা।
গা জুৰ পৰ- ভাল লগা, গা শীতল হোৱা।
গা জোৰা- অঁটা, যথেষ্ট হোৱা।
গা টঙা- নৰিয়াৰপৰা আৰোজ্ঞ লাভ কৰা।
গা দাং- নৰিয়াৰপৰা আৰোজ্ঞ লাভ কৰা।
গা সাৰ- ৰক্ষা পৰ।
গা গধুৰ- এলেহুৱা।
গা দাঙি ক- সাহ কৰি ক।
গা লগাই কৰ- মন দি কৰ।
গা ছো- গাত হাত দে, মাৰ।
গা ৰাঁই-জাণই কৰ- অস্থিৰ হ, ইচাটি বিচাটি কৰ।
গা চাই ফুৰ- সাৱধান হৈ ফুৰ।
গা নচুৱাই ফুৰ- ধেমালি কৰি ফুৰ।
গা জুৰা- আনন্দ পোৱা, সন্তোষ লাভ কৰা।
গা ৰাখ- কষ্টৰ পৰা ৰক্ষা কৰ।
গা দুখা- বেজাৰ পা।
গা থ- পানীত থাউনি পা।
গা আছে- শকত।
গা নাই- ক্ষীণ।
গাই বাই চা- চেষ্টা কৰি চোৱা।
গাত হাত দে- মাৰ।
ঘৰ
ঘৰ পাত- বিয়া কৰ।
ঘৰ কৰ- গৃহস্থালি পাত।
ঘৰ ভাং- কাজিয়া লগাই দে।
ঘৰ দে- স্বামী-স্ত্ৰীক একেটা ঘৰতে থাকিবলৈ দে।
ঘৰ খা- নতুন পৰিৱেশত খাপ খা।
ঘৰ জোঁৱাই- চপনীয়া।
ঘৰ গিৰী- ঘৰ চলাওঁলা।
ঘৰ গোনা- সদায় ঘৰতে মই বৰ মই বৰ বুলি ভাবি বহি থকা।
ঘৰ ধৰা- ভালদৰে পৰিয়াল চলোৱা।
ঘৰ গছকা- ন বেৱাৰীক ঘৰ দেখুৱাই নিয়া।
চকু
চকু গজ- বুজন হ।
চকু দে- সাৱধান হ, দৃষ্টি ৰাখ।
চকু কৰ- সাৱধান হ।
চকুত লগা- ধুনীয়া।
চকুত পৰ- দৃষ্টি আকর্ষণ কৰ।
চকু পৰ- দেখিবলৈ পা।
চকু ৰোৱা- দেখিবলৈ ধুনীয়া।
চকু লগা- টোপনি ধৰা।
চকু মুদ- মৃত্যু হোৱা।
চকু ফুৰা- ওপৰে ওপৰে চা।
চকু পকা- খঙেৰে চোৱা।
চকু ৰাখ- যত্ন ল।
চকু মেলি চা- দয়া কৰ।
চকু মুদা কুলি- প্ৰৱঞ্ছক।
চকুৰ কুটা- অপ্ৰিয়, শত্ৰু।
চকুত ধূলি মাৰ- ফাঁকি দে, প্ৰৱঞ্ছনা কৰ।
চকুৰ পচাৰতে- নিমিষতে, তৎক্ষণাৎ।
চকু চৰহা- হিংসুক, লোকক ভাল দেখিব নোৱাৰা লোক।
চকুৰ কুটা, দাঁতৰ শাল- অপ্ৰিয়, শত্ৰু।
চকু থাকি খালত পৰ- জানি শুনি বিপদত পৰা।
চকুৰ মণি- অতি মৱমৰ।
দাঁত
দাঁত লাগ- আনৰ চকু পৰা বা লোভৰ ফলত হোৱা অমংগল।
দাঁতে ওঁঠে নালাগ- সমুলি কাঁজিয়া নালাগা।
দাঁত লাগ- মুখ লগা।
নাম
নাম উঠ- প্ৰসংসা পা।
নাম ৰাখ- খ্যাতি অর্জন কৰ।
নাম কৰ- প্ৰশংসা লাভ কৰ।
নাম নুমা- খ্যাতি নষ্ট কৰ।
নাম জলা- বিখ্যাত।
পানী
পানী কৰ- নষ্ট কৰ।
পানীত পৰ- অথলে যা।
পানী হ- নষ্ট হ।
পানী ছো- মূত্ৰ ত্যাগ কৰ।
পানীত হাঁহ নচৰা হ- বৰ বিপদ।
পানী নসৰকা- অলপো চেলু এৰি নিদিয়া।
পেট
পেট চলা- বেছিকৈ শৌচ কৰা
