ঘোষা ছন্দ

          !! শ্ৰীকৃষ্ণায় নমঃ !!

     শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত

                   নাম ঘোষা

                 ছন্দ ঘোষাঃ

                ।। শৰণ ।।

যাদৱ যদুনন্দন মাধৱ মধুসূদন।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ
তোমাতে লৈলো শৰণ।।

ইবাৰ কৰুণাময়                   হৰি কমলাপতি
          মোৰে নছাড়িবা নাৰায়ণ।
অৰুণ চৰণ তলে                হৰি কমলাপতি
         সত্যে সত্যে পশিলো শৰণ।। ৬৮৫
হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ।
মানৱী জনম সাম্ফল কৈলো এ হৰি নাৰায়ণ।। ৬৮৬
         গোপাল গোৱিন্দ যদুনন্দন।
         কৃষ্ণৰ চৰণে লৈলো শৰণ।। ৬৮৭
         ৰাঘৱৰ আভয় চৰণে।
         সত্যে সত্যে পশিলো শৰণে।। ৬৮৮
         ৰামৰ চৰণে শৰণ লৈলো ।
         মানৱী জনম সাম্ফল কৈলো।। ৬৮৯
         হৰি ও হৰি চৰণে লাগো।
         অভয় চৰণে শৰণ মাগো।। ৬৯০
         ৰাম ৰঘুপতি ৰঘুনন্দন।
         তোহ্মাৰ চৰণে লৈলো শৰণ।। ৬৯১

ঘোষা-ছন্দ



            ।। ভজন ।।

গোপীনাথ গোৱিন্দ ৰাম কৃষ্ণ হৰি।
ভজোহো তোমাৰ পদ কমলত ধৰি।। ৬৯২
ভজহো গোৱিন্দ তোমাৰ পাৱ।
মোক নছাড়িবা সেৱক দায়।। ৬৯৩
ৰাম কৃষ্ণ গোপীনাথ গোৱিন্দ।
সেৱোক তযু পদ অৰৱিন্দ।। ৬৯৪
প্ৰণতপালক দেৱ গোৱিন্দ।
ভজোহো তযু পদ অৰৱিন্দ।। ৬৯৫
মোৰ প্ৰভু নাৰায়ণ এ
হৰি হৰি তোমাৰ চৰণে মনে ভজো।
তোমাক নজানি ভৱসিন্ধু মাজে মাজো। ৬৯৬
ভুৱনমোহন ৰাম ভজিলো তোমাৰ পাৱ।
মহা মহা পাপী যাৰ নাম উ জপিত্তম পদক পায়।। ৬৯৭
      ৰাম কৃষ্ণ নাৰায়ণ              নিৰঞ্জন নিৰাকাৰ
                নিৰ্ব্বিকাৰ নিৰাময় হৰি।
      চিদানন্দ সদানন্দ                পুৰুষ পৰমানন্দ
                ভজো তুৱা চৰণত ধৰি হৰি ৰাম।
                বিভু প্ৰভু আনন্ত দৈত্যাৰি।। ৬৯৮

            ।। নমস্কাৰ ।।

         দীনবন্ধু ৰাম দয়াশীল দেৱ।
         তুৱা পদ কমল সদায়ে কৰো সেৱা।। ৬৯৯
         মোৰ প্ৰভু ৰাম কৰুণাসাগৰ।
         আমি দুখিতক নছাড়িবা দামোদৰ।। ৭০০
         মধুৰিপু ৰাম কমললোচন।
         তুৱা গুণ নামে ভৱ ভয় বিমোচন।। ৭০১
         বন্দো মাধৱ মধু ৰিপু ৰাম।
         তুৱা পদ কমল যুগল হৰি এ।। ৭০২

            ।। উপদেশ ।।

পিয়ো পিয়ো পিয়ো অমিয়া মাধুৰী।
            হৰি নাম ৰাম ৰাম।
দূৰতে তেজিয়া থৈয়ো আন যত মন কাম
            ৰাম ৰাম ৰাম।। ৭০৩
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই এ
            সকল নিগমে ওহি সাৰ।
সুমৰিতে হৰি বশ্য হোৱে ভাই এ
            সুখে পাই ভৱ নদী পাৰ।। ৭০৪
ভাল উপায় পাইলো ভাই ভাই এ
            ৰাম নাম নিগম ৰহস্য।
এক চিত্ত মনে ভাব ভাই ভাই এ
           যাৰে নাম তাৰে কৰা বশ্য।। ৭০৫
ৰাম কৃষ্ণ হৰি বুলিয়ো মুখে।
            হৰি পদে মন মজায়ো সুখে।। ৭০৬
ৰাম বুলি ফুৰা বাহু আছাড়ি।
            কপটৰ মোট পেহ্লায়ো ফাড়ি।। ৭০৭
ভজ ভগৱন্ত ভকতি ভাৱে।
            নাম লৈয়া গতি পতিতে পাৱে।। ৭০৮
ৰাম নামখানি ফুৰিয়ো গায়া।
            কি কৰিবে পাৰে হৰিৰ মায়া।। ৭০৯
ৰাম নামখানি লৈয়োক ডাটি।
            হেলায়ে মাৰিয়ো যমেৰ ঘাটি।। ৭১০
মুখে ৰাম নাম গাৱ।
            মায়াৰ বাঝু মাৰিয়া যাৱ।। ৭১১
ৰাম কৃষ্ণ নাম জপ সঘনে।
            হৰিৰ চৰণ নেড়িবা মনে।। ৭১২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা।
            আশা সমুদ্ৰৰ মন তোলা।। ৭১৩
ৰাম কৃষ্ণ হৰি বোলিয়ো জান্টে।
            মিলিবে মৰণ হাটে কি বাটে।। ৭১৪

