টাকুৰী

টাকুৰী


    এনেতে বাহিৰৰ পৰা খিৰিকীৰে সোমাই অহা এজাক শীতল বতাহে তাইৰ দেহটো চুই থ'ই গ'ল। কিছুসময় ভাবী-গুণী থাকি তাই চাদৰৰ আঁচলটো চিলোৱাত লাগিল। এনেতে শাহুআই সোমাই আহি মাত লগালে, " কাপুৰ চিলে আছা, আই ?"
"হয় মা, যোৱাকালি জেওৰাত লাগি চাদৰৰ আঁচলটো ফালি থাকিল।"

       শেৱালীয়ে বিছনাত বহি খিড়িকীৰে ৰাস্তালৈ চাই কিবাকিবি ভাবি আছে। এনেতে ঘপ্-কৰে খুৰীয়েকে বিয়াত দিয়া কাপোৰ যোৰৰ কথা মনত পৰি গ'ল। যোৱাকালি জেওৰাত লাগি চাদৰৰ আঁচলটো ফালি থাকিল। চাদৰখন হাতত লোৱাৰ লগে বিয়াৰ দিনা খুৰীয়েকে কোৱা কথাষাৰ মনত পৰিল, " আমিনো আৰু কি দিব পাৰো ? তই এইযোৰ ঘৰতে পিন্ধিব পাৰিবি যা।" কাপোৰযোৰ হাতত লৈ এজন এজনকৈ তাইৰ নগাঁৱত থকা নিজৰ ঘৰৰ প্ৰতিজন সদস্যলৈ মনত পৰিল। মা-দেউতাই বা কি কৰি আছে ? ভন্টিহতে বা কি কৰি আছে ? তাইৰ অতি মৰমৰ পণ্ডিতে (মেকুৰী) বা কি কৰি আছে ? সিহতৰ বাৰু মোলৈ মনত পৰেনে ? …… আদি কথাবোৰ ভাবি আমন-জিমনকৈ বহি আছে। ৰাস্তাৰে যোৱা ৰঙা নীলা সৰু সৰু গাড়ীবোৰ দেখি তাই মনতে ভাবিছে - গাড়ী এখন থকা হ'লেও …….??


"মোক টাকৰী অলপ লগছিল এ ?"

"কি টাকৰী! মই বুজা নাই, মা"

"টাকুৰী এ, মোক টাকুৰী অলপ লগছিল।"

"টাকুৰী নাই নহয়, মা।"

"মই এথানে তোৰ ইয়াতে দেখছিলু দেখোন ?"

"মই দেখোন টাকুৰী লগত অনায়ে নাই, মা ?

"হবোদে বাবা আই্হলি তাক এটা আনবা দিম দে"

বুলি কৈ শাহুআই ৰূমৰ পৰা ওলাই গ'ল।

        শেৱালীয়ে মনে মনে ভাবিলে- আমাৰ গাঁৱৰ মানিকি আইতাইহে টাকুৰীৰে সূতা কটা দেখিছিলো। ইয়াত আৰু ক'ৰ পৰা টাকুৰী আহিল ? মইনো ইয়ালৈ কিয় টাকুৰী লৈ আহিম ? মায়ে ইয়াত দেখা বুলি কিয় ক'লে বাৰু ? ইয়াতে আকৌ বেলেগ বস্তকে টাকুৰী বুলি কয় নেকি ? কি যে হ'ব ? নাই, মাক মাতি আনি সুধায়ে ভাল হ'ব। ক'ত দেখিছে নিজেই লৈ যাওক।

" মা আপুনি যে কৈছিলে, ইয়াতে কৰোবাৰ টাকুৰী দেখা বুলি ক'ত দেখিছিলে বাৰু ?"

মায়ে ৰূমৰ ইফালে-সিফালে চাই বিছনৰ পৰা গুলিটো উঠাই আনি মোক দেখুৱাই ক'লে,

"ইটু দেখুন টাকৰী এ ?"

"মা এইটো গুলিহে ?"

"কি গুলী এ ?"

"হয় মা আমাৰ ফালে এইটোক গুলি বুলিহে কয়।"

"হাও খালাক এ ! "মাৰবো মোক আহুন, গতে পাগলা কৰি!"
------------------------------------------------------------------------------------------------------------
  প্ৰশান্ত

Post a Comment

0 Comments