উৰণীয়া সেতু
এটা বিকট চিঞৰ তাৰ পিছত ঝক্ ঝক্ ঝক্ ঝক্ শব্দত শেৱালী উচপ খাই উঠিল! ঐ কিহৰ শব্দ ?
ৰেলৰ শব্দ। মানস ৰাইনো সৰভোগ ষ্টেচন পাৰ হৈছে।
মই জানা, ৰেলত উঠিয়েই পোৱা নাই।
হ'ব দিয়া, এইবাৰ যাওতে আমি ৰেলেৰে যাম।
হয়, মানস ৰাইনো নামৰ যাত্ৰীবাহী ৰেলখন সদায় ৰাতিপুৱা বঙাইগাঁওৰ পৰা গুৱাহাটীলৈ যায়। ৰাতি ন-মান বজাত ঘূৰি আহি সৰভোগ ষ্টেচন পায়। সেইদৰে আকৌ ৰাতিপুৱা পাঁচ বাজি ত্ৰিশ্ মিনিটত সৰভোগ ষ্টেচন পায়।
জীৱনত প্ৰথম ৰেলত উঠাৰ কথা, শেৱালীৰ গা সাতখন-আঠখন, মুখত অনাবৰত গান নুগুচাই হ'ল। আগদিনাৰ পৰাই সকলো বান্ধি কৰি সাজু। ৰিক্সা আহিলেই হ'ল। নিশাটো শেৱালীৰ ভালদৰে টোপনি নাছিল, চকু মুদিলেই পু…ঝক্ ঝক্ ঝক্ ঝক্ ………ৰেলত উঠি গৈ আছে।
ৰাতিপুৱা পাঁচ বজাৰ আগতেই ৰিক্সা আহি পোৱাত আমি দুয়ো ৰিক্সত উঠিলো। ঘৰৰ পৰা ষ্টেচন পাবলৈ পোন্ধৰ মিনিট লাগিছিল। এই পোন্ধৰ মিনিটত শেৱালীৰ ক'ত কি প্ৰশ্ন ! ৰেলখন পাৰ হৈ গ'লে কি হ'ব এতিয়া ?
এনেতে ৰিক্সাৱালাই মাত লগালে," নাজৈ বাইদো নাজৈ, আমি দেইলি আহি থাকু নহৈ। এথনো দশমিনিটমান আছে। চিন্তা কৰবা নালগে দে। যাই পাম দে।"
সময়তকৈ দহ মিনিটমান আগতেই আমি ষ্টেচন পালো। সৰভোগৰ পৰা চিধা হয়বৰগাঁৱলৈ দুটা টিকত শেৱালীকে কাটিব দিলো। চিধা হয়বৰগাঁৱলৈ টিকট কাটিলে দুটকামান ৰেহাই পোৱা যায়, লগতে গুৱাহাটী ষ্টেচনত শাৰীপাতি টিকট লোৱাৰ পৰাও ৰেহাই পোৱা যায়। গতিকে সৰভোগ ষ্টেচনৰ পৰাই হয়বৰগাঁৱলৈ দুটা টিকট সংগ্ৰহ কৰি প্লেটফৰ্মত বহিলো। ৰেল পলম আছিল । আমি আধাঘন্টামান তাতে এনেয়ে বহি থাকিবলগীয়া হলো।
তাতেই আমাৰ ওচৰৰে বাইদেউ এজনী হেলেনক লগ পালো। শেৱালীকো বাইদেউৰ লগত চিনাকি কৰাই দিলো। বাইদেউ আৰু শেৱালীৰ বিভিন্ন ধৰণৰ কথা পাতিলে। এনেতে শেৱালীয়ে হেলেন বাইদেউক সুধিলে,"সেই যে খটখটিৰ নিচিনা আছে যে সেইখন কি বাইদেউ ?"
বাইদেৱে ক'লে,"উৰণীয়া সেতু বা অ'ভাৰ ব্ৰীজ"
কি মানে ?
বাইদেৱে সুন্দৰকৈ বুজাই দিলে- ধৰি লোৱা আমি ইয়াতে থাকোতে এখন ৰেল আহি ৰখিল। সিপাৰৰ মানুহখিনি কেনেকৈ যাব এতিয়া ? তেতিয়া সেই উৰণীয়া সেতু বা অ'ভাৰ ব্ৰীজৰে মানুহখিনি সিপাৰলৈ যায়।
ইমান ধুনীয়াকৈ বুজাই দিয়া সত্বেও কথাটো শেৱালীৰ মূৰত নধৰিল। মাত্ৰ অ' বুলি শলাগি থলে।
এনেতে ৰেল আহিল। বাইদেৱো আমাৰ লগতে বহিল। প্ৰায় চাৰেনমান বজাত গুৱাহাটী ষ্টেচন পালো। বাইদেউক তাতেই বিদায় দিলো। হয়বৰগাঁৱলৈ যোৱা কপিলী ৰেলখনৰ খবৰ ললো। সাতনম্বৰ প্লেটফৰ্মত থকা বুলি গম পাই এক নম্বৰ প্লেটফৰ্মৰ পৰা সাত নম্বৰ প্লেটফৰ্মলৈ উৰণীয়া সেতু বা অ'ভাৰ ব্ৰীজেৰে খোজ ললো। উৰণীয়া সেতু বা অ'ভাৰ ব্ৰীজেৰে গৈ থকা সময়ত শেৱালীয়ে একান্ত মনে তলত ৰৈ থকা ৰেলবোৰলৈ তধা লাগি চাই চাই গৈছিল।
যথাসময়ত গৈ আমি ৰৈ থকা কপিলী ৰেলত বহিলো।
শেৱালীয়ে দীঘলকৈ উশাহ লৈ,"অ' হেলেন বাইদেৱে কোৱা উৰণীয়া সেতু বা অ'ভাৰ ব্ৰীজৰ কথাটো এতিয়াহে বুজি পালো।"……
সেই দিন ধৰি আজিও হেলেন বাইদেউৰ কথা মনত পৰিলে শেৱালীৰ মনটো কিবাকিবি লাগে।
--------------------------------------------------------------------
প্ৰশান্ত

0 Comments
Please do not enter any spam link in the comment box.