                ।। মহিমা ।।

হৰিত শৰণ                            লৈয়া যিটোজন এ
           হৰিৰ চৰিত্ৰ শ্ৰৱণ-কীৰ্তন কৰে।
দুৰ্ঘোৰ অপাৰ                           সংসাৰ সাগৰ এ
           সিটো মহাজনে আতি অপ্ৰয়াসে তৰে।। ৭১৫
ৰাম কৃষ্ণ ৰাম                        কৃষ্ণ বোল ভাই এ
           পৰম যতনে তেজিয়ো যত অন্যায়।
তোমাক মই ভাণ্ডো            তুমি মোক ভাণ্ডা এ
           চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায়।। ৭১৬
ভাৰতবৰিষ ধন্য কলিযুগ,
                হৰি হৰি হৰি হৰি এ
                হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম।
হৰিত একান্তে শৰণ পশিয়া
          হৰি হৰি হৰি হৰি এ
          হৰি হৰি হৰি ধৰ্ম্ম শিৰোমণি
          ঘুষিয়ো হৰিৰ নাম।। ৭১৭

        ।। আত্ম উপদেশ ।।

বিচাৰি দেখিয়ো পামৰ মনাই এ
ইহ পৰলোকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম।
মজিয়া ৰহস সুহৃদ মনাই এ
হৰি গুণ নাম অপাৰ আনন্দ সিন্ধু ৰাম ৰাম।। ৭১৮
নিচিন্তি আছস কেমনে মনাই এ
সুখৰ সাগৰ হৰিত নকৰি ৰতি ৰাম ৰাম।
আলাস তেজিয়া ভজিয়ো মনাই এ
ভৃত্য ভয়কাৰী হৰিসে পৰম গতি ৰাম ৰাম।। ৭১৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ৰে পামৰ মন
            ভুলিয়া কমনে পাপী মৰ।
যাৰ মায়া পাশে বন্দী হুয়াছে পামৰ মন
তাৰ দুই চৰণত ধৰ ৰে পামৰ মন
            ভুলিয়া কমনে পাপী মৰ।। ৭২০
গোৱিন্দ বোল মনাই মুকুন্দ বোল মনাই
            ব্ৰহ্মা হৰো যাত শৰণ পশয়
            আনৰ কোন বড়াই।। ৭২১
বিষয় বিকলে নমৰ মন।
            সদায় চিন্তিয়ো হৰি চৰণ।। ৭২২
নিগম নিগূঢ় হৰিৰ নাম।
            নলৈয়া মন কৰ কোন কাম।। ৭২৩
ভৱ সিন্ধু সেতু হৰি চৰণ।
            যম কাল মায়া দুখ তাৰণ।। ৭২৪
কপট আচাৰ তেজিয়া মন।
            কেৱলে ভজিয়ো হৰি চৰণ।। ৭২৫
কৈতৱ তেজিয়া ভজিয়ো হৰি।
            তেৱেসে হৰি লৈবে দাস কৰি।। ৭২৬
হৰিৰ আশ্ৰয় নেড়িয়ো ভাই।
            ঐকান্তিক সুখ তেৱেসে পায়।। ৭২৭
একান্তে হৰিত কৰিয়ো ৰতি।
            হৰিসে নিজ ভকতৰ গতি।। ৭২৮
সৰ্ব্ব পুৰুষাৰ্থ কৈতৱ জান।
            হৰি মাত্ৰ সত্য বেদ প্ৰমাণ।। ৭২৯
পৰম শ্ৰেয়স হৰি ভকতি।
            জানি হৰি পাৱে কৰিয়ো ৰতি।। ৭৩০
হৰি গুণ নাম কৰিয়ো সাৰ।
            নিজ যশ প্ৰিয় জগ আধাৰ।। ৭৩১
বিধিৰ কিঙ্কৰ তেজি ভকতি।
            গায়ো হৰি যশ নিৰ্ম্মল মতি।। ৭৩২
লৈয়ো একে মাত্ৰ সাধু সঙ্গতি।
            তেৱেসে নিম্মল হৈব ভকতি।। ৭৩৩
যাৱত কৈতৱ নেড়স মন।
            তাৱত নপাইবি হৰি চৰণ।। ৭৩৪
কৈতৱ অসত্য জান ভাল কৰি।
            ভজিয়ো হৰিক কৈতৱ এড়ি।। ৭৩৫
হৰিত বিনাই সৱে কৈতৱ।
            ভজ হৰি পাৱে কৰি উৎসৱ।। ৭৩৬
ক্ষণিক জীৱন জানি মনাই।
            তৰিয়ো সুখে হৰি গুণ গাই।। ৭৩৭
দুৰ্ঘোৰ সংসাৰ নিকাৰ জানি।
            নেড়িবা সদা মুখে ৰাম বাণী।। ৭৩৮
তেৱেসে হৰিৰ পাইবা আশ্ৰয়।
            ভজিয়ো হৰি তেজি লাজ ভয়।। ৭৩৯
নিৰ্গুণ হৰিৰ গুণক গায়া।
            পৰমানন্দ পাইবা তেজি মায়া।।৭৪০
হৰি গুণ নাম নিগম তত্ত্ব।
            মুকুতসৱৰো মুখ্য সন্মত।। ৭৪১
জানি হৰি পাৱে নেড়িয়ো আশ।
            কহে মূঢ়মতি মাধৱ দাস।। ৭৪২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ।
            ৰাম কৃষ্ণ বোল মন ভাই।
হৰিৰ সন্তোষ হয় গুচয় সংসাৰ ভয়।
            হৰি পদ সেৱা সুখ পায় হৰি ৰাম।। ৭৪৩

            ।। নিন্দা ।।

হৰিৰ নামৰ এখন সুখ।
            নাজানে যিজন হৰি বামুখ।। ৭৪৪
নকৰে কীৰ্ত্তন যিটো পামৰ।
            সিজন অধীন ভৈল যমৰ।। ৭৪৫
হৰি গুণ নাম নলৱে মুখে।
            যমৰ যাতনা ভুঞ্জিবে দুখে।। ৭৪৬
নকৰে কীৰ্ত্তন হৰি নামৰ।
            কি কাৰ্য্যে মনুষ্য ভৈল পামৰ।। ৭৪৭
হৰি কীৰ্তনত নকৰে ৰাতি।
            পশুতো অধম সিটো কুমতি।। ৭৪৮
নুফুৰে সদা হৰি গুণ গায়া।
            জানিবা মুহিলে হৰিৰ মায়া।। ৭৪৯
হৰি কীৰ্ত্তনত নেদিলে চিত্ত।
            সিটো ভাগ্যশূন্য ভৈল বঞ্চিত।। ৭৫০

            ।। আত্মনিন্দা ।।

তুমি প্ৰাণ প্ৰিয়তম সুহৃদ পৰম দেৱ
                           প্ৰাণপ্ৰভু পীতাম্বৰ এ
                তুমিসে কেৱলে আত্মা মোৰ।
হৰি হৰি তুমিসে পৰম আত্মা মোৰ।
তোমাক নজানি জড় মিছা শৰীৰক মঞি
               প্ৰাণপ্ৰভু পীতাম্বৰ এ
               আত্মা বুলি ভৈলো সেৱা চোৰ।
প্ৰাণবন্ধু কিনো মঞি অজ্ঞানী দুৰ্ঘোৰ হৰি এ।। ৭৫১

            ।। খেদ ।।

দুৰ্ব্বাৰ দুসঙ্গ দুৰ্ব্বাসনা দুষ্ট
                             হৰি হৰি হৰি হৰি এ
অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্ধি কৰি
                             হৰি হৰি হৰি হৰি এ
তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত।।
আত্যন্তিক সুখ তযু পদ সেৱা
                             হৰি হৰি হৰি হৰি এ
সেৱা পৰিহৰি সি সুখে ভৈলো বঞ্চিত।।
মায়াময় ঘোৰ সংসাৰ নিকাৰ
                             হৰি হৰি হৰি হৰি এ
তাকে সুখ মানি ভগ্ন ভৈল মোৰ চিত্ত।। ৭৫২
তুমি শুদ্ধ বুদ্ধ নিত্য নিৰ্ম্মল নিৰ্গুণ দেৱ
                           মোৰ প্ৰভু নাৰায়ণ এ
স্বৰূপ আনন্দে সদা সুখী।
হৰি হৰি তুমি নিজানন্দে সদা সুখী।
আমি মূঢ়মতি ঘোৰ অবিদ্যা সাগৰে মজি
                           মোৰ প্ৰভু নাৰায়ণ এ
তোমাক নজানি ভৈলো দুখী।
হৰি হৰি স্বৰূপ নজানি ভৈলো দুখী হৰি এ।। ৭৫৩
অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তিৰ বলে
                                 মোৰ প্ৰভু নাৰায়ণ এ
তুমি দূৰ কৰি আছা মায়া।
হৰি হৰি তোমাৰ নিকটে নাহি মায়া।
তোমাক নভজো পদে মায়ায়ে মুহিলে মোক
                                 মোৰ প্ৰভু নাৰায়ণ এ
আৱে কৃপাময় কৰা দয়া।
হৰি হৰি মায়াক নিবাৰি কৰা দায়া হৰি এ।। ৭৫৪
দৈৱকী নন্দন দেৱ দৈৱকী নন্দন দেৱ
                                  দীনবন্ধু দামোদৰ এ
হৰি হৰি চৰণে উদ্ধাৰ কৰা মোক
প্ৰাণবন্ধু ইবাৰ নেৰিবা হৰি মোক।
ভকতি মিনতি তুতি প্ৰণতি নাজানো মঞি
                                  দীনবন্ধু দামোদৰ এ
হৰি হৰি আৱে মোৰ কেনে গতি হোক।
প্ৰাণবন্ধু মোৰ মন তোমাতে ৰহোক হৰি এ।। ৭৫৫
হে কৃষ্ণ তুমি নিজ আত্মা প্ৰিয়তম গুৰু
                                 মোৰ প্ৰভু নাৰায়ণ এ
পৰম ঈশ্বৰ ভয়হাৰী
হৰি হৰি তুমি ইষ্ট দেৱ ভয়হাৰী।
এতেকে জানিয়া তযু চৰণে শৰণ লৈলো
                                 মোৰ প্ৰভু নাৰায়ণ এ
নছাড়িবা ইবাৰ মুৰাৰি।
হৰি হৰি লৈয়ো মোক মায়াক নিবাৰি হৰি এ।। ৭৫৬
মনুষ্য যোনিৰ কৰ্ম্মে নিশেষ যোনিত বুলি।
                                   দীনবন্ধু দামোদৰ এ
হৰি হৰি বাৰে বাৰে ভুঞ্জিলো অপাৰ।
দীনবন্ধু কতবা ভুঞ্জিলো নাহি পাৰ
ইবেলি তোমাৰ দুই চৰণে শৰণ লৈলো
                                   দীনবন্ধু দামোদৰ এ
হৰি হৰি নকৰিবা মোক পৰিহাৰ।
প্ৰাণবন্ধু চৰণত ৰাখিয়ো ইবাৰ হৰি এ।। ৭৫৭
পুনু পুনু নৰতনু লভিয়া তোমাক তেজি
                                   দীনবন্ধু দামোদৰ এ
হৰি হৰি সংসাৰে ভ্ৰমিলো অসংখ্যাত।
দীনবন্ধু কতবা কৰিলো‌ আয়াযাত।
ইবেলি কৰুণাময় তোমাৰ কিঙ্কৰ ভৈলো
                                  দীনবন্ধু দামোদৰ এ
হৰি হৰি ৰতি মোৰ ৰহোক তোমাত।
প্ৰাণবন্ধু চৰণত কৰো প্ৰণিপাত হৰি এ।। ৭৫৮
মাধৱ মুকুন্দ মুৰিৰি কি গতি হৈব হামাৰ
মায়াৰ ৰচনা আশা নদী মাজে।
                        মজিয়া নপাইলো পাৰ।। ৭৫৯

            ।। মহিমা ।।

ৰামৰ নামেসে অমিয়া ঝুৰে।
                         ভকতজনৰ মনোৰথ পূৰে।। ৭৬০
ভাল ভাৰসা পায়া আছি হৰি কৰুণাময়
                         ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ।
ৰাম বুলিতে পাপী তৰে হৰি কৰুণাময়।
                         সকল আপদ হোৱে দূৰ।। ৭৬১
                         ভকতসৱে ৰাম নাম গাৱে।
                         কাল মায়া ভৰে তৰতৰাৱে।। ৭৬২

            ।। কাৰুণ্য ।।

জয় জগজীৱ মোৰে প্ৰাণ
মোৰে প্ৰাণধন বান্ধৱ মুৰাৰি।
           শ্ৰৱণ আনন্দে শুনিছো গোৱিন্দ
                         তুমি দীন দুখহাৰী।। ৭৬৩
মোৰ জীৱ ধন গোপীনাথ
প্ৰাণ গোপীনাথ পশিলো শৰণে।
           মোৰ প্ৰাণ মন মজিয়া ৰহোক
           তোমাৰ চৰণে।। ৭৬৪
দুগুটি অক্ষৰ ৰাম নাম
শ্ৰীৰাম নাম অমিয়া মাধুৰী ঝুৰে।
আতি সুকোমল পৰম মঙ্গল
           সৱে মনোৰথ পূৰে।। ৭৬৫
জয় জয় নিত্য নিৰঞ্জন
           নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন।
পৰম অভয় তোমাৰ চৰণ
           তাপ তিনি বিনাশন।। ৭৬৬
দায়াশীল দেৱ দামোদৰ তুমি দীনজন বন্ধু।
পতিতপাৱন তুমি কৃপাময়
          কেৱলে কৰুণা সিন্ধু।। ৭৬৭
হৰি হৰি হৰি হৰি এ হৰি হৰি হৰি হৰি
তুমি কৃপাময় দীন দুখ বিনাশন।
ভৃত্য ভয়হাৰী                 জানিয়া তোমাৰ
           চৰণে লৈলো শৰণ।। ৭৬৮
হে কৃষ্ণ দীন দায়াশীল       দীন দায়াশীল
           দায়া নছাড়ীবা মোক।
অজ্ঞান তিমিৰ               নাশিয়া বিজ্ঞান
           প্ৰদীপ প্ৰভু দিয়োক।। ৭৬৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি।
অচিন্ত আনন্ত                    সুখেৰ সাগৰ
           কৃষ্ণৰ পদ ভকতি।। ৭৭০
হে প্ৰাণপ্ৰভু কৃষ্ণদেৱ প্ৰাণকৃষ্ণ দেৱ
           দীনক কৰিয়ো দায়া।
পৰম তাপিতে মাগোহো তোহ্মাৰ
           শীতল চৰণ ছায়া।। ৭৭১
প্ৰাণ প্ৰিয়তম যদুদেৱ
           দিয়ো মোক এহি দান।
কৰায়ো তোহ্মাৰ শৰণ সেৱাৰ
           সন্তোষ অমিয়া পান।। ৭৭২
নামো ৰাম কৃষ্ণ সদাশিৱ
           সদাশিৱ কৃষ্ণ তুমি জগতৰ পতি।
আপায় ৰহিত মাগহো ভকতি
           চৰণে কৰি প্ৰণতি।। ৭৭৩
জগত গুৰু নাৰায়ণ        জগত গুৰু নাৰায়ণ
           মোৰ প্ৰভু ৰাম কৃষ্ণৰাম।
           হৰি তো হৰি ৰাম কৃষ্ণ হৰি ৰাম।। ৭৭৪
ৰাম কৃষ্ণ নিৰঞ্জন               ৰাম কৃষ্ণ নিৰঞ্জন
           দীনবন্ধু নাৰায়ণ এ।
           তুমি প্ৰভু অগতিৰ গতি।। ৭৭৫
গোপীনাথ গোপীনাথ          মোৰে কমলাকান্ত
           মোৰ প্ৰভু ৰাম নাৰায়ণ।
           অভয় চৰণ পাই পশিলো শৰণ।। ৭৭৬
অনাদি অনন্ত হৰি                      এ জীৱন বন্ধু
           ৰাম কৃষ্ণ কৰুণাসাগৰ।
           অনাথৰ নাথ দায়াশীল দামোদৰ।। ৭৭৭
পৰম পুৰুষ হৰি                          এ পৰমানন্দ
           পৰম কাৰণ নাৰায়ণ
           ভকত ৰঞ্জন তযু অৰুণ চৰণ।
           অনন্ত অচ্যুত সদাশিৱ সনাতন।। ৭৭৮
জয়তি জগতগুৰু                       এ গুণৰ নিধি
           নিত্য নিৰঞ্জন নিৰাকাৰ।
           তোমাৰ চৰণে সদা শৰণ আমাৰ।। ৭৭৯
দৈৱকী নন্দন প্ৰভু                       এ পৰম গুৰু
           দায়াশীল দেৱ নিৰঞ্জন।
           তযু পদকমলে মজোক মোৰ মন।। ৭৮০
জগত জীৱন যদু                        এ যাদৱানন্দা
            জগতকাৰণ যদুপতি।
            তুমিসে কেৱলে নিজ ভকতৰ গতি।। ৭৮১
ভকতবৎসল প্ৰভু                         এ ভকতবন্ধু
            ভকতৰঞ্জন ভয়হাৰী।
            ভকতৰ নিজ গতি তুমিসে মুৰাৰি।। ৭৮২
পতিত জনৰ গতি                 এ জগতপতি
             পতিতপাৱন ভগৱন্ত।
             পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত।। ৭৩৮

            ।। তাৎপৰ্য ।।

কৰুনাময় ৰাম কৰুনাময়।
           কৰিয়ো কৃপা যেন উচিত হয়।। ৭৮৪
তুমিসে ৰাম কৃপা ৰসেৰ নিধি।
           তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি।। ৭৮৫
তোহ্মাৰ কৃপাকেসে কৰাছো আশ।
           অৰুণ পদতলে দিয়োক বাস।। ৭৮৬
সহজে তুমি ৰাম কৰুণাসিন্ধু।
           তোমাত বিনে আন নাহিকে বন্ধু।। ৭৮৭
তোমাৰ কৃপা লেশে আমাৰ গতি।
           কহয় মাধৱ মূৰুখ মতি।। ৭৮৮

            ।। কাকূতি ।।

কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম।
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম।। ৭৮৯
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাঞো ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ নাম ভকতি প্ৰদীপ চাঞো ৰাম ৰাম।। ৭৯০
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোত পৰে জ্ঞান শূণ্য হীনমতি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদছায়া তলে ঠাই ৰাম ৰাম।। ৭৯১
হৰি এ কৰুণাসিন্ধু                          জীৱন বন্ধু
           গতি মতি তুমি নাৰায়ণ।
           তুৱা গুণ নাম ভকতৰ মহাধন।। ৭৯২
পতিত বুলিয়া মোকে              হৰি হৰি ও ৰাম
           তেজিতে নপাৰা নাৰায়ণ।
পৰম কৰুণা গুণে                  হৰি হৰি ও ৰাম
           নাম ধৰিছা পতিত পাৱন।। ৭৯৩
দায়াৰ ঠাকুৰ হুয়া              দায়া কেনে নকৰয়
           ৰাম কৃষ্ণ নাৰায়ণ দীন দায়াময়।। ৭৯৪
মোকে কৃপা কৰা হৰি এ
দান্তে ধৰো তৃণ মাথে ধৰো তৃণ।
           তুমি কৃপাময়ক নজানো এত দিন
           মোকে কৃপা কৰা হৰি এ।। ৭৯৫
মোকে কৃপা কৰা এ ঐ বন্ধু ৰাম প্ৰাণবন্ধু ৰাম।
           নেৰোক মুখে ৰাম কৃষ্ণ নাম।। ৭৯৬
পতিত পাৱন বুলি নাৰায়ণ এ
পৰম পতিতে ডাকয় আতুৰ হুয়া।
           তযু বেদবাণী আমি আছো শুনি এ
           মহা মহাপাপী তৰে তযু নাম লৈয়া।। ৭৯৭
তুৱা গুণ নাম অমৃত আশায়ে এ
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি।
           চৰণত ধৰো কাতৰ কৰো এ
           মঞি অনাথক নছাড়িবা যদুপতি।। ৭৯৮
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ
নিশ্চয় তোমাৰ দিবাক লাগে প্ৰসাদ।
           নিজ ভৃত্য কৰি লৈলে গোপীনাথ এ
           তযু কৃপাময় মিলয় কোন প্ৰমাদ।। ৭৯৯
হে দায়াশীল দেৱ দামোদৰ এ
তোমাৰ চৰণে বোলোহো কাকূতি বাণী।
           মোক নিজ দাস কৰি লৈলে হৰি এ
           কহিয়ো কৃপাল তোমাৰ কি হয় হানি।। ৮০০
পৰম কৃপালু হুয়া যদুপতি এ
কিনো অপৰাধে মোক ভৃত্য পৰিহৰা।
           শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ
           যিটো নাম লৱে তাকে মোৰ বুলি ধৰা।। ৮০১
জ্ঞানশূণ্য আতি পশু পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
           তাকে জানি হৰি শৰণে পশিলো এ
           আমাক তোমাৰ তেজিতে উচিত নয়।। ৮০২
তোমাৰসে নিজ ভৃত্য ভৈলো হৰি এ
কৃপাৰ সাগৰ তুমি মোক নিজ স্বামী।
           মঞি অনাথক নবঞ্চিবা হৰি এ
           তযু সেৱা ৰস আশা কৰি আছো আমি।। ৮০৩
বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দেৱকীত হন্তে সাক্ষাতে ভৈল বিদিত।
           জীৱৰ তৰণ হেতু নাৰায়ণ এ
           প্ৰচাৰিলা নিজ যশ ধৰ্ম্ম বিপৰীত‌।। ৮০৪
ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
জানো মোক তুমি দাস পৰিহৰা হৰি।
           ইটো শঙ্কাৰ হৰি দূৰতে তেজিয়া এ
           লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি।। ৮০৫
তোমাৰ নামৰ মহিমা দেখিয়া এ
আন যত কাম দূৰতে তেজিয়া থৈলো।
           তযু পদ সেৱা ৰসক আশায় এ
           তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো।। ৮০৬
সহজ কৃপালু গুণক প্ৰকাশি এ
ধৰি আছা হৰি ভকত বৎসল নাম।
           ধেনু যেনমতে বৎসক পালয় এ
           তুমি সেহিমতে ভকতক পালা ৰাম।। ৮০৭
আমি যত জীৱ তোহ্মাৰ পালন
                              হৰি হৰি হৰি হৰি এ
 তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী।
 আৱে যেৱে নিজ ভৃত্য বুলি পালা
                               হৰি হৰি হৰি হৰি এ
তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি।। ৮০৮
 তুমি যাক পালা সিও জন আমি
                              হৰি হৰি হৰি হৰি এ
           সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
তোমাৰ অধীন হুয়া কেনে আমি
                              হৰি হৰি হৰি হৰি এ
           ভৈলৈহো স্বতন্ত্ৰ ইটো কিনো অদভুত।। ৮০৯
তোমাক পৰম ঈশ্বৰ নামানি
                              হৰি হৰি হৰি হৰি এ
মহা অহংকাৰে দ্ৰোহ আচৰিলো আমি।
আৱে তযু পদে শৰণ পশিলো
                              হৰি হৰি হৰি হৰি এ
           মঞি দ্ৰোহীয়াৰ দোষ ক্ষমা কৰা স্বামী।। ৮১০
দাস হুয়া তযু সেৱা নকৰিলো
                             হৰি হৰি হৰি হৰি এ
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।
তুমি পুনু প্ৰভু সহজ কৃপালু
                            হৰি হৰি হৰি হৰি এ
           শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই।। ৮১১
মঞি অজ্ঞানীৰ যতেক অজ্ঞান
                            হৰি হৰি হৰি হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক।
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
                           হৰি হৰি হৰি হৰি এ
           কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক।। ৮১২
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা
                           হৰি হৰি হৰি হৰি এ
           কৃষ্ণসে সুহৃদ বান্ধৱ গুৰু আমাৰ।
কৃষ্ণৰ চৰণ পঙ্কজে বিনাই
                           হৰি হৰি হৰি হৰি এ
           মঞি অনাথৰ গতি নাহি নাহি আৰ।। ৮১৩

