বিশেষ অৰ্থত ব্যৱহাৰ হোৱা কিছুমান অসমীয়া শব্দ আৰু তাৰ অৰ্থ-

বিশেষ অৰ্থত ব্যৱহাৰ হোৱা কিছুমান অসমীয়া শব্দ আৰু তাৰ অৰ্থ-



অমাতৰ মাত- শুৱলা মাত।
অবালচন্দ- কোনো কামৰে অযোগ্য।
অকাজভাগী- কামৰ অযোগ্য।
অজীণ পাতকী- কৰো লাগতে মিলিব নোৱৰা।
অতপালি- বৰ দুষ্টালি।
অঘাইত- বৰ ডাঙৰ।
অঘাইতং- অতি দুষ্ট।
অনুষ্টুপীয়া- সামান্যভাৱে, সাধাৰণভাৱে।
অপুদ্ঘাত- আচৰিত, আগতে নেদেখা-নুশুনা।
অনাই-বনাই- কাম নোহোৱাকৈ ঘূৰি ফুৰা।
অলপ ধতুৱা- সাহ নোহোৱা।
অলপতে কলপ কটা- বিপদৰপৰা কোনোমতে ৰক্ষা পৰা।
অলপ পানীৰ মাছ- সামান্য শক্তি থকা, নিমাখিত।
অহৌবলিয়া- বলিয়াৰ দৰে কথা কৈ ফুৰা।
অহৌ হৌৱা- পেটত কথা নথকা।
অচলা ভক্তি- স্থিৰভাৱে কৰা ভক্তি।
অবচন বোল- নক'বলগীয়া কথা কোৱা।
অতৰ্-চেলাই- নিছলা, ক্ষীণ।
অথাই সাগৰ- ডাঙৰ বিপদ।
অপাৰ সমুদ্র- মহাবিপদ।
অজৌ গছৰ বজৌ গুটি- সাত ঘাটৰ চেঙেলি, অতি ধূৰন্ধৰ।
অহুকাণে-পহুকাণে- ঘুনুক-ঘানাককৈ শুনা।
অণ্ঠ-কণ্ঠ- টেটুলৈকে, গললৈকে।



আঁত মাৰ- পৰিপাটিকৈ কৰা।
আঁত লগা- আউল ভঙা।
আঁচলৰ ধন- অতি মৰমৰ।
আঁঠুৱাৰ তলৰ মহ- পৰৰ অধীন লোক
আঁকোৰ গজালি- একেটা কথাতে লাগি থকা।
আউল ধৰ- আলপৈচান, আপদাৰ।
আউল ভাং- শৃঙ্খলা লগা।
আউল লাগ- কেৰোণ লগা।
আমন-জিমন- বিষাদ মনে, দুখ মনে।
আবৈয়াল- অবুজন, নিজ ইচ্ছাৰে চলা।
আপুৰুগীয়া- পাবলৈ নোহোৱা, অতি মৰমৰ।
আচহুৱা- অচিনাকি।
আটন্তিয়াৰ- ধনী, চহকী।
আজলমঠ- জানিও নজনাৰ ভাও জোৰা।
আতোল্-তোল- অতি মৰমৰ।
আদ্যোপান্ত- আদিৰপৰা অন্তলৈ।
আটোম টোকাৰি- পৰিপাটি।
আথে-বেথে- অতি মৰমেৰে।
আধাকটা- নিলাজ।
আধা নাৰ্জি- আধা নষ্ট হোৱা।
আভুৱা ভাঁৰ- ঠগা, প্ৰৱঞ্চনা কৰা।
আশাশুধীয়া- অপ্ৰাণ চেষ্টা।
আওমৰণে মৰা- অস্বাভাৱিকৰূপে মৰা।
আকাশত চাং পতা- অলেখ কল্পনা কৰা।
আগৰণুৱা- কামত আগভাগ লোৱা লোক।
আলাসৰ লাড়ু- অতি মৰমৰ।
আপুতৰ পুত- পুত্ৰহীনৰ পুত্ৰস্বৰূপ।
আলিবাটত চালি ধৰা- কাম বন নকৰি ধিতিঙালি কৰি ফুৰা।
আলৈ- আথনি- নিঃসহায়, নিৰাশ্ৰয়।
আলপৈচান ধৰা- সেৱা শুশ্ৰূষা কৰা।
আপোন পেটা/ আপোনপেটীয়া- স্বাৰ্থপৰ।
আলেঙে আলেঙে- আঁতৰে আঁতৰে।
আলৈ-বিলৈ- দুখ-দুৰ্গতি।
আমা-ডিমা- নিচেই সৰু।


উতনুৱা- উদ্ধত।
উভৈনদী- উপচি পৰা, প্ৰচুৰ পৰিমাণে।
উবুৰি খাই পৰ- যথেষ্ট পৰিমাণে সহায় কৰ।
উলা-মুলা- সামান্য মানুহ।
উখল মাখল- খৰখেদাত হুলস্থুল হোৱা।
উখনা-উখনি- কথাৰ কটা-কাটি হোৱা।
উগুল-থুগুল- কি কৰো কি নকৰো ভাব হোৱা।
উচ-পিচ- থেৰো-গেঁৰো।
উলহ-মালহ- অতিশয় আনন্দ।
উদুলি-মুদুলি- বহু লোকৰ সমাগমত হুলস্থুল হোৱা।
উভত গোৰে নচা- অতপালি কৰা।
উধা-মুধাকৈ- গম-গতি নোহোৱাকৈ, দৌৰাদৌৰিকৈ।


ঊনৈশত বা বলা- আনন্দত আত্মহাৰা হোৱা।
ঊনৈশ বিশ- কম বেছি।


একাদশত বৃহস্পতি- সৌভাগ্য উপস্থিত হোৱা।
একা-চেকা- তৎক্ষণাৎ খং উঠা।
এলা-পেচা মানুহ- সাধাৰণ লোক।
এলাই বাদু- অকাজী।
এৰা-ধৰা- কিছু বাদ দি।


ওখোৰা-মোখোৰা- খলা-বমা, ওখ-চাপৰ।
ওভত গোৰে নচা- অতপালি কৰা।


কণাৰ লাখুটি- একমাত্র সহায়।
কাণ বাগৰা- ইজনৰ পৰা সিজনে শুনা।
কাঠৰ কঠুৱা- নিৰ্দয়, নিষ্ঠুৰ।
কাঠ-সংস্কাৰ কৰ- মৃতকক দাহ কৰ।
কাম সৰালি মাৰ- টলকা মাৰি শুনি থাক।
কাঠ-চিতীয়া- নিষ্ঠুৰ, নিৰ্দয়।


খকামকাকৈ- নভবা নিচিন্তাকৈ।
খকা-খুন্দা- কাজিয়া, দ্বন্দ্ব।
খট্-বান্ধ- বাদানুবাদ।
খকৰা মুকুটি- মুঠি মাৰি বুঢ়া আঙুলিৰ মূৰেৰে গালত কৰা আঘাত।
খদম্-দম- খৰখেদা।
খণ্ড-পুষ্প- খৰতকীয়া।
খাই পাত ফলা- অকৃতজ্ঞ।
খামি ডাঠ- সাহসী।  
খুদুৱনি- উগুল-থুগুল।


গছত তুলি গুৰি কটা- আগেয়ে উৎসাহ দি পিছত ঠগা।
গজ্-পুৰীয়া ভেম- মিছা ভেম, মূল্যহীন ভেম।
গাখীৰতে ম'হৰ খুটি- পৰম সৌভাগ্য।
গা চাই গামোচা- যথাযোগ্য বস্তু।
গাত জুই জ্বলা- বৰকৈ উত্তেজিত হোৱা।
গা ধন- কইনাৰ বাবে দৰাৰপৰা লোৱা ধন।
গা বাজ- চেতনা আহ।
গাজত লগা- মনত লাগি যোৱা।
গিৰিসাই- তৎক্ষণাৎ।
গুটিদিয়েক- দুই এটা।
গেলাত টেঙা দিয়া- দুখৰ দিনতে আকৌ দুখ দিয়া।
গেলা গপ- মূল্যহীন অহংকাৰ।
গেৰেউ-গেতেউ- সৰহকৈ খাই বা অসময়ত খাই গা গধুৰ হোৱা।
গেজেৰা মৰা- কেটেৰা-জেঙেৰা কৰা।
গোট গৰু- জধা মুৰ্খ।
গোকাট- অতি বেয়া।


ঘমঘন্ট- হুলস্থুল, গোলমাল।
ঘাইশাক মৰলীয়া- আচল বস্তু, প্ৰধান বস্তু।
ঘাট-মাউৰা- পিতৃ-মাতৃৰ মৃত্যুৰ পিছত আশ্ৰয়হীন হোৱা সন্তান।
ঘাৰ মোচোৰা খা- ডিঙি পাক খা।
ঘিট্-ঘিটনি- ব্হু লোক বা জীৱ-জন্তুৰ সমাগম।
ঘিট্-মিট- ঘোৰ আন্ধাৰ।
ঘুনুক-ঘানাক- অনিশ্চিতভাবে শুনা।


চকু মেলি চা- কৃপা কৰা।
চকুয়েদি সৰিয়হ ফুল দেখা- বেয়াকৈ মাৰ খোৱা।
চৰখৰিয়াত পৰা- বিপদত পৰা।
চৰাইৰ কাণে পহুৰ কাণে শুনা- উৰাবাতৰি স্বৰূপে শুনা কথা।
চাউল উঠ- জীৱিকা নাইকিয়া হোৱা।
চাউল মৰ- জীৱিকা নাইকিয়া হোৱা।
চাউল উকলা/ চাউল টুটা- আয়ুস কমা।
চাউল খা- ভোগ কৰ।
চান কাঢ়- কোনো বস্তুৰ ভাগ কাঢ়ি লোৱা।
চালি-জাৰি চা- ভাল-বেয়া বিচাৰ কৰি চা।
চালে বেৰে কোবোৱা- সামঞ্জস্যহীন।
চিলিম ছিগ- উপায়ন্তৰ হোৱা।
চিকুটি লাউ বুঢ়া কৰ- শত্ৰুক সজাগ কৰ।
চিকা-চন্দা- ভাল বেয়া বিচাৰ কৰি খোৱা।
চুক ভেকুলী- একো নজনা।
চুঙাৰ বাদুলি- অনভিজ্ঞ লোক।
চুচুক চামাক্- লাজকুৰীয়াভাৱে।
চেঁচুকৰ ডেমডেউকা- অতি আলসুৱা।
চেলেকা-চুবুৰীয়ী- অ'ত ত'ত লগাকৈ।


ছেগ মাৰি- সুবিধা বুজি, মাজে সময়ে।
ছেগা- চোৰোকা- এঠাইত হোৱা এঠাইত নোহোৱা, মাজে সময়ে হোৱা।


জল-জল পট্-পট- স্পষ্ট।
জলাকলা কৰ- বৰকৈ কষ্ট দিয়া।
জলাঞ্জলি দি- আশা ত্যাগ কৰ।
জয়জয় ময়ময়- সকলো দিশতে উন্নতি হোৱা।
জয়দেউ কাকূতি- একাগ্ৰভাৱে কৰা প্ৰাৰ্থনা।
জয়ঘন্ট লৰা- চুলিত ধৰি মূৰটো টিলিঙাৰ দৰে লৰাই দিয়া।
জয়ঢ়োল কোবা- আনন্দ কৰ, উচ্চ শব্দ কৰি আনন্দ কৰ।
জয়ে জয়ে- পোন প্ৰথমে।
জয় জয়তে- পোন প্ৰথমে।
জধামূৰ্খ- একো নজনা।
জাঙুৰ খা- খং কৰি উঠা।
জাঙুল খা- একে ঠাইতে গোট খোৱা।
জীয়াতু- মহা শাস্তি।
জেঙা মৰা- কাঁজিয়া ভঙা।


টটাটিঙা- চালাক-চতুৰ।
টাটক-নাটক- কথা লগাই ফুৰা।
টালি বাজি- ফাঁকি-ফুকা কৰা।
টুপাই বুৰ মাৰ- সমূলি মিছা মাত।
টোকেৰা-পঁজা- জুপুৰী।
ঢৌটোকে ৰৌটৌ কৰা- সৰু কথাকে ডাঙৰ কৰা।
ঢৌতে খৰ মাৰি- ব্যস্ততাৰ মাজতে সময় উলিয়াই।


ঠেকত পৰা- বিপদত পৰা।
ঠেকত পেলা- বিপদত পেলী।
ঠেৰু ছিগা- নিৰাশ্ৰয় হোৱা।
ঠেহেৰা মাৰ- নপকি গেথেলা মৰা।
ঠেহ পাত- ওফোন্দ পাত।
ঠোঁটা-মোজা লাগ- সামান্য তৰ্কাতৰ্কি কৰ।


ডলাৰ বগৰী- ঘনাই ঠাই সলোৱা লোক।
ডাল দৰিদ্ৰ- অতি দুখীয়া।
ডালে-পাতে কোবোৱা- সংগতিবিহীনভাৱে।
ডিঙিৰ হাৰমাল- আপদ।


ঢাঁহি-ঢুঁহি- টানি-আঁজুৰি।
ঢক ফুট- প্ৰকাশ হোৱা, প্ৰচাৰ হোৱা।
ঢাপত গজা- নিজে নিজে হোৱা।
ঢিমিক-ঢামাক- কম পোহৰ।
ঢোলৰ লগত টেমেকা- বৰ মানুহৰ পিছে পিছে ফুৰা সৰু মানুহ।
ঢৌছিৰা- তেনেই ফটা।


তল ওপৰ- তোলপাৰ।
তয়া-ময়া- বৰ ডাঙৰ, ভীষণ।
ততাতৈয়াকৈ- খৰ্-ধৰকৈ।
তৰা-নৰা ছিঙা- থৰ-কাচুতি এৰি।
তলা-নলা- অনুসন্ধান।
তলে-তলে- মনে মনে, গোপনে।
তলে-পুতল- গোপনে কৰা কাৰ্য্য।
তিতা-কেঁহা লগা- বেজাৰ লগা!


থৰক-বৰক- অস্থিৰ, দুৰ্বল।
থান্-বান্- বিশৃঙ্খল।
থিয় দঙা দে- অ'ত ত'ত ধৰি থিয় হ'ব পৰা।
থুনুক-থানাক- অস্পষ্ট, বুজা-নুবুজা অস্পষ্ট মাত।
থেৰো-গেঁৰো- কি কৰো, কি নকৰোকৈ থকা।
থৌকি-বাথৌ- প্ৰৱলভাৱে উত্তেজিত হোৱা।


দিহা-পোহা- পৰামৰ্শ।
দীঘল দি পৰা- সেও মানি ল।
দীক্-চৌ- বহুদূৰ।
দুখে কুলাই-পাচিয়ে নধৰা- অতিশয় দুখ।
দূৰতে-বিদূৰ- নিলগতে আঁতৰ হ।
দেহা মাৰ- কঠোৰ পৰিশ্ৰম কৰ।
দেহে-কেহে- কায়মনোবাক্যে।
দোধৰ মোৰ- স্থিৰ কৰিব নোৱৰা।
দোপত-দোপে- ক্ৰমে উন্নতি হোৱা।


ধৰ্-পাকৰ- হঠাতে হৈ-চৈ লাগি পৰা।
ধলপুৱা- নিচেই পুৱা।
ধুন-ধুপাল মাৰ- পিন্ধি উৰি তমস্কাৰ হ।
ধুন-ধুপাল লাগ- হাই-উৰুমি কৰ।
ধেল ওপঙা দে- আধা মৰা হ।
ধোঁৱা-খুলীয়া- অতি খৰচী লোক।
ধোবাং বাং- বৰকৈ।
ধোদৰ পচলা- এলেহুৱা।


নগুৰ শাস্তি- অতিশয় শাস্তি।
ন দি ক- ডাঠি ক।
ন দেলায় ন দৰ্মায়- অনৰ্থক।
নপতা ফুকন- নিজকে ডাঙৰ বুলি ভবা লোক।
নমো নমো পাৰিজাত- বৰ পৱিত্ৰ যেন দেখুওৱা।
নলগা জেঙত লাগ- অযথা মূৰ পাতি ল।
নলে গলে লগা- পৰম বন্ধু।
নাই-নুই-কৰ- থাকিও নাই বুলি ক।
নাক কোঁচা- ঘিন কৰা।
নাম নুমা- খ্যাতি নষ্ট কৰ।
নিমাওমাও- মাত বোল নোহোৱা।


পেঁপুৱা লাগ- বিবুদ্ধি হ।
পৰালি পৰ- ক্ষতি হ।
পকা থেকেৰা- অতি স্বাস্থ্যৱান।
পানীৰ মিঠৈ- কাল্পনিক কথা।
পাবত গজা- মূল নোহোৱা।
পাল পৰীয়া দিয়া- বেমাৰ বেছি হোৱা।
পেটৰ পোৱালি- নিজৰ সন্তান যেন।
পোতক তোল- প্ৰতিকাৰ কৰ, প্ৰতিফল ল।
পোহাৰি-চুপতি- মূল্যহীন কথা।


ফৰিং ফুটা জোনাক- স্নিগ্ধ জোনাক।
ফুট ল- গোপনে সম্ভেদ ল।
ফুটুকাৰ ফেন- অথলে যোৱা।
ফেঁহুজালি- কাহিলি পুৱা।
ফেটী সাপৰ পোৱালি- ভৱিষ্যতৰ শত্ৰু।
ফেপেৰি পাত- উভতি ধৰ।
ফেৰ মাৰ- প্ৰতিযোগিতা কৰ।
ফেৰ পাত- যুদ্ধ কৰিবলৈ সাজু হ।
ফেৰ ধৰ- হৃষ্টপুষ্ট হ।
ফেৰ্-ফেৰীয়া- কম পৰিমাণে বলি থকা বতাহ।
ফেৰিয়া-ফেৰি- যুঁজিবলৈ উদ্যত হোৱা।



বগলী ভকত- বাহিৰে সৎ ভিতৰি অসৎ।
বঢ়া-বচন/বঢ়া-কথা- বেয়া ভাষা প্ৰয়োগ কৰা।
বাছকবনীয়া- অতি উত্তম।
বাপতি-সাহোন- পৈত্রিক সম্পত্তি।
বাৰে জোৰা দিয়া- সজাই-পৰাই কোৱা।
বাৰে বঙলুৱা- বিভিন্ন স্থানৰপৰা অহা বিদেশী লোক।
বাগি মৰা- দায়িত্ব এৰিবলৈ চেষ্টা কৰ।
বাগি ধৰ- নিজে নকৰি আনৰ ওপৰত কামৰ ভাৰ দে।
বাজি মাৰ- আৰি মাৰ।
বিনন্দীয়া- অতিকৈ ধুনীয়া।
বিধি-পথালি- বাধা জন্মোৱা।
বিধিৰ লিখন- ভাগ্য।
বিনা মেঘে বজ্রপাত- অকস্মাৎ হোৱা বিপদ।
বিনন্দ-বিলাস- অতি আৰাম, আনন্দময়।
বিৰ দি বাট নোপোৱা- বহু লোকৰ সমাগম।



ভমকা ফুলীয়া- জক্-মকীয়া।
ভিকাচন ভাগ- জীৱিকাৰ উপায় নাইকিয়া হোৱা।
ভিৰাই লৰ মাৰ- বেগাই দৌৰা।
ভেম ধৰ- ফিতাহি মাৰ।
ভেদ ভাং- গোপন কথা প্ৰকাশ কৰ।
ভোটাতৰা- জাকত-জিলিকা।


ম'হতকৈ শিং চৰা- চম্ভালিব নোৱৰা।
মৰ জাহ দে- জানি শুনি বিপদত পৰ।
মৰ সাহ- অতিপাত সাহসী।
মৰণত শৰণ দি- প্ৰাণপণে।
মজা দে- কষ্ট দে।
মজা পা- কষ্ট পা।
মৰো-জীওঁ সোঁ-আধিকৈ- মৰণত শৰণ দি।
মিজিং মাজাং- চুচুক-চামাককৈ থকা।
মূধাফুটা- শীৰ্ষস্থানীয়।
মূৰৰ চুলিৰ সমান আয়ুস হ- দীর্ঘায়ু হ।
মূৰত আকাশী সৰগ ভাগি পৰ- ঘোৰ বিপদ।


যমৰ যাতনা- উগ্ৰ শাস্তি।
যমৰ আগতেল খোৱা- অঘাইতং।
যমৰ ঘৰৰপৰা অহা- টান নৰিয়াৰপৰা ৰক্ষা পোৱা।
যমৰ গু-মূত খাবলৈকে- কেৱল জীয়াই থাকিবলৈকে।
যাউতিযুগীয়া- চিৰস্থায়ী, যুগমীয়া।


ৰং লগাই ক- বুজিব পৰাকৈ, জোৰা দি ক, ৰহণ লগাই ক।
ৰং চং- বাহ্যিক সৌন্দর্য।
ৰচকী পখিলী- ধুন মাৰি ফুৰা তিৰোতা।
ৰসতে নাম থোৱা- উৎসাহ থাকোতেই কাম শেষ কৰা।
ৰাঁই-জাঁই কৰা- মূৰ ঘুৰোৱা যেন লগা।
ৰাংঢালী- ৰঙত চঞ্চল হৈ থকা।
ৰিং মাৰিলে শুনা- অলপ আঁতৰত।
ৰৈ বৈ যোৱা- প্ৰচুৰ।


লপলপকৈ- খৰ-ধৰকৈ।
লহ-পহকৈ- ধুনীয়াকৈ।
লাংলাং থাংথাং- বিশৃঙ্খল।  
লেইলেই-ছেইছেই- ঘিণকৰা।
লেঙপেঙীয়া- ক্ষীণ ওখ।
লটি-ঘটি- দুখ দুৰ্গতি।
লোদোৰ-পোদোৰ- শকত, হৃষ্টপুষ্ট।
লৌৱা-লপা- মিছলীয়া।


শ'লঠেকত পৰা- বিপদত পৰা।
শঠা-মিতিৰ- স্বাৰ্থ সিদ্ধিৰ বাবে কপটভাৱে পতা মিতিৰ।
শহানণীয়া- সদায় সতৰ্ক হৈ থকা।
শাল চকুৱা- ভালকৈ নিৰীক্ষণ কৰিব পৰা।
শালৰ মাজত শিঙি- শতৰুৰ মাজত থকা।
শিলৰ ৰেখা- লৰচৰ নোহোৱা।
শিৰ্-ফুটা- প্ৰসিদ্ধ।
শুকান বালি তিওৱা- অতি দৰিদ্ৰ লোকক সহায় কৰিবলগীয়া হোৱা।
শেনৰ এজাত- স্বাৰ্থবোধক, দুভঁজীয়া কথা।


সময়ৰ শৰ- সময়মতে কৰিবলগীয়া কাম।
সাতাম পুৰুষীয়া- চিৰকলীয়া।
সান্দহ খোৱা বাতি তল যা- সুবিধা সমুলাঞ্চে নষ্ট হোৱা।
সাংগে-পাংগে- সানমিহলি হৈ।
সাৰমৰ্ম- মূল কথা।


হৰণলুকি দিয়া- লুকুওৱা।
হৰি ভকত- একেজন গুৰুৰ শিষ্য।
হৰিভৰ দিয়া- সন্মতি প্ৰদান কৰা।
হৰিণাৰ মাংসই বৈৰী- নিজেই নিজৰ শতৰু হোৱা।
হাতত সাৰে ভৰিত সাৰে- অতি সংগোপনে।
হেতা ওপৰা- জোঁটা-পোতা লগা।
হুৰমুৰ যাত্ৰা- ততাতৈয়াকৈ কৰা গমন।
হুৰাওৰাৱে- প্ৰচণ্ড শব্দ কৰি।
হুৱাদুৱা লগা- হাই উৰুমি কৰা।
হুল চঁচা- অহিত চিন্তা কৰা।
হুনুবাৰ্তা- উৰাবাতৰি।

Post a Comment

0 Comments