কীৰ্ত্তন ঘােষা
হৰমােহন
৷ ৷ প্রথম কীৰ্ত্তন।।
ঘােষাঃ মুখে বােলা ৰাম কৃষ্ণ সনাতন হৰি।
হৰিহৰ লীলা কথা শুনা কর্ণ ভৰি ৷ ৷ ১
পদঃ পৰীক্ষিত ৰাজাত কহন্ত মুনি শুকে।
কহাে কৃষ্ণ কথা শুনা পৰম উৎসুকে।।
বিপৰীত স্ত্রী মায়া দেখি মাধৱৰ।
শুনা যেন মতে কামাতুৰ ভৈলা হৰ।। ১
শুনিলন্ত হৰে পাছে কথা বিপৰীত।
স্ত্রী ৰূপ ধৰি হৰি হৰিলা অমৃত।।
দেৱক ভুঞ্জাইলা দানৱৰ আশা ভঙ্গ।
শুনি ত্রিনয়নৰ মনত মহাৰঙ্গ।। ২
নয়নে দেখিবাে বিষ্ণু ভৈলা যেন নাৰী।
এহি বুলি বৃষভত চড়ি ত্ৰিপুৰাৰি।।
লগ লাগি গৌৰীও বসিল স্বামী কাছে।
দেখি নন্দী আদি কৰি যত ভৃত্য আছে।। ৩
কৈলাস ছানিয়া সৱে কোবাৱে নিশান।
দণ্ডে ছত্রে বাদ্যে ভণ্ডে ধৰিল যােগান।।
আকাশৰ পথে গৌৰীনাথ গৈলা লড়ি।
বিষ্ণুৰ পুৰীক আন্টাইলেক দৰদৰি।। ৪
বৃষভৰ নামি হৰ আৰো গৌৰী মাৱ।
বিষ্ণুক সাদৰি দুয়াে ভৈল ভূমি পাৱ।।
মাধৱৰ মন্দিৰক দূৰতে আকলি।
প্রণামিলা শঙ্কৰে কৰিয়া কৃতাঞ্জলি ৷ ৷ ৫
ৰত্নৰ মন্দিৰে সুৱৰ্ণৰ সিংহাসনে।
কৰন্ত প্রকাশ বসি প্রভু নাৰায়ণে।।
সুনন্দ কুমুদ নন্দন পাৰিষদগণ।
চতুর্ভিতি বেড়ি সেৱে কৃষ্ণৰ চৰণ।। ৬
জগত জননী লক্ষ্মী আছন্ত উপাসি।
শঙ্কৰক দেখি হৰি তুলিলন্ত হাসি।।
বসিবাক লাগি বঢ়াই দিয়াইলা আসন।
সভাৰ্য্যে বসিল তাতে দেৱ ত্ৰিণয়ন।। ৭
সাদৰিলা হৰি যেন বিধি ব্যৱহাৰ।
কৰিলা পাৰ্ব্বতী সমে শিৱক সৎকাৰ।।
শঙ্কৰে কৰিলা হৃষীকেশক সেৱলি।
আৰম্ভিলা স্তুতি পাছে কৰি কৃতাঞ্জলি।। ৮
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি।
কৰা কৃপা কৃষ্ণ সেৱকৰ মন পূৰি।। ২
পদঃ নমাে নমাে মাধৱ বিধিৰ বিধিদাতা।
তুমি জগতৰ গতি মতি পিতা মাতা।।
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তােমাত ব্যতিৰেক।। ১
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।
তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ।
অজ্ঞানত মূঢ়জনে দেখে ভিন্নভিন।। ১০
তােহ্মাৰেসে মায়ায়ে মােহিত সৰ্ব্বক্ষণে।
তুমি আত্মা তােমাক জানে একোজনে।।
সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
তত্ত্ব নপাই তােমাক বিচাৰে বাহিৰত।। ১১
তুমিসে কেৱলে সত্য মিছা সৱে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।।
নবাঞ্ছোহাে সুখ ভােগ নমাগাে মুকুতি।
তােমাৰ চৰণে মাত্র থাকোক ভকতি।। ১২
মুখে লৌক নাম মােৰ কর্ণে তব কথা।
হৃদয়ত পাদপদ্ম থাকোক সৰ্ব্বথা।।
সৰ্জ্জনৰ সঙ্গ নুগুচোক সৰ্ব্বক্ষণে।
এতেক প্রসাদ মাগাে তােমাৰ চৰণে।। ১৩
শুনা যি কাৰণে আইলাে গােচৰ আমাৰ।
দেখি আছাে তােমাৰ অনেক অৱতাৰ।।
সম্প্রতি ধৰিলা প্রভু যিটো নাৰী বেশ।
তাক দেখিবাক লাগি আইলাে হৃষীকেশ।। ১৪
যিটো নাৰীবেশ ধৰি মুহিলা দানৱ।