পেট দে- মনৰ কথা জানিবলৈ দে।
পেট পা- গুপুত কথা জান।
পেট পোহ- কোনোমতে খাই লৈ থাক।
পেট মচা- নুমলীয়া।
পেটতে হাত ভৰি লুকা- বৰ ভয় পা।
পেট পেলাই থাক- আশা পালি থাক।
পেট ভাটৌ- পেটত কথা ৰখা লোক।
পেট কুলি- টেঙৰ।
পেটে ভাতে খা- জমা নকৰাকৈ কোনোমতে খাই লৈ থাক।
বাট
বাট চা- অপেক্ষা কৰ।
বাট বুল- খোজ ল।
বাট কুৰি বাই- বহু দূৰ খোজকাঢ়ি।
বাট মৰা- মুদা মাৰ, উপায় নাইকিয়া কৰ।
বাট কণা লাগ- বাট ভুল কৰ।
বাট কেঁৰা লাগ- বাট ভুল কৰ।
বাটৰ কচু মুখত ঘঁহ- নলগা জেঙত লাগ।
বুকু
বুকু ডাঠ- সাহসী।
বুকু ফিন্দোৱা- নিৰ্ভীকভাৱে, গৰ্বেৰে।
বুকু জুৰা- সন্তোষ পোৱা।
বুকুত কামোৰ মাৰ- অপকাৰ কৰ।
বুকু ধিপ ধিপা- ভয় লগা।
বুকুৱে ধান বনা- উৎকণ্ঠাত বুকু কঁপা।
ভৰি
ভৰি হাত ধো- শৌচ-প্ৰশ্ৰাৱ কৰি পৰিস্কাৰ হৈ ল।
ভৰিত ধৰ- কাকূতি-মিনতি কৰ।
ভৰিত ধৰি ক- ক্ষমা খুজি নম্ৰ হৈ ক।
ভৰি নচুৱাই থাক- একো কাম বন নকৰি এনেয়ে ধিতিঙালি কৰি থাক।
ভৰি পখালি থাক- আশা কৰি থাক, অযথা প্ৰসংসা কৰি থাক।
ভৰিত পৰ- ক্ষমা খোজ।
ভৰি দাং- ক'ৰবালৈ যাবলৈ মন পাঙি থাক।
ভাত
ভাত মৰ- জীৱিকাৰ উপায় নাইকিয়া হ।
ভাত মাৰ- জীৱিকাৰ উপায় নষ্ট কৰ।
ভাতে ভঁৰালে খা- সাঁচি ৰাখি খা।
ভাত মোকোলা- জীৱিকাৰ উপায় উলিয়াই ল।
ভাত ভতুৱা- অকামিলা।
ভাত ঘৰ- অতি আপোন মানুহৰ ঘৰ।
মন
মন কৰ- ইচ্ছা কৰ, মনযোগ দে।
মন খা- পছন্দ কৰ।
মন ডাঠ কৰ- সাহস কৰ, স্থিৰ মনা।
মন পা- মন বুজ।
মন মেল- ইচ্ছা কৰ।
মন পুতি লাগ- মনযোগ দে।
মন বান্ধ- লোভ বা ইচ্ছা পৰিহাৰ কৰ।
মন ভাগ- আগ্ৰহহীন হ।
মন মৰা- বেজাৰ, দুখ।
মন যা- পাবলৈ ইচ্ছা কৰ।
মনত পৰ- স্মৰণ কৰ।
মন পতিয়া- মন শান্ত কৰ, বুজা।
মনে-চিতে- অন্তৰত।
মন ত্যাগ কৰ- ইচ্ছা ত্যাগ কৰ।
মনে ধৰ- বিশ্বাস হয়।
মনে সজা- কাল্পনিক।
মাটি
মাটি কৰ- নষ্ট কৰ।
মাটি হ- নষ্ট হ।
মাটি খা- ভোগ কৰ, দখল কৰ।
মাটি দে- সংস্কাৰ কৰ।
মাটি পানী ল- হাত ভৰি ধো।
মাটিৰ মানুহ- অতি সহজ-সৰল লোক।
মাত
মাত দে- উত্তৰ দে, দেখা দে।
মাত মৰ- নিমাত হ।
মাত মাৰ- নিমাত কৰ।
মাত মাত্- উত্তৰ দে, মনৰ কথা ব্যক্ত কৰ।
মাতে বোলে- কথাই বতৰাই।
মাত লগা- খবৰ ল, দেখা কৰ।
মাত কথা খা- গালি খা।
মুখ
মুখ কৰ- মুখ ঘূৰা।
মুখ ঘূৰা- অন্যমনস্ক হোৱা।
মুখ চা- দয়া কৰ।
মুখ পাত- অনৰ কাজিয়াত ভাগ ল।
মুখ হাত ধো- মল মূত্ৰ ত্যাগ কৰি পৰিস্কাৰ হ।
মুখৰ ছাই গুচা- মৃৃতকৰ শ্ৰাদ্ধ ইত্যাদি কৰি শুচি হ।
মুখ ফালি ক- খুলি ক।
মুখত দে- চাকি চা, সোৱাদ ল।
মুখ মৰ- মৌন হ।
মুখ মাৰ- কাঢ়ি ল।
মুখ লাগ- আনৰ লোভৰ ফলত হোৱা পীড়া।
মুখ সলা- খাদ্য সলোৱা,আন সোৱাদ ল।
মুখ নোহোৱা- কথা সজাই-পৰাই ক'ব নজনা।
মুখ মেলি থাক- লোকলৈ আশা কৰি থাক।
মুখেৰে সাত হাল বা- বেছিকৈ বঢ়াই ক।
মুখ বান্ধ- বাছি খা।
মুখৰ কথা- প্ৰমাণহীন কথা।
মুখ নাই- কথা ক'ব নজনা।
মুখৰ ওপৰত ক- ভয় নকৰাকৈ সন্মুখতে ক।
মুখত সোপা দে- মৌন হ।
মুখৰ ভাত কাউৰীয়ে নিয়া- অকৰ্মণ্য।
মুখ উজ্জ্বল কৰ- বিখ্যাত হ।
মুখ ওলোমা- অসন্তোষ হ।
মূৰ
মূৰ খা- মৃত্যুৰ কাৰণ হ।
মূৰ দাঙি উঠ- উন্নতি কৰ, ডাঙৰ হ।
মূৰ ঘমা- বৰকৈ চিন্তা কৰ।
মূৰ দোঁৱা- সেৱা কৰ।
মূৰ পাত- দায়িত্ব ল।
মূৰ পোলোকা মাৰ- গা এৰা দে।
মূৰ ফুৰা- মূৰৰ ঘুৰণি হ।
মূৰ মৰ- উপায় বিহীন।
মূৰ মাৰ- বাট মাৰ, উপায় নষ্ট কৰ।
মূৰে ভৰি মাৰ- অতপালি কৰা বিপৰীতে কাম কৰ।
মূৰে কঁপালে হাত দে- বিমোৰত পৰা, বৰ দুখ পোৱা।
হাত
হাত আহ- ভালকৈ অভ্যাস হ।
হাত উঠ- ব্যৱসায়ত ক্ৰমে উন্নতি কৰ।
হাত কৰ- বশ কৰ, নিকৰ কৰ।
হাত উজান দে- কামত সহায় কৰ।
হাত এৰ- দায়িত্ব এৰ।
হাত দে- কামত ধৰ।
হাত ধো- আশা বাদ দে।
হাত লৰ- চোৰ স্বভাৱৰ।
হাত পাত- ভিক্ষা কৰ, মাগ।
হাত সাৰ- বিপদৰ পৰা ৰক্ষা পৰ।
হাত মুখ ধোৱা- ৰাইজৰ শুশ্ৰূষা কৰ।
হাত দীঘল- ক্ষমতাশালী।
হাতে ভৰিয়ে ধৰ- কাবৌ কৰ।
হাতৰ মুঠিত ৰাখ- অধীনত ৰাখ।
হাত টান- কৃপণ।
হাত বাগৰা- আগতে আনে ব্যবহাৰ কৰা।
হাতত সাৰে ভৰিত সাৰে- গোপনে, মনে মনে।
হাত ফুৰা, হাত বুলা- মৰম কৰা।
হাড়
হাড় পেলা- মৃত্যু হ, মৰ।
হাড়ক মাটি কৰ- কঠোৰ পৰিশ্ৰম কৰ।
হাড়ে ছালে লাগ- ক্ষীণ।
হাড়লৈকে চিনা- ভালদৰে জনা।
হাড়ত বন গজা- বহু দিন আগতে মৰা।
হাড়ে কন-কনোৱা- বয়সত অভিজ্ঞতা বঢ়া।
---------------------------------------------------------------------------------------------------------------
0 Comments
Please do not enter any spam link in the comment box.