            ।। প্ৰাৰ্থনা ।।

অচিন্ত্য আনন্ত শকতিৰ পতি
                         হৰি হৰি হৰি হৰি এ
           তুমি কৃপাময় দেৱ অগতিৰ গতি।
তুমি সত্য সনাতন সদাশিৱ
                         হৰি হৰি হৰি হৰি এ
           তোমাৰ চৰণে মাগোহো নিৰ্ম্মল ৰতি।। ৮১৪
হে হৰি মোৰ মুখে নছাড়োক
                         হৰি হৰি হৰি হৰি এ
           পৰম নিৰ্ম্মল তযু গুণ নাম যশ।
কৰা কৃষ্ণ কৃপা মনত মিলোক
                         হৰি হৰি হৰি হৰি এ
           তযু পদ সেৱা পৰম অমিয়া ৰস।। ৮১৫
জয় জয় ৰাম কৰুণা সাগৰ এ
মোকে নাৰায়ণ ইবাৰ কৰিয়ো দায়া।
                         অভয় চৰণে শৰণ পশিলো এ
           প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া।। ৮১৬
যাদৱ যদু নন্দন গোৱিন্দ মুকুন্দ মুৰবিনাশী।
অবিদ্যা সাগৰে মজিলো
                         মাধৱ উদ্ধাৰ কৰিয়ো আসি।। ৮১৭
জীৱন যাদৱ ৰায় সেৱোহো তোমাৰ পায়
                          ৰাম নেৰিবা নফৰ দায়।
তুৱা পাৱে ৰতি যিমতে কৰিবো
                         দিয়োক নাথ উপায়।। ৮১৮
যাদৱ জয় যদুপতি তোমাৰ চৰণে লাগো।
শ্ৰৱণ কীৰ্তন নিৰ্ম্মল ভকতি
                         কাকূতি কৰিয়া মাগো।। ৮১৯
দীন দয়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি।
দান্তে তৃণ কৰো চৰণত ধৰো
                         নেৰিবা মোক মুৰাৰি।। ৮২০
কৰুণাময় কৰুণাসাগৰ কৃপাৰ কৰুণাসিন্ধু।
তোমাৰ কৃপাৰ আমি নোহে পাত্ৰ
                          তুমি পুনু দীনবন্ধু।। ৮২১
ৰাম কৃষ্ণ হৰি গোৱিন্দ দীন দয়াশীল স্বামী।
তোমাৰ চৰণে সহজ বাসনা
                          শৰণ মাগোহো আমি।। ৮২২
জয় যদুপতি যাদৱ তুমি অগতিৰ গতি।
দান্তে তৃণ ধৰি তোমাৰ চৰণে
                          মাগোহো সাধু সঙ্গতি।। ৮২৩
ৰাম কৃষ্ণ হৰি গোৱিন্দ সেৱক ভৈলো তোমাৰে।
অভৰ চৰণে শৰণ পশিলো
                         ছূৰিয়ো মায়া হামাৰে।। ৮২৪
গোৱিন্দ গোপাল গোপীনাথ
                         দায়া নছাড়িবা মোৰে।
অপাৰ সংসাৰ                  অপাৰ নাহি পাৰ
             মজিলো এ দুখ ঘোৰে।। ৮২৫
হৰি হৰি হৰি এ ৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ।
কৰা হৰি মোৰ মায়া উপশাম নাৰায়ণ নাৰায়ণ।। ৮২৬
গোপীনাথ ইবাৰ মোকে নেড়িয়ো।
তযু মায়া জাল জঞ্জাল গুচায়া
                        চৰণে শৰণ দিয়ো।। ৮২৭
গোপাল গোপাল পালয় কৃপাময়।
তুৱা পাৱে মোৰ মতি ৰতি যেন নছাড়য়।। ৮২৮
ৰাম ৰাঘৱ ৰঘুপতি এ
           তুমি দেৱ অগতিৰ গতি না হে
তুৱা পদ কমলৰ মকৰন্দ ৰসে ৰতি