দেৱৰ অমৃত পান সাধিলা মাধৱ।।
সেহি নাৰী বেশ দেখিবাক অভিলাষে।
কৌতূহলে সভাৰ্যে আসিলাে তযু পাশে।।১৫
ভৃত্য হেন জানি যদি আছে মােক দায়া।
দেখায়ে আমাক কেনমত তিৰী মায়া।।
ভকতৰ মনােৰথ কৰিয়াে পূৰণ।
হেন শুনি হাসি মাতিলন্ত নাৰায়ণ।।.১৬
দৈত্য নিলা অমৃত দেৱৰ দেখি ক্লেশ।
সি কাৰণে শঙ্কৰ ধৰিলাে নাৰী বেশ।।
কামুক জনৰ তাত মহা কুতূহল।
তুমি মহা যােগীৰ দেখিবে কোন ফল।। ১৭
ঘােৰ নাৰী মায়া সৰ্ব্ব মায়াতে কুৎসিত।
মহাসিদ্ধ মুনিৰাে কটাক্ষে মােহে চিত্ত।।
দৰশনে কৰে তপ জপ যােগ ভঙ্গ।
জানি জ্ঞানীগণে কামিনীৰ এৰে সঙ্গ।। ১৮
সিটো স্ত্রী ৰূপক দেখিবা কোন কাজে।
তুমি ভােল ভৈলে হাসিবেক সামৰাজে।।
এতেকেসে বােলাে ক্ষমা কৰা পশুপতি।
হেন শুনি হাসি হৰে হৰিত বদতি।। ১৯
মহাযােগ বলে শুদ্ধ কৰি আছাে কায়া।
ব্রহ্মময় দেখাে কি কৰিতে পাৰে মায়া।।
দহি আছাে মদনক আৰু শঙ্কা নাই।
মাধৱে মাতিলা হাসি শঙ্কৰক চাই।। ২০
দেখাইবাে তােমাক আজি সেই তিৰী বেশ।
এহি বুলি অন্তর্ধান ভৈলা হৃষীকেশ ।।
আগত নাহিকে হৰি ভৈলা কোন ভিতি।
চতুর্ভিতি চান্ত হৰ পাৰ্ব্বতী সহিতি।। ২১
বিদূৰক লাগি হৰে চান্ত হুয়া থিয়।
চাপৰি চাহান্ত নেত্র বলাই সদাশিৱ।।
উঠন্ত বৈসন্ত মাত্র কৰে উসমিস।
কৈক গৈলা কৃষ্ণ একো নপান্ত উদ্দিশ।। ২২
এহিমতে চান্ত হৰে আকুলিত ভাৱে।
ভণিল শঙ্কৰে গােৱিন্দৰ দুই পাৱে।।
শুনা সৰ্ব্বজনে মহাভাগৱত পদ।
বােলা হৰি হৰি ডাকি ছাড়োক আপদ।। ২৩
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ জয় জয় ৰাম জয় শ্ৰীৰাম
জয় সনাতন হৰি।। ৩
পদঃ পাছে ত্রিনয়ন দিব্য উপবন
দেখিলন্ত বিদ্যমান।
ফল ফুল ধৰি ঝকমক কৰি
আছে যত বৃক্ষমান।।
শিৰীষ সেউতী তমাল মালতী
লৱঙ্গ বাগী গুলাল।
কৰবীৰ বক কাঞ্চন চম্পক
ফুল ভৰে ভাঙ্গে ডাল।। ২৪
শেৱালি নেৱালী পলাশ পাৰলি
পাৰিজাত যূতি জাই।
বকুল বন্দুলি আছে ফুলি ফুলি
তাৰাে সীমা সংখ্যা নাই।।
কনৌৰ কনাৰি কদম্ব বাবৰি
নাগেশ্বৰ সিংহচম্পা।
অশােক অপাৰ দেৱনা মন্দাৰ
মণিৰাজ ৰাজচম্পা।। ২৫
কুহু কুৰুবক কেতেকী তগৰ
গন্ধে মােহে বহুদূৰ।
গুটিমালী ভেন্টি ৰাঙ্গল ৰেৱতী
মৰুৱা মধাই ধুস্তুৰ।।
চন্দন অগৰু দিব্য কল্পতৰু
দেৱদাৰু পদ্মবচি।
প্রতি গাছে গাছে ভিণ্ডা বান্ধি আছে
সুৱৰ্ণ মাণিকে খচি।। ২৬
মণি মৰকত থলী নানা মত
দীপ্তি কৰে তাৰ কাছে।
মহা মনােহৰ দিব্য সৰােবৰ
তাৰ মাজে মাজে আছে।।
চাৰিও কাষৰে পােৱাল বাখৰে
বান্ধিছে বিচিত্র কলি।
বৈদুৰ্য্যৰ বাট স্ফটিকৰ ঘাট
মৰকত খাটখৰি।। ২৭
সুৱৰ্ণ কমল ভেট উতপল
ফুলি ফুলি আছে ৰঞ্জি।
শােভে চক্রবাক ৰাজহংস জাক
মৃণাল ভুঞ্জে উভঞ্জি।।
কোণ্ঢা কঙ্ক বক বিবিধ চটক
ভ্রমন্ত নির্ভয় ভাৱ।
অমৃত সমান জল কৰি পান
