সহস্র নাম বৃত্তান্ত
ঘােষাঃ কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি।
অন্তকে পাইলেক আসি ৰক্ষা কৰা হৰি।। ১
পদঃ নকৰিলাে শিৰে মাধৱক নমস্কাৰ।
ইটো মাথাগােট মােৰ ভৈল মহাভাৰ।।
কর্ণ দুই আছন্তে নুশুনিলাে হৰি কথা।
দুগােটা গর্তৰ ভাৰ বহিলােহাে বৃথা।। ১
জিহ্বা মােৰ আছন্ত নলৈলাে ৰাম নাম।
দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম।।
নেদেখিলাে নয়নে প্রভুৰ যেন ৰূপ।
সম্যকে জানিলাে দুয়াে আখি অন্ধকূপ।। ২
যেন চিত্র বিচিত্র মৈৰাৰ ভাসে পাখি।
হৰি ৰূপ নেদেখিলাে পাইলাে তেহ আখি।।
হৰি পদ তুলসীৰ নলৈলােহাে ঘ্রাণ।
জীৱন্তে মৰিলাে নাসা ভাঠীৰ সমান।। ৩
পিন্ধিলােহাে বাহুত অনেক অলঙ্কাৰ।
প্ৰভুৰ পূজাক নকৰিলাে একবাৰ।।
কৃষ্ণ কৃত্য নকৰিলাে ভৈলােহাে বৰ্বৰ।
ইটো হস্ত বাহু মিছা মূতক শৱৰ।। ৪
পাৱ দুই আছন্তে নগৈলাে ক্ষেত্র স্থান।
মােৰ পাৱ ভৈল বৃক্ষ শিফাৰ সমান।।
হা হা দয়াময় মােৰ কি কৰিলা গতি।
এভু তুৱা নাম লৈতে হৌক মােৰ মতি।। ৫
কৰ্ম্মদোষে যিবা জন্ম হােৱে সংসাৰত।
তাতাে নছাড়ােক চিত্ত তুৱা চৰণত।।
সদায়ে ঘােষােক ৰাম নাম মােৰ মুখে।
সংসাৰ সাগৰে তেৱে তৰাে মহাসুখে।। ৬
সকল জগত তযু মায়ায়ে মােহিত।
তােমাৰ চৰণে প্রভু কেৱে নেদে চিত্ত।।
পুত্র দাৰা নিহলে বান্ধিলাে দুই ভৰি।
মৰন্তে আছােহাে তভাে নােবােলােহে হৰি।।
দুর্লভ মনুষ্য জন্ম ভাৰতত পাইলাে।
তােমাক নেসেৱি ব্যর্থে জনম গৱাইলাে।।
নিচিন্তিলাে একবাৰ তােমাৰ চৰণ।
তৰু বন জীয়ে যেন আমাৰ জীৱন।। ৮
বিষয়ত মােহ হুয়া কৰিলােহাে ভােগ।
তাৰ ফলে শৃগাল শ্বানৰ ভৈলাে যােগ।।
ভৱ তৰিবাৰ নাৱ লভিলাে শৰীৰ।
বিষয় বসে পায়া কৰিলে অথিৰ।। ৯
কৰে টলবল দেহা কেনে হুইবাে পাৰ।
এভাে দাস বুলি প্রভু কৰিয়াে উদ্ধাৰ।।
সুকবি শেখৰ তুৱা দাসৰাে দাস।
কাতৰ কৰােহাে দিয়াে চৰণত বাস।। ১০
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাম জগবন্ধু ত্রাহি গােপাল।দাস উদ্ধাৰিয়ে দীন দয়াল।। ২
পদঃ কৃষ্ণৰ চৰণে কৰি প্রণাম।
পদ্ম পুৰাণৰ সহস্র নাম।।
আমি বিৰচিবাে কীৰ্ত্তন আৰ।
শুনি পাতেকৰ হুয়াে নিস্তাৰ।। ১১
হৰি নামে পাই সংসাৰ পাৰ।
সমস্তে শাস্ত্ৰৰ এহিসে সাৰ।।
পুৰাণ ভাৰত আগম যত।
বেদ বেদান্তৰাে এহিসে তত্ত্ব।। ১২
শুনিয়ে হৰি নাম কেন ভাল।
সম্যকে পাতেকৰ যম কাল।।
যতেক ব্ৰত দান যজ্ঞ কর্ম।
সিজন্ত হৰি নামে সৱ ধৰ্ম্ম।। ১৩
কৰান্ত বিষয়ত বিৰকতি।
মিলান্ত কৃষ্ণত প্রেম ভকতি।।
মায়াবন্ধ ছােড়ি জ্ঞানক দেন্ত।
কৃত যেৱে নৰ গৈল লীন।
তেৱেসে হৰি নাম উদাসীন।
এহি সাত কাম গণি লৈয়ােক।
জানিয়া হৰি নাম ভাবিয়ােক।। ১৫
নিন্দকৰ নিন্দা নুশুনি কাণে।
হৰিৰ নাম লৈয়াে সাৱধানে।।
স্বর্গ খণ্ড পদ্ম পুৰাণ চাই।
বুলিলাে নিশ্চয় আমি বুজাই।। ১৬
চাৰিও বেদৰ তত্ত্ব উদ্ধাৰি।
থৈলন্ত হৰি নাম সাৰ কৰি।।
সকল জগত হৈবে মুকুত।
সি হেতু মাধৱে কৰি গুপুত।। ১৭
থাপিলা হৰি নাম ঠাৱে ঠাৱে।
বেষ্ণৱগণেসে বিচাৰি পাৱে।।
মুকুতিকো এডি নাৰদ ঋষি।
হৰি নাম লৈয়া আতি হৰিষি।। ১৮
বােলন্ত হৰি বিনে গতি নাই।।
দুষ্ট চিত্তে যদি বােলয় হৰি।
সিওজনে মহাপাতেক তৰি।। ১৯
বৈকুণ্ঠে যাইতে ভৈল কাচ পাৰ।
কৌটি পুৰুষকো কৰি উদ্ধাৰ।।
হেন হৰি নাম নলৈয়া নৰে।
আত্মঘাত কৰি মিছাতে মৰে।। ২০
পাৰ্ব্বতীত হৰে কহিলা আক।
হৰি নাম বিনে নাহিকে আন।
পুৰাণ বিচাৰি দেখা প্রমাণ।। ২১
সুকবি শেখৰে কৰে নিশ্চয়।
কেহাে নকৰিবা আত সংশয়।।
সদায়ে ঘুষিয়ােক ৰাম ৰাম।
জানিয়া মিছা আন যত কাম।। ২২
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ হৰি গােৱিন্দ অৰৱিন্দ লােচন ৰাম।
মােৰ মুখে নছাড়ােক ৰাম কৃষ্ণ নাম।। ৩
পদঃ আছিলা নাৰদ ঋষি ব্ৰহ্মাৰ সভাত।
বিচাৰিলা অনেক শাস্ত্ৰৰ অর্থ তাত।।
পিতৃ মুখে বেদৰ আছিলা অর্থ শুনি।
পাছে পৃথিৱীক লাগি আসিলন্ত মুনি।। ২৩
বিষ্ণুত ভকত ঋষি বিষ্ণুতেসে ধ্যান।
মাধৱৰ গুণ নাম লােকত শুনান্ত।। ২৪
ফুৰন্ত পৱিত্ৰ কৰি তিনিও লােকক।
অনন্তৰে চলি গৈলা ঋষি সমাজক।।
নৈমিষাৰণ্যত আছে ঋষিৰ সমাজ।
ৰঙ্গে তৈত প্ৰৱেশ ভৈলন্ত ঋষিৰাজ।। ২৫
দেখিলা ব্রাহ্মণসৱে নাৰদ আসিলা।
গাৱ চালি আসন আনিয়া তাঙ্ক দিলা ৷ ৷
আতিশয় হৰিষে কৰিয়া নমস্কাৰ।
হেন প্রশ্ন কৰিলন্ত জগততে সাৰ।। ২৬
বিনা দান ব্রত যজ্ঞ তীর্থকো নাচৰি।
সমস্ত পাতেক তৰে কোন কৰ্ম্ম কৰি।।
সুখে পুৰুষৰ কেনমতে হােৱে গতি।
কহিয়াে ৰহস্য কথা আমাক সম্প্রতি।। ২৭
আৰাে এক প্রশ্ন আমি কৰিবাে তােমাত।
কিহেতু শঙ্কৰে তপ কৰন্ত সাক্ষাত।।
আপুনি ঈশ্বৰ তিনি জগতত সাৰ।
আন কাক চিন্তিবাক আছে অধিকাৰ।। ২৮
মুখে কিবা জপন্ত ধিয়ান্ত কিবা মনে।
কহিয়ােক গুৰু আক শুনাে ৰঙ্গ মনে।।
হেন শুনি নাৰদৰ মনে ৰঙ্গ ভৈলা।
গৰম ৰহস্য কথা কহিবাক লৈলা।। ২৯
ভাল কথা তুমিসৱে পুছিলা সাম্প্ৰত।
এহি কথা পাৰ্ব্বতী পুছিলা শঙ্কৰত।।
দেখিলন্ত পাৰ্ব্বতী শিৱৰ ঘােৰ ব্ৰত।। ৩০
নাহিকে বসন গাৱে দিগ পৰিধান ।
ভস্ম ধূলা সকলে অঙ্গৰ ভৈল ম্লান।।
শিৰে আতি প্রকট বিকট জটাভাৰ।
গাৱে সর্পগণ দেখিবাক চমৎকাৰ।। ৩১
হৰি নাম জপন্ত চিন্তন্ত অহর্নিশি।
হেন শুনি পাৰ্ব্বতীও পুছিলা হৰিষি।।
তােমাক সমস্ত দেৱগণে কৰে সেৱ।। ৩২
তােমাক সেৱন্ত সদা চন্দ্র সূৰ্য্য বিধি।
তযু বৰ দানে সমস্তৰে ভৈল সিদ্ধি।।
তােমাৰ নাহিকে জন্ম মৰণ সংসাৰ।
তযু মহিমাৰ কেহাে নপাৱন্ত পাৰ।। ৩৩
কি কাৰণে তপ কৰা আপুনি ঈশ্বৰ।।
কিবা মন্ত্র জপ তুমি কহিয়াে আমাত।
পৰম কৌতুকে কৈয়াে পুছিলাে তােমাত। ৩৪
তােমাৰ পৰম প্রিয়তমা ভাৰ্য্যা আমি।
ৰহস্য কথাক মােত কহিয়ােক স্বামী।।
দ্বিজ কবি শেখৰে কহিলা হেন সাৰ।
হৰি নাম লৈয়া সৱে হুয়ােক নিস্তাৰ।। ৩৫
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ হে কৰুণা সিন্ধু ভকত বন্ধু কৰিয়ে নিস্তাব।
কেনে হৈবাে সংসাৰৰ পাৰ।। ৪
পদঃ পাৰ্ব্বতীৰ বাক্য শুনি হৰ।
পাছে হেন দিলন্ত উত্তৰ।।
শুনিয়ে পাৰ্ব্বতী মােৰ বাণী।
ইটো কথা পৰম গুপুত।
কহিবাক নুহিকে যুগুত।।
তুমি মােৰ প্রাণ প্রিয় জায়া।
তাতেসে কহিবে মােৰ দায়া।। ৩৭
সত্য যুগ আছিল পূৰ্ব্বত।
সৱে ভৈল হৰিৰ ভকত।।
সৱাৰাে ভৈলেক শুদ্ধমতি।
কৃষ্ণৰেসে চৰণত ৰতি।। ৩৮
হৰি পাদ পদ্মে হৃদি থৈয়া।
ফুৰে মাধৱৰ নাম লৈয়া।।
শুনে কৃষ্ণ কথা মাত্র কাণে।
হৰি পূজা কৰে সাৱধানে।। ৩৯
জানে হৰি নামেসে নিস্তাৰ।
হৰি নাম লৈয়া হােৱে পাৰ।।
ইহলােকে ভুঞ্জয় ভুকুতি।
পৰলােকে লভয় মুকুতি।। ৪০
যিটো গতি ইন্দ্ৰ আদি দেৱে।
নপাৱন্ত কৰ্ম্ম কৰি কেৱে ।।
সিটো গতি পাৱে হৰি ঘূৰি।
কিছু আন ধৰ্ম্মক নাচৰি ৷ ৷ ৪১
মােৰ বাক্য শুনি দেৱগণ ।
সমস্তৰে বুদ্ধি ভৈল ছন্ন।।
আগম পুৰাণ বেদ শুনি।
নিশ্চয় নপান্ত মনে গুণি।। ৪২
সকলে শাস্ত্ৰৰ ভিন্ন মত।
নপাৱন্ত কেৱে তাৰ তত্ত্ব।।
দেৱগণে নপাৱন্ত পাৰ।
মনুষ্যে জানিবে কিবা তাৰ।। ৪৩
দেৱ তুলা পুৰুষ দানক।
অশ্বমেধ যজয় অনেক।।
বাৰাণসী প্রয়াগত স্নান।
গয়াত পিতৃক পিণ্ড দান।। ৪৪
কৰে কায় ক্লেশ ঘােৰ ব্ৰত।
বেদ পাঠ নছাড়ে সতত।।
তপ জপ ধৰ্ম্ম ভূত দায়া।
আনাে যত পুণ্য আচৰিয়া।। ৪৫
যােগ ধ্যান ব্রত তত্ত্ব জানি।
নপাৱে গতিক একো প্রাণী।।
হৰি নাম লৱে মাত্র মুখে।
সিটো গতি পাৱে মহাসুখে।। ৪৬
থাকে পুত্র দাৰা সমন্বিতে।
পৰ হিংসা কৰয় সততে।।
নধৰয় ব্রহ্মচর্য্য ব্রত।
নজানয় একো জ্ঞান তত্ত্ব।। ৪৭
এড়িলেক আপুনাৰ ধৰ্ম্ম।
নকৰে বেদৰ যত কৰ্ম্ম।।
কেৱলে কৃষ্ণৰ নাম লৱে।
মুকুতিক মহাসুখে পাৱে।। ৪৮
কিনাে হৰি নামৰ মহিমা।
কোনে কহি পাইবে তাৰ সীমা।।
আত পৰে ধৰ্ম্ম নাহি আন।
ৰাম নাম সদা কৰা পান।। ৪৯
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ ৰাম কৃপা কৰা গােপাল।
ভজিলাে তুৱা পাৱে
সংসাৰ সাগৰে তৰাে তুৱা নাম নাৱে।। ৫
পদঃ পাৰ্ব্বতীত শঙ্কৰে কহিলা নিষ্ঠ কৰি।
হৰিৰ নামেসে জানা সংসাৰক তৰি।।
সৰ্ব্বক্ষণে হৰি গুণ নামক ভাবিবা।
হৰি নাম বিনে চিত্ত আনক নেদিবা।। ৫০
সিজে পুণ্যচয় হৰি নামৰ লগত।
পাসৰিলে লাগ লৱে পাতেক সমস্ত।।
যত পুণ্যচয় হৰি নামৰ কিঙ্কৰ।
তাক পাসৰিলে পাপ হােৱে বহুতৰ।। ৫১
পাছে দেখিলন্ত ব্রহ্মা আদি দেৱগণে।
মনুষ্যৰ পাপ নাহি বিষ্ণুক স্মৰণে।।
যতেক মনুষ্য কেৱে নুপূজে দেৱক।।
হৰি স্মৰি ভৈল সৱে হৰিৰ সেৱক।। ৫২
মনত গুণন্ত দেৱে কৰি হৃদি খেদ।
কেনমতে হৰিৰ ভকতি হােৱে ছেদ।।
আমাক নুপূজে কেৱে পৃথিৱী মণ্ডলে।
আমাক ছড়ায়া সৱে বৈকুণ্ঠক চলে।। ৫৩
নপাও যজ্ঞ ভাগ আমি দেৱ ভৈলাে কিক।
আমাৰ দেৱতা পদ আছে ধিক ধিক।
আৱে হেন বােলাে সৱে দেৱগণ আসা।
সৱে মিলি মাধৱক কৰােহাে উপাসা।। ৫৪
শঙ্কৰে বােলন্ত মই কৃষ্ণতাে অধিক।
হৈবাে বুলি মনে কৰাে তানে ভকতিক।।
যতেক ত্রিদশ কৌটি দেৱ আছে মানে।
বিষ্ণুক পূজিবে লাগিলেক থানে থানে।। ৫৫
ৰহােক আমাৰ ভিক্ষা মনুষ্য লােকত।
দিয়ােক জীৱিকা প্রভু ভৈলােহাে ভকত।।
যজ্ঞ ভাগ ভুঞ্জিবাক নপাও আমি কেৱ।
ৰাখিয়াে জীৱিকা তনু পাৱে কৰাে সেৱ।। ৫৬
ত্রিদশৰ ভকতিত তুষ্ট ভৈলা হৰি।
আগতে দিলন্ত দেখা দিব্য মূর্তি ধৰি।।
পৰম মধুৰ ৰূপ কৌটি চন্দ্র সম।
মুখে মৃদু হাস জগতৰে মনােৰম।। ৫৭
চতুর্ভুজ শঙ্খ চক্র গদা পদ্মপাণি।
দেৱক সম্বুধি হেন বুলিলন্ত বাণী।।
তুষ্ট ভৈলাে আমি কৰিবােহাে উপকাৰ।
আপুনি মনুষ্য হুয়া হৈবাে অৱতাৰ।। ৫৮
তােমৰাসৱক পূজা কৰিবাে বিশেষ।
তেৱেসে পূজিবে নৰে পায়া উপদেশ।।
দেৱক পূজিবাে যজ্ঞ কৰিবাে বহুত।
তেৱে মােৰ নাম ধৰ্ম্ম হৈবেক গুপুত।। ৫৯
এহি বুলি ত্রিদশক ভকত বৎসলে।
বহুবিধ ৰূপ ভৈলা পৃথিৱী মণ্ডলে।।
ৰঘুকুলে ৰামচন্দ্র ভৈলা অৱতাৰ ।
যজ্ঞ কৰি দেৱৰ সাধিলা উপকাৰ।। ৬০
শ্রাদ্ধে পিতৃগণৰ কৰিলা মনতােষ।
ব্রাহ্মণকো দান দিয়া কৰিলা সন্তোষ।।
দ্বাপৰ যুগত যদুকুলে অৱতৰি।
কৃষ্ণ ৰাম ৰূপে পৃথিৱীৰ ভাৰ হৰি।। ৬১
দেৱ ব্রাহ্মণক পূজা কৰিলা অশেষ।
সকল জগতে লৈল কৃষ্ণ উপদেশ।।
কৃষ্ণৰ প্রসাদে ভৈল দেৱৰ সম্পতি।
বােলা হৰি হৰি আৱে হৌক সদগতি।। ৬২
।। ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ ভাই ৰামনাম জপ ভাই ৰামনাম জপ।
ইহাৰ সমান নুহি তন্ত্র মন্ত্র তপ৷৷ ৬
পদঃ শুনিয়াে পাৰ্ব্বতী মঞি পূজিলাে হৰিক।
মনে হেন হৈবে সাধাে কৃষ্ণতাে অধিক।।
বহুবিধ ভকতি কৰিলাে বাহিৰত।
সদায়ে নুগুচে মােৰ কপট চিত্তত ৷ ৷ ৬৩
কহিলাে পাৰ্ব্বতী হৃদয়ৰ কথা ভাঙ্গি
নুগুচিল অহঙ্কাৰ মাধৱক লাগি।।
যদ্যপি কৰিলাে মঞি কপট ভকতি।।
তথাপিতাে তুষ্ট ভৈলা ত্রিজগত পতি।। ৬৪
কিনাে দায়াময় প্রভু ভকত বৎসল
দিব্যৰূপে দেখা মােক দিলন্ত মাধৱে।
চাহিলাে নয়ন ভৰি পৰম উৎসৱে ৷ ৷ ৬৫
দণ্ডৱতে প্রণামিলাে কৃষ্ণৰ চৰণ।
পাছে নাৰায়ণে মােক বুলিলা বচন।।
মােতাে কৰি তােমাৰ অধিক হৈবে মান।
যেনমতে হৈবে তাৰ কহিবাে কাৰণ।। ৬৬
তােমাক পূজিবাে মঞি পৃথিৱীক গৈয়া।
তযু যশ বঢ়াইবাে তােমাতে বৰ লৈয়া।।
অৱতাৰ হৈবােহাে আপুনি জগতত।। ৬৭
আমাৰ বচনে তুমি হেন কৰিয়ােক।
শাস্ত্ৰ কৰি মনুষ্যৰ লােভ বঢ়ায়ােক।
আগমত দেখায়ােক সংসাৰৰ সুখ।
তাক দেখি হােৱে যেন আমাত বিমুখ।।
আমাৰ ভকতি পন্থ সৱে হৌক ছন্ন।
আন দেৱ পূজাক সৱাৰাে হৌক মন।।
আগম দেখায়া কৰা আমাক গুপুত।
তেৱেসে প্রজাৰ পুষ্টি হৈবেক বহুত। ৬৯
মাধৱৰ বাক্য হেন শুনিলােহাে আমি।
পাছে ভয় হুয়া হেন বুলিলাে প্রণামি।।
সহস্রেক ব্ৰহ্ম বধ যদি কৰে নৰে।
তােমাৰ সেৱায়ে তাকো তৰিবাক পাৰে।। ৭০
যদিবা তােমাক প্ৰভু কৰে অহঙ্কাৰ।
সিটো পাতেকৰ প্ৰভু নেদেখাে নিস্তাৰ।।
শত কৌটি কল্প মানে নৰকত পচে।
কদাচিতাে সিটো মহাপাতেক নুগুচে।। ৭১
কি কৰি পৱিত্র মঞি হৈবাে নাৰায়ণ।
সেহি উপদেশ দিয়া পাতেক নাশন।।
যদি হেন তােমাক আগমে কৰাে ছন্ন।
তেৱে মােৰ হৈবে পাতেক অমােচন।। ৭২
মাধৱে বােলন্ত শুনা শঙ্কৰ সম্প্রতি।
মােৰ নাম লৈলে পাপ যাইবে অধােগতি।।
সহস্রেক নামে মােৰ পাতেক তৰিবা।
সৱাতাে অধিক তুমি মােৰ প্ৰিয় হৈবা।। ৭৩
কৰে মােৰ নামে তিনি লােকক পৱিত্র।
মুকুতি পদকো দেয় আত কোন চিত্র।।
মােৰ নাম লৈলে মােৰ চৰণক পাৰে।
জানিবা শঙ্কৰ মােৰ বাক্যে নুহি মিছা।
মােৰ নাম লৈলে পাইবা মনে যেন ইচ্ছা।।
সহস্রেক নাম পাছে আমাৰ আগত।
কহিলা সকলে হৰি কৰিয়া বেকত ।। ৭৫
শুনিলাে প্রভুৰ মুখে সহস্রেক নাম।
ধৰিলাে নিশ্চয় কৰি পূৰ্ণ ভৈলা কাম।।
সেহি সহস্রেক নাম জপাে মঞি মনে।
কহিলাে ৰহস্য তুমি ভাৰ্য্যাৰ কাৰণে।। ৭৬
ৰত্নাকৰ কন্দলি কহিলা হেন সাৰ।।
ৰাম নাম বিনা নাই সংসাৰ নিস্তাৰ।।
জানিয়া যতনে মাধৱৰ নাম ধৰা।
ৰাম নাম ভাবিয়া সংসাৰ সুখে তৰা।। ৭৭
।। সহস্র নাম বৃত্তান্ত সমাপ্ত।।


0 Comments
Please do not enter any spam link in the comment box.