ৰস ৰচনা-১২
পাপ্পু: তগৰ অ'? ফ্ৰীজটোৰ ভিতৰত মূৰটো সুমুৱাই কি বিচাৰি আছা? ঠাণ্ডা খাবলৈ বিচাৰি ফুৰিছা নেকি?
তগৰ: হাও! ঠাণ্ডা নাখাও বুলি কৈছোৱে দেখোন!
পাপ্পু: নহ'লে এই দুপৰীয়া ফ্ৰীজৰ ভিতৰত কি বিচাৰি ফুৰিছা?
তগৰ: নহৈ দিয়ক! ফ্ৰীজৰ ভিতৰত মূৰটো সুমুৱাই থ'লে গাটো কিবা ভাল ভাল লাগি থাকে দিয়ক!
ৰস ৰচনা-১৩
পাপ্পু: তগৰ অ'? মমবাতি যে জ্বলাই ফুৰিছা, আমাৰ চ'লাৰ লাইট টো ৰ'দত নিদিলা নেকি?
তগৰ: দিছিলোঁ! অ' বৰষুণ আহোঁতে আনিব পাহৰিলোঁ।
পাপ্পু: সেই সময়ত কাৰ লগত ফোনত ব্যস্ত হৈ আছিলা, অ'?
তগৰ: অ' বান্ধৱী এজনীৰ লগত ফোন কৰি থাকোঁতে আনিবলৈ পাহৰিলোঁ দিয়ক!
পাপ্পু: তোমাৰ বান্ধৱীজনীৰো কাম নাই আৰু! সেইখিনি সময়তেহে ফোন কৰিব পাৰেনে?
ৰস ৰচনা-১৪
পাপ্পু- তগৰ অ'? ৰাতিপুৱাই পুৱাই পাক্-ঘৰত সোমাই কি খটৌ খটৌ মাৰি আছা?
তগৰ- অ' গেছ লাইটাৰটো নজ্বলে দেখোন? বেয়া হ'ল হ'বপায়?
পাপ্পু- কি কোৱা এ? সেইটো যোৱাকালি কিনি আনিছিলোহে?
তগৰ- কালি কিনি আনিলে, আজি বেয়া হ'ব নোৱাৰে নেকি, কিবা?
পাপ্পু- হাও? ৰেগুলেটৰৰ চুইচ অন কৰাই নাই দেখোন?
তগৰ- যাওক! পাক্ ঘৰত আপোনাৰ কি কাম?
পপ্পু- হা!
ৰস ৰচনা-১৫
তগৰ: হেৰি নহয়? আমাৰ দাদাৰ লগত ফোনটো লগাই দিয়কচোন?
পাপ্পু: সিদিনা ফোন কৰিছিলাহে? কি সদায় সদায় ফোন কৰি থাকিব লাগে? হু লোৱা!
তগৰ: হেল্লো.... অ'! দাদাই দেখোন কিবা হিন্দীতে কথা ক'বলৈ ধৰিলে?
পাপ্পু: চাও! ধ্যেই আবেৰী! সেইটো দেখোন কৰ'ণাৰ বিজ্ঞাপন!
তগৰ: হাও! মই কি জানো হ'লে?
----------------------------------------------------------------------
ৰচনা- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.