শ্ৰীশ্ৰীশঙ্কৰদেৱ বিৰচিত
কীৰ্ত্তন ঘােষা
বলি ছলন
।। প্রথম কীৰ্ত্তন।।
ঘোষাঃ বােলা ৰাম ৰাম ভাবিয়াে ৰাম ৰাম।পৰম মধুৰ বাণী লৈতে অনুপাম।। ১
পদঃ শুক মুনি বােলন্ত শুনিয়াে পৰীক্ষিত।
বামনৰ বাক্যে বলি সুতল পুৰীত।।
নিয়মিলা দানৱক বিষ্ণু ধৰ্ম্ম কই।
আপুনি থাকিলা পাছে মােক্ষ গৃহ লই।। ১
দিব্য ভােগ যতেক আপুনি লৱে লাগ।
বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ।।
এড়িলা বিষয় ভােগ প্রহ্লাদৰ নাতি।
সদায় থাকন্ত দিব্য সভা এক পাতি।। ২
মাধৱৰ চক্রে আসি ভৈল সভাসদ।
যাহাৰ ভয়ত দৈত্যগণ নিশৱদ।।
প্রহ্লাদে কহন্তে শুনি থাকে কৃষ্ণ কথা।
দ্বাৰত আপুনি হৰি থাকন্ত সৰ্ব্বথা।। ৩
শ্যামল শৰীৰ শিৰে কিৰীটি উজ্জ্বল।
কমল লােচন চাৰু মকৰ কুণ্ডল।।
কণ্ঠত কৌস্তুভ কৰে কঙ্কণ কেয়ূৰ।
কটিত মেখলা পাদ পঙ্কজে নূপুৰ।। ৪
গাৱে পীত বস্ত্র যেন অগনিৰ জ্বালা।
আপাদ লম্বিত গলে জ্বলে বনমালা।।
প্রসন্ন বদনে হৰি কৰে ধৰি গদা।
বলিৰ সন্মুখ হুয়া থাকন্ত সৰ্ব্বদা।। ৫
হৰি দৰশনত নিৰ্ম্মল ভৈল মতি।
কৃষ্ণৰ চৰণে অনুক্ষণে বাঢ়ে ৰতি।।
ভৈলন্ত বিমুখ বলি বিষয় সুখত।
সদায়ে কৃষ্ণৰ নাম নুগুচে মুখত।। ৬
উঠি কতাে কীৰ্ত্তন কৰন্ত তাল ধৰি।
দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি।।
প্রহ্লাদে শিখান্ত গাৱে গােৱিন্দৰ গীত।
পৰম আনন্দে দৈত্যপতি কৰে নৃত্য।। ৭
গােৱিন্দক দেখিয়া আনন্দে দ্ৰৱে চিত্ত।
হৰিষে লােতক স্ৰৱে তনু লােমাঞ্চিত।।
হােন্ত নিশৱদ গদগদ কৰে মাত।
প্রেম ভাৱ উপজি পড়ন্ত ঢাত ঢাত।। ৮
ভকতৰ বশ্য হৰি আকলিয়া বলি।
কতাে আতি হৰিষে হাসন্ত খলখলি।।
কতাে হুকহুক কৰি কৰন্ত ক্রন্দন।
কতাে গীত গান্ত বিৰােচনৰ নন্দন।। ৯
কতাে হৰি বুলি গােড়িয়ান্ত ইন্দ্রসেন।
উঠি উঠি নাচন্ত বসন্ত বাউল যেন।।
কতাে মৌন হুয়া পৃথিৱীত পড়ি থাকে।
কৰয় কীৰ্ত্তন তাক বেঢ়ি দৈত্যজাকে।। ১০
হেন ভক্তিভাৱে দৈত্যেন্দ্ৰৰ দিন যায়।
বলি সম ভাগ্যৱন্ত ত্রৈলােক্যত নাই।।
জগতকে পৱিত্ৰ কৰিলা দৈত্যপতি।
হৰিয়ে বিস্ময় দেখি বলিৰ ভকতি।। ১১
অন্তৰীক্ষে মহিমা বখানে সিদ্ধ মুনি।
হেনতাে বৈষ্ণৱ কৈতাে দেখি নতু শুনি।।
সদায় থাকন্ত দামােদৰ যাৰ কাছে।
বলি সম ভাগ্যৱন্ত আন কোন আছে।। ১২
মাধৱৰ পাৱত অর্পিলা আপােনাক।
বলিসে জিনিলা ইটো দুর্জ্জয় মায়াক।।
এহি বুলি পুষ্প বৰিষন্ত ঘনে ঘনে।
বােলা হৰি হৰি সৱে সভাসদগণে।। ১৩
।। দ্বিতীয় কীৰ্ত্তন।।
ঘোষাঃ ত্রাহি হৰি পৰিলাে পাৱেউপায় পৰমানন্দ দিয়া।
নসহে সংসাৰ তাপে
আউৰ মােৰ হিয়া।। ২
পদঃ শুক মুনি নিগদতি শুনিয়ােক কুৰুপতি
বৈষ্ণৱ বলিৰ দেখি কৰ্ম্ম।
বড়া বড়া দৈত্যগণ কৰে হেন আলােচনা
কিনাে বিপৰীত ভৈল ধৰ্ম্ম।।
ইটো মুখ দৈত্যৰাজ এড়িলেক ৰাজ কাজ
শত্ৰুৰ সদায় লৱে নাম।
আন নাই হৰি বিনে নাচে গাৱে ৰাত্রি দিনে
কৰে কিনাে গৰিহিত কাম।। ১৪
ছাড়িল দৈত্যৰ নীতি ভৈল বিষ্ণুৰেসে ভিতি
জানা আক পাইলেক বিবুদ্ধি।
হৰি বুলি মৰে মাত্র নভৈল একোৰে পাত্র
যেন ভৈল শােভৰ আয়ুধি।।
আটাসতে গল ফাড়ে যেন কাণে সূচি তাৰে
সৰ্ব্বদায়ে শুনে হৰি কথা।
কিবা কদর্থনা চাও আসা উঠি ঘৰে যাও
হৰি নাম নুশুনাহা বৃথা।। ১৫
কুলধৰ্ম্মে ভৈল হীন যেন বাতুলৰ চিহ্ন
আহাৰ সেৱাত নাহি ফল।
হেন কণাকণি কৰি উঠি গৈল ঘৰাঘৰি
কতাে কতাে দানৱ নিষ্কল।।
শ্ৰৱণে আনন্দ কৰে কীৰ্ত্তনে পাতেক হৰে
হৰি নাম মুকুতি দায়ক।
পাতেকে শুনিবে নেদে যেন কিলাই কোবাই খেদে
দুষ্ট শঠ অধৰ্ম্মীজনক।। ১৬
পৰম মঙ্গল ৰাম নাম ইটো অনুপাম
বৈষ্ণৱৰ যাক শুনি তুষ্টি।
দৈত্যগণ দুৰাচাৰে তাক কি শুনিতে পাৰে
উচপিচ কৰি গৈল উঠি।।
বলিৰাে নুশুনে হাক দানৱৰ বিচেষ্টাক
মাধৱৰ চক্রে দেখি আছে।
জ্বলে যেন সূৰ্য্য কোটি বিম্বাদ শৱদে উঠি
ক্রোধে খেদি গৈল পাছে পাছে।। ১৭
কৃষ্ণৰ কিঙ্কৰে ভণে শুনিয়ােক সৰ্ব্বজনে
স্থিৰ বুদ্ধি কৰি গুণা মনে।
আজি কালি কৰি দিন গৈল আয়ু ভৈল ক্ষীণ
যাইবে লাগে যমৰ কাৰণে।।
যতেক সংসাৰ নয় সৱে স্বপ্ন মায়াময়
অন্তকে কেশত আছে ধৰি।
ভাৰতত জন্ম পাই বিলম্বক নুযুৱায়
সদায়ে ঘুষিয়াে ৰাম হৰি।। ১৮
।। তৃতীয় কীৰ্ত্তন।।
ঘোষাঃ ও হৰি দেহু দৰিশন শিৱ সনাতনতােমাৰ চৰণে ধৰো।
তুৱা গুণ নাম ছাড়ি আন কাম
কৰিয়া মিছাতে মৰো।। ৩
পদঃ দৈত্যৰ পুৰীত পশিল ত্বৰিত
বাঘে যেন ধৰে খেদি।
যত দ্রোহীয়াৰ ৰাখ নাহি তাৰ
পেলাৱে মাথাক ছেদি।।
কাৰাে নাক কাণ কৰে খান খান
কাৰাে কঙ্কালত কাটে।
হাত ভৰি ভাঙ্গি কৰয় চৌৰাঙ্গি
পড়ি গেৰাগেৰি বাটে।। ১৯
কাৰাে জিহ্বা আনি কাটে টানি টানি
ধৰি দুই চক্ষু কাঢ়ে।
কাৰাে দান্ত সাৰে কদর্থিয়া মাৰে
দৈত্যৰ লাগ নছাড়ে।।
কাৰাে বুক ছিৰি তপত ৰুধিৰি
ভুঞ্জাৱে গৃধ্র শৃগাল।
অধৰ্ম্মে গ্রাসিল তিলেকে নাশিল
দৈত্য ভৈল বুন্দামাল।। ২০
বিষ্ণুৰ চক্ৰৰ নভৈল ভাগৰ
হস্তী যেন মাৰে মাখি।
পুত্ৰ ভাৰ্য্যা এৰি মৰাে জীও কৰি
কতাে পলায় প্রাণ ৰাখি।।
ই তিনি লােকত ভ্রময় ভয়ত
চক্রো পাছে পাছে ফুৰে।
হেৰা পাইলে বুলি মৰয় সমূলি
দানৱে দান্ত নুঘূৰে।। ২১
ব্রহ্মাতাে লাগিল শৰণ মাগিল
হাতে দান্তে খেৰ তুলি।
চক্রক ডৰাই কেহাে নেদে ঠাই
বলিৰ দ্রোহীয়া বুলি।।
বুদ্ধি ভৈল চুৰি পলাইবাৰ পুৰী
কহিতাে নপাইল খুজি।
বলিৰ চৰণে পশিল শৰণে
দুনাই সৱে মান্য বুজি।। ২২
ভণিল শঙ্কৰে শুনা সৱ নৰে
যতেক বিষয় ভােগ।
পুত্র দাৰা ধন শৰীৰ স্বজন
সৱাৰাে আছে বিয়ােগ।।
তাৰ চিন্তা এড়ি চিন্তিয়ােক হৰি
অন্তকে পাইলেক পৰা।
এড়ি আন কাম বােলা ৰাম ৰাম
সুখে ভৱনদী তৰা।। ২৩
।। চতুর্থ কীৰ্ত্তন।।
ঘোষাঃ গৰুড়কেতু ত্ৰাণ হেতুৰাম তুমি নাৰায়ণ।
জানি লৈলাে তােমাত শৰণ।। ৪
পদঃ এহিমতে চক্রে ধৰি কাটি মাৰি বশ্য কৰি
কতাে দানৱক দিল আনি।
দৈত্যগণাে ত্রাস হুয়া কাণ মুণ্ড নলাড়িয়া
থাকিল বলিৰ বাক্য মানি।।
কৃপাময় দৈত্যপতি শিক্ষা দেন্ত প্রতি প্রতি
শুনিয়ােক সমস্তে দানৱ।
যিটো হৰি কথা কৱে হৰি নাম সদা লৱে
সিসি মােৰ পৰম বান্ধৱ।। ২৪
কৰযােৰে বােলাে হেৰা অসুৰ স্বভাৱ এড়া
হৰি ভকতিত দিয়া চিত্ত।
মুখে হৰি নাম স্মৰে হৃদয়ত ৰূপ ধৰে
তাহাৰ ভৃত্যৰাে মঞি ভৃত্য।।
শুনিয়ােক জ্ঞাতি লােক সৱে কৃপা কৰা মােক
হৰি স্মৰি হুয়াে পৰিত্ৰাণ।
নুহি তেৱে পাইবা ফল এহি বুলি মহাবল
ভকতিৰ পাতিলা দেৱান।। ২৫
কোনে হৰি কথা কৱে কোনে কৈতে নাম লৱে
নিতে কৰে ওৱাচিল বাঙ্কী।
যাহাৰ নুপূৰে ভাই তাহাৰ জীৱন নাই
চেঙ্গি দিয়া মাৰে প্ৰাণ টাঙ্কি।।
ফুৰে পাইক ঘৰে ঘৰে সবংশকে বেঢ়ি ধৰে
যাহাৰা নলৱে হৰি নাম।
সৰ্ব্বস্ব আগ্রহি লৱে জীয়ে মানে সাঞ্চ থৱে
গলত লগাৱে বড় চাম।। ২৬
কীৰ্ত্তনত চিত্ত নেদি গ্রাম্য কথা কৰে যদি
তাহাৰ কাণত সূচি তাড়ে।
হৰি ভকতিক এড়ি হাসে উপহাস্য কৰি
চৱৰতে তাৰ গাল ফাড়ে।।
সুমৰিবে নাহি ইছা ডৰতে ভটকে মিছা
জানি তাৰাে জিহ্বা বিন্ধে টানি।
যিবা থাকে মৌন হুই তাৰ গলে দেই জুই
কেনে নােবেলস হৰি বাণী।। ২৭
অৱসৰ নাই ৰাতি প্রতি ঘৰে ঘৰে মাতি
ফুৰে কটোৱাল বাটে বাটে।
কটকে বজাৱে ভেৰী জাগ জাগ নিদ্রা এড়ি
হৰি বােল হৰি বােল ঝাণ্টে।।
ৰাজাৰ দণ্ডিত থাকি সুতল পুৰীক ঢাকি
নিৰন্তৰে কৰে হৰি ঘােষ।
আন গৃহ কৃত্য এড়ি হৰি বুলি পাৰে গেড়ি
শুনি মিলে বলিৰ সন্তোষ।। ২৮
।। পঞ্চম কীৰ্ত্তন।।
ঘোষাঃ হৰি ৰাম হৰি ৰাম ঘুষিয়াে ভাইসংসাৰ সাগৰে তৰা।
ৰাম পাৱ নাৱ কাছতে আছন্ত
মিছাতে ডুবিয়া মৰা।। ৫
পদঃ এহিমতে তৈত আছে যত দৈত্য
এড়িল আন আলাপ।
কৰে হৰি ধ্বনি হৰি কথা শুনি
শৰীৰ ভৈল নিস্পাপ।।
কৃষ্ণৰ চৰণ সেৱে অনুক্ষণ
অক্ষয় পুণ্যক সাঞ্চে।
বলিৰ প্ৰসাদে আতি অপ্রমাদে
সুতল পুৰীত বঞ্চে।। ২৯
সিটো দৈত্যেশ্বৰে মাধৱত পৰে
নিচিন্তিলা আন কাম।
শয়নে ভােজনে সচেতে স্বপনে
নেড়িলা হৰিৰ নাম।।
সুদৃঢ় ভকতি ভাৱে দৈত্যপতি
কৰিলা কৰ্ম্ম নিৰ্ম্মূল।
সংসাৰক তৰি পুৰুষ উদ্ধাৰি
নিস্তাৰিলা দৈত্যকুল।। ৩০
বলিৰ সদৃশ নাহি সুপুৰুষ
বৈষ্ণৱতে সাৰােত্তৰ।
যাৰ যশ ৰাশি থাকিল প্রকাশি
যাৱে চন্দ্ৰ দিৱাকৰ।।
শুক নিগদতি কহিলাে সম্প্রতি
বলিৰ চৰিত্ৰ যত।
যিবা শুনে পড়ে তাকো পাপে এড়ে
সুখে তৰে সংসাৰত।। ৩১
নমাে নাৰায়ণ জগত কাৰণ
খণ্ডিয়াে সংসাৰ ভয়।
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
ভাগৱত পদচয়।।
শুনা বুধলােক ক্ষমিয়ােক মােক
পদত দূষণ দেখি।
যাৰ জ্ঞান নাই যিমতে চেঞ্চায়
মূখৰ দোষ নেলেখি।। ৩২
মােৰ পদ বুলি নেড়িবা সমূলি
বিচাৰি দেখিবা পাছে।
মােক্ষৰ নিদান অমৃত সমান
কৃষ্ণকথা আতে আছে।।
হেন অনুমানি কৃষ্ণৰ কাহিনী
শুনিয়া হুয়াে সন্তোষ।
আন কাম এড়ি সমজ্যায়ে বেড়ি
কৰিয়ােক হৰি ঘােষ।। ৩৩
এড়িল আন আলাপ।
কৰে হৰি ধ্বনি হৰি কথা শুনি
শৰীৰ ভৈল নিস্পাপ।।
কৃষ্ণৰ চৰণ সেৱে অনুক্ষণ
অক্ষয় পুণ্যক সাঞ্চে।
বলিৰ প্ৰসাদে আতি অপ্রমাদে
সুতল পুৰীত বঞ্চে।। ২৯
সিটো দৈত্যেশ্বৰে মাধৱত পৰে
নিচিন্তিলা আন কাম।
শয়নে ভােজনে সচেতে স্বপনে
নেড়িলা হৰিৰ নাম।।
সুদৃঢ় ভকতি ভাৱে দৈত্যপতি
কৰিলা কৰ্ম্ম নিৰ্ম্মূল।
সংসাৰক তৰি পুৰুষ উদ্ধাৰি
নিস্তাৰিলা দৈত্যকুল।। ৩০
বলিৰ সদৃশ নাহি সুপুৰুষ
বৈষ্ণৱতে সাৰােত্তৰ।
যাৰ যশ ৰাশি থাকিল প্রকাশি
যাৱে চন্দ্ৰ দিৱাকৰ।।
শুক নিগদতি কহিলাে সম্প্রতি
বলিৰ চৰিত্ৰ যত।
যিবা শুনে পড়ে তাকো পাপে এড়ে
সুখে তৰে সংসাৰত।। ৩১
নমাে নাৰায়ণ জগত কাৰণ
খণ্ডিয়াে সংসাৰ ভয়।
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
ভাগৱত পদচয়।।
শুনা বুধলােক ক্ষমিয়ােক মােক
পদত দূষণ দেখি।
যাৰ জ্ঞান নাই যিমতে চেঞ্চায়
মূখৰ দোষ নেলেখি।। ৩২
মােৰ পদ বুলি নেড়িবা সমূলি
বিচাৰি দেখিবা পাছে।
মােক্ষৰ নিদান অমৃত সমান
কৃষ্ণকথা আতে আছে।।
হেন অনুমানি কৃষ্ণৰ কাহিনী
শুনিয়া হুয়াে সন্তোষ।
আন কাম এড়ি সমজ্যায়ে বেড়ি
কৰিয়ােক হৰি ঘােষ।। ৩৩
।। বলি ছলন সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.