ইটা খাবি না
উজনি আৰু নামনিৰ ভাষা বুলি কও যদিও নামনি অসমৰ বিভিন্ন অঞ্চলৰ কথিত ভাষা ইটো অঞ্চলৰ ভাষা সিটো অঞ্চলৰ ভাষাৰ লগত নিমিলে। উদাহৰণস্বৰূপে নামনি অঞ্চলৰ বৰপেটা আৰু নলবাৰী অঞ্চলৰ কথিত ভাষাৰ মজত পাৰ্থক্য থকাৰ দৰে সৰভোগৰ কথিত ভাষা পালেং বাৰীৰ ভাষাৰ লগত নিমিলে।
উজনিৰ শেৱালী এতিয়া বিবাহ সূত্ৰে নামনিৰ সৰভোগত থাকিবলগীয়া হোৱাত তাৰ ভাষা কিছু বুজি পোৱা হ'ল। আগৰ দৰে আৰু তধা লাগি চাই থাকিবলগীয়া নহয়। ক'ব নোৱাৰিলেও অন্তত বুজি পোৱা হ'ল।
এনেতে এদিন শেৱালীয়ে তগৰ বাইদেউৰ ঘৰত থাকিবলগীয়া হ'ল। বজাৰ-সমাৰ গোটাই দি তগৰ বাইদেউ অফিচলৈ যাবলৈ ওলাই ক'লে,
"শেৱালী আজি মই অফিচত নেগেলি নহবো জানা, যাবায়ে লাগবো, বহুত কাম আছে । তই সুনিতিৰ লগত লাগি-ভাগি দিপৰাৰ ভাত কেইটা বনে খাবি।"
"সুনিতি তই ভাত বনোৱাৰ আগতে শেৱালীক সুধি ল'বি কি খায় তাই।"
"মই জাং দে, দেৰি হৈছে মোৰ।"
এই বুলি বাইদেউ অফিচলৈ ওলাই গ'ল। ঘৰত থাকিল শেৱালী আৰু সুনিতি।
সুনিতি, পালেং বাৰীৰ এজনী মৰমলগা ছোৱালী। সৰুৰেপৰা বাইদেউৰ ঘৰতে থাকি দুটা এটা কাম-বন কৰে। কিছুদিন স্কুললৈ গৈছিল যদিও কেইদিনমান যোৱাৰ পাছত স্কুল বাদ দিলে। ঘৰলৈ পঠিয়াই দিলেও তাই ঘৰলৈ নাযায়।এইখন ঘৰতে তাই বিচৰা সকলোখিনি পাইছে, এইখনেই তাইৰ নিজৰ ঘৰ বুলি ভাবে। অত দিন ইয়াতে থাকিল তথাপি তাইৰ মাত-কথাৰ অকনো সলনি নহ'ল। আজিও সেই খাইছুং-মাইছুং। তথাপি বৰ বিশ্বাসী তাই, তাইক বাইদেউৱে যি কৈ যায়, সি শিলৰ ৰেখ!
ভাত বনোৱাৰ আগতে শেৱালীয়ে কি খায় সুধি ল'বলৈ দিছে, তাই নুসুধিবনে ? সেই মতেই কাম। দুপৰীয়াৰ ভাত বনোৱাৰ সময়ত, আহিল শেৱালীক সুধিবলৈ-
মামী কি বানাং ?
তই যি বনোৱা বনোৱা।
ৰ' বাইদোৱে মোক সুধবা দিছে না, কি খাৱা ?
বিলাহীৰে মাছ বনাবি যা।
সিটাটু বুজি পাইছুং ৰ, আৱলা খাবি না উহা খাবি ?
শেৱালীয়ে আৱলা-উহা বুজি পালেহে ? বিলহীৰে মাছ বনা, এখন বনালেই হ'ব যা।

এনেদৰে বহু সময় পাৰ হ'ল। কোনোৱে কাকো বুজাবও নোৱাৰে বুজাবও নোৱাৰে। উপায় নাপাই সুনিতি ভিতৰলৈ গৈ এখন হাতত এমুঠি আৱলা (আৰৌ) চাউল আনখন হাতত এমুঠি উহা (উহোৱা) চাউল লৈ শেৱালীক দেখুৱাই ক'লে," ইলাক ক ইটা খাবি না সিটা খাবি ?"
শেৱালীয়ে এতিয়াহে বুজিলে, ইমান দেৰি তাই আৰৌ চাউল বনাব নে উহোৱা চাউলৰ ভাত বনাব, তাকেহে সুধি আছিল। তাই আৰৌ চাউলৰ মুঠিটো দেখুৱাই," আজি ইটাকে বনাবি যা, ইটা কাম আজি।"
সুনিতিয়ে বাইদেউৰ আদেশ আখৰে আখৰে পালন কৰিবলৈ সুবিধা পাই স্বস্তিৰ-নিশ্বাস পেলালে।
এতিয়াও আমাৰ মাজত বহুতো সুনিতি আছে, যিয়ে নিজৰ স্বাৰ্থতকৈ আনৰ স্বাৰ্থক অধিক গুৰুত্ব দিয়ে।
----------------------------------------------------------------------------
প্ৰশান্ত

0 Comments
Please do not enter any spam link in the comment box.