শ্ৰমিক

শ্ৰমিক

"হৰি কাই আজি কাম কৰিব নালাগে দিয়া।"

"কিয় মহাজন?"

"আজি শ্ৰমিক দিৱস আছে নহয়।"

"সেইটো আকৌ কি বস্তু?"

"আজি সমগ্ৰ দেশৰ শ্ৰমিকসকলক সন্মান জনোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়।"

"কিন্তু যিটো সন্মানত মোৰ ঘৰৰ চৌকা নজ্বলে তেনে সন্মান মোৰ কোনো প্ৰয়োজন নাই মহাজন!

মোক শ্ৰমিক হৈয়েই থাকিবলৈ দিয়ক!"

"হৰি কাই!"
----------------------------------------------------------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments