বগুৱাবোপা

চুটিগল্প

            বগুৱাবোপা

            বগুৱাবোপা আৰু লাহৰী হাইস্কুলত একেলগে পঢ়া স্কুলীয়া বন্ধু। বগুৱাবোপা লাহৰীৰ জীৱনৰ প্ৰথম প্ৰেম বুলি ক'লেও ভুল কৰা নহ'ব। বগুৱাৰ মাকৰ অসহ্য পেটৰ বিষ হ'লত, স্থানীয় চিকিৎসকৰ কাষ চাপিল। কিন্তু কামত নাহিল। উপাই নাপাই বগুৱাই মাকক লৈ গুৱাহাটী পালে। ভাবিছিল গুৱাহাটীৰ কোনো বিশেষজ্ঞ চিকিৎসক এজনক দেখুৱাব, ঔষধ পাতি দুপদমান দিব! আকৌ মাকক ঘৰত থৈ যাব! কিন্তু কথা বিষম হ'ল! বিশেষজ্ঞ চিকিৎসকে লগতে অস্ত্ৰোপচাৰৰ দিহা দিলে! অতি সোনকালে অস্ত্ৰোপচাৰ নকৰিলে পৰিণতি ভাল নহ'ব! ইফালে বগোৱাৰ হাতত নাই কণটো, বৰ সবাহলৈ মনটো! লগতে লাহৰীলৈ ফোন লগালে........ "হেল্লো লাহৰী কি খবৰ?--------- মই এটা বৰ ডাঙৰ বিপদত পৰিছোঁ, বুজিছা? মাক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে লৈ আহিলোঁ। ডাক্তৰে কৈছে এতিয়াই অস্ত্ৰোপচাৰ কৰিব লাগে। নহ'লে মাক আৰু ঘূৰাই নাপাম, সোণ! মই অপাৰেশ্যন কৰিব লাগিব বুলি ভবাই নাছিলোঁ, গতিকে, মই লগত ইমান টকা লৈ অহা নাছিলোঁ। অৱশ্যে বেংকত মোৰ বহুত টকা জমা আছে, কিন্তু লকডাউন চলি থকা বাবে ইয়াৰ পৰা ঘৰলৈ গৈ বেংকৰ টকা উলিয়াই আনিবলৈ মোৰ অলপ অসুবিধা হৈছে! ইফালে মাৰ অপাৰেশ্যনটো লগতে নকৰিলেও নহয়। তোমাৰ হাতত টকা পঁচিশ-হাজাৰ আছে যদি মোক এতিয়াই ফোন-পে যোগে মোলৈ এতিয়াই পঠাই দিয়া, সোণ! মোৰ বৰ উপকাৰ কৰা হ'ব, বুজিছা! তুমি চিন্তাই কৰিব নালাগে, সোণ! মই এসপ্তাহৰ ভিতৰতে তোমাৰ টকাকেইটা ঘূৰাই দিম!"

        কথা শুনি লাহৰী একপ্ৰকাৰ জাঙুুুুুুৰ খায়েই উঠিল- "হা? ইমান টকা মই ক'ত পাওঁ? ইফালে নিজৰ মানুহজন যোৱা  কিমান বছৰ ধৰি বেমাৰত পৰি আছে! মই তোমাক ইমান টকা কেনেকৈ দিওঁ?"

বগুৱাবোপাই বোলে, "কিয়? তোমাৰ নামৰ মাটি বিক্ৰী কৰি পোৱা টকাখিনি কি কৰিলা?"

"অ', মাটি বিক্ৰী কৰা টকা এতিয়াও থাকে নে? তেখেতৰ বেমাৰ, ঘৰটো মেৰামতি কৰা, ল'ৰা-ছোৱালীকেইটাৰ স্কুল-কলেজৰ ফিজ, এডমিচন দিয়োতেই দেখোন শেষ! আৰু যিকেইটা আছে, ল'ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনাৰ নামত খৰচ কৰিব নালাগিব? সময়ত মই কাৰ ওচৰত হাত পাতিম, হা? কোনে দিব?"

" অ' হ'ল! মই তোমাক এসপ্তাহৰ ভিতৰতে টকাকেইটা ঘূৰাই দিমেই নহয়! কিয় চিন্তা কৰিছা? তোমাৰ লগত নাই যদি কাৰোবাৰ পৰা ধাৰলৈ লৈ হ'লেও যেনেতেনে টকা পঁচিশ হাজাৰ মোলৈ পঠাই দিয়া, সোণ! তুমি এটা সপ্তাহ কিবাকে মেনেজ কৰা, মই ৰহালৈ গৈয়েই প্ৰথমতে তোমাৰ টকাকেইটাই পঠিয়াই দিম! তুমি মাত্ৰ মোক আজিৰ এই বিপদটোৰ পৰা বচোৱা, সোণ! নহ'লে মই  নিগমে মৰিলোঁ,সোণ! সোণ, তুমি মোক টকা খুজিবই নালাগে, মই ইয়াৰ পৰা গৈয়েই প্ৰথমতে তোমাৰ টকাখিনি দিমেই! মোৰ ফোন-পে আছেতো, তুমি কিয় ইমান চিন্তা কৰিছা, সোণ?"

        বোলো হোলাৰ ভাই মোলা, বগুৱাবোপাৰ প্ৰেমিকা আমাৰ লাহৰী আই! বোলে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু! সি ঘৰলৈ গৈ টকাকেইটা দিবাই যেতিয়া, কিহৰ চিন্তা? টকাহে! বোলো- প্ৰথম প্ৰেমতকৈ স্বামী ডাঙৰ নহয়! বেমাৰী স্বামীদেৱ বিছনাতেই পৰি থাকিল! কাকো সোধ-পোছ কৰাৰ কথা নাই, দি দিলে বগুৱাবোপাক নগদ পঁচিশ হাজাৰ টকা, ফোন-পে যোগে। টকাহে! আজি আছে কালি নাই! প্ৰেম জনমে জনমে- চিৰজীৱন থাকি যাব!

        ইফালে বগুৱাবোপাই টকাকেইটা পাই কোনোমতে স্বস্তিৰ নিশ্বাস পেলালে! মাকৰ অপাৰেশ্যন ভালে ভালেই হৈ গ'ল। যি কি নহওঁক,বা যেনেকৈয়ে নহওঁক- বৃদ্ধ মাকৰ চিকিৎসা কৰি বগুৱাই জীৱনত এটা বৰ আদৰ্শনীয় কাম কৰিলে।

       ইফালে দিন বাগৰিল! দিনক-দিনে বগুৱাবোপাৰো ৰং সলনি হ'ল! হ'ল বুলিনো ইমান ব্যস্ততাৰ মাজত  বগুৱাবোপাইৰ ইমানবোৰ কথা মনত থাকেনে? কথাহে! ক'ত মনত থাকে? পাহৰিলে বুলিলেই গ'ল! খাই শলিয়া ডালত উঠিল! দিনৰ পিছত দিন গ'ল, সপ্তাহৰ পিছত সপ্তাহ, মাহৰ পিছত মাহ আৰু মাহৰ পিছত বছৰ-------। তথাপি টকাকেইটা ঘূৰাই দিয়াৰ কথা মনত নপৰিল!

         ইফালে, সিদিনা লাহৰীৰ ল'ৰা-ছোৱালীৰ দুটিৰ ভীষণ জ্বৰ উঠিলত চিকিৎসা কৰিবলৈ লাহৰীৰ টকাৰ প্ৰয়োজন হ'ল। বগুৱাবোপাইক অলপ টানকৈয়ে ধৰিলে, "মোৰ পাবলগীয়া টকাকেইটা নিদিয়া কিয় তুমি? ইমান বিপদতো নিদিয়া যদি, কেতিয়া দিবা হে?"

      বগুৱাবোপাইয়ে বোলে, "দিম নহয়, টকাহে! মোৰ হাতত থকা, তোমৰ হাতত থকা একেইহে কথা! তোমাৰ আৰু মোৰ মাজত কি পাৰ্থক্য আছে, সোণ?

 "দি আছোঁ ৰ'বা'' বুলি কৈ তিনিটা কিস্তিত এবাৰ চাৰিহাজাৰ, এবাৰ তিনিহাজাৰ তাৰপাছত আকৌ এবাৰ তিনিহাজাৰ টকা পঠাই কোনোমতে দহ হাজাৰ টকা পৰিশোধ কৰিলে। পোন্ধৰ হাজাৰ টকা এতিয়াও দিবলৈকে আছে!

        ইফালে ঋণ পৰিশোধ কৰা টকাখিনি লাহৰীক দি, বগুৱাবোপায়ে লোকৰ আগত ঢাকঢোল বজাই ফুৰিছে- "লাহৰীৰ ঘৰখন মইহে চলাই থাকোঁ! সিদিনা ল'ৰা-ছোৱালী-হালৰ বেমাৰ হ'লত, মই টকা দহ-হাজাৰ দি পঠাইছোঁ!"

কথাহে! ক'ত ৰৈ থাকে? গৈ পৰিল নহয় আমাৰ লাহৰীৰ কাণত!.......

--------------------------------------------------------------------------------------------------------------
( বি:দ্ৰ: চুটিগল্পটোৰ কাহিনী আৰু চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক। চুটিগল্পটোৰ চৰিত্ৰ আৰু কাহিনীভাগ কিবা কাৰণত কাৰোবাৰ জীৱনৰ লগত মিলি গ'লে, তাৰবাবে লিখক দায়ী নহয়।)                                                                                                        

 



Post a Comment

0 Comments