কুষ্ঠ ৰোগ

কুষ্ঠ ৰোগ


কুষ্ঠ-ৰোগ


     কিছুমান ৰোগৰ ওপৰত সাম্যক জ্ঞানৰ অভাৱৰ বাবে বহুতো লোক বিমোৰত পৰা দেখা যায়। তেনে এটা অতি সাধাৰণ ৰোগ হ'ল কুষ্ঠ ৰোগ, যাক ইংৰাজীত Leprosy বুলি কোৱা হয়। এই ৰোগত আক্ৰান্ত হৈ বহুতো লোক বিকলাংগ হোৱা দেখা যায়। ৰোগবিধ আৰম্ভ হোৱাৰ লগে লগে যদি চিকিৎসা আৰম্ভ কৰে তেতিয়া কোনো ধৰণৰ অংগ ক্ষয়-ক্ষতি নোহোৱাকৈ এই ৰোগৰ পৰা আৰোজ্ঞ লাভ কৰিব পাৰি।

    কুষ্ঠ ৰোগৰ ওপৰত বহুতো প্ৰৱাদ আৰু অন্ধবিশ্বাসে গা কৰি উঠিছে। প্ৰৱাদ আছে যে অতি প্ৰাচীন কালত ঋষি-মুনি সকলৰ অভিশাপৰ ফলত কুষ্ঠ হয়। আন এক অন্ধবিশ্বাস মতে, মহাপাপৰ ফলত কুষ্ঠ হয়। কোনো লোকে যদি মহাপাপত লিপ্ত হয়, তেনে লোকৰ কুষ্ঠ হয়। আন এটা বিশ্বাস মতে, কুষ্ঠ ৰোগ বংশগতিক। অৰ্থাৎ পিতৃ-মাতৃৰ পৰা বংশানুক্ৰমে সতি-সন্ততিয়ে এই ৰোগ লাভ কৰে।

    দৰাচলতে, এই সকলোবোৰ তথ্য সম্পূৰ্ণ ভুল বুলি প্ৰমাণিত হ'ল, যেতিয়া নৰৱেৰ বিজ্ঞানী ডাঃ আৰমাৰ হ্যানসেনে (Gerhard Henrik Armaur Hansen) ১৮৭৩ চনত কুষ্ঠ ৰোগৰ বীজাণু আৱিষ্কাৰ কৰে। তেখেতে প্ৰমাণ কৰি দেখুৱালে যে কুষ্ঠৰোগ এবিধ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ। ই কোনো পাপ বা শাপৰ ফলত হোৱা ৰোগ নহয়। তেখেতে এই ৰোগৰ আৱিষ্কাৰ কৰা কাৰণে চিকিৎসা বিজ্ঞানত এই বিধ ৰোগবিধক চিকিৎসা বিজ্ঞানত তেখেতৰ নামেৰেই "হ্যানসেঞ্চ ডিজিজ" (Hansen's desease) বুলি নামাকৰণ কৰা হয়। ই মাইক'বেক্টেৰিয়াম লেপ্ৰি (Mycobacterium leprae) বা মাইক'বেক্টেৰিয়াম লেপ্ৰ'মেট'চিছ বেক্টেৰিয়াৰ ফলত হোৱা এক দীৰ্ঘম্যাদী সংক্ৰামক ৰোগ। এই ৰোগ মানুহৰ মাজতে সোঁচৰে। সংক্ৰমিত লোকৰ কাঁহ বা নাকৰ পানী আদিৰ যোগেদি বায়ুৰ মাজেৰে উশাহ-নিশাহত এজন সুস্থ মানুহলৈ ই বিয়পে।

