সীমাৰ পৰিধি ভাঙি
দিগন্ত আৰু অমল দুই ভাই-ককাই। বৰ মিল দুয়োৰে মাজত। বহুতে দুয়োকে ৰাম-লক্ষ্মণ বুলিয়েই কয়। সৰুতে দেউতাকক হেৰুৱাই, ককায়েক দিগন্তই ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰিবলগীয়া হয়। দিগন্ত দুমাহৰ ছুটীত ঘৰলৈ আহিছে। প্ৰাতভ্ৰমণ কৰি আহি দুই ভাই-ককাই নঙালা মুখৰ ওচৰতে থকা তিনিআলিৰ ডেকাচাঙত বহি কথা পাতি আছে। কথাবাৰ্তাৰ মাজতে অমলে সুধিলে-
দাদা, আপুনি যে শিৱসাগৰৰ বন্ধুজনৰ হাতত ঘৰত দিবলৈ টকা তিনিহাজাৰ পঠাইছিল, কথাটো মই এতিয়াও বুজি নাপালো ? মানুহজনেও টকা তিনিহাজাৰকে দিবলৈ সুদূৰ শিৱসাগৰৰ পৰা বৰপেটালৈ সৰু গাড়ী এখন ভাড়া কৰি আহিছে ? তাকো মানুহক সুধি সুধি আহি ওলাইছে ! টকা তিনিহাজাৰ দিবলৈ আহি, তেখেতৰ দেখোন প্ৰায় পাঁচ হাজাৰমান টকা খৰছেই হ'ল ?
আচলতে ইয়াত টকা পইছাৰ কথা নাহে,অমল ! কথা আহে আত্মীয়তাৰ। মই তেতিয়া কাশ্মীৰ কেম্পত। আমাৰ কেম্পত আমি আঠজন অসমৰ ল'ৰা আছো। তাত থকা সময়খিনিত হিন্দু-মুছলমান কোচ-কলিতা আদি কথাবোৰ আমাৰ মনলৈ নাহে। আমি অসমীয়া কেইজনে একেটা পৰিয়ালৰ ভাই-ককাই বুলি ভাবো। সি ঘৰলৈ যাব, গতিকে, টকা তিনিহাজাৰ মাৰ হাতত দি আহিব। বচ, কথা ইমানেই।
হ'লেও দাদা, টকা তিনিহাজাৰৰ কাৰণে মানুহ জনৰ কম লটি-ঘটি হ'লনে ?
কথাটো তেনেকুৱা নহয় ভাইটি, আমি যিমানেই আঁতৰলৈ যাও সিমানেই আমাৰ মনৰ দিগন্ত বহল হৈ যায়। যেতিয়া আমি বৰপেটা জিলাত থাকো তেতিয়াই আমাৰ মাজত প্ৰশ্ন হয়- ক'ত ঘৰ ? বৰপেটাত। বৰপেটাৰ কোন ঠাইত ? সৰভোগত- সৰভোগৰ কোন ঠাইৰ ? বাৰেগাওঁ,- বাৰেগাঁওৰ কাৰ ঘৰৰ ইত্যাদি ইত্যাদি নানা প্ৰশ্ন।
কিন্তু অসমৰ বাহিৰত থাকিলে এইবোৰ প্ৰশ্ন নুঠে। আমি মাত্ৰ এটাই জানো আমি অসমীয়া। যেতিয়াই আমি ভাৰতৰ বাহিৰত থাকিম, ধৰি লোৱা, আমেৰিকাত থাকো তেতিয়া আমাৰ মাত্ৰ এটাই পৰিচয়, আমি সকলো ভাৰতীয়। তেতিয়াই আমি সকলোৱে নিজকে এটা ভাৰতীয় পৰিয়াল বুলি পৰিচয় দিও। ভাৰতৰ বাহিৰত আমি সকলো ভাই ভাই। আমাৰ মনত হিন্দু, মুছলমান,অসমীয়া, বঙালী,পাঞ্জাৱী আদি বিভেদ নাথাকে।
আৰু কিবা কাৰণত যদি আমি অন্য গ্ৰহত চাকৰি পাও, তেতিয়া আমি নিশ্চয় নিজকে পৃথিৱীৰ মানুহ বুলি পৰিচয় দিম। হয়তো আজিৰ নিচিনা ছুটীত অহা আমেৰিকাৰ বন্ধুজনৰ হাতত টকা তিনিহাজাৰ দি কম, "ঘৰত যাবি যেতিয়া টকা তিনিহাজাৰ মাক দি আহিবি।" সিয়ো নিশ্চয় সুদূৰ আমেৰিকাৰ পৰা মাৰ হাতত টকা তিনিহাজাৰ দিবলৈ অসমলৈ আহিব। কাৰণ আমি দুয়ো পৃথিৱীৰ, পৃথিৱী আমাৰ ঘৰ। ঘৰলৈ আহিব যেতিয়া মাৰ হাতত টকা তিতিহাজাৰ দি যাব। এয়াই হ'ল আত্মীয়তা।
অৰ্থাৎ, আমি যিমানেই বিশাললৈ যাম, সিমানেই আমাৰ নিজস্ব পৰিচয় বিশাল হৈ যায়, আত্মীয়তা বৃদ্ধি পায়। লগতে মানসিক চিন্তাধাৰাও বহল হৈ যায়।
হয় দিয়ক দাদা, আমি যে কিমান ঠেক গম্ভীৰ মাজত সোমাই আছো ? অ', মায়ে আপোনাৰ বিয়াখন পতাৰ কথা কৈছিল অ' ! আপুনি কি কয় ?
হ'ব ভাইটি, আগতে তই পঢ়ি-শুনি ওলাই ল !

---------------------------------------------------------------------- --------------------------------------------------
প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.