চোৱা | ছোৱা |

চোৱা,ছোৱা,

অসমীয়া ভাষাত "চোৱা" আৰু "ছোৱা" শব্দ দুটায়ো সঘনাই বিভ্ৰান্তিৰ সৃষ্টি কৰা দেখা যায়। গতিকে সহৃদয় পাঠকৰ জ্ঞাতাৰ্থে চমুকৈ শব্দকেইটাৰ সাম্ভাব্য অৰ্থ যুগুত কৰা হ'ল-

চোৱা- সাধাৰণতে চোৱা শব্দই কেইবাটাও অৰ্থ প্ৰকাশ কৰা দেখা যায়। তাৰ ভিতৰত দেখা কাৰ্য, এবিধ গছৰ নাম, জ্যোতিষী বা বিজ্ঞ লোকৰ ওচৰত শুভাশুভ আদিৰ বুজ লোৱাক বুজায়।

ছোৱা- আনহাতে "ছোৱা" শব্দই ঘৰৰ চাল খেৰেৰে ঢকা, ভাটো চৰাই আৰু অংশ, ভাগ, খণ্ড খণ্ড, পৰিচ্ছেদ আদিক বুজায়।

আশাকৰো লেখাটিয়ে "চোৱা" আৰু "ছোৱা" শব্দ দুটাৰ বিভ্ৰান্তি আতৰোৱাত সহায়ক হ'ব।
------------------------------------------------------------------------------------------------

Post a Comment

2 Comments

Please do not enter any spam link in the comment box.