বাহী, বাঁহী
অসমীয়া ভাষাৰ "বাহী" আৰু "বাঁহী" শব্দ দুটা দেখাত একে যেন লাগিলেও অৰ্থৰ ফালৰ পৰা আৰু উচ্চাৰণৰ ফালৰ পৰা কিছু পাৰ্থক্য লক্ষ্য কৰা যায়।
উচ্চাৰণৰ ফালৰ পৰা "বাহী" শব্দৰ ওপৰত চন্দ্ৰবিন্দু থকা বাবে "বাঁহী" শব্দটোৰ উচ্চাৰণ সাধাৰণতে অলপ অনুনাসিক হয়।
সেইদৰে অৰ্থৰ ফালৰ পৰা-
বাহী শব্দই সাধাৰণতে বহনকাৰী আৰু আগদিনাৰ বস্তুক বুজায়। যেনে -
১/ বহনকাৰী অৰ্থত মালবাহী গাড়ী, মালবাহী ৰেল, মালবাহী জাহাজ ইত্যাদি।
২/ আগদিনাৰ অৰ্থত বাহী বন, বাহী গা, বাহী চোতাল, বাহী ঘৰ, বাহী বিছনা, বাহী ভাত, বাহী বিয়া ইত্যাদি।
আনহাতে "বাঁহী" শব্দই এবিধ বিন্ধাযুক্ত মুখেৰে বজোৱা বাঁহৰ বাদ্যযন্ত্ৰক বুজায়।
উদাহৰণ স্বৰূপে হীৰেন ভট্টাচাৰ্যৰ "আইৰ অসুখ" নামৰ কবিতাটিৰ এটি কলি তুলি দিয়া হ'ল-
"মোৰ আইৰ অসুখ ………
তেজৰ ধাৰত, হাড়ৰ আঁহত বিহ।
হাতেৰে মোহাৰি কাংক্ষিত সুখ
সোণৰ হৃদয় সলাই ল'লে সীহ।
মোৰ আইৰ কি অসুখ ?
বিষাদ বাঁহীৰ মাতত হেৰুৱাই সম্বিৎ।"
--------------------------------------------------------------------------------------------
প্ৰশান্ত

0 Comments
Please do not enter any spam link in the comment box.