    দৰাচলতে, এজন চিকিৎসা সেৱা গ্ৰহণ নকৰা কুষ্ঠ ৰোগীৰ পৰাহে এই ৰোগ সংক্ৰমিত হ'ব পাৰে। চিকিৎসা সেৱা গ্ৰহণ কৰা ৰোগীৰ পৰা এই ৰোগ সংক্ৰমণ ক্ষমতা নাথাকে। সংক্ৰমণ হোৱাৰ পিছত অতি মন্থৰ গতিৰে বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। কিন্তু এই ৰোগৰ "ইন্-কিউ-বেশ্বন পিৰিয়ড" (lncubation period) বৰ দীঘলীয়া হোৱা বাবে পাঁচ বছৰৰ পৰা বিশ বছৰৰ ভিতৰত এই ৰোগৰ লক্ষণসমূহ দেখা দিয়ে। কুষ্ঠ ৰোগৰ লক্ষণ দেখা দিয়াৰ লগে লগে যদি ৰোগীজনে চিকিৎসকৰ পৰামৰ্শ লয় তেতিয়া ৰোগীজন সম্পূৰ্ণ আৰোগ্য হোৱাৰ লগতে নিজকে বিকলাংগ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ'ব। কিন্তু কুষ্ঠ ৰোগৰ লক্ষণৰ ওপৰত জ্ঞান নথকাৰ বাবে তেওঁলোকে চিকিৎসকৰ ওচৰ নাচাপে। তাৰোপৰি জ্বৰ, বিষ আদি কিবা অসুবিধা অনুভৱ কৰিলেহে মানুহে চিকিৎসকৰ কাষ চাপে! জ্বৰ, বিষ নাইবা কোনো অসুবিধা নহ'লে কোনেনো চিকিৎসকৰ ওচৰলৈ যাব? কোনো অসুবিধাৰ সন্মুখীন নোহোৱা ছালৰ শেঁতা পৰা দাগ নাইবা অলপ ৰঙোচোৱা দাগৰ চিকিৎসা কৰিবলৈ কোনেনো যাব? চিকিৎসা নকৰাকৈ থাকি বহু বছৰৰ মূৰত যেতিয়া হাত-ভৰিত ঘাঁ লাগিবলৈ আৰম্ভ কৰে তেতিয়াহে মানুহে চিকিৎসকৰ ওচৰলৈ আহে। আৰু যেতিয়া আহে, তেতিয়া যথেষ্ট পলম হৈ যায়। সেয়ে মই ভাবো আমি সকলোৱে কুষ্ঠৰোগৰ লক্ষণ জনাটো অতিকৈ আৱশ্যকীয় কথা।

    বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে, "Leprosy is caused by infection with the bacterium Mycobacterium leprae. It mainly affects the skin, eyes, nose and peripheral nerves."

    অৰ্থাৎ, লে'প্ৰচী বা কুষ্ঠ ৰোগ মাইক'বেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা এবিধ ৰোগ। ই প্ৰধানকৈ ছাল, চকু,নাক আৰু হাত, ভৰি আৰু মুখমণ্ডলৰ লগত সংযোগী স্নায়ুবোৰ আক্ৰান্ত কৰি ধ্বংস কৰে।

    ফলত যি যি অংগৰ সংযোগী স্নায়ুবোৰ ধ্বংস কৰে সেই অংগৰ লগত মগজুৰ সংযোগ বিচ্ছিন্ন হয়। আমাৰ প্ৰতিখন ভৰিৰ তলুৱাৰ কাৰণে এডাল আৰু তলুৱাৰ ওপৰফালৰ সংজ্ঞা বহন কৰিবলৈ এডাল মুঠ দুডালকৈ স্নায়ু থাকে। ঠিক তেনেদৰে প্ৰতিখন হাতৰ বাবে তিনিডালকৈ স্নায়ু থাকে। আৰু চকুৰ কাৰণে এডাল স্নায়ু থাকে।

    বিভিন্ন অংগৰ লগত সংযোগী স্নায়ুবোৰ ধ্বংস হ'লে সেই অংগটো মগজুৱে পাহৰি থাকে। যদি কোনো এখন ভৰি বা হাতৰ আটাইকেইডাল স্নায়ু কুষ্ঠ ৰোগৰ বীজাণুয়ে ধ্বংস কৰে তেতিয়া হ'লে সেই ৰোগীজনৰ ভৰি বা হাতৰ আঙুলি কাটি গ'লেও একো অনুভৱ কৰিব নোৱাৰিব। মাত্ৰ চকুৰে দেখিলেহে গম পাব,"মোৰ দেখোন আঙুলিকেইটা নাই?" এনে পৰিস্থিতিত ৰোগীজনৰ ভৰিত গজাল সোমাই থাকিলেও গম নাপায়। ফলত ভৰিৰ তলুৱাত ঘাঁ লাগি যায়।

