কৃষ্ণ এক দেৱ দুখহাৰী

প্ৰাৰ্থনা গীত

কৃষ্ণ-এক-দেৱ-দুখহাৰী



কৃষ্ণ এক দেৱ দুখহাৰী

                                ঃ ঈশ্বৰ নিৰ্ণয় ঃ
                            
                                ।। লেছাৰি ।।

কৃষ্ণ এক দেৱ দুখহাৰী         কাল মায়াদিৰো অধিকাৰী
            কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি স্থিতি অন্তকাৰী         দেৱ তান্ত বিনে আন নাহি কেৱ
            জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ।। ৫৮৬
নমো নমো নিত্য নিৰঞ্জন         নাৰায়ণ শিৱ সনাতন
            অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা।
পৰম পুৰুষ ভগৱন্ত         নাহি পূৰ্ব্বাপৰ আদি অন্ত
            তুমিসে চৈতন্য সমস্তে ভাৱ ভাৱন্তা।। ৫৮৭
ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী         কায় বাক্য মনে থিৰ কৰি
            পৰম আনন্দে চৰণ সেৱন্ত যাৰ।
সদা জন্ম জৰা মৃত্যু হীন         শ্ৰীমন্ত সুন্দৰ গুণনিধি
            বিষ্ণুত বিনাই কোন দেৱ আছে আৰ।। ৫৮৮
যাৰ পাদোদকে দেৱী গঙ্গা         যাৰ বাক্যে হুয়া আছে বেদ
            পৰম পতিতো তৰয় যাহাৰ নামে।
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো         পৰম কাৰণ নাৰায়ণ
            হেন ঈশ্বৰক নভজয় কোন কামে।। ৫৮৯
অপাৰ সংসাৰ সিন্ধু আৰ         বিষ্ণুসে পৰম পাৰ যত
            পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে।
তেন্তে তুমি জানা ব্ৰহ্ম পাৰ         পৰ পাৰ ভূত যত পাৰ
            তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে।। ৫৯০
--------------------------------------------------------------------

মুদ্ৰক- প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments