ৰূপক কাক বোলে

ৰূপক কবিতা

            ৰূপক কবিতা কাক বোলে ? ‌ বস্তুনিষ্ঠ বা বৰ্ণনামূলক কবিতাৰ এটি সৰু বিভাগ হ'ল ৰূপক। কোনো এটা কথাৰ দ্বাৰা আন এটা কথা বুজাবলৈ অথবা কোনো এটা কাহিনীৰ মাজেৰে এটা বিশেষ অৰ্থ প্ৰকাশ কৰিবলৈ বিচৰা কবিতাই হ'ল ৰূপক কবিতা। উদাহৰণ স্বৰূপে তলত বিশিষ্ট কবি হীৰেন ভট্টাচাৰ্য দেৱৰ এটি ৰূপকধৰ্মী কবিতাৰ উল্লেখ কৰা হ'ল-

            লখিমী

মেটমৰা ধানৰ ডাঙৰি
ডাঙৰীয়াৰ চোতালত থ'লো।
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া।
আইজনীৰ মাকৰ গাত লেঠা;
এইবেলি ল'ৰা এটা হ'লে ভাল হয় বৰ।
জানাইতো খেতিয়কৰ ল'ৰাৰ
হাত বৰ চিধা।

মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে।
বন্দুকটো দূৰৰে কথা
ধনুকাঁড়ো জুৰিব নোৱাৰোঁ।

আইজনীৰ মাকৰ
ল'ৰা এটা হ'লে ভাল হয় এথোন।
খেতিয়কৰ ল'ৰাৰ বোলে
হাত বৰ পোন !

    কবিতাটিত "লখিমী" শব্দটোৱে আভিধানিকভাৱে ধন, সম্পদ আৰু ঐশ্বৰ্যৰ অধিকাৰিণী লক্ষ্মীক বুজাই যদিও ইয়াত এই শব্দটোৱে মূল স্থিতিৰ লগতে এক ব্যাপক পৰিসৰ লাভ কৰি মূৰ্ত হৈ উঠিছে। কৃষিজীৱী সভ্যতা সংস্কৃতিৰ ৰূপক হিচাপে লৈ কবিয়ে কবিতাটিৰ "শিৰোনাম" উপস্থাপন কৰিছে। লখিমী মানৱ সভ্যতা আৰু জীৱন পৰিক্ৰমাৰ ঐতিহ্য আৰু সহজ-সৰল মানুহৰ জীৱনবোধৱ চিত্ৰ প্ৰতিফলনকাৰী শিৰোনাম।

    কবিতাটিৰ আন এটা ৰূপক হ'ল ডাঙৰীয়া। এই ডাঙৰীয়া শব্দটো মহাজন শ্ৰেণীৰ এটি ৰূপক শব্দ।
এনেদৰে বিভিন্ন ৰূপকৰ প্ৰয়োগে কাব্যক বৈচিত্ৰতা প্ৰদান কৰাৰ লগতে কবিতাৰ সৌন্দৰ্য্য দুগুণে বৃদ্ধি কৰাত সহায় কৰে।
-------------------------------------------------------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments