তোমাৰেসে অবিদ্যায় আমাক মুহিলে
।। আনুনাথানা ।।
তোমাৰেসে অবিদ্যায় আমাক মুহিলে হৰি
নাজানোহো তোহ্মাৰ তত্ত্বক।
তোমাৰ চৰণে হৰি চৰণ পশিয়া সাৰ
কৰিলোহো তোমাৰ নামক।। ৭২
হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ
চৰাচৰ মায়াৰ কল্পিত।। ৭৩
তযু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ
আৱৰ সমস্তে গুণময়।
এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ
কৰিলোহো সাৰ কৃপাময়।। ৭৪
-----------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।

0 Comments
Please do not enter any spam link in the comment box.