ৰস-ৰচনা-১৬

ৰস ৰচনা-১৬


তগৰ: হেৰি নহয়?

পাপ্পু: কি হ'ল আকৌ?

তগৰ: আজি বিয়া ঘৰত এটা কথা লক্ষ্য কৰিছিল নে?

পাপ্পু: কি কথা নো?

তগৰ: মোৰ ডিঙিৰ নেকলেচ ডাল কেনেকৈ ফুকননীহঁতে চাই আছিল? মোৰ বুকুখন একদম দুই

ইঞ্চিমান ফুলি গৈছিল!

পাপ্পূ: তগৰৰ ডিঙিলৈ চাই খলখলকৈ হাঁহি দিলে!

তগৰ: হাঁহিলে যে?

পাপ্পু: তোমাৰ নেকলেচডাল ওলোটা হৈ আছে? 

তগৰ: ইচ্ ৰাম! আপুনি কথাটো আগতে ক'ব নোৱাৰিলে?

ৰস ৰচনা-১৭


পাপ্পু- তগৰ অ'?

তগৰ- কি কয়?

পাপ্পু- আজি কি দিৱস নো?

তগৰ- অ' সেইটোও নাজানে নে? আজি স্বাধীনতা দিৱস!

পাপ্পু- স্বাধীনতা দিৱসৰ দিনা কি হৈছিল নো?

তগৰ- হাও! তাকো নাজানে? দেশ বিভাজন হৈছিল!

পাপ্পু- স্বাধীনতা দিৱসত কি কৰে নো?

তগৰ- ইচকুলোত পতাকা উঠায়, জণগণ গায় আৰু বুট খায়!

পাপ্পু- বাপ্পাঐ! বহুত কাম দেখোন?

ৰস ৰচনা-১৮


তগৰ: এটা শব্দৰ অৰ্থ ক'বচোন?

পাপ্পু: কি শব্দৰ অৰ্থ লগা হ'ল নো তোমাক?

তগৰ: গুচ্ছ মানে কি নো?

পাপ্পু: থোপা। (তগৰে তপা শুনিলে)

তগৰ: (জাঙুৰ খাই উঠি) ৰাতিপুৱাই পুৱাই জোকাই লৈ টেমাটো গৰম কৰি নল'ব কিন্তু দেই!

পাপ্পু: মই ক'ত কি বেয়া কথা ক'লো নো, হা? তোমাৰ যে টেমাটো পুৱাই পুৱাই গৰম হৈ গ'ল?

তগৰ: নহয়নো কি? গুচ্ছ মানে কিবা "তপা" নেকি?

পাপ্পু: ক'ত মই "তপা" বুলি ক'লো হা? "থোপা" বুলিহে কৈছিলোঁ।

তগৰ: এ হ'ব দিয়ক! 

                    চাহ একাপ খাব? বনেদি?

ৰস ৰচনা-১৯


মালা: হেল্লো! ---------- অ' তগৰ? কি হ'ল? তোৰ দেখোন খবৰ বাতৰি নোহোৱা হ'ল?

তগৰ: কিয় হ'ব? তয়ো তো খবৰ এটা ল'ব পাৰা?

মালা: হয় অৱশ্যে! ময়ো অলপ ব্যস্ত হৈ আছিলোঁ ৰ! অ' এটা কথা সিদিনা ডম্বৰুৱে ফোন কৰিছিল,অ'!

তগৰ: কোন ডম্বৰু নো?

মালা: কিয়? তই ইমান সোনকালে পাহৰিলিয়েই নে?

তগৰ: মোৰ ভালকৈ মনত পৰা নাই দেখোন?

মালা: কিয় কলেজত আমাৰ লগত পঢ়া ডম্বৰু!..... ? তোৰ লগত যে একেলগে বহিছিল? মেচেঞ্জাৰত 

আহি ফোন নম্বৰ লৈ ফোন কৰিছিল!

তগৰ: অ' তাক মোৰ কথা নক'বি কিন্তু !

মালা: হা!
------------------------------------------------------------------------------------ 
প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments