!! শ্ৰীকৃষ্ণায় নমঃ !!
শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত
নাম-ঘোষা
শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত
নাম-ঘোষা
।। ঘোষা।।
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ ৰাম কৃষ্ণ ৰাম।। ৮৪৯
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম।
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম।। ৮৫০
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম।
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ।। ৮৫১
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ
গোৱিন্দ ৰাম মুৰাৰি।
অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী।। ৮৫২
গোৱিন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি
ভকতি ৰোচন দুখ বিমমোচন
ভকতৰ ভয়হাৰী।। ৮৫৩
পৰম পুৰুষ পৰম আনন্দ
পৰম গুৰু মুৰাৰি।
অনাদি অনন্ত অচ্যুত গোৱিন্দ
ভকতৰ ভয়হাৰী।। ৮৫৪
জয় যাদৱ এ মোৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ।
ভকতৰ ধন তযু অৰুণ চৰণ।। ৮৫৫
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি জয় নাৰায়ণ।। ৮৫৬
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম।
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম এ হৰি নাৰায়ণ।। ৮৫৭
ৰাম ৰাম ৰাম ৰাম ৰাম।
ৰামকৃষ্ণ হৰি নাৰায়ণ।। ৮৫৮
ৰাম ৰাম ৰাম ৰাম।
ৰাম কৃষ্ণ হৰি হৰি হৰি।। ৮৫৯
হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম ৰাম।
শ্ৰীৰাম জয় জয় ৰাম।। ৮৬০
ৰাম ৰাম ৰাম ৰাম গোপাল।
জীৱেৰ জীৱন যদুৰায়।। ৮৬১
ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ জয় ৰাম জয় ৰাম।। ৮৬২
দীন দায়াশীল দেৱ দামোদৰ হৰি দামোদৰ।
দামোদৰ দামোদৰ দেৱ দামোদৰ।। ৮৬৩
অনাদি অনন্ত সদাশিৱ সনাতন হৰি এ।
নিত্য নিৰঞ্জন হৰি নিত্য নিত্য নিৰঞ্জন।। ৮৬৪
নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন।
নিত্য নিৰঞ্জন নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন।। ৮৬৫
মুৰাৰি মধুৰিপু ৰাঘৱ এ ৰাম ৰঘুপতি ৰাম ৰাম ৰাম
হৰি ৰাম ৰাম ৰাম।
ৰাম ৰাম ৰাম নাৰায়ণ জয় নাৰায়ণ।। ৮৬৬
যাদৱ যদুপতি মাধৱ এ
ৰাম ৰাম কৃষ্ণ নাৰায়ণ হৰি নাৰায়ণ।
নাৰায়ণ নাৰায়ণ হৰি নাৰায়ণ।। ৮৬৭
ৰাম কৃষ্ণ গোৱিন্দ গোপীনাথ হৰি গোপীনাথ।
গোপীনাথ গোপীনাথ হৰি গোপীনাথ।। ৮৬৮
কৰুণা সাগৰ মোৰ বান্ধৱ এ
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম।। ৮৬৯
ৰাম ৰাম ৰাম ৰাম গোৱিন্দ।
ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম ৰাম।। ৮৭০
ৰাম কৃষ্ণ হৰি গোপাল গোৱিন্দ
মুকুন্দ হৰি ৰাম মুৰাৰি।। ৮৭১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।। ৮৭২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
গোৱিন্দ জয় ৰাম।। ৮৭৩
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি।
ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।। ৮৭৪
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম
পতিত পাৱন হৰি গুণে আনুপাম।। ৮৭৫
মোৰ প্ৰভু নাৰায়ণ ৰাম কৃষ্ণ ৰাম।
ভকত বৎসল প্ৰভু গুণে অনুপাম।। ৮৭৬
ৰাম কৃষ্ণ নাৰায়ণ হৰি ৰে হে।
প্ৰভু ৰে হে ৰাম ৰাম ৰাম।। ৮৭৭
মুকুন্দ মাধৱ মুৰাৰি মধু ৰিপু।
জগত জীৱন ৰাম হৰি হৰি।। ৮৭৮
জয়তি যদুপতি জগত জীৱন
যাদৱ মাধৱ ৰাম হৰি হৰি।
পৰম পুৰুষ ৰাম জয় জয়।। ৮৭৯
ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ।
ৰাম ৰাম কৃষ্ণ ৰাম হৰি হৰি।। ৮৮০
ৰাম ৰাম ৰাম ৰাঘৱ ৰঘুপতি।
প্ৰণত পালক দেৱ হৰি হৰি।
প্ৰপন্ন তাৰক দেৱ জয় জয়।। ৮৮১
হৰি তো হৰি হৰি হৰি তো হৰি হৰি।
হৰি তো হৰি হৰি ৰাম জয় জয়।। ৮৮২
কৃষ্ণদেৱ তুমি প্ৰভু দীন দুখহাৰী।
ভকতৰঞ্জন ভয় ভঞ্জন মুৰাৰি।। ৮৮৩
গোপাল গোপীনাথ গোৱিন্দ ৰাম ৰাম।
গোৱিন্দ ৰাম কৃষ্ণ গোৱিন্দ ৰাম।। ৮৮৪
গোৱিন্দ ৰাম গোৱিন্দ ৰাম।
গোপাল গোৱিন্দ ৰাম ৰাম।। ৮৮৫
হৰি হৰি হৰি ৰাম গোৱিন্দ।
মুৰাৰি মুকুন্দ জয় ৰাম।। ৮৮৬
ৰাম কৃষ্ণ হৰি ৰাম ৰাম।
গোপাল গোৱিন্দ জয় ৰাম।। ৮৮৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
অমিয়া মাধুৰী তযু নাম।। ৮৮৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয়।
ৰাম কৃষ্ণ দীন দায়াময়।। ৮৮৯
যাদৱ মাধৱ দীন দয়াল।
দৈৱকী নন্দন ৰাম গোপাল।। ৮৯০
ৰাম ৰঘুপতি পৰমান্দন।
পৰমপুৰুষ দীনবন্ধু গোৱিন্দ।। ৮৯১
মোৰে ইষ্ট দেৱ যাদৱ ৰায়।
সেৱা কৰিবাৰ নামে উপায়।। ৮৯২
গোৱিন্দ এ জয় কৃষ্ণ।
জগতজীৱন ৰাম।। ৮৯৩
সহজানন্দ হৰি স্বৰূপানন্দ।
হৃদয়ানন্দ হৰি পৰমানন্দ।। ৮৯৪
গোপাল গোৱিন্দ ৰাম মাধৱ।
ভকতজনৰ তুমি বান্ধৱ।। ৮৯৫
গোপাল গোৱিন্দ গৰুড়কেতু।
ভকতৰ ধন জীৱন হেতু।। ৮৯৬
ৰাম নিৰঞ্জন নিৰাময়।
জয় জগন্নাথ দায়াময়।। ৮৯৭
গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম।
পতিত পাৱন তোমাৰ নাম।। ৮৯৮
হৰি ৰাম শ্ৰীৰাম।
বামন পৰশুৰাম।। ৮৯৯
মকুন্দ মুৰাৰি দীন দায়াশীল হৰি ৰাম।। ৯০০
কমল লোচন দুখ মোচন মুৰাৰি ৰাম।। ৯০১
ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম।
ৰাম নাৰায়ণ ৰাম কৃষ্ণ ৰাম।। ৯০২
বনমালী গোৱিন্দ ৰাম কৃষ্ণ হৰি।। ৯০৩
জীৱেৰ জীৱন ধন মুকুন্দ মুৰাৰি নাৰায়ণ।। ৯০৪
ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰি এ হৰি নাৰায়ণ।
ভকতজনৰ দুখ ভয় হাৰী এ হৰি নাৰায়ণ।। ৯০৫
নামো নাৰায়ণ নমো নাৰায়ণ।
নিৰঞ্জন নিৰাকাৰ নিৰ্ব্বিকাৰ নিৰাময়
নৰোত্তম শিৱ সনাতন।। ৯০৬
ৰাম হৃষীকেশ গোৱিন্দ হৃষীকেশ।। ৯০৭
গোৱিন্দ ৰাম গোৱিন্দ ৰাম
ৰাম কৃষ্ণ গোৱিন্দ ৰাম।। ৯০৮
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ।। ৯০৯
হৰি ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম।। ৯১০
ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম নাৰায়ণ।। ৯১১
জয় ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ হৰি।। ৯১২
ৰামকৃষ্ণ ৰামকৃষ্ণ শিৱ সনাতন।
তুমিসে গোৱিন্দ ভকতৰ মহাধন।। ৯১৩
জয় হৰি ৰাম জয় জয় ৰাম।
পৰম মঙ্গল মাধৱৰ গুণ নাম জয় হৰি ৰাম।। ৯১৪
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম।
মধু মুৰ মথন মুৰাৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ ৰাম।। ৯১৫
ৰাম কমলাপতি তুমি আগতিৰ গতি।
ভকতি মিনতি স্তুতি নজানো পামৰ মতি।। ৯১৬
গোপাল জয় ৰাম গোৱিন্দ জয় ৰাম।। ৯১৭
গোপাল গোৱিন্দ ৰাম কৃষ্ণ মুকুন্দ।। ৯১৮
গোৱিন্দ গোৱিন্দ দৈৱকী নন্দন
হৰি ৰাম নাৰায়ণ।। ৯১৯
গোপাল গোৱিন্দ মুকুন্দ ৰাম।। ৯২০
হৰি ৰাম শ্ৰীৰাম জয় জয় ৰাম ৰাম।। ৯২১
এ ৰাম জয় ৰাম জয় ৰাম জয় ৰাম।
ও হৰি ৰাম ৰাম জয় জয় ৰাম।। ৯২২
শিৱ শিৱ শিৱ শিৱ শিৱ।
শিৱ সনাতন জগজীৱ।। ৯২৩
মাধৱ মাধৱ মাধৱ মধুৰিপু মুৰাৰি এ হৰি ৰাম।
গোৱিন্দ কৃষ্ণ হৰি হৰি ৰাম।। ৯২৪
নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়।
মুৰাৰি এ হৰি হৰি ৰাম।। ৯২৫
মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ।। ৯২৬
হে হে পৰমগুৰু পুৰুষোত্তম হৰি পুৰুষোত্তম।
পুৰুষোত্তম পুৰুষোত্তম জয় পুৰুষোত্তম।। ৯২৭
ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ জয় নাৰায়ণ।। ৯২৮
মোৰ প্ৰভু নাৰায়ণ পৰমানন্দ হৰি পৰমানন্দ।
পৰমানন্দ পৰমানন্দ হৰি পৰমানন্দ।। ৯২৯
ৰামকৃষ্ণ ৰামকৃষ্ণ প্ৰভুদেৱ নাৰায়ণ নাৰায়ণ।
নাৰায়ণ ৰামকৃষ্ণ ৰামকৃষ্ণ প্ৰভুদেৱ।। ৯৩০
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম।
পতিত পাৱন হৰিগুণে অনুপাম।। ৯৩১
গোপাল গোৱিন্দ হৰি ৰাম ৰাম ৰাম।
ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম ৰাম।। ৯৩২
পৰম পুৰুষ শিৱ সনাতন।
অনন্ত অচ্যুত নিত্য নিৰঞ্জন।। ৯৩৩
ৰাম নিৰঞ্জন ও ৰাম নিৰঞ্জন।
নিৰাকাৰ হৰি হে ৰাম।। ৯৩৪
ৰাম সদাশিৱ ও প্ৰাণ সদাশিৱ সনাতন
প্ৰভু ৰে ৰাম।। ৯৩৫
ৰাম দায়াশীল মোৰে প্ৰভু দায়াশীল।
দেৱ দীনবন্ধু ৰে ৰাম।। ৯৩৬
হৰিহৰি পৰমানন্দ প্ৰভু পীতাম্বৰ হৰি পীতাম্বৰ।
পীতাম্বৰ পীতাম্বৰ প্ৰভু পীতাম্বৰ।। ৯৩৭
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম।
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম।। ৯৩৮
পৰমানন্দ জয় পৰমানন্দ।
হৰি হৰি হৰি হৰি হৰি হৰি এ
হৰি এ পৰমানন্দ জয় পৰমানন্দ।। ৯৩৯
কমলাকান্ত জয় কমলাকান্ত।
কমললোচন বনমালী হৰি এ বনমালী এ।
কমলাকান্ত জয় কমলাকান্ত।। ৯৪০
দামোদৰ প্ৰভু দামোদৰ
দৈৱকীনন্দন দীনবন্ধু হৰি এ
দীনবন্ধু এ দামোদৰ দেৱ দামোদৰ।। ৯৪১
জগত জীৱন ৰাম যদুপতি
জগত জীৱন ৰাম হৰি হৰি
জগত জীৱন ৰাম।। ৯৪২
জগত জীৱন ৰাম জগত জীৱন ৰাম জগত জীৱন ৰাম।
জগতৰ সুমঙ্গল তুৱা গুণ নাম।। ৯৪৩
মধুসূদন দেৱ মধুসূদন দেৱ।
তুমি বিনে অগতিৰ গতি নাহি কেৱ।। ৯৪৪
ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম হৰি হৰি।
ৰামতে ৰমোহো অবিৰাম ৰাম ৰাম।। ৯৪৫
ৰাম নাম ধৰ্ম্ম অনুপাম হৰি হৰি
পূৰে ভকতৰ মনকাম ৰাম ৰাম।। ৯৪৬
কলি যুগে ৰাম নাম সাৰ হৰি হৰি।
ৰাম নাম বিনে নাহি আৰ ৰাম ৰাম।। ৯৪৭
ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি।
ৰাম নাম জগত উদ্ধাৰ ৰাম ৰাম।। ৯৪৮
ৰাম নাম অমূল্য ৰতন হৰি হৰি।
ৰাম নাম বিনে নাহি ধন ৰাম ৰাম।। ৯৪৯
ৰাম নাম মুক্তি বিড়ম্বন হৰি হৰি।
জপ ৰাম নাম অণুক্ষণ ৰাম ৰাম।। ৯৫০
ৰাম নামে ভকতি সুগম হৰি হৰি।
নাহি ভক্তি ৰাম নাম সম ৰাম ৰাম।। ৯৫১
ৰাম নাম ধৰ্ম্মতে উত্তম হৰি হৰি।
ৰাম নাম পাতেকৰ যম ৰাম ৰাম।। ৯৫২
ৰাম নামে ধৰ্ম্ম শিৰোমণি হৰি হৰি।
ৰাম নাম পাপৰ অগনি ৰাম ৰাম।। ৯৫৩
ৰাম নাম মৃত সঞ্জীৱনী হৰি হৰি।
ৰাম নাম ঘুষিয়োক ছানি ৰাম ৰাম।। ৯৫৪
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ
জগন্নাথ হৰি
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ
হৰি হৰি ৰাম।
জগন্নাথ জগন্নাথ হৰি।। ৯৫৫
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি
হৰি ৰাম নিৰঞ্জন নিৰঞ্জন হৰি।। ৯৫৬
গোপাল গোপাল গোপাল গোপাল
গোপাল গোপাল ৰাম।
গোপাল গোপাল গোপাল গোপাল
গোপাল গোপাল গোপাল ৰাম।। ৯৫৭
ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম।
ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম।। ৯৫৮
গোৱিন্দ ৰাম গোৱিন্দ ৰাম গোৱিন্দ ৰাম
গোৱিন্দ ৰাম গোৱিন্দ ৰাম গোৱিন্দ ৰাম হৰি।
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম।। ৯৫৯
মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি
মুকুন্দ মুৰাৰি মুকুন্দ মুৰাৰি
মুকুন্দ মুৰাৰি হৰি ৰে হে।
হৰি হৰি হৰি হৰি হৰি হৰি হৰি ৰাম শ্ৰীৰাম।। ৯৬০
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম।
ৰাম কৃষ্ণ হৰি মুকুন্দ মুৰাৰি মাধৱ মধুসূদন হৰি হৰি
যাদৱ যদুনন্দন।। ৯৬১
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম।
ৰাম ৰাম ৰাম ৰাম ৰাম হৰি হৰি ৰাম
ৰাম ৰাম ৰাম ৰাম ৰাম।। ৯৬২
হৰি হৰি হৰি হৰি হৰি হৰি
হৰি হৰি হৰি হৰি হৰি এ
প্ৰাণবন্ধু হৰি হৰি হৰি হৰি এ
মোৰে প্ৰাণধন হৰি এ
অনাদি অনন্ত প্ৰভু ভগৱন্ত
ভজো চৰণত ধৰি এ
হৰি হৰি ভজো চৰণত ধৰি এ।
পতিত পাৱন প্ৰভু নাৰায়ণ
সেৱক লৈয়ো উদ্ধাৰি
দীনবন্ধু সেৱক লৈয়ো উদ্ধাৰি
গোৱিন্দ জয় ৰাম।। ৯৬৩
মুৰাৰি মুকুন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম
মুৰাৰি মুকুন্দ জয় ৰাম।
সুমৰণে পাপ ক্ষয় মিলে মহা মহোদয়
দুখচয় গুচে শোক ভয় হৰি ৰাম।। ৯৬৪
ৰাম কৃষ্ণ গোৱিন্দ ৰাম কৃষ্ণ গোৱিন্দ
ৰাম কৃষ্ণ গোৱিন্দ হৰি।
বনমালী বাসুদেৱ পদ্মনাভ জনাৰ্দ্দন
মাধৱ মুকুন্দ মুৰাৰি হৰি ৰাম।। ৯৬৫
মাধৱ মধুৰ মূৰতি মধুসূদন দনুজ দমন দুখহাৰী
পীতাম্বৰধৰ শ্যামসুন্দৰ হৰি।
জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম।। ৯৬৬
ৰাম জয় হৰি জয় জয় ৰাম কৃষ্ণ ৰাম হৰি জয়।। ৯৬৭
ৰাম কৃষ্ণ যিটো সততে সুমৰে
তাৰ আৰ কাক ভয়।
সমস্তে ধৰ্ম্মৰ উপৰে বসিয়া
ৰাম নাম প্ৰকাশয়।। ৯৬৮
ৰাম কৃষ্ণ নাম কীৰ্ত্তন বিনাই
কৃত্য শেষ নথাকয়।
ৰাম কৃষ্ণ নাম কীৰ্ত্তনে কৃষ্ণৰ
কৃপাৰ মন্দিৰ হয়।। ৯৬৯
ৰাম কৃষ্ণ নাম কীৰ্ত্তন প্ৰভাৱে
সংসাৰ সুখে তৰয়।
ৰাম কৃষ্ণ নাম কীৰ্ত্তনে সমস্তে
বিঘিনি নাশ কৰয়।। ৯৭০
ৰাম কৃষ্ণ নাম ৰসক লভিয়া
মুকুতিকো নগণয়।
ৰাম কৃষ্ণ নাম পৰম আনন্দ
সমুদ্ৰে মজি থাকক।। ৯৭১
ৰাম কৃষ্ণ নাম কীৰ্ত্তন প্ৰসাদে
হৰিৰ বল্লভ হয়।
ৰাম কৃষ্ণ নাম কীৰ্ত্তন কৰিয়া
হৰিক বশ্য কৰয়।। ৯৭২
ৰাম হৰি জয় ৰাম হৰি।
গোপাল গোৱিন্দ ৰাম হৰি জয়।। ৯৭৩
ৰাম হৰি জয় ৰাম ৰাম হৰি জয় ৰাম ৰাম।। ৯৭৪
এ হৰি হৰি ৰাম জয়।
ৰাম হৰি জয় ৰাম গোৱিন্দ।। ৯৭৫
ৰাম জয় জয় ৰাম জয়।
মুকুন্দ মুৰাৰি ৰাম হৰি জয়।। ৯৭৬
।। খেদ।।
ঘোষাঃ এ হৰি হৰি হৰি হৰি
কি কাম কৰিলো আমি।
হৰি হৰি হৰি
সাধু সঙ্গ লৈয়া তোমাক নভজি
ভৈলো কিনো অধোগামী।। ৯৭৭
পদঃ নিজ দাস হুয়া সেৱাক তেজিলো।
এহি দোষে ঘোৰ আপদে মজিলো।। ৯৭৮
তুমিসি সুহৃদ আত্ম প্ৰিয়তম।
তথাপি তোমাক নভজো কি মঞি অধম।। ৯৭৯
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ।
মঞি মন্দমতি ভৈলো সেৱা চোৰ।। ৯৮০
অধমকো তাৰে তোমাৰ ভকতি।
তথাপি তোমাক নভজো কুমতি।। ৮৯১
ইষ্ট দেৱ বুলি তোমাক নধৰো।
নিকাৰ ভুঞ্জিয়া সংসাৰতে মৰো।। ৯৮২
তুমিসে কেৱলে কৰুণা সাগৰ।
তোমাক নভজো কি মঞি পামৰ।। ৯৮৩
আৱে কৃপাময় দিয়োক শৰণ।
দোষ মৰিষণ তোমাৰ চৰণ।। ৯৮৪
ইবাৰ ঈশ্বৰ নছাড়িবা মোক।
মোৰ মন মজি তোমাতে ৰহোক।। ৯৮৫
মোৰ প্ৰাণ হৰে জীৱন প্ৰাণ হৰে।
হৰি ৰে ৰাম ৰাম কৃষ্ণ হৰি।। ৯৮৬
কৃষ্ণ হৰি এ প্ৰাণ হৰি এ
হৰি ৰে ৰাম ৰাম ৰাম ৰাম।। ৯৮৭
গোৱিন্দ ৰে জয় কৃষ্ণ জয় ৰাম জয় ৰাম।। ৯৮৮
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম।।
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম।। ৯৯০
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম।। ৯৯১
কৃষ্ণ ৰাম গোৱিন্দ হৰি ৰাম
গোৱিন্দ জয় জয়।। ৯৯২
গোৱিন্দ কৃষ্ণ ৰাম ৰাম ৰাম।
গোৱিন্দ গোৱিন্দ ৰাম ৰাম।। ৯৯৩
গোৱিন্দ মাধৱ প্ৰাণ বান্ধৱ
ৰাম কৃষ্ণ হৰি জয়।। ৯৯৪
।। মহিমা।।
কি কাম কৰিলো আমি।
হৰি হৰি হৰি
সাধু সঙ্গ লৈয়া তোমাক নভজি
ভৈলো কিনো অধোগামী।। ৯৭৭
পদঃ নিজ দাস হুয়া সেৱাক তেজিলো।
এহি দোষে ঘোৰ আপদে মজিলো।। ৯৭৮
তুমিসি সুহৃদ আত্ম প্ৰিয়তম।
তথাপি তোমাক নভজো কি মঞি অধম।। ৯৭৯
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ।
মঞি মন্দমতি ভৈলো সেৱা চোৰ।। ৯৮০
অধমকো তাৰে তোমাৰ ভকতি।
তথাপি তোমাক নভজো কুমতি।। ৮৯১
ইষ্ট দেৱ বুলি তোমাক নধৰো।
নিকাৰ ভুঞ্জিয়া সংসাৰতে মৰো।। ৯৮২
তুমিসে কেৱলে কৰুণা সাগৰ।
তোমাক নভজো কি মঞি পামৰ।। ৯৮৩
আৱে কৃপাময় দিয়োক শৰণ।
দোষ মৰিষণ তোমাৰ চৰণ।। ৯৮৪
ইবাৰ ঈশ্বৰ নছাড়িবা মোক।
মোৰ মন মজি তোমাতে ৰহোক।। ৯৮৫
মোৰ প্ৰাণ হৰে জীৱন প্ৰাণ হৰে।
হৰি ৰে ৰাম ৰাম কৃষ্ণ হৰি।। ৯৮৬
কৃষ্ণ হৰি এ প্ৰাণ হৰি এ
হৰি ৰে ৰাম ৰাম ৰাম ৰাম।। ৯৮৭
গোৱিন্দ ৰে জয় কৃষ্ণ জয় ৰাম জয় ৰাম।। ৯৮৮
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম।।
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম।। ৯৯০
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম।। ৯৯১
কৃষ্ণ ৰাম গোৱিন্দ হৰি ৰাম
গোৱিন্দ জয় জয়।। ৯৯২
গোৱিন্দ কৃষ্ণ ৰাম ৰাম ৰাম।
গোৱিন্দ গোৱিন্দ ৰাম ৰাম।। ৯৯৩
গোৱিন্দ মাধৱ প্ৰাণ বান্ধৱ
ৰাম কৃষ্ণ হৰি জয়।। ৯৯৪
।। মহিমা।।
ঘোষাঃ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়।
ৰামনামে মৰণা মাৰে পাপ কটকৰ ক্ষয়।। ৯৯৫
পদঃ পাপ বিপক্ষক সংহৰি হৰিৰ
নামে খলখলি হাসে।
সকলে সুখৰ উপৰে বসিয়া
হৰিৰ নাম প্ৰকাশে।। ৯৯৬
মুকুতি সুখক বশ্য কৰি হৰি
নামে আনন্দত নাচে।
পুৰুষে সহিতে সখিত্ব কৰিয়া
চলয় হৰিৰ কাছে।। ৯৯৭
আপুন নামৰ মহিমা দেখিয়া
হৰিৰ আনন্দ চৰে।
যিটো নাম লয় হৰি তাৰ হয়
ই পুনু ৰহস্য বৰে।। ৯৯৮
হৰি গুণ নাম ভাবিয়া পুৰুষে
ৰহয় হৰিৰ পাশে।
হৰিৰ চৰণ হৃদয়ে ধৰিয়া
কহয় মাধৱ দাসে।। ৯৯৯
।। খেদ।।
ঘোষাঃ এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে।
ভগৱন্তক ভজিয়া পৰম গতি পাৱে।। ১০০০
পদঃ ভগৱন্ত নভজি চলয় যম ঠাৱে।
ভগৱন্ত ভকতক শমনে নধাৱে।। ১০০১
ভগৱন্ত ভজিয়া জনম বাহুড়াৱে।
আন যত সৱে মিছা ভক্তিৰ অভাৱে।। ১০০২
জানিয়া ভজিয়ো ভাই ভগৱন্ত পাৱে।
এহু ৰস মাধৱ মূৰুখমতি গাৱে।। ১০০৩
শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত নাম-ঘোষা সমাপ্ত।
।। শ্ৰীকৃষ্ণায় নমঃ।।
---------------------------------------------------------
ভগৱন্তক ভজিয়া পৰম গতি পাৱে।। ১০০০
পদঃ ভগৱন্ত নভজি চলয় যম ঠাৱে।
ভগৱন্ত ভকতক শমনে নধাৱে।। ১০০১
ভগৱন্ত ভজিয়া জনম বাহুড়াৱে।
আন যত সৱে মিছা ভক্তিৰ অভাৱে।। ১০০২
জানিয়া ভজিয়ো ভাই ভগৱন্ত পাৱে।
এহু ৰস মাধৱ মূৰুখমতি গাৱে।। ১০০৩
শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত নাম-ঘোষা সমাপ্ত।
।। শ্ৰীকৃষ্ণায় নমঃ।।
---------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments