অপৰাধী
আজিৰ পৰা প্ৰায় বিছ বছৰ আগৰ কথা। বজাৰলৈ যোবৰ পথত সাংবাদিক বন্ধু এজনে একপ্ৰকাৰৰ বাছ ৰখোৱা দৰে আগভেটি ধৰিলে। ময়ো তৎক্ষণাৎ বাজাজ চুপাৰখন ৰখাই সুধিলো,
"কওঁকচোন" ?
তেখেতে মোক ৰাস্তাৰ পৰা মাতি নি বাৰান্দাতে থকা কাঠৰ চকী এখনত বহিবলৈ দি নিজেও আন এখন চকীত বহি লৈ ক'লে-
আপোনাক এটা কথা সোধো ?
ভয়ো লাগিল, মনতে, কি বা সোধে এতিয়া ? তথাপি কলো- "সোধক"।
"নাই, আপোনাৰ কথা নহয়। আপোনাৰ যে কলিয়াবৰ তিনিআলিৰ বন্ধু জন, ভট্টৰ কথা সুধিব বিচাৰিছো ?"
"ঠিক আছে সোধক।"
"মানুহজনে মদ্যপান কৰে নেকি ?"
"নাই, আমাৰ লগত থাকোঁতে মই তেখেতক কেতিয়াও মদ খোৱা অৱস্থাত পোৱা নাই।"
"জুৱা খেলে নেকি ?"
"নাই জুৱা খেলা কথাও মই কেতিয়াও গম পোৱা নাই, কিয় সুধিলে ?"
"তেখেতৰ পত্নীয়ে যোৱাকালি আত্মহত্যা কৰিলে।"
"কি কয় ?"
কথাটো শুনি মই থৰ লাগি গলো। পৰহি ৰাতি আঠমান বজালৈকে আমি সিঁহতৰ ঘৰতেই আছিলো। আৰু আজি সন্ধিয়া আমাৰ ঘৰত ভাত খাবলৈ আহাৰ কথা। সিহঁত আহিব বুলিয়েই মই বজাৰ কৰিবলৈ যাবলৈ ওলাইছো !"
"কথাটো সঁচা। আপুনি গম পায় বুলিহে সুধিলো, বেয়া নাপাব।"
কথাটো শুনি মই কিংকৰ্তব্যবিমোৰ হৈ পৰিলো। বজাৰ কৰা আৰু নহ'ল। খালি হাতে আহি ঘৰ পোৱা দেখি শ্ৰীমতী পাপৰি আচৰিত !
"কি হ'ল,খালি হাতে আহিল যে? পইছা হেৰুৱালে নেকি ?"
"পিংকি আৰু নাই !"
"কি কয় !"
"তাই আত্মহত্যা কৰিলে, বোলে !"
"হা ?" সৰগখন যেন মূৰৰ ওপৰতে ভাঙি পৰিল !
পাপৰিক লগত লৈ তৎক্ষণাৎ দৌৰা-দৌৰিকৈ গৈ ভট্টদাৰ চৰকাৰী বাসভৱন পালো। ভট্টদাৰ ঘৰৰ এটা প্ৰকাণ্ড তলাই আমাক ঘৰৰ প্ৰৱেশত বাধা দিলে। উপাই নাপাই কাষৰ ঘৰতে গৈ মাত লগাই কথাটোৰ বুজ ললোঁ। হয়, ঘটনাটো সঁচা। কিন্তু সাংবাদিক বন্ধু জনে কোৱাৰ দৰে পিংকিৰ এতিয়াও মৃত্যু হোৱা নাছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তাই মৃত্যুৰে সৈতে যুঁজি আছে। কাষৰ ভদ্ৰ মহিলাগৰাকীৰে সৈতে খিড়িকীৰ আইনাৰে জুমি চাই দেখিলো আলমাৰীৰ কাপোৰ-কানি চেদেলী-ভেদেলী হৈ অ'ত ত'ত সিঁচৰতি হৈ পৰি আছে। আন এটা ৰূম পানীৰে ভৰি আছে। সম্ভৱতঃ পিংকি গাৰ জুই নুমুৱাবলৈ ঢলা পানীৰ কিছু অংশ পানী তেতিয়াও শুকোৱা নাছিল। সিদিনা আৰু আমাৰ গুৱাহাটীলৈ যোৱাৰ সময় নহ'ল। ক্ৰমাত সাঁজ লাগি আহিছিল। আমি হাটবৰৰ ভাড়া-ঘৰলৈ ঘূৰি আহিলো। কাইলৈ পুৱাই গুৱাহাটীলৈ যোৱাৰ সিদ্ধান্ত ললোঁ।
ৰাতিটো আমাৰ আৰু ভাত-পানী খোৱা নহ'ল। দুখৰ ৰাতিটো যেন নুপুৱাহে নুপুৱায় । ৰাতিটো বৰ দীঘলীয়া হৈ গৈছিল। গোটেই ৰাতিটো ভট্টদাহঁতৰ কথাকে মনত পৰি থাকিল।
বৰ্তমান আমি থকা আছাম টাইপৰ ঘৰটোৰ ইটো ফালে মই আৰু সিটো ফালে সিহঁতে আছিল। বহু বছৰ এনেদৰে আমি একেটা পৰিয়ালৰ দৰেই আছিলো।এই সময়ছোৱাত পিংকিৰ জীৱনৰ বহু কথাই আমাক কৈ গৈছিল-
ঘৰখনৰ সৰু ছোৱালী হিচাপে তাই সকলোৰে বৰ আদৰৰ আছিল। মানুহক ভাল পাব শিকিছিল তাই। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল মাত্ৰ ৰচকী-পখিলী হৈ মন উৰি ফুৰাৰ সময়তে, অভিযন্তা জোৱাই পাই তাইক দৌৰা-দৌৰিকৈ অতি কম বয়সতে বিয়া দিছিল। অন্তত দৰাৰ মুখখনো তাইক ভালদৰে চাবলৈ দিয়া হোৱা নাছিল। সকলোৰে মুখত দৰাৰ গুণানুকীৰ্তন শুনি তাইৰ মনতো অলেখ কল্পনা, অলেখ সপোন ভাহি উঠিছিল।
বিয়াখন হৈ গ'ল। তথাপি তাই তাইৰ সপোনৰ কুঁৱৰৰ মুখখনি চাবলৈ হেঁপাহেৰে অধীৰ আগ্ৰহেৰে বাট চাই আছে। ৰভাতলিত দৰাৰ সাজত বহি থকা ধুনীয়া ধুনীয়া ল'ৰাবোৰৰ মাজৰে কোনো এজন তাইৰ সপোনৰ কুঁৱৰজন হ'ব নিশ্চয়! মনতে অপাৰ আনন্দৰ মাজতে ফুলশয্যাৰ ৰাতি আহিল। আজি অন্তত তাইৰ সপোনৰ কুঁৱৰক চাবলৈ কোনেও বাধা দিব নোৱাৰিব !
সুগন্ধি আতৰ, ফুলেৰে সজ্জিত বিচনাত বহি এক বুজাব উৎকন্ঠাৰ মাজত তাই তাইৰ হৃদয়ৰ দুৱাৰ-খিড়িকী মেলি সপোনৰ কুঁৱৰৰ অপেক্ষাত আকুল হৈ আছে। যিমানেই পলম হৈছে সিমানেই উৎকন্ঠা বাঢ়িছে। এনেতে পৰ্দা দাঙি দৰাৰ সাজত থকা সুন্দৰ কুঁৱৰ এজনে তাইলৈ চাই মিচিকিয়া হাঁহি এটি মাৰি থৈ গ'ল। তাই লাজত নে ভয়ত ৰঙা-ছিঙা পৰি গৈছিল, তাই নিজেই নাজানে !