           কৰিয়া থাকোক মোৰ মতি না হে।। ৮২৯
জয় জয় যদুপতি এ
           তুৱা পাৱে পশিলো শৰণ না এ।
ভাল কথা শুনি আছে মনে লোলৈ সাৰ বাছি
           তুৱা নাম পতিত পাৱন না এ।। ৮৩০
প্ৰাণ বান্ধৱ মাধৱ এ দয়াশীল দৈৱকী নন্দন না হে
তুমি দেৱ দীনবন্ধু কেৱলে কৰুণাসিন্ধু
           কৰো তযু চৰণে বন্দন না হে।। ৮৩১
মোৰ প্ৰাণবন্ধু গোৱিন্দ সেৱক কৰিয়া লৈয়ো।
আন একো কাম নমাগো তোমাৰ
           ভৃত্যৰ সঙ্গত থৈয়ো।। ৮৩২
চিদানন্দ ৰাম সদানন্দ হৰি।
           নিত্যানন্দ কৃষ্ণ মোক লৈয়ো দাস কৰি।। ৮৩৩
হৰি তুমি আনন্দ সিন্ধু।
           হামো ভিক্ষাৰী মাগো এক বিন্দু।। ৮৩৪
মধু ৰিপু ৰাম ৰঘুপতি।
           তোমাৰ চৰণে মোৰ গতি।। ৮৩৫
অৰুণ চৰণে দিয়ো ছায়া ৰাম ৰাম।
           তেৱেসে তৰিবো তযু মায়া ৰাম ৰাম।। ৮৩৬
দান্তে তৃণ ধৰি হৰি চৰণত লাগো।
           তযু কৃপা ৰসৰ কণিকা এক মাগো।। ৮৩৭
দায়া কৰা দায়া কৰা মোৰ হে ৰাম।
তোমাৰ চৰণ হৰি হৃদয় পঙ্কজে ধৰি।
           মুখে লৈবো তুৱা গুণ নাম যদুমণি এ।। ৮৩৮
ৰাম কৃষ্ণ বুলি অনাথে ডাকয় এ হৰি নাৰায়ণ।
অনাথক দায়া কৰা
           কৃপাময় এ হৰি নাৰায়ণ।। ৮৩৯
নাৰায়ণ নাৰায়ণ নাৰায়ণ নাৰায়ণ জয় নাৰায়ণ।
তোমাৰ অৰুণ চৰণ পঙ্কজে
           নিমজোক মেৰি মন।। ৮৪০
নাৰায়ণ নাৰায়ণ তুৱা চৰণে আমাৰ।
           মজোক মন জয় ৰাম।। ৮৪১

        ।। প্ৰাৰ্থনা নিৱেদন ।।

এ ৰাম ৰাম জয় পৰমানন্দ।
           পিঞো তযু চৰণ কমল মকৰন্দ।। ৮৪২
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ।
           তযু পদ কমলে মজোক মেৰি মন।। ৮৪৩
এ ৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন।
           তুমিসে ঈশ্বৰ দেৱ ভকত ৰঞ্জন।। ৮৪৪
এ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
           তুমি গুণ নিয়ন্তা নিৰ্গুণ গুণধাম।। ৮৪৫
ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম
           শ্ৰীৰাম দেৱ ৰঘুপতি।
হে প্ৰভু ৰঘুনাথ প্ৰণামো দমায়া মাথ
           তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম
                         ৰঘুকুল নন্দন মুৰাৰি।। ৮৪৬
গোপাল গোৱিন্দ ৰাম গোপাল গোৱিন্দ ৰাম
           গোপাল গোৱিন্দ জয় ৰাম।
তোমাৰ চৰণে হৰি কেৱলে ভকতি বিনে
           মোৰ আৰ নাহি আন কাম হৰি ৰাম।। ৮৪৭
গোপীনাথ গোপীনাথ গোপীনাথ গোপীনাথ
           গোপীনাথ গোপীনাথ হৰি।
তোমাৰ অভয় দুই চৰণে শৰণ লৈলো
           লৈয়ো মোক নিজ দাস কৰি হৰি ৰাম।। ৮৪৮
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments