চাকুতি
শাহু বৰপেটাৰ, বোৱাৰী নগাঁৱৰ। দুয়োৰো মাজত বৰ মিল। একেবাৰে নলে-গলে লগা। সিহঁত দুজনীৰ মাজত কোনো সোমাই মৰে ? বেচেৰা পুতেক, দূৰতে বিদূৰ হৈ ফুৰে।
পুতেকে বজাৰ পৰা মাংস আৰু দুটামান বস্তু আনি শেৱালীৰ হাতত দি ওচৰৰে বন্ধু হিতেশৰ ঘৰলৈ গ'ল। বহুদিন হ'ল হিতেশৰ ঘৰলৈ যোৱাৱে হোৱা নাই। দুই বন্ধু লগ খাই ৰাতি কিমান হ'ল গমেই নাপায়।
ইফালে শাহু-বোৱাৰী ৰুটি-মাংসৰ বনোৱাত লাগিল। মাংসখিনি শাহুআইয়ে কুটি-বাছি দিলে যেনিবা। ইপিনে বোৱাৰীৰো ৰুটি-মাংস বনাই হ'লেই। ইফালে পুতেক নাহেহে নাহে।
কিছু সময়ৰ মৌনতা ভেদি শাহুআইয়ে মাত লগালে," তাৰ দেৰি হ'ব কিজানি ? ঠাণ্ডা হলি মই চববা পাৰবাৰ নাই ! মই গৰমে থাকতে খাং দে।
মোক মাংস নেদবি। নাউ মান জুলৰ লগত চাকুতি দুই-টুকৰা দিলিয়ে হ'বদে।
শেৱালী বিপদত পৰিল নহয়, এতিয়া ? কি চাকুতি বা ? ক'ৰ পৰা দিয়ে এতিয়া ? তথাপি ভয়ে ভয়ে মাত লগালে, "চাকুতি নাই অনা নহয় মা ! আপুনি মাংস নাখায় যদি মাংসৰ জোলেৰেই খাব লাগিব।"
হাও কি কৱা এ, মই নিজে দুখুটা চাকুতি কুটি-বাছি দিছু তই চাকুতি নহ বোলি কঁৱা ?
শেৱালী সাংঘাটিক বিপদত পৰিল এতিয়া। কি কৰা যায় ? এইটোও হিতেশৰ ঘৰৰ পৰা নহা হ'ল ! কি কৰো এতিয়া ? উপাই নাপাই মাংসৰ কেৰাহিটোকে দাঙি আনি শাহুআইৰ আগত দি," মা আপুনি ইয়াৰ পৰাই কি খায় বাছি লৈ খাওকচোন।"
শাহুআইয়ো আলু দুটুকুৰা, জোল এবাতি আৰু বিচাৰি বিচাৰি লিভাৰ দুটুকুৰা উলিয়াই লৈ ৰুটি দুখনৰ লগত আনন্দ মনে খালে। খাই লৈ -
"বৰ সদ হৈছে দে বৰী"
শেৱালীয়ে বোলে- " অ' ইহঁতে লিভাৰকে চাকুতি কয় ! কৃষ্ণ প্ৰভু, বাচিলুদে আজি !"
এনেতে এদিন শাহুআইৰ অসুখ। চৰ্দি-জ্বৰ, দিনটো থেন-থেনাই আছে। ৰাতিলৈ শেৱালীয়ে শাহুয়েকক ৰুটি-মাংস খুৱাব। আটা আছেই, পিয়াজ কেইটামান আৰু মাংস অলপ আনিলেই হ'ল, বুলি শেৱালীয়ে গিৰিয়েকক বজাৰলৈ মাংস আনিবলৈ পঠালে।
পুতেকে বজাৰ পৰা মাংস আৰু দুটামান বস্তু আনি শেৱালীৰ হাতত দি ওচৰৰে বন্ধু হিতেশৰ ঘৰলৈ গ'ল। বহুদিন হ'ল হিতেশৰ ঘৰলৈ যোৱাৱে হোৱা নাই। দুই বন্ধু লগ খাই ৰাতি কিমান হ'ল গমেই নাপায়।
ইফালে শাহু-বোৱাৰী ৰুটি-মাংসৰ বনোৱাত লাগিল। মাংসখিনি শাহুআইয়ে কুটি-বাছি দিলে যেনিবা। ইপিনে বোৱাৰীৰো ৰুটি-মাংস বনাই হ'লেই। ইফালে পুতেক নাহেহে নাহে।
কিছু সময়ৰ মৌনতা ভেদি শাহুআইয়ে মাত লগালে," তাৰ দেৰি হ'ব কিজানি ? ঠাণ্ডা হলি মই চববা পাৰবাৰ নাই ! মই গৰমে থাকতে খাং দে।
মোক মাংস নেদবি। নাউ মান জুলৰ লগত চাকুতি দুই-টুকৰা দিলিয়ে হ'বদে।
শেৱালী বিপদত পৰিল নহয়, এতিয়া ? কি চাকুতি বা ? ক'ৰ পৰা দিয়ে এতিয়া ? তথাপি ভয়ে ভয়ে মাত লগালে, "চাকুতি নাই অনা নহয় মা ! আপুনি মাংস নাখায় যদি মাংসৰ জোলেৰেই খাব লাগিব।"
হাও কি কৱা এ, মই নিজে দুখুটা চাকুতি কুটি-বাছি দিছু তই চাকুতি নহ বোলি কঁৱা ?
শেৱালী সাংঘাটিক বিপদত পৰিল এতিয়া। কি কৰা যায় ? এইটোও হিতেশৰ ঘৰৰ পৰা নহা হ'ল ! কি কৰো এতিয়া ? উপাই নাপাই মাংসৰ কেৰাহিটোকে দাঙি আনি শাহুআইৰ আগত দি," মা আপুনি ইয়াৰ পৰাই কি খায় বাছি লৈ খাওকচোন।"
শাহুআইয়ো আলু দুটুকুৰা, জোল এবাতি আৰু বিচাৰি বিচাৰি লিভাৰ দুটুকুৰা উলিয়াই লৈ ৰুটি দুখনৰ লগত আনন্দ মনে খালে। খাই লৈ -
"বৰ সদ হৈছে দে বৰী"
শেৱালীয়ে বোলে- " অ' ইহঁতে লিভাৰকে চাকুতি কয় ! কৃষ্ণ প্ৰভু, বাচিলুদে আজি !"
---------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া
0 Comments
Please do not enter any spam link in the comment box.