কাব্য অলংকাৰ

কাব্যত অলংকাৰৰ প্ৰয়োগ
 
অলংকাৰ


            কাব্যত অলংকাৰে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সাধাৰণ অর্থত অলংকাৰ হৈছে, মানৱ দেহৰ ভূষণ। অলংকাৰে দেহৰ সৌন্দর্য বৃদ্ধি কৰে। অলংকাৰে নাৰী দেহৰ সৌন্দর্য বৃদ্ধি কৰাৰ দৰে অলংকাৰে সাহিত্যৰ শোভা বৰ্ধন কৰে।

        সংস্কৃত "অলম্" শব্দৰ পৰা "অলংকাৰ" শব্দৰ উৎপত্তি হৈছে। অলংকাৰ শব্দই দুটা অৰ্থত ব্যৱহৃত হৈ আহিছে 
১/ পৰ্যাপ্তি বা যথেষ্ট আৰু 
২/  ভূষণ। 
            অৰ্থাৎ কাব্য আৰু সাহিত্যক যাৰ দ্বাৰা ভূষিত বা অলংকৃত কৰা হয় সিয়েই অলংকাৰ। অৱশ্যে ঘৰুৱা মাত-কথাতো অলংকাৰৰ ব্যৱহাৰ নোহোৱা নহয়।

        সহজ ভাষাত ক'বলৈ হ'লে কাব্যৰ শোভাবৰ্ধক যিবোৰ উপাদানে বাক্য একোটা শ্ৰুতিমধুৰ আৰু অৰ্থবৈচিত্ৰ কৰি সজাই-বঢ়াই তোলে তাকে অলংকাৰ বুলি কোৱা হয়। আলংকাৰিক ভামহৰ মতে-
"ৰূপকাদিৰলংকাৰ- স্তস্যানৈৰ্ব্বহুধোদিত:।
ন কান্তমপি নিভূষং বিভাতি ৰমণীমুখম্।।"

        অৰ্থাৎ বিচিত্ৰ সাজ-পাৰ আৰু প্ৰসাধনৰ যোগেদি সুন্দৰী ৰমণী এগৰাকীৰ সৌন্দৰ্য উজ্জ্বলতৰ হৈ প্ৰকাশ পোৱাৰ দৰে কাব্য সুন্দৰীৰ সৌন্দৰ্যও উপমা, ৰূপক, আদি বিভিন্ন অলংকাৰৰ জৰিয়তে বৃদ্ধি পায়।
ভামহে আকৌ কৈছে-
"বক্ৰাভিধেয়া শব্দোক্তিষ্টি বাচামলংকৃতি।"

        অৰ্থাৎ কবিয়ে মনৰ জোখাৰে নিজৰ মনৰ বক্তব্য প্ৰকাশ কৰিবৰ বাবে যি বক্ৰতাপূৰ্ণ শব্দকৌশল ব্যৱহাৰ কৰে, সেয়েই হৈছে কাব্যৰ অলংকাৰ।

আলংকাৰিক আচাৰ্য বামনে কৈছে-

"কাব্যংগ্ৰাহ্যমলংকাৰাৎ"
 
অৰ্থাৎ কাব্যত অলংকাৰ থকাৰ বাবেই তাক কাব্যৰূপে গ্ৰহণ কৰা হয়। তেওঁ পুনৰ কৈছে-
"সৌন্দৰ্যমলংকাৰ।"
অৰ্থাৎ সৌন্দৰ্যই অলংকাৰ। প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি।

মুঠতে, কাব্যত বৰ্ণনীয় বিষয়ক অধিক স্পষ্ট কৰি কাব্যৰ ৰমণীয়তা বৃদ্ধি আৰু ৰস সৃষ্টিৰ কাৰণেও অলংকাৰৰ প্ৰয়োজন আছে।

অলংকাৰক প্ৰধানতঃ দুটা ভাগত ভগাব পাৰি-
১/ শব্দালংকাৰ আৰু
২/ অৰ্থালংকাৰ।

১/ শব্দালংকাৰ-

 যি অলংকাৰ সম্পূৰ্ণভাৱে শব্দৰ ওপৰত নিৰ্ভৰশীল তাকে শব্দালংকায় বোলে। ই ধ্বনিৰ আশ্ৰয়ত গঢ় লৈ উঠে। ইয়াক অনুপ্ৰাস, যমক, শ্লেষ, পুনৰোক্তবদাভাস আৰু বক্ৰোক্তি আদি ভাগত ভগাব পাৰি। যেনে-

পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ
ইয়াত "পাৰ" শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰিছে
 পাৰ- এবিধ চৰাই
 পাৰ- নদী বা পুখুৰীৰ পাৰ।

২/ অৰ্থালংকাৰ-

 যি অলংকাৰ সম্পূৰ্ণভাৱে অৰ্থৰ ওপৰত নিৰ্ভৰশীল তাকে অৰ্থালংকায় বোলে। ই অৰ্থৰ আশ্ৰয়ত গঢ় লৈ উঠে। অৰ্থালংকাৰক সাদৃশ্যমূলক, বিৰোধমূলক, শৃংখলামূলক, ন্যায়মূলক, গূঢ়াৰ্থমূলক আদি শ্ৰেণীত বিভক্ত কৰা হৈছে। এইকেইটা শ্ৰেণীকো আকৌ বিভিন্ন উপশ্ৰেণীত বিভক্ত কৰিব পাৰি। যেনে-

গাড়ীখনি আহি জপনা মুখত
বাট চাই আছে সৌ,
থকাজনে তাত মাতিব লাগিছে
ওলোৱা হ'লনে নৌ।
--দুৰ্গেশ্বৰ শৰ্মা

        কবিতাফাঁকিৰ বাহ্যিক অৰ্থ আৰু নিহিত অৰ্থ বেলেগ বেলেগ। বাহ্যিক অৰ্থত জপনা মুখত গাড়ী এখন ৰখাই চালকজনে সোনকালে ওলাই যাবলৈ মাতিছে।

        অভ্যন্তৰীণ অৰ্থত মানুহৰ মৃত্যুৰ আগমূহুৰ্তত আত্মাই যেন নিজৰ ঘৰলৈ যাব ওলাইছে, কোনো এজনে নিবলৈ সুসজ্জিত গাড়ী এখন লৈ আহিছে।
-----------------------------------------------------------------------
 প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments