কীৰ্ত্তন ঘােষা
চতুৰ্ব্বিংশতি অৱতাৰ বৰ্ণন
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ জয় হৰি গােৱিন্দ নাৰায়ণ ৰাম কেশৱ হৰি
ৰাম ৰাম কেশৱ হৰি।। ১
পদঃ প্রথমে প্রণামাে ব্ৰহ্মৰূপী সনাতন।
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ।।
তযু নাভি কমলত ব্রহ্মা ভৈলা জাত।
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।। ১
মৎস্যৰূপে অৱতাৰ ভৈলা প্রথমত।
উদ্ধাৰিলা চাৰি বেদ প্রলয় জলত।।
সত্যব্রত ৰাজাক দেখাইলা নিজ মায়া।
নধৰিলা সমুদ্রে তােমাৰ মৎস্য কায়া।। ২
কূৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰােদধি তীৰে।
লক্ষ প্রহৰৰ পথ জুড়িলা শৰীৰে।।
কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে।
ধৰিলা মন্দৰ গিৰি প্রভু পৃষ্ঠভাগে।। ৩
দিব্য যজ্ঞ বৰাহ স্বৰূপ ভৈলা তুমি।
লীলায়ে দন্তৰ অগ্রে উদ্ধাৰিলা ভূমি।।
তােমাক কৰিলা যুদ্ধ হিৰণ্যাক্ষ বীৰি।
অপ্রয়াসে দৈত্যক মাৰিলা দন্তে ছিড়ি।। ৪
আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ।
নৰসিংহৰূপে হিয়া বিদিৰিলা তাৰ।।
কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস।
ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস।। ৫
বামন স্বৰূপে অদিতিৰ বাক্য পালি।
ইন্দ্ৰক থাপিলা ছলে বলিক নিকালি।।
ত্ৰৈলোক্যক আক্ৰমিলা চৰণৰ গতি।
তযু পাদোদকে গঙ্গা ভৈলা উতপতি।। ৬
ৰাম ৰাম কেশৱ হৰি।। ১
পদঃ প্রথমে প্রণামাে ব্ৰহ্মৰূপী সনাতন।
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ।।
তযু নাভি কমলত ব্রহ্মা ভৈলা জাত।
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।। ১
মৎস্যৰূপে অৱতাৰ ভৈলা প্রথমত।
উদ্ধাৰিলা চাৰি বেদ প্রলয় জলত।।
সত্যব্রত ৰাজাক দেখাইলা নিজ মায়া।
নধৰিলা সমুদ্রে তােমাৰ মৎস্য কায়া।। ২
কূৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰােদধি তীৰে।
লক্ষ প্রহৰৰ পথ জুড়িলা শৰীৰে।।
কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে।
ধৰিলা মন্দৰ গিৰি প্রভু পৃষ্ঠভাগে।। ৩
দিব্য যজ্ঞ বৰাহ স্বৰূপ ভৈলা তুমি।
লীলায়ে দন্তৰ অগ্রে উদ্ধাৰিলা ভূমি।।
তােমাক কৰিলা যুদ্ধ হিৰণ্যাক্ষ বীৰি।
অপ্রয়াসে দৈত্যক মাৰিলা দন্তে ছিড়ি।। ৪
আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ।
নৰসিংহৰূপে হিয়া বিদিৰিলা তাৰ।।
কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস।
ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস।। ৫
বামন স্বৰূপে অদিতিৰ বাক্য পালি।
ইন্দ্ৰক থাপিলা ছলে বলিক নিকালি।।
ত্ৰৈলোক্যক আক্ৰমিলা চৰণৰ গতি।
তযু পাদোদকে গঙ্গা ভৈলা উতপতি।। ৬
।। দ্বিতীয় কীৰ্ত্তন।।
ঘোষাঃ যদুমণি যাদৱ যাদৱ মাধৱানন্দ হৰি।। ২পদঃ ভৈলাহা পৰশুৰাম নামে অৱতাৰ।
প্ৰদক্ষিণ কৰি ভূমি তিনি সাতবাৰ।।
ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি।
নিক্ষত্ৰিয় কৰিলা সমস্ত বসুন্ধৰী।। ৭
ছিৰীৰামৰূপে কৌশল্যাত অৱতৰি।
বনবাস খপিলা পিতৃৰ বাক্য ধৰি।।
বিৰাধ কৱন্ধ মৰীচৰ লৈলা প্ৰাণ।
খৰ দূষণক প্ৰভু কৰিলা নিৰ্য্যাণ।। ৮
একপাট শৰে বালি সঙ্কলিলা জীৱ।
তােমাৰ প্রসাদে ৰাজা ভৈলন্ত সুগ্রীৱ।।
লঙ্কাত পশিলা সাগৰত বান্ধি সেতু।
বধিলা ৰাৱণ সীতা হৰণৰ হেতু।। ৯
মাৰিলা ৰণত আনাে ৰাক্ষস অনেক।
ভক্ত বিভীষণ কৰিলা অভিষেক।।
অগ্নিত পৰীক্ষা কৰি আনিলা সীতাক।
ব্রহ্মাদেৱে স্তুতিবাণী বুলিলা তােহ্মাক।। ১০
সম্বৰিলা সীতা দশৰথৰ বচনে।
অযােধ্যাক আসিলা সভাৰ্য্যে ৰঙ্গমনে।।
কৰিলাহা ৰাজ্য দশ হাজাৰ বৎসৰ।
লগে স্বর্গে নিলা সৱে অযােধ্যা নগৰ।। ১১
ৰােহিণীত ভৈলা হলিৰাম অৱতাৰ।
দ্বিবিদৰ প্ৰাণ লৈলা মুষ্ঠিৰ প্ৰহাৰ।।
প্রলম্ব মুষ্টিক ৰুক্ম দন্তবক্ৰ বীৰ।
লীলায়ে মাৰিয়া ভাৰ হৰিলা ভূমিৰ।। ১২
বুদ্ধ অৱতাৰে বেদ পথ কৰি ছন্ন।
বামানয় শাস্ত্রে মুহি আছা সৰ্ব্বজন।।
নিচিন্তে চৰণ নাম নলৱে তােহ্মাৰ।
সদায়ে প্রমত্ত লােক পাষণ্ড আচাৰ।। ১৩
কলিৰ শেষত হৈবা কল্কি অৱতাৰ।
কাটি মাৰি ম্লেছক কৰিবা বুন্দামাৰ।।
সবাকো বধিবা বৌদ্ধগণ যত আছে।
কলিৰ শেষত সত্য প্ৰৱৰ্ত্তাইবা পাছে।। ১৪
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ নৰহৰি গােৱিন্দ গােৱিন্দ গােৱিন্দ ৰাম ৷ ৷ ৩পদঃ সনতকুমাৰ অৱতাৰে তুমি হৰি।
ফুৰিলা দুষ্কৰ ব্রহ্মচর্য ব্রত ধৰি।।
পৃথুৰাজা তােমাত সুধিলা মহাজ্ঞান।
সমস্ত তত্ত্বক তুমি কৰিলা ব্যাখ্যান।। ১৫
ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ।
পঞ্চৰাত্র নামে তন্ত্র কৰিলা প্রচাৰ।।
যাক আচৰিলে মহা মােক্ষ পদ পায়।
হৰিৰ কীৰ্ত্তন কৰি ফুৰা বীণা বায়।। ১৬
ভৈলা অৱতাৰ আৰাে নৰনাৰায়ণ।
কৰিলা দুষ্কৰ তপ চিত্তৰ শােধন।।
তােমাক মুহিবে কামদেৱ আইলা সাজি।
দর্প চূৰ কৰিলা উলটি গৈলা লাজি।। ১৭
কপিল স্বৰূপে আৰাে ভৈলা অৱতাৰ ।
লুপ্ত ভৈল জ্ঞান তাক কৰিলা প্রচাৰ।।
তােমাৰ প্রসাদে যােগ জানি দেৱহূতি।
তােমাৰ চৰণ চিন্তি লভিলা মুকুতি।। ১৮
দত্তাত্রেয় নামে ভৈলা অত্রিৰ তনয়।
পুছিলন্ত যােগ যদু অলৰ্ক হৈহয়।।
তিনিও ৰাজাত কৈলা যােগৰ যুগুতি।
তােমাৰ প্রসাদে পাইলা পৰম মুকুতি।। ১৯
যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায়।
যাৰ নামে দেৱগণ লগত সহায়।।
স্বায়ম্ভুৱ মনুৰ দিনত তুমি হৰি।
ইটো ত্রিজগতক আছিলা ৰক্ষা কৰি।। ২০
পুত্ৰ ভৈলা নাভিৰ ঋষভ নামে তুমি।
যত যােগচৰ্য্যা ধৰি পৰ্য্যটিলা ভূমি।।
পৰম জ্ঞানৰ পথ দেখাৱা আপুনি।
পৰমপদক পাৱে যাক জানি শুনি।। ২১
অৰাজক ভৈল নষ্ট হােৱে সৱে প্রজা।
দেখি তুমি ভৈলা পৃথু নামে আদি ৰাজা।।
পৃথিৱীক ধৰিয়া দুহিলা সৰ্ব্ব ৰস।
জগতকে ব্যাপিল তােহ্মাৰ মহাযশ।। ২২
সাগৰ মথন্তে অমৃতৰ ঘট ধৰি।
ধন্বন্তৰি নামে অৱতাৰ ভৈলা হৰি।।
যত বৈদ্য শাস্ত্ৰচয় কৰিলা প্রকাশ।
যাহাক জানিলে হয় ব্যাধিৰ বিনাশ।। ২৩
ধৰিলাহা সংহাৰ মােহিনী নাৰী বেশ।
দুষ্ট দৈত্যগণক মুহিলা হৃষীকেশ।।
ভকত দেৱক পান কৰাইলা অমৃত।
তােমাৰ প্রসাদে ইন্দ্র ভৈলা কৃতকৃত্য।। ২৪
তিনিও ৰাজাত কৈলা যােগৰ যুগুতি।
তােমাৰ প্রসাদে পাইলা পৰম মুকুতি।। ১৯
যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায়।
যাৰ নামে দেৱগণ লগত সহায়।।
স্বায়ম্ভুৱ মনুৰ দিনত তুমি হৰি।
ইটো ত্রিজগতক আছিলা ৰক্ষা কৰি।। ২০
পুত্ৰ ভৈলা নাভিৰ ঋষভ নামে তুমি।
যত যােগচৰ্য্যা ধৰি পৰ্য্যটিলা ভূমি।।
পৰম জ্ঞানৰ পথ দেখাৱা আপুনি।
পৰমপদক পাৱে যাক জানি শুনি।। ২১
অৰাজক ভৈল নষ্ট হােৱে সৱে প্রজা।
দেখি তুমি ভৈলা পৃথু নামে আদি ৰাজা।।
পৃথিৱীক ধৰিয়া দুহিলা সৰ্ব্ব ৰস।
জগতকে ব্যাপিল তােহ্মাৰ মহাযশ।। ২২
সাগৰ মথন্তে অমৃতৰ ঘট ধৰি।
ধন্বন্তৰি নামে অৱতাৰ ভৈলা হৰি।।
যত বৈদ্য শাস্ত্ৰচয় কৰিলা প্রকাশ।
যাহাক জানিলে হয় ব্যাধিৰ বিনাশ।। ২৩
ধৰিলাহা সংহাৰ মােহিনী নাৰী বেশ।
দুষ্ট দৈত্যগণক মুহিলা হৃষীকেশ।।
ভকত দেৱক পান কৰাইলা অমৃত।
তােমাৰ প্রসাদে ইন্দ্র ভৈলা কৃতকৃত্য।। ২৪
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ মাধৱ ৰাম হৰিহে যাদৱ ৰাম হৰি।। ৪
পদঃ ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি।
দেখিলাহা প্ৰজা ভৈলা আতি অল্পমতি।।
কৰিলা অনেক শাখা চাৰিও বেদৰ।
পুৰাণ ভাৰত শাস্ত্র নির্মিলা বিস্তৰ।। ২৫
গজেন্দ্রক গিলে ঘােৰ গ্ৰাহে বলে ধৰি।
তােমাত শৰণ লৈলা আর্তনাদ কৰি।।
শুণ্ডে মেৰাই পদ্মগােট উপৰক তুলি।
কৰিলা অনেক স্তুতি ত্রাহি হৰি বুলি।। ২৬
শুনি শীঘ্ৰে চড়ি তুমি গৰুড়ৰ কন্ধে।
ভকতক ৰাখিবাক আসিলা প্রৱন্ধে।।
গৰুড়ৰ নামি তুমি পৰম বিক্রমে।
শুণ্ডে ধৰি তৰত তুলিলা গ্রাহে সমে।। ২৭
আথে বেথে চক্রে ছিড়িলাহা গ্রাহ মুখ।
তােমাৰ প্রসাদে গজেন্দ্ৰৰ গৈলা দুখ।।
হস্তী গুচি তৈতে চতুর্ভুজ ৰূপ ভৈলা।
গলে বনমালা হাতে চাৰি অস্ত্র লৈলা।। ২৮
তােমাক নমিলা গৈয়া দণ্ডৱতে পৰি।
পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লৰি।।
তযু পৰশনে গ্রাহে শাপক নিস্তৰি।
বিমানে স্বর্গক গৈলা দিব্য ৰূপ ধৰি।। ২৯
হয়গ্ৰীৱ নামে আৰাে ভৈলা অৱতাৰ।
তপ্ত সুৱৰ্ণৰ বৰ্ণ শৰীৰ তােহ্মাৰ।।
তােমাৰ সুন্দৰ সিটো নাসিকাৰ হন্তে।
বাজ ভৈলা চাৰি বেদ নিশ্বাস কাঢ়ন্তে।। ৩০
সপত্নী মাতৃৰ বাক্যে বিদাৰিলা মন।
ধ্রুৱে আসি আৰাধিলা তােহ্মাৰ চৰণ।।
ত্রৈলােক্যৰ উপৰে তাহাঙ্ক থৈলা থাপি।
গােধিকাৰ পুচ্ছ ভাগে দেখিয়ে অদ্যাপি।। ৩১
দেৱে দৈত্য আনিবাক নৱাৰে মন্দৰ।
অপ্রয়াসে আনি তুমি মথিলা সাগৰ।।
দানৱক যুঝিলা দেৱৰ হুয়া ভিতি।
তােমাৰ প্ৰসাদে ইন্দ্রে সাধিলা জয়তি।। ৩২
কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্ব্বজনে।
মােক্ষ পদ সাধে আউৰ শ্ৰৱণ কীৰ্ত্তনে।।
কৃষ্ণৰ কিঙ্কৰে ভণে শঙ্কৰে সম্প্রতি।
বােলা হৰি হৰি পাপ যাউক অধােগতি।। ৩৩
৷ ৷ চতুর্বিংশতি অৱতাৰ বৰ্ণন সমাপ্ত।।
-----------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
অপ্রয়াসে আনি তুমি মথিলা সাগৰ।।
দানৱক যুঝিলা দেৱৰ হুয়া ভিতি।
তােমাৰ প্ৰসাদে ইন্দ্রে সাধিলা জয়তি।। ৩২
কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্ব্বজনে।
মােক্ষ পদ সাধে আউৰ শ্ৰৱণ কীৰ্ত্তনে।।
কৃষ্ণৰ কিঙ্কৰে ভণে শঙ্কৰে সম্প্রতি।
বােলা হৰি হৰি পাপ যাউক অধােগতি।। ৩৩
৷ ৷ চতুর্বিংশতি অৱতাৰ বৰ্ণন সমাপ্ত।।
-----------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.