স্বাধীনতা দিৱস

স্বাধীনতা দিৱস

            স্বাধীনতা দিৱস হ'ল ভাৰতীয় প্রজাতন্ত্রৰ এটি জাতীয় দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত ব্রিটিশ ৰাজশক্তিৰ শাসন কর্তৃত্বৰ পৰা মুক্ত হৈ স্বাধীনতা অর্জন কৰিছিল। সেই ঐতিহাসিক ঘটনাটো স্মৰণীয় কৰি ৰখাৰ বাবে প্রতি বছৰে ১৫ অগাষ্ট তাৰিখটো সমগ্র ভাৰতত স্বাধীনতা দিৱস হিচাবে পালন কৰা হয়। ভাৰতীয় জাতীয় কংগ্রেছৰ নেতৃত্বত প্রধানত অহিংস, অসহযোগ তথা আইন অমান্য আন্দোলন আৰু বিভিন্ন চৰমপন্থী গুপ্ত ৰাজনৈতিক সমিতিৰ সহিংস আন্দোলনৰ পথত পৰিচালিত হৈ এক সুদীর্ঘ স্বাধীনতা সংগ্রামৰ অন্তত ভাৰতে স্বাধীনতা অর্জন কৰে। স্বাধীনতাৰ ঠিক পূর্ব-মুহুর্তত ব্রিটিশ ভাৰতীয় সাম্রাজ্য ধর্মৰ ভিত্তিত বিভাজিত হয়। আৰু তাৰ ফলত ভাৰত আৰু পাকিস্তান অধিৰাজ্যৰ জন্ম ঘটে। দেশ বিভাজনৰ সময়ত সাম্প্রদায়িক সংঘর্ষত বিস্তৰ ক্ষয়ক্ষতিৰ ঘটনা ঘটে। অনেক মানুহে প্রাণ হেৰুৱায় আৰু প্ৰায় এক কোটি পঞ্চাশ লাখৰো অধিক মানুহ গৃহহাৰা হয়।


            ১৯৪৭ চনৰ ১৫ অগষ্টত জৱহৰলাল নেহেৰু ভাৰতৰ প্রথম প্রধানমন্ত্রী হিচাবে শপত গ্রহণৰ সময়ত দিল্লীৰ লালকিল্লাৰ লাহোৰী গেটৰ ওপৰত ভাৰতে জাতীয় পতাকা উত্তোলন কৰে। তাৰপৰাই প্রতি বছৰৰ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্রধানমন্ত্রীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে আৰু জাতিৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে।


            জাতীয় পতাকা উত্তোলন, কুচকাওয়াজ আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাধ্যমেৰে সমগ্র দেশতে স্বাধীনতা দিৱস পালন কৰা হয়। সিদিনা সমগ্র দেশৰ শিক্ষাপ্রতিষ্ঠান আৰু অন্যান্য অফিচ-আদালতত মিঠাই বিতৰণ কৰা হয়। এটি জাতীয় ছুটীৰ দিন হিচাবে সিদিনা সকলো শিক্ষানুষ্ঠানত পাঠদান আৰু অফিচ-আদালতৰ কাম-কাজ বন্ধ ৰখা হয়।


            ১৭ শ শতাব্দীৰ মাজভাগত ইউৰোপীয় বণিকসকলে ভাৰতীয় উপমহাদেশত তেওঁলোকৰ বাণিজ্যকুঠি প্রতিষ্ঠা কৰিছিল। ১৮ শ শতাব্দীৰ মাজভাগত অপ্রতিৰোধ্য সামৰিক শক্তিৰ প্ৰভাৱত ব্রিটিশ ইষ্ট ইন্ডিয়া কোম্পানী ভাৰতৰ প্রধান শক্তি হিচাবে আত্মপ্রতিষ্ঠা লাভ কৰে। ১৮৫৭ চনত প্রথম স্বাধীনতা যুদ্ধৰ পিছৰ বছৰ ভাৰত শাসন আইন পাচ হয় আৰু উক্ত আইনৰ ফলত কোম্পানীৰ শাসনৰ অবসান ঘটি ভাৰতৰ শাসনভাৰ বৃটিছ ৰাজশক্তিৰ অধীনলৈ যায়।


            পৰবর্তী কেইবা দহকৰ অন্তত, আধুনিক শিক্ষাৰে শিক্ষিত এক ভাৰতীৰ নাগৰিক সমাজৰ উদ্ভৱ ঘটে। সেই সময়ৰ এটি উল্লেখযোগ্য ঘটনা হ'ল- ১৮৮৫ চনত বোম্বাইৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত ভাৰতীয় জাতীয় কংগ্রেছৰ প্রতিষ্ঠা লাভ।


            প্রথম বিশ্বযুদ্ধৰ সময়ত ব্রিটিছ চৰকাৰে ভাৰতীয় প্রশাসন ব্যবস্থাৰ কিছু সংস্কাৰ সাধনত প্রবৃত্ত হয়। মন্টেগু-চেমসফোর্ড সংস্কাৰ আছিল ইয়াৰ মাজৰ অন্যতম। কিন্তু তাৰ সমান্তৰালভাৱে ৰাউলাট আইনৰ দৰে দমনমূলক আইনো পাচ হয় আৰু ভাৰতীয় স্বাধীনতা সংগ্রামীসকলে স্বায়ত্ত্বশাসনৰ দাবী তোলে। এই পৰ্বৰ গণ-অসন্তোষৰ ফলত মোহনদাস কৰমচান্দ গান্ধীৰ ( মহাত্মা গান্ধী ) নেতৃত্বত অহিংস অসহযোগ আৰু আইন অমান্য আন্দোলন ঘনীভূত হয়।


            ১৯৩০ চনত ব্রিটিছ সৰকাৰে ভাৰতৰ প্রশাসনিক সংস্কাৰ-সংক্রান্ত প্রস্তাৱটিক আইনত বিধিবদ্ধ কৰে। এই আইনৰ ফলত যি নির্বাচনৰ ব্যবস্থা কৰা হৈছিল, সেই নির্বাচনত ভাৰতীয় জাতীয় কংগ্রেছে জয়লাভ কৰে। ইয়াৰ পৰৱর্তী দশকটো আছিল ৰাজনৈতিক অস্থিৰতাৰ দশক। দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্রহণ, শেষবাৰৰ বাবে অসহযোগৰ পথত কংগ্রেছৰ আন্দোলন আৰু অল ইন্ডিয়া মুছলীম লীগৰ নেতৃত্বত মুছলীম জাতীয়তাবাদৰ উত্থান আদি এই দশকৰ উল্লেখযোগ্য ঘটনা। ক্রমশঃ বৃদ্ধি পাই অহা ৰাজনৈতিক উত্তেজনা হ্রাস পাই ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰে। কিন্তু ভাৰত আৰু পাকিস্তান ৰাষ্ট্ৰ হিচাপে বিভাজিত হোৱা ঘটনাই স্বাধীনতা লাভৰ আনন্দ কিছু পৰিমাণে বিঘ্নিত কৰিছিল।


            ১৫ আগষ্টত দিল্লীৰ ঐতিহাসিক লালকিল্লাত ভাৰতৰ প্রধানমন্ত্রীয়ে জাতীয় পতাকা উত্তোলন কৰে।অনুষ্ঠানটি জাতীয় চ্যানেল দূৰদর্শনৰ মাধ্যমে সমগ্র দেশতে সম্প্রচাৰিত হয়। কেন্দ্ৰ আৰু ৰাজ্যৰ সকলো ৰাজধানীতে পতাকা উত্তোলন সহ সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰা হয়। অন্যান্য চহৰত ৰাজনৈতিক নেতৃবর্গই নিজ নিজ কেন্দ্রত পতাকা উত্তোলন কৰে। সিদিনা স্কুল-কলেজেত পতাকা উত্তোলন আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। লগতে, বিভিন্ন বে-চৰকাৰী সংস্থায়ো পতাকা উত্তোলন অনুষ্ঠানৰ আয়োজন কৰা দেখা যায়।
------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments