সাঁচ এক জীয়া বাস্তৱ

সাঁচ

প্ৰথম খণ্ড

 বিশ্বাস কৰিবলৈ টান লাগে চন্দ্ৰা। তথাপি তুমি কৈছা যেতিয়া, মই বিশ্বাস কৰিছোঁ।

তুমি কৈছা, তুমি তেওঁক ভালপোৱা নাছিলা, অথচ তুমি এদিন তেওঁৰ লগত পলাই গ'লা! বিশ্বাস নহয় চন্দ্ৰা, তথাপি তুমি কৈছা যেতিয়া মই বিশ্বাস কৰিছোঁ। আচলতে, মই তোমাক বৰ ভাল পাইছিলোঁ চন্দ্ৰা!

(ক্ষন্তেক মৌনতাৰ পাছত) এতিয়া সেইবোৰ কথা কৈ কি লাভ, পলাশ?

এতিয়াতো সকলোৱে সেইবোৰ কথা অবৈধ বুলি ক'ব। আৰু মই তেনে অবৈধ সম্বন্ধ ৰাখিব বিচৰা নাই, পলাশ।

তেন্তে মোক তুমি ইয়ালৈ কিয় মাতি আনিলা, চন্দ্ৰা?

নাই, এনেয়ে। তোমাক বহুবছৰেই দেখা নাই যে, এবাৰ ওচৰৰ পৰা চাবলৈ মন গৈছিল। হয়তো সেইবাবেই!

তোমাক মই বৰ ভাল পাওঁ চন্দ্ৰা। মাথো এবাৰ তুমি মোক "ভাল পাওঁ" বুলি কোৱা চন্দ্ৰা, মাত্ৰ এবাৰ।

অত বছৰৰ মূৰত ইমান মানুহৰ চকুত ধূলি দি মই তোমাক লগ ধৰিবলৈ আহিছোঁ, পলাশ তাৰ পাছতো মই তোমাক আৰু কিবা ক'ব লাগিব? ভুল হয়তো মোৰেই আছিল পাৰিলে মোক ক্ষমা কৰিবা।

আৰু একো নোকোৱা?

কি কম? সকলো ৰাস্তা চোন তুমিয়েই বন্ধ কৰি দিছিলা, পলাশ?

মই ৰাস্তা বন্ধ কৰিলোঁ?

অ' তুমি মোক অকলে এৰি থৈ গুচি গৈছিলা। মই কেনেকৈ আছোঁ,কি কৰিছোঁ তুমি এবাৰো খবৰ নল'লা পলাশ! যাৰ কাৰণে হয়তো মই এই ভুল সিদ্ধান্তটো ল'বলগীয়া হৈছিল।

মই তোমাক ভাল পাইছিলোঁ সঁচা, কিন্তু তুমিও যে মোক ভাল পাইছিলা মই গম পোৱা নাছিলো চন্দ্ৰা, আজিহে গম পালোঁ।

কিন্তু মইতো তোমাক চিঠি দিছিলোঁ, পলাশ।

দিছিলা, কিন্তু তাত কোনো ভালপোৱাৰ কথা উল্লেখ নাছিল চন্দ্ৰা। কথাবোৰ মোৰ বৰ সুন্দৰকৈ মনত আছে। হয়তো ময়েই বুজিয়েই নাপালোঁ, চন্দ্ৰা।

তাৰ পিছত তুমি যি গুচি গ'লা এবাৰো মোৰ খবৰ নল'লা।মোক অকলে এৰি থৈ তুমি গুচি গৈছিলা পলাশ। এবাৰো মোৰ খবৰ নল'লা।

মই তোমাৰ খবৰ লৈছিলোঁ, চন্দ্ৰা। কিন্তু-------

(আগলৈ-----আপোনালোকৰ পৰা মৰম চেনেহ পালে পিছৰ খণ্ডবোৰ লিখিবলৈ চেষ্টা কৰিম)

_________________________________________

  প্ৰশান্ত শইকীয়া।

 


Post a Comment

0 Comments