প্ৰাৰ্থনা গীত
জয় জয় জয় কৃষ্ণ কৃপাময়
।। ভজন ।।
জয় জয় জয় কৃষ্ণ কৃপাময়
ভজিলো তোমাৰ পাৱে।
তোহ্মাৰ চৰণ পঙ্কজত মন
মজোক মোৰ স্বভাৱে।। ১৮৮
জয় জয় ৰাম জগত কাৰণ
জগত জীৱন স্বামী।
পৰম দেৱতা জানিয়া তোমাৰ
চৰণে ভজিলো আমি।। ১৮৯
অনাদি অনন্ত প্ৰভু ভগৱন্ত
ভজো কৰি প্ৰণিপাত।
মুকুতি ৰসকো তেজি মহাজনে
শৰণ লৱে তোহ্মাত।। ১৯০
---------------------------------------------------------------------------------------------------------

0 Comments
Please do not enter any spam link in the comment box.