ক্ষন্তেক মৌনতা ভেদি দৰ্জাখন বন্ধ কৰাৰ এক মৃদু শব্দত তাই উচপ খাই উঠিল। দেউতাকৰ বয়সৰ বুঢ়া এজন আহি তাইৰ ওচৰতে আহি বহিল। একো কথাও কোৱা নাছিল। তাই বৰ অস্বস্তি বোধ কৰিলে। কি হ'ল? এই বুঢ়াটো দেখোন নোযোৱা হ'ল ? তেতিয়ালৈকে তাই সেইজনেই যে তাইৰ স্বামী কথাটো ভাবিবই পৰা নাছিল। ক্ষণিকৰ মৌনতাই যেন তাইৰ কাণে কাণে বহু কথাই কৈ গ'ল। লগে লগে এখন এখনকৈ তাইৰ মনৰ দুৱাৰ খিড়িকীৰ আইনাবোৰ থান-থানকৈ খহি পৰিছিল। ৰূমটোৰ পৰা ওলাই যোৱাৰ সকলো পথ ইতিমধ্যে বন্ধ হৈ পৰিছিল। তাইৰ দেহটো নিথৰ হৈ পৰিছিল। আৰু সেই নিথৰ দেহটোত যেন কোনোবাই জুই লগাই দিছিল। নিথৰ দেহটো গোটেই ৰাতি জ্বলি পুৰি ছাই হৈ গৈছিল। এনেকৈয়ে আঙুলিৰ ফাকেৰে দিনবোৰ সৰকি গৈছিল।
বয়স অলপ বেছি হ'লেও ভট্টদা মানুহজন কিন্তু বৰ সৎ স্বভাৱৰ আছিল। বিশেষকৈ আমাৰ কাৰণে বৰ ভাল আছিল। আমাৰ লগত থকা সময়ছোৱা ককাই-ভাইৰ দৰেই পাৰ হৈ গ'ল। কৰোবালৈ ফুৰিবলৈ গ'লেও দুয়োঘৰ একেলগেই যাও। এনেকৈ এবাৰ শিলঘাট মেলালৈ যাওতে আমি এখন শিলৰ পটা কিনিছিলো। মই নানো পাপৰি আৰু ভট্টদাই নেৰে। শেষত গোটেই ৰাষ্টাটো পটাখন ভট্টদাই কঢ়িয়াবলগীয়া হৈছিল। এনেকুৱা আৰু বহু ৰসাল কথা আছে, যাক কৈ শেষ কৰিব নোৱাৰি।
এনেদৰে কিছুদিন থকাৰ পিছত তেওঁলোকে এটা চৰকাৰী বাসভৱন পালে। তেতিয়াৰে পৰা তেওঁলোক কলিয়াবৰৰ চৰকাৰী বাসভৱনত থাকিবলৈ ল'লে। আমি আগৰ ঠাইতে থাকিলো। প্ৰথম অৱস্থাত দুয়োঘৰৰ মাজত সঘন আহ-যাহ আছিল যদিও লাহে লাহে কমি আহিবলৈ ধৰিছিল। খা-খবৰ ল'বলৈও আজিৰ নিচিনা মোবাইল ফোনৰ ব্যৱস্থা নাছিল। লেণ্ডফোন আছিল যদিও নম্বৰবোৰ সঘনাই সলনি হৈ আছিল। তেওঁলোকৰ নতুন ফোন নম্বৰটো আমাৰ হাতত নাছিল। তাৰোপৰি তেওঁলোকৰ চাৰি বছৰীয়া ল'ৰাটো স্কুলত নাম ভৰ্তি কৰাই দিয়াৰ পাছত আহ-যাহ একেবাৰে স্তব্ধ হৈ পৰিল। স্কুললৈ আহ-যাহ কৰোঁতে নতুন নতুন বান্ধৱী পাই পিংকিয়ে আমালৈ পিঠি দিয়া যেন অনুভৱ হৈছিল। "তই পাৰিলে আমিও পাৰিম" বুলি আমিও মাজতে বহু কেই বছৰ মান অভিমান কৰি সিঁহতৰ ঘৰলৈ নোহোৱাকৈয়ে থাকিলো। অভিমানবোৰ যেন দিনক দিনে বাঢ়িহে গৈছিল! কমাৰ নামেই নলয়।
ইয়াৰ মাজতে দুয়োটা পৰিয়ালৰ অগোচৰে বহুতো ঘটনা-পৰিঘটনা ঘটিছিল। তাৰ ভিতৰত আমাৰ মাজলৈও এটি পুত্ৰ সন্তানো আহিছিল।
এনেতে এদিন বছৰতো ঠিক মনত নাই যদিও বিশ্বকৰ্মা পূজাৰ আগদিনা। আবেলি পৰত পাপৰিক নগাঁৱৰ মাকৰ ঘৰৰ পৰা লৈ আহিলো। সাতমহীয়া সন্তানক লগত লৈ স্কুটাৰেৰে আহি থাকোঁতে পিংকিলৈ মনত পৰিল। আধাবাটতে মই কলো, "আজি পিংকিহঁতৰ ঘৰত সোমাই যাওঁ বোলা।"
"বোলক নহ'লে!"
আবেলি চাৰি মান বজাত আমি পিংকিহঁতৰ ঘৰ পালো। সিদিনা ভট্টদাও ঘৰতে আছিল। আমাক দেখি দুয়ো আনন্দত আত্মহাৰা হোৱা যেন লাগিল। আমাৰো একেই অৱস্থা। কিমান বছৰৰ মূৰত যে আপোনজনক লগ পাইছো ! চাহ-পানী খাই ভট্টদাই ক'লে, "শইকীয়া আজি ইয়াতে থাকিব লাগিব। মই অলপ পূজাৰ কামত লাগি আছোঁ। মোক এইবাৰ বিশ্বকৰ্মা পূজাৰ সম্পাদক পাতিছে। কাইলৈ পূজা হ'লেই নহয় ! অলপ পূজাৰ কামত লাগো। আপোনালোক থাকিব। মই আহি আছো।" বুলি ভট্টদা ওলাই গ'ল।
ইফালে, পাপৰি আৰু পিংকি বিভিন্ন কথাৰ মহলাত লাগিল। মই মাত্ৰ নিৰৱ দৰ্শক হৈ সিহঁতৰ কথাবোৰ শুনি গৈছিলো। কথাৰ মাজতে পিংকিয়ে তাইৰ অভিমানৰ সাচতিয়া টোপোলাটো খুলি ল'লে।
"অ' আমাৰ ক'ত কি হৈ গ'ল আপোনালোকে খৱৰ এটা নল'লে ?"
"কি হ'লনো আপোনালোকৰ ?"
"অ', আমাৰ বাইদেউ এজনী মৰি থাকিল ? আপোনালোকে খৱৰ এটা নললে ?"
"অ' বাইদেউ, আমি খৱৰ পালেনো নহাকে থাকোনে ? আমি সঁচাই নাজানো ! কি হৈছে ভালদৰে কওকচোন ?"
পিংকিয়ে যেনিবা আমি গম নোপোৱা কথাটো সৈমান হ'ল। পুনৰ ক’বলৈ আৰম্ভ কৰিলে- ভাগিনটোয়ে নতুন বাইক এখন ল'লে। সেই বাইকটে উঠি বাইদেউ মোৰ ইয়ালৈ আহিল। আহোতে ঠিকেই আহিল। দুপৰীয়া খাই বৈ গৈ থাকোতে কি হ'ল ? বাইদেউ বাইকৰ পৰা পৰি থাকিল। লগে লগে জখলাবন্ধা হাস্পাতালত লৈ গ'ল যদিও একো লাভ নহ'ল। বাইদেউ মৰি থাকিল ! তাৰ পিছৰে পৰা মোৰ মনতো বৰ বেয়া লাগি থাকে। মোৰ কাৰণেই যেন বাইদেউৰ মৃত্যু হ'ল, এনে লাগে। অনাবৰতে মোৰ তাইৰ কথাই মনত পৰি থাকে। আজিকালি জানা অনাবৰতে মোৰ কিবা এটা ভয় ভয় লাগি থাকে। কিবা এটা যেন ছাঁৰ দৰে মোৰ পিছে পিছে ঘূৰি ফুৰে। কিয় জানো, আজিকালি মোৰ কাকোয়ে ভাল নালগা হৈছে।
"কিয় তেনকৈ কয় বাইদেউ ? নিজৰ সন্তানটোৰ কথা অলপ চিন্তা কৰিবচোন।"
"তাকো আজিকালি ভাল নালগা হৈছে। অনাবৰতে ভয়েই লাগি থাকে।"
"এইটো এটা মানসিক বেমাৰ বাইদেউ, আপুনি এবাৰ মানসিক ৰোগৰ চিকিৎসকক দেখুৱাব চোন।"
তামোল এখন খাই আমি যাবলৈ ওলালো। সেই সময়তে ভট্টদাও আহি ওলালে। দুয়োয়ে আমাক ইমান ৰখাবলৈ অপ্ৰাণ চেষ্টা কৰিলে। আমি মান্তি নহলো। শেষত মোলৈ চাই পিংকিয়ে ক'লে," লাগিলে আপুনি যাওক, পাপৰি আজি ইয়াতে থাকক। কালি আহি আপুনি লৈ যাব।"
"আজি নালাগে দিয়ক। আমিও ঘৰত পূজা পাতিব লাগিব নহয়। আপোনালোকে দুই-এদিনতে আমাৰ ঘৰলৈ যাব।"
"আমি পৰহি সন্ধিয়া ভাত খোৱাকে গৈ আছো তেনেহলে।"
ঠিক আছে, আহিব। বুলি কৈ আমি বিদায় ললো।
ইপিনে সেই ৰাতিয়েই গোটেই নিশা লগৰ ঠিকাদাৰৰ লগত জুৱা খেলি লগত থকা সকলো পইছা হৰাৰ লগতে বিশ্বকৰ্মা পূজাৰ টকাখিনিও জুৱাত হাৰি থাকিল। ৰাতিপুৱা পূজা। পঞ্চাছ হাজাৰমান টকা লাগে, এতিয়াই। কি কৰিব এতিয়া ? পইছা লাগেই ! উপাই নাপাই ভট্টদাই পিংকিৰ সোণৰ গহণা বন্ধকত দিবলৈ ওলাল। তাইও খঙতে গহণাৰ লগতে বাকচত থকা কপোৰ-কানিকে আদি কৰি যত যি আছে দলিয়াই দি নিজৰ গাত কেৰাচিন তেল ঢালি জুই লগাই দিলে। সেই সময়ত ভট্টদা বাথৰূমত গা ধুই আছিল। ল'ৰাটোৰ চিঞৰ-বাখৰত ওলাই আহি জুই দেখি চকু খোল খালে। দৌৰা-দৌৰিকৈ গা ধুবলৈ লোৱা পানীখিনি পিংকিৰ গাত ঢালি দিলে। পানী ঢালি ঢালি জুই নুমুৱালে যদিও এক সংকটজনক অৱস্থাত জখলাবন্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰথমিক চিকিৎসাখিনি প্ৰদান কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে পিংকিৰ দেহৰ আশী-শতাংশ অগ্নিদগ্ধ হৈছিল।
চতুৰ্থ দিনা আমি গৈ গুৱাহাটী মেডিকেল কলেজ পোৱাৰ আগতেই পিংকিক বৃক্কৰ অশ্ৰোপোচাৰৰ বাবে নিয়া হৈছিল। আমি গৈ লগ নাপালো। ভট্টদাক আমি জোৰকৈ উলিয়াই নি হোটেলত একেলগে ভাত এসাজ খুৱালো। অস্ত্ৰোপচাৰৰ পৰা উলিয়াই দিয়াত দেৰি হ'ব বুলি কোৱাত আমি পিংকিক লগ নোপোৱাকৈয়ে ঘূৰি আহিবলগীয়া হৈছিল।
এবুকু বেদনা লৈ আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা উভটিব লগা হৈছিল। ৰাতি ঘৰ আহি পোৱাৰ পিছত খবৰ আহিল- পিংকি আৰু নাই। নিজকে বৰ অপৰাধী অপৰাধী লাগিল। সিদিনাখন ৰাতিটো আমি সিহঁতৰ ঘৰতে থাকি যোৱাহেঁতেন আজি হয়তো এই দুখদায়ক খৱৰটো পাব লগা নহ'লহেঁতেন! আজিও মোৰ কথাটো মনত পৰিলে নিজকে বৰ অপৰাধী যেন লাগে!
---------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.