মঞি দুৰাচাৰ
।। শৰণ ।।
মঞি দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ।। ১৮৩
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাঞো।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এড়াঞো।। ১৮৪
হে যদুপতি মঞি মূঢ়মতি
নাজানো সেৱা তোমাৰ।
কেৱল তোহ্মাৰ চৰণ পঙ্কজে
শৰণ কৰিলো সাৰ।। ১৮৫
পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী।
তযু পাদ পদ্ম মকৰন্দ আশে
শৰণ পশিলো আমি।। ১৮৬
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ।। ১৮৭
অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ।। ১৮৩
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাঞো।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এড়াঞো।। ১৮৪
হে যদুপতি মঞি মূঢ়মতি
নাজানো সেৱা তোমাৰ।
কেৱল তোহ্মাৰ চৰণ পঙ্কজে
শৰণ কৰিলো সাৰ।। ১৮৫
পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী।
তযু পাদ পদ্ম মকৰন্দ আশে
শৰণ পশিলো আমি।। ১৮৬
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ।। ১৮৭

0 Comments
Please do not enter any spam link in the comment box.