কবিতাৰ ভাষা
কবিতাৰ ভাষা কেনে হ'ব লাগে ?
সাহিত্য মূলতঃ ভাষাৰ শিল্প। কবিতাৰ ভাষা কেনে হ'ব লাগে তাৰ কোনো নিৰ্ধাৰিত সংজ্ঞা বিচাৰি পোৱা নাযায়। কবিতাৰ প্ৰধান আকৰ্ষণ হ'ল ইয়াৰ প্ৰকাশিকা শক্তি। এই শক্তিয়ে ভাষাৰ মাজেৰে আত্মপ্ৰকাশ কৰে। কবিতাৰ ভাষা হ'ল এনে এটা উপাদান, যাৰ জৰিয়তে বৰ্ণনা কৰিব বিচৰা বিষয়বস্তুৰ সামগ্ৰিক ৰস-ৰূপ পাঠক-শ্ৰোতালৈ সঞ্চাৰিত হয়।
কবিতাৰ ভাষা কেনে হ'ব লাগে, তেনে কোনো ধৰাবন্ধা নিয়ম নাই। সকলো যুগতে কবিতাৰ ভাষা আৰু আদৰ্শ একে হৈ নাথাকে। সময়ৰ সোঁতত কবিতাৰ ভাষা সলনি হৈ থাকে। কবিতাৰ ভাষাৰ পৰিবৰ্তন ইমানেই সূক্ষ্ম যে সি সতকাই আমাৰ চকুত নপৰে। কিন্তু বিভিন্ন যুগৰ মাজত থকা কবিতাৰ ভাষাৰ মাজৰ পাৰ্থক্য আমাৰ চকুত পৰে। উদাহৰণ স্বৰূপে বৈষ্ণৱ সাহিত্যত ভাষাৰ লগত সাম্প্ৰতিক কালত কবিতাৰ ভাষাৰ পাৰ্থক্য উপলব্ধি কৰিব পৰা যায়।
কবিতাৰ ভাষা সম্বন্ধে উপেন্দ্ৰনাথ শৰ্মাই তেখেতৰ "কবিতাত ভাষা আৰু অন্যান্য প্ৰৱন্ধ" শীৰ্ষক গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে এনেদৰে- "তেওলোকে যথাযথতা আৰু কঠিন আৰু শুকান ৰেখাচিত্ৰৰ আদৰ্শ আগত ৰাখিছিল। কবিতাই সঠিক শব্দটো বিচাৰি উলিয়াব লাগিব, আপেক্ষিকভাৱে সঠিক হ'লেও নহ'ব। আলংকাৰিক শব্দ বৰ্জন কৰিব লাগিব। নতুন ছন্দৰো অৱতাৰণা কৰিব লাগিব। চিত্ৰকল্প নিখুঁত খুঁতি-নাতিৰ সৈতে খোদাই কৰিব লাগিব। সাধাৰণীকৃত ভাষা পৰিত্যাগ কৰিব লাগিব। নতুন কবিতা হ'ব কঠিন আৰু সুস্পষ্ট।"
চিত্ৰকল্পবাদী চিন্তা-চৰ্চাৰ বিৰুদ্ধভাৱ পোষণ কৰা ব্যক্তি সকলে এই নতুন কবিতাত আৱেগ-অনুভূতিৰ অভাৱ অনুভৱ কৰিছে যদিও চিত্ৰকল্পবাদে কৰা পৰীক্ষা-নিৰীক্ষা আধুনিক কাব্য ভাষা সংগঠনৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি স্বৰূপ বুলিব পাৰি।
কবিৰ অনুভূতিৰ আনন্দ, বিষন্নতা আদিৰ লগে লগে কবিতাৰ ভাষাই বৰণ সলায়। কবিতাৰ ভাষা বুলিলে লয়যুক্ত, ছন্দস্পন্দনযুক্ত ভাষা মনলৈ আহে যদিও আধুনিক কবিতা কেতিয়াবা গদ্যৰ নামান্তৰ মাথোন। তলৰ নগেন শইকীয়াৰ "মিতভাষ" নামৰ কবিতাৰ কলিটিলৈ মন কৰিলে ইয়াক সহজে বুজিব পৰা যায়-
"তুমি স্বপ্ন নে গীত ? তুমি ফুল নে সুৰভি ? তুমি
কেনেকৈ আহি অদৃশ্য হৈ যোৱা ? সকলো
আৱৰণৰ আঁৰত বিচাৰি ফুৰিছোঁ তোমাক
অবিৰাম। ক'ত আছা- ক'ত আছা তুমি ?" --নগেন শইকীয়া।
কথাখিনি দেখাত গদ্য হ'লেও একেবাৰে ঠৰঙা গদ্য নহয়। পাতৰ আঁৰত লুকাই থকা কলিৰ ইয়াত কবিতাৰ ছন্দ আৰু লয়ে কাব্যিক মাধুৰী প্ৰদান কৰিছে।
আনহাতে, ইংগিতময়তা কবিতাৰ ভাষাৰ অন্যতম আকৰ্ষনীয় শক্তি। আধুনিক কবিতাত নাটকৰ দৰে সংলাপধৰ্মী ভাষাও ব্যৱহৃত হৈ আহিছে। উদাহৰণ স্বৰূপে হেম বৰুৱাৰ "মমতাৰ চিঠি"ৰ কথাকে উল্লেখ কৰিব পাৰি-
"মোৰে শপত, তুমি যিদিনা উলটি আহিবা
মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা
মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম"
এই খিনিতে, লোপা বৰুৱাই তেখেতৰ "আধুনিক কবিতাত প্ৰতীক আৰু চিত্ৰকল্প" শীৰ্ষক গ্ৰন্থত উল্লেখ কৰা কথাখিনি তলত উল্লেখ কৰা হল- "যুগৰ দেওনা অতিক্ৰম কৰি কবিতাত ব্যৱহাৰ হৈ অহা ভাষাৰ বিভিন্ন ৰূপক এনেদৰে ভাগ কৰিব পৰা যায় ১/ ছন্দবদ্ধ ভাষা ২/ আলংকাৰিক ভাষা ৩/ গীতিধৰ্মী ভাষা ৪/ প্ৰতীকধৰ্মী ভাষা ৫/ ইংগিতধৰ্মী ভাষা আৰু ৬/ চিত্ৰধৰ্মী ভাষা।"
কবিতাৰ ভাষাই অনুভৱৰ দুৱাৰেদি মানুহৰ হৃদয়ৰ প্ৰৱেশ কৰে। সেয়ে বিষয়বস্তু উপযোগী ভাষা নিৰ্মাণ কৰাটো সকলো কবিৰে এক মহৎ কৰ্তব্য হোৱা উচিত।
--------------------------------------------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.