আৱৰণ
"মই নিজৰ ল'ৰাটো নিজেই মাৰিলো অ', বাইদেউ" !
তাই একমাত্ৰ সন্তানক হেৰুৱাই চিঞৰি চিঞৰি কান্দছে। কোনেও তাইক বুজনি দি ৰখাব পৰা নাই।
মহানগৰীৰ অলিয়-গলিয়ে থাকি লোকৰ ঘৰে ঘৰে কাম-বন কৰি ফুৰা মালতীৰ আজি আৰু কৰিবলৈ একোয়েই নাছিল। লক-ডাউনে তাইৰ সকলো পথতে তলা লগাই দিছিল। পেটৰ ভোকত থাকিব নোৱাৰি
তাই পদ-পথৰ মেনহোলৰ ওপৰত থকা লোহাৰ ঢাকনিখন ভঙা-ছিঙাত নি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল।
তাই কেতিয়াও ভবা নাছিল যে সেই ঢাকনি নোহোৱা আৱৰণহীন মুক্ত গাতটোৱে এদিন তাইৰ নিজৰেই পুত্ৰৰ বাবে কাল হব !
-------------------------------------------------------------------------------------------------------------
প্ৰশান্ত

0 Comments
Please do not enter any spam link in the comment box.