    মানৱ শৰীৰত "বাহিৰা কোষ" (Foreign Cell) যেনে কাঁইট, গজাল, শিলগুটি আদি সোমাই থাকিলে সেই ঘাঁ কেতিয়াও নুশুকায়। সেই ফৰেইন চেল (গজালি, কাঁইট, শিলগুটি আদি) যেতিয়াই দেহৰ পৰা বাহিৰ কৰি উলিয়াই দিয়া হ'ব তেতিয়াহে ঘাঁটো শুকাব। আমাৰ সুস্থ মানুহৰ ক্ষেত্ৰত ভৰিত কিবা সোমাই থাকিলে বিষ অনুভৱ হোৱা কথাটো স্নায়ুৰ মাধ্যমেদি মগজু গৈ পায়। মগজুৰ নিৰ্দেশ মতে সেই নিৰ্দিষ্ট স্থানত থকা কাঁইট বা গজালডাল উলিয়াবলৈ সক্ষম হও। কিন্তু কুষ্ঠ ৰোগী এজনৰ ভৰিত গজাল, শিলগুটি আদি সোমাই থাকিলেও একো গম নাপায়। ফলস্বৰূপে একো একোটা বৃহৎ ঘাঁ লাগি যোৱা দেখা যায়। কেতিয়াবা এনেকুৱা ঘাঁ লাগি হাত-ভৰিৰ আঙুলি পৰ্য্যন্ত ছিঙি পৰাও দেখা যায়।

    কুষ্ঠ ৰোগক বীজাণু সংখ্যাৰ কম আৰু বেছিৰ ওপৰত ভিত্তি কৰি ইয়াক কম অৰ্থাৎ পচিবেচিলাৰী PB (Paucibacillary) আৰু বেছি অৰ্থাৎ মাল্টিবেচিলাৰী MB (Multibacillary) বুলি ভাগ কৰা হয়। চমুকৈ PB আৰু MB, এই দুই ভাগত কুষ্ঠ ৰোগ বিভক্ত কৰা হয়। পচিবেচিলাৰীত (PB) ছালৰ শেঁতা পৰা, অসংবেদনশীল দাগৰ সংখ্যা পাঁচ বা তাতকৈ কম আৰু মাল্টিবেচিলাৰীত (MB) পাঁচটাতকৈ বেছি দাগ থকা ৰোগীক ধৰা হয়।

    ঠিক সেইদৰে যদি ৰোগীজনৰ মাত্ৰ এডাল স্নায়ু আক্ৰান্ত হয় তেতিয়া তেওঁক PB ৰ চিকিৎসা, আৰু এডালতকৈ অধিক স্নায়ু আক্ৰান্ত হ'লে তেখেতক MB ৰ চিকিৎসা প্ৰদান কৰা হয়। এজন PB ৰোগীৰ চিকিৎসাৰ বাবে ছমাহৰ চিকিৎসাৰ প্ৰয়োজন হয়। কুষ্ঠ ৰোগৰ চিকিৎসা MDT (Multi-Drug Therapy) ৰে কৰা হয়। PB ৰোগীৰ বাবে প্ৰতি মাহত এবাৰ ৬০০ মিলিগ্ৰাম ৰিফাম‌্পিচিন আৰু দৈনিক ১০০ মিলিগ্ৰামকৈ ডেপ্‌চন ঔষধ সেৱন কৰিব লাগে। এনেকৈ মুঠ ছমাহ ঔষধ সেৱন কৰিব লাগে।

    আনহাতে, MB ৰোগীৰ ক্ষেত্ৰত মাহত এবাৰ ৬০০ মিলিগ্ৰাম ৰিফাম‌্পিচিন, দৈনিক ১০০ মিলিগ্ৰাম ডেপ্‌চন আৰু ক্লোফাজাইমিন ৫০ মিলিগ্ৰামকৈ সেৱন কৰিব লাগে। MB ৰোগী এজনে বাৰ মাহলৈ এই ঔষধ সেৱন কৰিবলৈ দিয়া হয়।

    আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি নিজেই কুষ্ঠ ৰোগী এজন চিনাক্ত কৰিব পাৰোঁ। ইয়াৰ বাবে প্ৰয়োজন মাত্ৰ এটা বল পেনৰ। ছালৰ শেঁতা পৰা দাগ দেখিলে আপুনি ৰোগীজনক চকু মুদি থাকিবলৈ দি বল পেনেৰে চুই দাগটুকুৰাত গম পায় নে নাপায় সুধিব। আন বেলেগ কাৰণত পৰা বগা দাগ হ'লে চকু মুদি থাকিলেও কলমেৰে চুলে চকু মুদি থাকিয়েই আপুনি চুইছেনে নাই ক'ব পাৰিব। কিন্তু কুষ্ঠ ৰোগৰ ফলত হোৱা বগা দাগ হ'লে চকু মুদি থাকিলে আপুনি বল কলমেৰে চুই থাকিলেও নাই চুৱা বুলি ক'ব বা চুইছেনে নাই একো ক'ব নোৱাৰিব। তেতিয়াই আপুনি কুষ্ঠ ৰোগ বুলি সন্দেহ কৰিব পাৰে।

    স্নায়ু আক্ৰান্ত হৈছে নে নাই পৰীক্ষা কৰিবলৈও বল পেন এটাৰে প্ৰয়োজন। মানুহ জনক চকু মুদি থাকিবলৈ দি বল পেন এটাৰে আঙুলি মূৰত চুই কোনটো আঙুলিত চুইছো সুধিব লাগে। আঙুলিবোৰৰ তলুৱাৰ ফাল আৰু ওপৰৰ ফালে চেতনা পৰীক্ষা কৰক। মানুহজনে চকু মুদিয়েই যদি আপুনি ক'ত চুইছে ক'ব পাৰে তেনেহ'লে চেতনা ঠিকেই আছে। কিন্তু যদি ৰোগীজনে চকু মুদি আপুনি ক'ত চুইছে ঠাইখিনি সঠিকভাৱে আঙুলিয়াই দিব নোৱাৰে, তেতিয়া বুজিব লাগিব যে মানুহ জনৰ স্নায়ু আক্ৰান্ত হৈছে।

    তেনেকুৱা লক্ষণ দেখা পালে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। উল্লেখযোগ্য যে কুষ্ঠ ৰোগৰ চিকিৎসা সকলো স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়াকৈ যোগান ধৰা হয়।

    প্ৰশিক্ষণৰ শেষৰ ফালে প্ৰশিক্ষণ কেন্দ্ৰৰ গাতে লাগি থকা কুষ্ঠ কলনীলৈ আমাক প্ৰেক্টিকেলৰ বাবে লৈ যোৱা হ'ল। তাত থকা কুষ্ঠ ৰোগীসকলক বিভিন্ন লক্ষণ দেখুওৱা হয়। সেই ৰোগীসকলৰ ভিতৰত এগৰাকী বৃদ্ধা দেখি মোৰ বৰ দুখ লাগিল। বৃদ্ধাগৰাকীৰ হাত-ভৰিত এটাও আঙুলি নাছিল। কুষ্ঠ ৰোগৰ ফলত আঙুলিবোৰ ছিঙি গৈছিল। বৰ দুখ লাগিল বেমাৰটোৰ বিষয়ে জ্ঞান থকা হ'লে তেখেতৰ আজি এইটো অৱস্থা নহ'লহেঁতেন। এতিয়া বৃদ্ধাগৰাকী কুষ্ঠৰোগৰ বীজাণুৰ পৰা মুক্ত যদিও যিখিনি হেৰাই গ'ল সেইখিনি আৰু কেতিয়াও ঘূৰি নাহে। লাহে লাহে আমাৰ প্ৰশিক্ষণৰ সময়সীমা শেষ হৈছিল আৰু আমি নিজৰ নিজৰ কৰ্তব্য স্থানলৈ উভতি আহিলোঁ।

Post a Comment

0 Comments