নিযুক্তি পত্ৰ

অণুগল্প

নিযুক্তি পত্ৰ


            সি আবেলিৰ ৰাঙলী বেলিটোলৈ ৰ লাগি চাই আছিল। এটা অবুজ বেদনাই তাৰ বুকুখনত হুলে বিন্ধাদি বিন্ধিছিল। বেলি নহয় যেনিবা নিশাৰ কপালৰ সেন্দুৰৰ ফোটটোহে!

        হয়, তাৰ প্ৰেয়সী নিশাৰ বিয়া। একমাত্ৰ চৰকাৰী চাকৰি এটা নথকাৰ বাবেই নিশাৰ ঘৰৰ মানুহে নিশাক তালৈ বিয়া নিদিলে।

        এনেতে, ডাকোৱালে তাৰ হাতত এখন নিযুক্তি পত্ৰ দি থৈ গ'ল। অযুত আশাই তাক বাৰে বাৰে আমনি কৰিছিল।

    সি তাৰ মোবাইলত নিযুক্তি পত্ৰৰ ক'পি এটা নিশালৈ পঠিয়াই দি গোটেই নিশা আশাৰে বাট চাই থাকিল।
---------------------------------------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।

Post a Comment

0 Comments