সাঁচ

 সাঁচ এক জীয়া বাস্তৱ।

       (দ্বিতীয় খণ্ড)

মই তোমাৰ খবৰ নোলোৱাকৈ থকা নাছিলোঁ, চন্দ্ৰা। কিন্তু, তোমাক লগ পোৱাৰ কোনো সুযোগেই পোৱা নাছিলোঁ। তোমাক লগ পোৱাৰ প্ৰতিটো ৰাস্তাই যেন মোৰ বাবে বন্ধ কৰি দিয়া হৈছিল। স‌ময়বোৰ যেন কোনোপধ্যেই মোৰ অনুকূলে নাছিল। মই তোমাক লগ পাবলৈ বহুত চেষ্টা কৰিও বাৰে বাৰে বিফল হৈছিলো। কোনেও মোক এই ক্ষেত্ৰত সহাঁৰি দিয়া নাছিল।

বাৰে বাৰে মন গৈছিল তোমাক এবাৰ দেখা কৰিবলৈ। কিন্তু প্ৰতিবাৰতে মই বিফল হৈছিলোঁ। অৱশ্যে তেতিয়াও মই তোমাৰ মনৰ অৱস্থাৰো কোনো উমান পোৱা নাছিলোঁ। মই তোমাক ভাল পাইছিলোঁ সঁচা কিন্তু তুমি মোক ভাল পোৱা নে নোপোৱা সেই কথা মই গম পোৱা নাছিলোঁ। সেই সময়ত মোৰ ইমান সাহসো নাছিল, যে মই তোমালোকৰ ঘৰলৈ গৈ তোমাৰ খবৰ এটা ল'ম! 

অ' তুমি মোক এখন চিঠি নিশ্চয় দিছিলা। চিঠিখন দি তুমি লিখা কথাখিনি এতিয়াও মোৰ মনত আছে।


সিদিনা হয়তো ১৯৮৭ চনৰ কোনো এটা মাহৰ এটা বিশেষ শুকুৰবাৰ আছিল। আমি বিজয়নগৰৰ পৰা সৰভোগলৈ একেবাৰে আহিবলৈ ওলাইছোঁ। পদূলিত গাড়ী এখন ৰৈ আছিল। তেনেকুৱা এটা মূহুৰ্ততে কোনেও নেদেখাকৈ এটা সৰু খাম মোৰ হাতত দি তুমি কৈছিলা,"এইটো তুমি একেবাৰে ঘৰ গৈ পাইহে খুলিবা।"

ময়ো যে কি বুৰ্বক আছিলোঁ! সঁচাকৈয়ে তুমি কোৱাৰ দৰে একেবাৰে ঘৰ আহি পাইহে সেইখন খুলি চাইছিলোঁ।

খামটো খুলি দেখো, তাৰ ভিতৰত এখন দূৰ্গা দেৱীক ফটো,এখন ৰুমাল, এটা গোলাপৰ কলি আৰু এখন তিনি চাৰিশাৰীৰ চিঠি আছিল। চিঠিখন বাৰে বাৰে পঢ়িও তাৰ প্ৰকৃত অৰ্থ মই উলিয়াব নোৱাৰিলোঁ।

চিঠিখন অৱশ্যে প্ৰেম পত্ৰ বুলি ক'লে ভুল হ'ব, চন্দ্ৰা। এজনী মৰমলগা ভনীয়েকে ককায়েকলৈ লিখা চিঠি বুলি ক'লেহে ভাল হ'ব। উত্তৰ দিবলৈ তোমাৰ ঠিকনা নথকাত তোমাৰ দেউতাৰ ঠিকনাতে উত্তৰ পঠাইছিলোঁ। তুমি পালা নে নাই তাকো গম নাপালোঁ। উত্তৰৰ আশাত দিনৰ পিছত দিন,মাহৰ পিছত মাহ ডাকঘৰলৈ বাট কুৰি বালো, কিন্তু মোৰ কপালত ঠিঠি পোৱাৰ সৌভাগ্য আৰু নহ'ল। লাহে লাহে ডাকঘৰলৈ যাবলৈ বন্ধ কৰিলোঁ।

তাৰ ছমাহমান মান পাছত কোনো এটা দূৰ্গাপূজাত বিজয়নগৰৰ বন্ধু এজনৰ ঘৰত আহোঁতে তোমাক এবাৰ দেখা পাইছিলোঁ। তুমি মাত্ৰ সুধিছিলা," কেতিয়া আহিছা? ভাল নে?"

যোৱাকালি আবেলি আহিলো। তোমাৰ ভালনে?

আছোঁ আৰু।

বন্ধুক তোমাৰ কথা সুধিছিলোঁ যদিও তেওঁ সদায় তোমাৰ কথাৰ পৰা এৰাই চলিছিল। মাত্ৰ কৈছিল,"বাদ দে ও তাইৰ কথা, বেলেগ কিবা কথা আছে যদি ক'। তাইক কথা মোক নুসুধ্‌বি।

অ' তাহাৰ ঘৰত তোক একবাৰ লৈ যাবা দিছিল। জো জাং জো।"

মই বন্ধুৰ লগত তোমালোকৰ ঘৰলৈ গ'লো।তোমালোকৰ ঘৰৰ প্ৰথম কোঠাটোতে মোক বহিবলৈ দিয়া হৈছিল। ভয়ো লাগিছিল, কি বা কয় এতিয়া? তোমাৰ বা এজনী আহি মোৰ লগত কথা বতৰা পাতি মোক চাহ খাবলৈ দিছিল। মাজতে তোমাক প্ৰসংগ টানি আনি কৈছিল," তাই বৰ সৰু ছোৱালী, তাই একো বুজি নাপায়, তোমাৰো বিয়া পাতিবলৈ বয়স হোৱা নাই। তুমি তাইতকৈ বহুত ভাল ছোৱালী পাবা। তাইক তুমি পাহৰি যোৱা" 

মই একো কথা ক'ব পৰা নাছিলোঁ। কেনেবাকৈ চাহকাপ খাই তোমালোকৰ ঘৰৰপৰা ওলাই আহিছিলো। মনতে নিজকে তোমাৰ যোগ্য কৰাৰ সংকল্প লৈ নিজ গাঁৱলৈ ঘূৰি আহিছিলোঁ। অৱশ্যে তুমি তেতিয়া সঁচাই বহুত সৰু আছিলা দিয়া!


মনতে ভাবিছিলো, যেনেকৈয়ে নহওঁক চাকৰি এটা যোগাৰ কৰিব লাগিব। নিজকে তোমাৰ যোগ্য কৰিব লাগিব আৰু এদিন বিচাৰি আহিব লাগিব। অৱশ্যে কথাবোৰ মোৰ মনৰ কথাহে, তোমাক প্ৰকাশ কৰাই নহ'ল......।

কথাখিনি তুমি আগতে এবাৰ যদি ক'লা হৈ, পলাশ।


মই চোন তোমাৰ লগত কথা কোৱাৰ সুবিধাই নাপালোঁ, চন্দ্ৰা।


(আগলৈ-)

__________________________________________

                                                    প্ৰশান্ত শইকীয়া।

                                                          সৰভোগ।

                                                         ২৬/০২/২১

Post a Comment

0 Comments