পাণ্ডুলিপি

পাণ্ডুলিপি


"নালাগে শইকীয়া, তাতে সৱ শুদ্ধ হৈ যাব। বাক্যটো শুদ্ধ হ'লেই হ'ল।"

        ভৰালী চাৰে কোৱা কথা এটা হঠাতে মনত পৰি গ'ল। ভৰালী চাৰে চিকিৎসা সেৱাৰ লগতে সমান্তৰাল ভাৱে সাহিত্যচৰ্চা কৰি গৈছে। কবিতা,গল্প,প্ৰৱন্ধ আদিৰ লগতে চাৰে লিখা কেবাখনো উপন্যাস ইতিমধ্যে বিভিন্ন আলোচনীত প্ৰকাশ পাইছে।

        ছাৰৰ লগত মোৰ এক বিশেষ আত্মীয়তা আছে। সেইসূত্ৰে চাৰৰ ঘৰলৈ মোৰ সঘন আহ্-যাহ্ আছে। এদিন আগৰ দৰেই চাৰৰ ঘৰলৈ গলো। চাৰে নি মোক নিজৰ ৰূমত বহুৱালে। মোৰ হাতত এটা গল্পৰ পাণ্ডুলিপি দি কলে,
"চাওক চোন, অলপ চাই দিয়ক, কেনেকুৱা হৈছে অলপ চকু ফুৰাওক !"
"চাৰ আপুনি লিখিছে যেতিয়া ঠিকেই হ'ব।"

তথাপি চাৰৰ কথা পেলাব নোৱাৰি গল্পটি ভালদৰে নিৰীক্ষণ কৰাদি গল্পটো পঢ়ি চালো। পঢ়ি হোৱাৰ পাছত চাৰে সুধিলে, "কেনে পালে, শইকীয়া ?"

"বৰ সুন্দৰ গল্প এটি প্ৰস্তুত কৰি উলিয়ালে, চাৰ।"
"আৰু কিবা"
"বেলেগ আৰু নাই চাৰ, মাত্ৰ বানান দুই এটা অ'ত-ত'ত ভুল হৈ আছে।"
"বাক্যটো শুদ্ধ হৈছে নে নাই ? মানে মই যিটো কথা ক'ব বিচাৰিছো, সেইটো প্ৰকাশ পাইছেনে নাই ?"

"সেইটো বৰ সুন্দৰকৈ প্ৰকাশ পাইছে, চাৰ। তথাপি বানান কেইটা শুদ্ধ কৰি দিলে ভাল আছিল নেকি, চাৰ ?"
    "নালাগে শইকীয়া, তাতে সৱ শুদ্ধ হৈ যাব। বাক্যটো শুদ্ধ হ'লেই হ'ল। আপোনাৰ লিখা কাম, আপোনাৰ মনলৈ যি আহে তাকে লিখি যাওক। শুদ্ধ অশুদ্ধ বিচাৰ কৰা, বানান শুদ্ধ কৰা তেওঁলোকৰ (প্ৰকাশক গোষ্ঠীৰ) কাম। আমাৰ কাম হ'ল মাত্ৰ সৃষ্টি কৰা। বাকীবোৰ তেওঁলোকে কৰিব।"

ভৰালী চাৰৰ এই উপদেশমূলক কথাখিনি মোৰ কাণত আজিও বাজি থাকে।

আমাৰ নৱ প্ৰজন্মৰ লেখক-লেখিকা সকলক প্ৰেৰণা যোগোৱাৰ অৰ্থে লেখাটি যুগুত কৰিলো।
---------------------------------------------------------------------------------
প্ৰশান্ত

Post a Comment

0 Comments