সাঁচ (তৃতীয় খণ্ড)

 সাঁচ, এক জীয়া বাস্তৱ।

       (তৃতীয় খণ্ড)

মই চোন তোমাৰ লগত কথা কোৱাৰ সুবিধাই নাপালোঁ, চন্দ্ৰা। বাৰু, বাদ দিয়া, সেইবোৰ এতিয়া অতীত হ'ল।

তোমাৰ পৰিয়ালৰ কথা কোৱা?

তিনিজন। এওঁ, মই আৰু আমাৰ ল'ৰা এজন আছে।

সি কি কৰি আছে?

সি এতিয়া শিলচৰ এন আই টিত ইঞ্জিনাৰিং পঢ়ি আছে।

ভালেই দিয়া। তুমি? তুমি এতিয়া কি কৰি আছা?

মই এতিয়া ম'ডেলিং কৰি আছোঁ।

হা:?

আচৰিত হʼলা যে? নোৱাৰিম বুলি ভাবিছা নেকি?

নাই, কিয় নোৱাৰিবা, নিশ্চয় পাৰিবা। মানুহৰ ইচ্ছা থাকিলে অসম্ভৱো সম্ভৱ হয়।

তোমাৰ কথা একো নোকোৱা পলাশ?

মোৰ নো কি? দেখিছাই দেখোন! আছোঁ আৰু। 

মানে তোমাৰ পৰিয়ালৰ কথা সুধিছো?

তোমাৰ নিচিনাই, এওঁ, মই আৰু আমাৰ ছোৱালী এজনী আছে।

তাই ডাঙৰে হ'ল চাগে?

অ'!

কি কৰি আছে? 

মেডিকেল পঢ়ি আছে। যোৱাবছৰ ডিব্ৰুগড় মেডিকেল কলেজত নাম লগাই দিছোঁ।

তুমি বহুত সুখী ........

(এনেতে চন্দ্ৰা (চন্দ্ৰমাৰ) মোবাইলৰ ৰিংটন বাজি উঠিল। তাই কাৰোবাৰ লগত ফোনত কিছু সময় কথা পাতি থাকিল)

পলাশে মনতে ভাবিলে,"আমাৰ দিনত (একবিংশ শতিকাৰ নব্বৈৰ দশকত) যদি এনেকুৱা মোবাইল থকাহেতেন! মোবাইলতো দূৰৰে কথা অভিজাত লোকৰ বাহিৰে সকলোৰে ঘৰত লেণ্ডফোন এটাও নাছিল! 

এওঁৰ ফোন, তেওঁ আহি পালেই, মই এতিয়া যাও পলাশ! এই জনমত আকৌ চাগে এনেকৈ আমাৰ দেখাদেখি নহ'বই! মই যাও দিয়া। বুলি কৈ লাহে লাহে চন্দ্ৰমা তাৰ ওপৰৰ পৰা আতঁৰি গৈছিল। চন্দ্ৰমা অদৃশ্য নোহোৱালৈকে সি একেঠৰে ৰ লাগি চাই আছিল। সাঁজ লাগি আহিছিল, লাহে লাহে ধৰালৈ আন্ধাৰবোৰ নামি আহিল। এটা দীঘল হুমুনিয়াহ কাঢ়ি সিয়ো তাৰ পৰা বেজাৰ মনে লাহে লাহে তাৰপৰা আঁতৰি আহিছিল।


(আগলৈ-)

Post a Comment

0 Comments