বন্ধু

বন্ধু

ৰাতি কাম-বন সামৰি-সুতৰি তুতুয়ে দূৰদৰ্শনৰ ধাৰাবাহিক চোৱাৰ লাগিল। এনেতে মোবাই ফোনটো বাজি উঠিল। দুটামান কথা কৈ, "ভাত খালানে দাদা? কি কৰি আছে? বৌ কি কৰি আছে? আদি দুটামান ঘৰুৱা কথা-বতৰা পাতি "শুভ ৰাত্ৰি" জনাই ফোনটো কাটিলে।
কাৰ ফোন তুতু? পতি পলসে সুধিলে।
দাদাই ফোন কৰিছিল।
"হ‌য় নেকি" বুলি কৈ পলাসে বিশেষ একো নক'লে।

    আজি-কালি দিনটোৰ বেছিভাগ সময় তুতু দাদাৰ লগতে ব্যস্ত হৈ থাকে। দাদা মানে দিগন্ত দাদা। প্ৰথমে সাহিত্য চৰ্চাৰ বিশেষ এটা গোটত ইটো সিটো মন্তব্য, তাৰপাছত চিনাকি আৰু তাৰ পাছত পতি পলাশৰ লগত বন্ধুত্ব গঢ় লৈ উঠে। তাৰ মাজতে এদিন পলাসৰ পত্নী তুতুৰ লগত চিনাকি হৈছিল। এনেদৰে পলাস আৰু দিগন্তৰ বন্ধুত দিনক দিনে গাঢ় হৈ গৈছিল। লগতে তুতুৰো দিগন্তৰ লগত ঘনিষ্ঠতা ক্ৰমাত গভীৰৰ পৰা গভীৰতালৈ বাঢ়ি গৈছিল।

এনেকৈয়ে এদিন এদিনকৈ দিনবোৰ যেন আঙুলিৰ ফাকেৰে এটা এটাকৈ সৰকি গৈছিল।

সিদিনা শাওণ মাহৰ পূৰ্ণিমা তিথি, ৰাখীবন্ধনৰ দিন আছিল। দিগন্তৰ গোটত সমূহ সদস্যকে সম্বোধন জনাই সকলোকে শুভেচ্ছা জনাই এটা ৰাখীবন্ধনৰ প'ষ্ট কৰিছিল। গোটৰ প্ৰায়ভাগ সদস্য সদস্যাই শুভেচ্ছা জনাই নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। তাৰ মাজৰ এজনী বিশেষ সদস্যাই দিয়া মন্তব্যটো চাই দিগন্ত এবাৰ থমকি ৰয়।

তুতু নামৰ এই বিশেষ ছোৱালীজনীয়ে লিখিছিল,
"এনেকুৱা ৰাখীবন্ধনে মোক বৰকৈ কন্দুৱায়, দাদা।"
"কিয়?"
"মোৰ যে ভাই নাই! সেইকাৰণে প্ৰত্যেক বছৰে ৰাখীবন্ধনৰ দিনটোত মোৰ বৰ দুখ লাগে।"
"আজিৰ পৰা আৰু তুমি দুখ কৰিব নালাগে, তুতু! মই তোমাৰ ভাই।"
সঁচানে দাদা?
অ'!
সেই দিন ধৰি আজিলৈকে তুতু আৰু দিগন্তই পৱিত্ৰ ভাই-ভনীৰ সম্বন্ধ ৰক্ষা কৰি আহিছে। দিনটোত এবাৰ মাতটো নুশুনিলে কিবা ভালেই নলগা হ'ল।

মাজতে দিগন্তই নিজ ঘৰলৈ যাওতে তুতুহঁতৰ ঘৰত সোমাই যাবলগীয়া হ'ল। বন্ধু সিদিনা ঘৰতেই আছিল। ৰাস্তাৰ কাষতে বন্ধুৰ ঘৰ যেতিয়া, বিচাৰি উলিওৱাত বৰ বিশেষ অসুবিধা নহ'ল। চকুৰ চিনাকি নাছিল যদিও ফেচবুকত ফটোবোৰ পাই থকাৰ বাবে চিনাকি হোৱাটো অসুবিধা নহ'ল।

তুতুৰ আজি আনন্দৰ সীমা নাই। নিজৰ ককায়েক বহুবছৰৰ মূৰত সিঁহতৰ ঘৰলৈ আহিছে ! কি কৰিব, কি নকৰিব, কি খুৱাব কি নুখুৱাব? মনৰ উগুল-থুগুল অৱস্থা। চাহত চেনি দিবলৈকে পাহৰিলে।

চাহ-পানী খাই দুয়ো বন্ধুৱে কথা পতাত লাগিল। কথাৰ মাজতে দিগন্তই পলাসক সুধিলে, "বন্ধু এনেকৈ প্ৰতি সপ্তাহৰ শণিবাৰে ঘৰলৈ আহি সোমবাৰে কৰ্তব্যলৈ যোৱাতকৈ মটৰ-চাইকেলেৰে দেখোন সদায় অহা-যোৱাকৰি কৰ্তব্য পালন কৰিব পাৰে ? ঘৰখনো পাই থাকিলে, ভাড়াঘৰৰ পইছা কেইটাও বাচিল? আপোনাৰ কাৰ্যালয়লৈয়ো ইয়াৰ পৰা বৰ বেছি দূৰ নহয় ? ত্ৰিশ কিলোমিটাৰ মানহে হ'ব চাগে?"

"সেইবোৰ বহুত কথা বন্ধু, মটৰ-চাইকেল দূৰৰে কথা, বৰ্তমান সময়ত মোৰ লগত চাইকেল এখনো কিনাৰ সামৰ্থ নাই ! এটা সময় আছিল, মই এটা বিশাল কোম্পানীৰ মালিক আছিলো। পদূলি মূৰৰ দুই-তিনিখন নামী-দামী চাৰিচকীয়া গাড়ী অনাবৰতে মোৰ চোতালত লাগি আছিল। কিন্তু আজি আৰু সেই দিন নাই। এদিন মোৰ অতি ঘনিষ্ঠ বন্ধু এজনে চক্ৰান্ত কৰি মোৰ সমস্ত সা-সম্পত্তি হাত কৰি লোৱাৰ উপৰি মোক দুমাহ জেলাৰ ভাতো খুৱালে। এতিয়া এয়া অৱস্থা।"

এটা দীঘল হুমুনিয়াহ কাঢ়ি দিগন্তই কলে, "বৰ দুখ পালো বন্ধু, তথাপি আমি কেতিয়াবা নিয়তিক ধিয়াই থাকিবলগীয়া হয় বন্ধু ! সকলো ভাগ্যৰেই দোষ, বন্ধু !"

এনেতে ভিতৰত পৰা তুতুয়ে মাত লগালে," হাত মুখ ধুই আহক দাদা, ভাত বাঢ়িছো।
আটায়ে ভাত-পানী খোৱাৰ পাছত মই ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ।

যাত্ৰা পথত গোটেই ৰাস্তাটো ভাবি আছিলো, "এবাৰ সাপে খুটিলে বোলে কেঁচুলৈকৈ ভয় !" তেনেস্থলত বন্ধুৱে মোক বাৰু বিশ্বাসত ল'ব পাৰিবানে ? মই বাৰু বন্ধুৰ হেৰোৱা বিশ্বাস পুনৰ ঘূৰাই আনিব পাৰিমনে? বন্ধুৰ পূৰ্বৰ কথাখিনি অন্ততঃ আগতেই জনাহেঁতেন ? তথাপি মই বন্ধুৰ হেৰোৱা বিশ্বাস ঘূৰাই আনিব লাগিব!
----------------------------------------------------------------------------------------------------------------------------------     প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments