অসমৰ কৃষি বিপ্লৱ আৰু স্বাৱলম্বিতাৰ পথ
অসম এখন কৃষি প্ৰধান দেশ। অতীজৰেপৰা এই দেশ কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল। অসমত কৃষি বিপ্লৱৰ সূচনা কৰি স্বাৱলম্বিতাৰ পথ উলিওৱাৰ প্ৰচুৰ পৰিমাণে সম্ভাৱনা আছে যদিও অসম কৃষি কৰ্মৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অধিক পিছপৰি আছে। ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে অসমৰ কৃষি কৰ্ম যুগ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাব পৰা নাই। ফলস্বৰূপে অসমত কৃষি বিপ্লৱৰ সূচনা কৰি স্বাৱলম্বিতাৰ পথ উলিৱাব পৰা সম্ভাৱনাৰ থল যথেষ্ট আছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ প্ৰতিফলন ঘটা নাই।
অসমৰ কৃষি কৰ্মৰ পৰিচয়-
অসমৰ কৃষকসকল আজিও সাতামপুৰুষীয়া কৃষি পদ্ধতিৰ লগত জড়িত হৈ আছে। আজিৰ দিনতো অসমীয়া কৃষক গৰু, নাঙল আৰু প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। এজাক বৰষুণৰ বাবে আকাশলৈ চাই থাকে। অসমৰ কৃষকসকল এতিয়াও আধুনিক তথা বৈজ্ঞানিক কৃষি পদ্ধতিৰ উপযুক্ত ব্যৱহাৰৰ লগত জড়িত হোৱা নাই আৰু এই কাৰণবোৰৰ বাবে কৃষি এতিয়াও এক লাভজনক ব্যৱসায়লৈ পৰিণত হোৱা নাই। কৃষি ক্ষেত্ৰত উন্নত মানৰ বীজৰ প্ৰয়োগ, উন্নত মানৰ সামগ্ৰীৰ ব্যৱহাৰ, জলসিঞ্চন ব্যৱস্থা, ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ক্ষেত্ৰৰ আজিও আমাৰ ৰাজ্যখন অন্যান্য ৰাজ্যৰ তুলনাত অধিক পিছপৰি আছে।অসমৰ কৃষি ক্ষেত্ৰত পৰিলক্ষিত হোৱা বিপ্লৱ-
সময়ৰ পৰিৱৰ্তনৰ লগত মানুহৰ মনৰ ধাৰণাৰো পৰিবৰ্তন হয়। এটা সময় আছিল, মানুহৰ পঢ়া-শুনা কৰাৰ এটাই উদ্দেশ্য আছিল- এটা চাকৰি যোগাৰ কৰা। কিন্তু আজিৰ শিক্ষিত ডেকাচামৰ মাজত এই ধাৰণাৰ কিছু পৰিৱৰ্তন হৈছে। বহুতো শিক্ষিত ডেকা-গাভৰুৱে চাকৰিৰ আশাৰ বহি নাথাকি হাতেকামে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে অসমৰ কৃষিৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তন সূচনা কৰাৰ বহুতো নিদৰ্শণ পোৱা যায়।স্বাৱলম্বিতাৰ বিভিন্ন পথ-
অসমত ওঠৰ লাখতকৈও অধিক শিক্ষিত নিবনুৱা যুৱক-যুৱতী আছে। ইয়াৰ ভিতৰত দুই লাখতকৈও অধিক স্নাতক ডিগ্ৰীধাৰী আৰু কাৰিকৰী শিক্ষাৰে শিক্ষিত। এই স্নাতক ডিগ্ৰীধাৰী আৰু কাৰিকৰী শিক্ষাৰে শিক্ষিত ডেকা-গাভৰুসকলে চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহৈ কৃষি কৰ্ম বা অন্যান্য উৎপাদনমুখী কাৰ্যত নিজকে জড়িত কৰি স্বাৱলম্বি হোৱাৰ যথেষ্ট থল আছে। যুৱ প্ৰজন্মৰ যোগদানে কৃষি-ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব আৰু এই যোগদানে আমাক সেউজ বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ আগবঢ়াব। কৃষি ক্ষেত্ৰত উন্নত মানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ, উন্নত মানৰ বীজ, জলসিঞ্চন ব্যৱস্থাৰ সু-ব্যৱহাৰ, ৰাসায়নিক সাৰৰ প্ৰয়োগ আদিৰ দ্বাৰা প্ৰচুৰ পৰিমাণে উৎপাদন কৰি অসমত স্বাৱলম্বিতাৰ পথ বাচি লোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। ধান,মৰাপাট আদি খেতিৰ লগতে তৰমুজৰ খেতি, জৈৱিক কৃষি, ফুলৰ খেতি, পচন সাৰ আৰু কেঁচুসাৰৰ প্ৰস্তুতি, মৌ-পালন, মীন পালন, গাহৰি পালন, হাঁহ-কুকুৰা আদি পালন, উদ্যানশস্য, এৰী-মুগা-পাট পলু পালন, বস্ত্ৰ উদ্যোগ, বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুতকৰণ, জাম-জেলী প্ৰস্তুত আদি কাৰ্যৰ জৰিয়তে অসমত স্বাৱলম্বিতাৰ পথ প্ৰশস্ত হোৱাৰ যথেষ্ট থল আছে।কৃষিক্ষেত্ৰত উদ্ভাৱিত হোৱা নতুন নতুন কৃষি প্ৰযুক্তি আঁকোৱালি ল'লে আমাৰ দেশৰ কৃষক ৰাইজৰ প্ৰকৃত উন্নতি হোৱাৰ লগতে দেশৰো উন্নতি হ’ব।
---------------------------------------------------------------------------
প্ৰশান্ত শইকীয়া।
প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.