তেজে সুললিত ৰাৱ।। ২৮
চাৰিয়াে পাৰত দিব্য পুষ্প যত
গন্ধে দশােদিশে ভাসে।
অনেক ভ্ৰমৰে বেঢ়িয়া গুঞ্জৰে
মধু পান অভিলাষে।।
যত দিব্য পক্ষী ফল ফুল ভক্ষি
কাঢ়য় সুস্বৰ ৰাৱ।
কুহু কুহু ধ্বনি কোকিলৰ শুনি
বহয় মলয়া বাৱ।। ২৯
৷ ৷ চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ এ হৰি নাৰায়ণ।। ৪
পদঃ হেন মহা দিব্য বন দেখিলন্ত ত্রিনয়ন
দিব্য কন্যা এক আছে তাতে।
কৌটি লক্ষ্মী সম নােহে কটাক্ষে ত্রৈলােক্য মােহে
ভণ্টা খেৰি খেলে দুয়াে হাতে।।
তপ্ত সুৱৰ্ণৰ সম জ্বলে দেহা নিৰুপম
ললিত বলিত হাত পাৱ।
চক্ষু কমলৰ পাষি মুখে মনােহৰ হাসি
সঘনে দৰশৈ কাম ভাৱ।। ৩০
উৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ ছটা
লীলা গতি দেখাই ফুৰে পাক।
সােলকে উচ্চল খােপা খসে পাৰিজাত থােপা
বাম হাতে সম্বৰন্ত তাক।।
কর্ণত কুণ্ডল লৰে স্তন হলফল কৰে
গলে ৰত্নমালা ঝিকি পাৰে।
সুৱৰ্ণ কঙ্কণগণ সিও কৰে ৰুণঝুন
প্রকাশে হৃদয় হেমহাৰে।। ৩১
কণ্ঠে লৰে সাতসৰী লয়লাসে কাঢ়ে ভৰি
আগবাঢ়ি পাছে গুচি যান্ত।
পিন্ধি শাড়ী খােন্টাজালি যেন মৈৰা কৰে চালি
হৰক কটাক্ষ কৰি চান্ত।।
দৰশান্ত কাষ পিঠি ক্ষণােহাে সমুখ দৃষ্টি
চাহি লাজে যান্ত চক্ষু মুদি।
ভ্রমন্ত অনেকভাৱে উড়ুৱাৱে বস্ত্র বাৱে
উচ্চ কুচ কুম্ভ হােৱে উদি।। ৩২
কঙ্কালে কিঙ্কিণী বাজে চৰণ কমল মাজে
ৰত্নৰ নূপুৰ ৰুণঝুন।
হালে আতি মধ্য দেহ সংসাৰ মােহিনী বেশ
একো অঙ্গে নাহি ক্ষতি খুন।।
মুখ চন্দ্র সম শােভে পদ্মৰ সুৰভি লােভে
বেঢ়ি মধুকৰে কৰে ৰােল।
শৰীৰৰ লাস বেশ নেত্রৰ কটাক্ষ ঠেস
দেখি আতি শম্ভু ভৈলা ভােল।। ৩৩
পূৰ্ব্ব শত্রু হেন জানি কামদেৱে শৰ হানি
মনক মর্দ্দিল মহেশ্বৰ।
নাহি শ্রুতি বুদ্ধি জ্ঞান কামানলে দহে প্রাণ
লাজ কাজ এড়িলা শঙ্কৰ।।
সৱে যোগ ধ্যান গৈলা কন্যাক মাতিবে লৈলা
প্রাণেশ্বৰী চাপ মােৰ পাশ।
আষাৰেক মাত মােক জন্মৰ সফল হৌক
দেখি থাকো তােৰ লয়লাস।। ৩৪
আৰ কি তােমাৰ বাজ মােক্ষতে নাহিকে কাজ
আৰ কোন ছাৰ স্বর্গ সুখ।
তুমি বিনা নাহি আন তুমি মােৰ যােগ ধ্যান
থাকিবাে তােমাৰ চাই মুখ।।
নকৰা মানিনী মান মদনে দহে প্রাণ
বােল বান্ধৈ আশ্বাস আমাক।
বােলন্ত অনেক বােল কন্যাতেসে হুয়া ভােল
পাসৰিল পাশতে উমাক।। ৩৫
যত আছে ভূতগণ কাহাতো নেদন্ত মন
কেৱলে কন্যাত মাত্র হিয়া।
স্বামীৰ দেখিয়া ভাৱ হাসন্ত পাৰ্ব্বতী মাৱ
চাপৰি মুখত বস্ত্র দিয়া।।
আনাে যত অনুচৰ বৈলখিল নিৰন্তৰ
শঙ্কৰৰ দেখি হেন কাম।
শুনা সামাজিক লােক কলিত মুকুতি হৌক
ডাক ছাড়ি বােলা ৰাম ৰাম।। ৩৬
৷ ৷ পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ দেহু দেখা ৰাম নয়ন ভৰি চাও।
অৰুণ পাৱৰ বালাই লৈয়া মৰি যাও।। ৫
পদঃ শুক মুনি বােলন্ত শুনিয়াে ৰাজা পাছে।
হৰক নমাতি কন্যা এহিমতে আছে।।
খেলাৱন্তে খেৰি হাতৰ পৰা পৰি।
গৈল বেগে গুটি কতাে দূৰক উফৰি।। ৩৭
তাক দেখি যান্তে কন্যা বেগ ধৰি ধাই।
কটিৰ বস্ত্রক বায়ু নিলে উৰুৱাই।।
ভৈল তনু উদাস বেকত গুপ্ত অঙ্গ।
লাজে আন্ঠু সাৱটি কৰন্ত অঙ্গ ভঙ্গ।। ৩৮
হুয়া কুঁজী জুমুৰী অঙ্গক হাতে ঢাকি।
লাজে চক্ষু মুদি কতাে অধােমুখে থাকি।।
আঁৰ হুইবে লাগি ওচৰত নাহি গাছ।
হাস্য কৰি কতাে টেৰ কৰি চান্ত পাছ।। ৩৯
দৰশান্ত ভাৱ শঙ্কৰৰ মােহ হেতু।
দেখিল কন্যাৰ গুপ্ত অঙ্গ বৃষকেতু।।
ভৈলন্ত ব্যামােহ মন মদনে দহয়।
পার্ব্বতীক লাগি এড়িলন্ত লাজ ভয়।। ৪০
বহ্নিৰ সংযােগে যেন উথলিল ঘৃত।
দুঃসহ মদন শৰে চিত্ত জৰ্জৰিত।।
একো নেদেখন্ত কামাতুৰ ভৈল বৰ।
কন্যাক ধৰিবে লাগি দিলেক লৱৰ।। ৪১
খটমট কৰি বাজে গলে মুণ্ডমাল।
কঙ্কালৰ সুলকি পৰিল বাঘ ছাল।।
ভৈলন্ত উলঙ্গ তাকো নচান্ত চাপৰি।
দেখি পলাইবাক লৈলা কন্যায়াে লৱৰি।। ৪২
হাসি লাজে আঁৰ হােন্ত ইগাছে সিগাছে।
ভােল হুয়া শঙ্কৰাে খেদন্ত পাছে পাছে।।
হস্তিনীক যেন মত্ত হস্তী যায় খেদি।
পলান্ত সুন্দৰী শঙ্কৰক লাগ নেদি।। ৪৩
প্রাণ যায় শঙ্কৰৰ কাম উতপাতে।
মহাবেগে কোপাত ধৰিলা বাম হাতে।।
ৰহ প্রাণেশ্বৰী বুলি কৰি আলিঙ্গন।
মহাকাম ভােলে দিলা মুখত চুম্বন।। ৪৪
আৰিমুৰি কৰি কন্যা নথাকে থমকি।
বাহুৰ মাজৰ পৰা পৰিল হুসকি।।
দুনাই লৱৰ দিল বিমুকুত কেশে।
পাছত খেদন্ত হৰে উলঙ্গত বেশে।। ৪৫
পাকত আন্তৰি যান্ত শৰীৰ দেখাই।
কতাে আঁৰ হােন্ত কন্যা হাসি মুচুকাই।।
ক্ষণাে ঘন স্তনভাৰ ছলে দেখাই যান্ত।
ৰহ প্রাণেশ্বৰী বুলি শঙ্কৰে চেঞ্চান্ত।। ৪৬
নাহি শ্রুতি বুদ্ধি যেন বাতুল লক্ষণ।
নাৰীময় দেখন্ত সমস্ত বৃক্ষগণ।।
দাৰুণ মদন বাণে কৰে লটিঘটি।
কন্যা বুলি ধৰিলন্ত বৃক্ষক সাৱটি।। ৪৭
।। ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ ইবাৰ কৰুণাময় নকৰা নৈৰাশ
ছােড় মায়া কৰা দায়া ভৈলাে তযু দাস।। ৬
পদঃ ইবাৰ নেৰস প্রাণপ্রিয়া যাইবি কই।
চেঞ্চান্ত বিশ্রুত কামবাণে মূৰ্চ্ছাা গই।।
হৰিষ বদনে বান্ধৈ দিয়ে মােক চুমা।
কৰা আলিঙ্গন কি কৰিতে পাৰে উমা ৷ ৷ ৪৮
কিয়নাে নেদস প্রাণেশ্বৰী মােক লাগ।
যেহি লাগে সেহি দিবে পাৰাে মােত মাগ।।
কৈলাসৰ পাতিবাে তােমাক অধিকাৰী।
সেৱা কৰি থাকিবে যতেক দিব্য নাৰী।। ৪৯
নকৰিবাে দ্বন্দ্ব বাদ নপাৰিবাে গালি।
ময়াে দাস তােমাৰ থাকিবাে আজ্ঞা পালি।।
তােমাৰেসে কৰি দিবাে পাৰ্ব্বতীক চেড়ী।
আৰ যােনাে যাস প্রাণেশ্বৰী মােক এড়ি।। ৫০
দেখিবে নৱাৰা যেৱে আহ্মাৰ কুবেশ।
জটাকো মুণ্ডাও তেৱে কৰিয়াে আদেশ।।
সর্প গুচাই পিন্ধো আনি দিব্য অলঙ্কাৰ।
মুণ্ড মালা গুচাই আঁৰাে গলে হেমহাৰ।। ৫১
বাঘছাল এৰি পিন্ধো দেৱাঙ্গ বসন।
ভষ্ম গুচাই গাৱে ঘষাে আগৰ চন্দন।।
যেহি লাগে বােল বান্ধৈ তাক মঞি কৰাে।
মুখ চাই নমাত সম্যকে আত মৰো।। ৫২
কতনাে কৰিলাে তােৰ ঘােৰ অপৰাধ।
এভাে যেন কৰ বান্ধৈ বচন নবাধ।।
দান্তে খেৰ কামােৰাে সাৱট হাত মেলি।
তােৰ মােৰ হৌক ক্রীড়া কৌতূহল কেলি।। ৫৩
কন্যা বুলি বৃক্ষক চুম্বন আঙ্কোৱালি।
দেখিয়া হাসন্ত নাৰীৰূপী বনমালী।।
অনন্তৰে হৰে চক্ষু মেলি চান্ত পাছে।
দেখন্ত নােহন্ত কন্যা ধৰি আছে গাছে।। ৫৪
তাক এড়ি সুন্দৰীক দেখন্ত দুনাই।
যেন মত্ত হস্তী হস্তিনীক খেদি যায়।।
লাগ নেদি ৰমণীও পলান্ত লৱৰি।
মহাবেগে শঙ্কৰে খেদন্ত ভৰি ভৰি।। ৫৫
নাযায় নুপুহায় মদনৰ উতপাতে।
পাইলাে পাইলাে বুলি চাব দেন্ত হাতে।।
আঙ্গুলিৰ আগে যেন চোৱে উচ্চ কুচ।
আন্তৰন্ত কন্যা হৰ পৰি যান্ত মূছ।। ৫৬
পুৰাতন শত্ৰু কামদেৱে ছিদ্র পাই।
প্রহাৰন্ত পুষ্প বাণ দুনাই দুনাই।।
মদনৰ শৰে হৰ হৃদয়ত ফুটি।
মহাদুখে মাটিত পাড়ন্ত লােটালুটি।। ৫৭
কতাে উঠি কন্যাক কৰন্ত কাওবাও।
আঙ্গুলি বেন্তত লও পালটিয়া চাও ।।
তােৰেসে নিমিত্তে কৰে মদনে দগধ।
মঞি যেৱে মৰাে তােৰ লাগিবেক বধ ৷ ৷ ৫৮
মহাপাপ প্রাণী হত্যা তাকো শঙ্কা নাই।
কোননাে সাধিবি স্বর্গ আহ্মাক মৰাই।।
এভাে পাশ চাপ আসি কৰাে আলিঙ্গন।
তােহােৰ সফল হৌক এ ৰূপ যৌৱন।। ৫৯
নেদেখয় কেৱে ঐত কিয় কৰ লাজ।
নাহি আন পুৰুষ নিৰ্জ্জন বনমাজ।।
তএি যেৱে নাসস আপুনি চাপাে কোল।
এহি বুলি লাসে লাসে যান্ত হুয়া ভােল।। ৬০
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ প্রাণ হৰি নেয় বুলি ডাক ছাড়ে ত্ৰিপুৰাৰি।
হক মুহিয়া যান্ত মােহন মুৰাৰি।। ৭
পদঃ দেখি হাসি সুন্দৰী পলান্ত লাগ নেদি।
নযা নাযা বুলি বৃষধ্বজে যান্ত খেদি।।
গিৰি গুহা বন নদ নদী সৰােবৰ।
খেদিয়া ফুৰন্ত হৰে দ্বীপ দ্বীপান্তৰ।। ৬১
আছে ঋষিগণৰ আশ্ৰয় অসংখ্যাত।
পলান্তে খেদন্তে দুয়াে প্রৱেশিলা তাত।।
মদনৰ পীড়াত এড়িলা হৰে লাজ।
খেদিয়া ফুৰন্ত আশ্ৰমৰ মাজে মাজ।। ৬২
আউল জাউল হুয়া মুখ ঢাকে জটে।
বিবস্ত্রে কন্যাক হৰে খেদে উলঙ্গতে।।
দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰ।
কেহাে মুখে বস্ত্র দিয়া পশে অভ্যন্তৰ।। ৬৩
উন্মত্ত পাগল কিনাে ভৈলা মহাদেৱ।
কেনমতে আঙ্ক সুৰাসুৰে কৰে সেৱ।।
উলঙ্গতে খেদন্ত কাহাৰ বউ জীউ।
লাজ কাজ মৰ্য্যাদা এৰিলা সদাশিউ।। ৬৪
এহি বুলি জুমাজুমে হাসে সৱে সখী।
ঋষিগণে শঙ্কৰক কামাতুৰ দেখি।।
বিষ্ণু, বিষ্ণু স্মৰি সৱে চপৰাইলা মাথ।
কিনাে বিপৰ্য্যায় ভােল ভৈলা গৌৰীনাথ।। ৬৫
কেহাে বােলে শঙ্কৰৰ কেনে মায়া বুজা।
পাদ্য অর্ঘ্য দিয়া আগবাঢ়ি কৰাে পূজা।।
এহি বুলি উঠি যান্ত কতাে ঋষিগণ।
লৱৰন্তে কৰযােৰে বােলন্ত বচন।। ৬৬
তুমি চৰাচৰ গুৰু জগতৰ বাপ।
সৰ্ব্বজান হুয়া আৱে কৰা হেন পাপ।।
ক্ষণেক বিশ্রাম কৰা আহ্মাৰ থানত।
যতেক বােলন্ত মানে নপশে কাণত।। ৬৭
কামিনী হৰিল চিত্ত কামে ভৈলা ভােল।
নুশুনন্ত শঙ্কৰে ঋষিৰ মাত বােল।।
ৰমণীৰ পাছে পাছে ফুৰন্ত লৱৰি।
গাৱ দেখাই সুন্দৰী পলান্ত ভৰি ভৰি।। ৬৮
নপাৱন্ত লাগ তান নাহি সুখ শান্তি।
খেদন্তে খেদন্তে হৰ ভৈল হাৰাশাস্তি।।
উগুল থুগুল মন মদনে বিকল।
বহিবে লাগিল শঙ্কৰৰ বিন্দু জল।। ৬৯
হস্তিনীক খেদন্তে হস্তীৰ যেন স্ৰৱে।
যেন গিৰি শিখৰৰ গেৰুধাৰা বৱে।।
সেহিমতে শঙ্কৰৰ বিন্দু যায় পৰি।
দেখি ঋষিগণে আন্তৰতন্ত তাঙ্ক এড়ি।। ৭০
পিঠি দিয়া কতাে সুমৰন্ত হৰি ৰাম।
মহাযােগী শঙ্কৰ আহান হেন কাম।।
এহি বুলি ঋষিগণ গৈলা ঘৰাঘৰি।
সুমৰিয়া হৃষীকেশ ৰাম হৰি হৰি।। ৭১
৷ ৷ অষ্টম কীৰ্ত্তন।।
ঘােষাঃ এ হৰি কি প্রাণ হৰি পশিলাে শৰণে।
কৰা কৃপা নাথ মােক অৰুণ চৰণে।। ৮
পদঃ যৈত যৈত শঙ্কৰৰ বিন্দু পৰি গৈল।
ভূমি গুচি তেখনে সুৱৰ্ণময় ভৈল।।
যেহি বৃক্ষ লতাক বিন্দুৰ ছিটা ছােৱে।
কাষ্ঠ গুচি তেখনে সুৱৰ্ণময় হােৱে।। ৭২
তথাপি খেদন্ত হৰ হুয়া উলঙ্গত।
পাক ফুৰি পাইল গৈয়া বৈকুণ্ঠ নিকট।।
পৰিয়া আণ্টাইল যেৱে বিন্দু আছে যত।
তেৱেসে চেতন ভৈল হৰৰ গাৱত।। ৭৩
চাপৰি চাহন্ত ছাল নাহিকে কটিত।
লাজে অধােমুখ হুয়া বসিলা মাটিত।।
পাছে ব্রহ্মজ্ঞান চিন্তি চিত্ত থিৰ কৰি।
নাক কাণ ছুয়া সুমৰন্ত ৰাম হৰি।। ৭৪
মদনৰ পীড়াক এড়াইলা মহাযােগী।
ব্যাধিৰ সকাশ পাইল যেন চিৰৰােগী।।
গ্রহ গুচি গৈলে যেন স্বস্থ হােৱে সূর্য।
মনত গুণন্ত বসি জগতৰ পূজ্য।। ৭৫
মােৰ কাজে আজি হসুৱাইলাে ত্রিভুৱন।
কেনমতে পতিয়াইবাে পাৰ্ব্বতীৰ মন।।
বুলিবেক ফুৰিলা কাহাৰ নাৰী সঙ্গে।
গৃহত পশিবে বান্ধৈ নেদিবন্ত খঙ্গে।। ৭৬
লঘু ভৈলাে মাধৱৰ নুশুনিলাে হাক।
উমাৰ আগত চাটু বুলিলো কন্যাক।।
এৱে কেনমতে তান আগে হৈবো থিয়।
কৰন্ত অশেষ চিন্তা দেৱ সদাশিৱ।।৭৭
বিচাৰি চাহিলে দোষ নাহিকে আহ্মাৰ।
যাৰ মায়া পাশে বন্ধ সকলে সংসাৰ।।
হেন হৰি মুহিলা আপুনি নাৰী হুই।
আত অনুশােচ আৱে কৰাে কোন মুই।। ৭৮
কটাক্ষত সৃজন্ত ব্রহ্মাণ্ড কৌটি কৌটি।
এগােটা ডিম্বৰ মঞি ৰুদ্র এক গুটি।।
যাহাৰ অঙ্গত চৰাচৰ ভৈল বাজ।
হেন হৰি মুহিলা ইহাত কোন লাজ ৷ ৷ ৭৯
বিষ্ণুৰ আগত মই পৰম অজ্ঞানী।
জিনিলাে মায়াক বুলিলােহা গৰ্ব্ব বাণী।।
ইসে অহঙ্কাৰে কৰে হৃদয়ত তাপ।
হৰি হৰি স্মৰণে খণ্ডোক ইটো পাপ।। ৮০
এহি বুলি মৌন ভৈল দেৱতা ঈশান।
কৰিবে লাগিলা মনে মাধৱক ধ্যান।।
শুনা সৰ্ব্বজনে মন কৰা উপশাম।
পাতোেক ছাড়ােক ডাকি বােলা ৰাম ৰাম।। ৮১
।। নৱম কীৰ্ত্তন।।
ঘােষাঃ বান্ধৱ মাধৱ দেৱ হৰি।
কৰা কৃপা দোষ ক্ষমা কৰি।। ৯
পদঃ অনন্তৰে দেৱ হৰি দুনাই নিজ ৰূপ ধৰি
শঙ্কৰৰ আগে উপসন।
মুখে কৰি অল্প হাসি হৰক সম্বুধি আসি
বুলিলন্ত প্রশংসা বচন।।
শুনা শুনা শূলপাণি জানাে তুমি মহাজ্ঞানী
তৰিলা দুস্তৰ মায়া ঘােৰ।
তুমিসে তত্ত্বক জানা নাহি আৰ তুমি বিনা
আউৰ পৰম প্রিয় মােৰ।। ৮২
শুনা শুনা জ্ঞানশালী তােমাৰেসে বাক্য পালি
দেখাইলাে দুস্তৰ স্ত্রী মায়া।
আত নকৰিবা খেদ কিঞ্চিতাে নাহিকে ভেদ
তােহ্মাৰে আন্ধাৰে একে কায়া।।
শুনা ভূতনাথ হৰ তুষ্ট হুয়া দেও বৰ
হৌক মায়া তােমাৰ অধীন।
সুখে থাকি নিজ থানে মহাকল্প অৱসানে
মােৰ শৰীৰতে যাইবা লীন।। ৮৩
এহি বুলি বনমালী শঙ্কৰক আঙ্কোৱালি
সমজ্যাক নিলন্ত সাদৰি।
কৰিলন্ত সতকাৰ দিব্য বস্ত্র অলঙ্কাৰ
পাৰ্ব্বতীকো দিলা মান্য কৰি ৷ ৷
আনাে যত ভূতগণ তুষিলা সৱাৰাে মন
কৰিলন্ত যথােচিত কাম।
পাছে হৰে মহাতুষ্টি পাৰ্ব্বতী সহিতে উঠি
দণ্ডৱতে কৰিলা প্রণাম।। ৮৪
বিষ্ণুত মেলানি মাগি লড়িলা গৃহক লাগি
ভাৰ্য্যায়ে সহিতে শূলধৰ।
চড়িয়া বৃষভ ৰথে শীঘ্ৰে আকাশৰ পথে
আৰােহিলা কৈলাস শিখৰ।।
বসিল সমাজ পাতি বােলন্ত উমাক মাতি
আপুনি দেখিলা প্রাণ জায়া।
ভৈলােহাে বাতুল প্রায় মােৰ শ্ৰুতি বুদ্ধি নাই
যেন কৰিলেক বিষ্ণু মায়া।। ৮৫
মঞি জগতৰ পতি মােৰ হেন ভৈল গতি
আন কোনে থিৰ হৈবে আত।
হেন জানা স্বৰূপত চৰাচৰ আছে যত
সৱে বন্দী বিষ্ণুৰ মায়াত।।
সহস্র বৎসৰ মানে আছিলােহাে যােগ ধ্যানে
দেখি তুমি পুছিলা আমাক।
গাৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি
আউৰ তুমি আৰাধা কাহাক ৷ ৷ ৮৬
এড়ি লােভ ক্ৰোধ কাম কাহাৰ জপাহা নাম
আউৰ আছন্ত কোন দেৱ।
তােমাত কহিলাে আমি আচন্ত জগত স্বামী
সুসাসুৰে যাক কৰে সেৱ।।
প্রত্যেকে দেখিলা আজি যাহাৰ মায়াত বাজি
মােহ হুয়া এড়িলােহে লাজ।
কাম বাণে ভৈলাে আউল চেঞ্চাই ফুৰাে যেন বাউল
হসুৱাইলাে বৈকুণ্ঠ সমাজ।। ৮৭
কপট যুৱতী বেশে মােহিলন্ত হৃষীকেশে
পাসৰিলাে তােহ্মাক পাশত।
কন্যাক ফুৰিলাে খেদি গিৰি গুহা বন নদী
অনেক ঋষিৰ আশ্ৰমত।।
নেদেখিলে কৈৰ লােক কোনে নহাসিলে মােক
লঘু হুইবে নাথাকিল ঠাই।
এভাে মােৰ কাম্পে হিয়া হেন জানা প্রাণ প্রিয়া
হৰিৰ মায়াত বৰ নাই।। ৮৮
যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ
হৰিত পৃথক কেহাে নােহে।
যিজন ভকতি হীন সি দেখে হৰিক ভিন্ন
হৰিৰ মায়ায়ে তাক মােহে।।
হৰিসে পৰম দেৱ হৰিকেসে কৰো সেৱ
স্ৰজন্তা পালন্তা দেৱ হৰি।
হৰি নাম হিয়ে ধৰি হৰি নাম সদা স্মৰি
তেৱেসে হৰিৰ মায়া তৰি।। ৮৯
হেন জানি তুমি দেৱী হৰিৰ চৰণ সেৱি
এৰা লােভ মােহ ক্রোধ কাম।
নকৰিয়াে জন্ম বৃথা শুনা সদা হৰি কথা
কৰিয়াে কীৰ্ত্তন হৰি নাম।।
হৰিৰ চৰণ মনে চিন্তিয়ােক সৰ্ব্বক্ষণে
কৰিয়ো ভকতি ভালমতে।
তেৱেসে সংসাৰ তৰি হৰিৰ প্রসাদে গৌৰী
পাইবা মােক্ষ মােহােৰ লগতে।। ৯০
।। দশম কীৰ্ত্তন।।
ঘােষাঃ ৰাম ৰাম বােল নৰ মুখে।
বৈকুণ্ঠে প্রয়াণ কৰ সুখে ৷ ৷ ১০
পদঃ শঙ্কৰৰ হেন বাণী পাৰ্ব্বতী গােসানী শুনি
আনন্দতে শিহৰাইলা গাৱ।
উঠি কৰযােৰে গৌৰী ফুৰি প্রদক্ষিণ কৰি
নমিলা শিৱৰ দুই পাৱ।।
তুমি প্রভু সৰ্ব্বজান দিলা মােক দিব্যজ্ঞান
সার্থক তােহ্মাৰ মঞি জায়া।
কিনাে ভাগ্যৱতী আমি তােমাৰ প্ৰসাদে স্বামী
তৰিবাে দুস্তৰ ঘােৰ মায়া।। ৯১
আৱেসে জানিলাে সাৰ হৰি ভকতিত পৰ
নিস্তাৰ কৰন্তা আন নাই।
মিছাতেসে মূঢ়জনে খপে আল জাল মনে
হৰি নামে মােক্ষ পদ পাই।।
আৰ চিন্তা নাহি মােৰ তৰিবাে সংসাৰ ঘােৰ
কৌতূহলে হৰি নাম গাৱে।
এহি বুলি পাছে গৌৰী হৰিত ভকতি কৰি
থাকিলন্ত জগতৰ মাৱে।। ৯২
শুক মুনি নিগদতি শুনিয়ােক কুৰুপতি
কহিলােহা হৰিৰ চৰিত।
কপট যুৱতী বেশে যেনমতে হৃষীকেশে
মুহিলন্ত শঙ্কৰৰ চিত্ত।।
দৈত্যৰ মুহিয়া মন যেনমতে নাৰায়ণ
ভুঞ্জাইল অমৃত দেৱতাক।
পুছিলা যতেক মানে কহিলাে তােহ্মাৰ থানে
সাৱশেষে কৃষ্ণৰ কথাক।। ৯৩
অকপটে যিটোজনে শুনে ভণে এক মনে
শুনিয়ােক তাৰ যেন ফল।
খণ্ডয় চৌষষ্ঠি ৰােগ মিলে আসি যত ভােগ
মনােৰথ পূৰষয় সকল।।
সমস্ত পাপকে বাধি আপুনাৰ মােক্ষ সাধি
এক কৌটি পুৰুষ উদ্ধাৰে।
কহাে মঞি স্বৰূপত নাহি সাৰ সংসাৰত
হৰি কথা শ্ৰৱণত পৰে।। ৯৪
পৰীক্ষিত হেন জানি চিন্তিয়ােক চক্রপাণি
হৰিৰ কথাত কৰা ৰতি।
সংহৰিয়াে আন কাম জপিয়াে হৰিৰ নাম
ইহ পৰলােকে হৰি গতি।।
অশাশ্বত মৰ্ত্ত্যলােক জন্মৰ সফল হোক
কৰিয়ােক হৰিত ভকতি।
আৰ যেহি মানে লাগে পুছিয়েক মহাভাগে
কহাে কৃষ্ণ কথাক সম্প্রতি।। ৯৫
নমাে নমাে দামােদৰ সংসাৰৰ বিঘ্নিহৰ
ভকত অভয় দাতা দেৱ।
ভাগৱত পদ ছবি ৰচিল শঙ্কৰ কবি
কৃষ্ণৰ চৰণ কৰি সেৱ।।
শুনিয়ােক সাধুলােক নিন্দা নুবুলিবা মােক
যদি দেখা পদত দূষণ।
আমি সমস্তৰে শিষ্য জানি কৰা বিমাৰিষ
মহন্তৰ ক্ষমাসে ভূষণ।। ৯৬
কৃষ্ণে দিল যেন মতি যেন বড়ে সৰস্বতী
বিৰচিলাে সেহি অভিপ্রায়।
যতেক চটক দেখা যাৰ যেনমত পাখী
তাৰ অনুৰূপেসে উড়ায়।।
শুনা সৰ্ব্বজন তত্ত্ব ইটো মহা ভাগৱত
তিনিও লােকত সাৰােত্তৰ।
যত মহাযজ্ঞ দান কৌটি কৌটি তীর্থস্নান
কেহাে আৰ নপাৱে ওচৰ।। ৯৭
কৃষ্ণ কথা যিবা ভণে যিবা শুনে এক মনে
যমৰ ভাৱনা কৰে চুৰি।
পুৰুষ উদ্ধাৰ কৰি সংসাৰ সাগৰে তৰি
অন্তকালে যায় বিষ্ণুপুৰী।।
শঙ্কৰে ৰচিল গীত আপুনাৰ চিন্তা হিত
শুনা সমজ্যাৰ যত জন।
এড়ি আল জাল কাম ডাকি বােলা ৰাম ৰাম
সমাপত মহেশ মােহন।। ৯৮
।। হৰমােহন সমাপ্ত ।।
----------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.