সন্দেহ

চুটিগল্প

সন্দেহ !

            আকাশ আৰু তৰা বাল্যবন্ধু! বহুতেই ভাবিছিল বাল্য কালৰ লগৰী তৰা হয়তো এসময়ত গৈ আকাশৰ জীৱন লগৰী হ'ব! কিন্তু সেয়া সম্ভৱ হৈ নুঠিল! কাৰণ দুয়ো দুয়োকো বহুত ভাল পাইছিল যদিও বিয়া হোৱাৰ কথা দুয়ো কেতিয়াও ভবা নাছিল। অৱশ্যে বিয়াৰ ক্ষেত্ৰত দুয়োটা পৰিয়ালৰ মাজত কোনো ধৰণৰ বাধাও নাছিল!

            সময়ত ৰজনী তালুকদাৰ নামৰ বি ডি অ' এজনৰ লগত তৰাৰ বিয়া হৈ গ'ল। কিন্তু আকাশ আৰু তৰাৰ মাজৰ সম্বন্ধৰ কোনো পৰিবৰ্তন নহ'ল। দুয়ো আগৰ দৰেই থাকিল। কথাৰ প্ৰসংগত এদিন আকাশে তৰাক সুধিলে, "তুমি যে মোৰ লগত এনেকৈ থাকা, তোমাৰ স্বামী ৰজনীয়ে যদি তোমাক মোৰ লগত সন্দেহ কৰে?"

            তৰাই টপৰাই উত্তৰ দিলে, "তেওঁ চোন তোমাৰ আৰু মোৰ সকলো কথা জানেই! আৰু কি জানা আকাশ, তেওঁ মোক খুউব ভাল পায়, মৰম কৰে, আৰু বহুত বিশ্বাস কৰে! ময়ো তেওঁক বৰ ভাল পাওঁ!"

            আকাশ আৰু তৰাৰ সম্বন্ধক স্বামী ৰজনীয়ে কিন্তু সহজভাৱে ল'ব পৰা নাছিল! তেওঁ নিবাচাৰে ৰজনীৰ তৰাবোৰ আকাশৰ বুকুত জিলিকি থাকক!

            তেওঁ এটা বুদ্ধি সাজি তৰাৰ হতুৱাই আকাশক মাতি পঠালে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰলৈ ওলাল! আকাশক কাষতে পাই তৰাৰো মনত অপাৰ আনন্দ! নাৱেৰে গৈ গৈ সিহঁতে এটা সময়ত ব্ৰহ্মপুত্ৰৰ মাজ পালে। আকাশে তেতিয়াও মোবাইল কেমেৰাত ফটো লোৱাতে ব্যস্ত! চেগ বুজি তৰাই নেদেখাকৈ ৰজনীয়ে আকাশক নাৱৰ পৰা ঠেলা মাৰি নদীত পেলাই দিলে! পানীত কক‌্-বকাই থকা দেখি তৰাৰ আৰু সহ্য নহ'ল! আকাশ বুলি চিঞৰ এটা মাৰি তাই নদীৰ বুকুত জপিয়াই পৰিল! আকাশ আৰু তৰা নদীৰ বুকুত অন্তৰ্ধান হ'ল!

        "এইয়া মই কি কৰিলোঁ! নিমিষতে এইয়া মোৰ কি হৈ গ'ল!" দুখে-বেজাৰে অনুতপ্ত হৈ ৰজনী বি ডি অ' ই নদীৰ পাৰত বহি হুক-হুকাই কান্দিবলৈ ধৰিলে!

            নদীৰ চৌপাশে মানুহেই মানুহ ভৰি পৰিল! তথাপি আকাশ আৰু তৰাৰ কোনো সন্ধান নোলাল। দুঘন্টামানৰ অন্তত জন অৰণ্য ভেদি আকাশে তৰাক ৰজনী হাতত গুজি দি ক'লে, "বন্ধু ৰজনী! এইয়া লোৱা, তোমাৰ তৰা!"

ৰজনী উচপ খাই উঠিল!

নিশাৰ বুকুত আকাশ বিলীন হৈ গ'ল!
-------------------------------------------------------------------------
প্ৰশান্ত শইকীয়।
ধিং, নগাঁও, অসম।

Post a Comment

0 Comments