কীৰ্ত্তন ঘােষা
ৰুক্মিণীৰ প্রেম কলহ
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ ৰাম কৃষ্ণ ৰাম হৰি বোলা যত্ন কৰি।।
মাধৱৰ পাদপদ্ম হৃদয়ত ধৰি।। ১
পদঃ শুকে বােলে শুনা পৰীক্ষিত নৃপবৰ।
এক দিনা ৰুক্মিণীৰ গৃহে দামােদৰ।।
ৰত্ন সিংহাসনে হংসতুলিৰ উপৰে।
বসিয়া আছন্ত তাত জগত ঈশ্বৰে।। ১
ৰুক্মিণীৰ সেৱা দেখি ৰঙ্গে নাৰায়ণ।
হাসি হাসি ৰুক্মিণীক বুলিলা বচন।।
তুমি ৰাজকুমাৰী আমিসে ক্ষুদ্রজন।
তােমাৰ আহ্মাত কিছু নাহি প্রয়ােজন।। ২
ৰাজাগণ ভয়ে থাকো সাগৰৰ মাজে।
ভয়াতুৰজনক বৰিলা কোন কাজে।।
স্বৰূপত নােহাে মই ৰাজাৰ নন্দন।
নাহি ৰাজ চিহ্ন মােত ছত্র সিংহাসন।। ৩
উগ্রসেন ৰাজাৰেসে থাকো আজ্ঞা ধৰি।
কোন গুণ দেখি মােক বৰিলা সুন্দৰী।।
আৰাে মই নকৰাে লােকৰ সদাচাৰ।
নাৰীত বিস্তৰ মােৰ নাহিকে আদৰ।। ৪
সিসৱৰ আচাৰ নুবুজে একোজন।
স্ত্ৰীৰ পৰাধীন নােহে যিটো নৰগণ।।
তাহাত ভজিলে দুখ পাৱে নাৰীগণে।
মই সেহিমত বৰিলাহা কোন গুণে।। ৫
এতেকে ৰুক্মিণী নুশুনিলা চিৰকাল।
বিশেষ নুবুজি বিচাৰিলা গুণ ভাল।।
সৰ্ব্ব গুণহীন মােক বৰিলা সুন্দৰী।
তােমাৰ সমান মই হৈবাে কেন কৰি।। ৬
কি কৰি বৰিলা আগ পাছ নুগুণিলা।
পিতৃ মাতৃ ভ্রাতৃৰ বচন নুশুনিলা।।
প্রলয় জলৰ বাট পথ নাহি ভালে।
আমি স্বামী ভৈলে সুখ নাহি কোনাে কালে।। ৭
তােৰ ভাই ৰুক্ম শিশুপাল জৰাসন্ধ।
সিসৱৰ মদ গৰ্ব্ব কৰিবাৰ অন্ত।।
সি কাৰণে ৰুক্মিণী আনিলাে তােক হৰি।
যৈকে ইচ্ছা তুমি তৈকে যাৱা শীঘ্ৰ কৰি।। ৮
দিলােহা বিদায় তুমি যথা লাগে যাৱা।
তােহ্মাৰ সদৃশ বৰ বিচাৰিয়া লৱা।।
বিদায় দিবাৰ হেন শুনিলা ৰুক্মিণী।
বিমূৰ্চ্চিত হুয়া ঢলি পৰিলা ধৰণী।। ৯
শােকৰ জালত দগ্ধ ভৈল কলেৱৰ।
হাতৰ পৰিল খসি শুক্ল যে চামৰ।।
দুই হাত মেলি হৰি ধৰিলন্ত তুলি।
একহাতে ৰুক্মিণীৰ বান্ধিলন্ত চুলি।। ১০
একহাতে মচি মুখ লােতক গুচাইলা।
দৃঢ় কৰি ৰুক্মিণীক বুজাইবে লাগিলা।।
স্বামীৰ ভাৰ্য্যাৰ জানা হেনসে লক্ষণ।
ভাৰ্য্যা সঙ্গে কৌতুক নকৰে কোন জন।। ১১
ভাগ্যৱতী ৰুক্মিণী কৃষ্ণৰ প্রাণ জায়া।
বােলা হৰি হৰি তৰা সংসাৰৰ মায়া।। ১২
মাধৱৰ পাদপদ্ম হৃদয়ত ধৰি।। ১
পদঃ শুকে বােলে শুনা পৰীক্ষিত নৃপবৰ।
এক দিনা ৰুক্মিণীৰ গৃহে দামােদৰ।।
ৰত্ন সিংহাসনে হংসতুলিৰ উপৰে।
বসিয়া আছন্ত তাত জগত ঈশ্বৰে।। ১
ৰুক্মিণীৰ সেৱা দেখি ৰঙ্গে নাৰায়ণ।
হাসি হাসি ৰুক্মিণীক বুলিলা বচন।।
তুমি ৰাজকুমাৰী আমিসে ক্ষুদ্রজন।
তােমাৰ আহ্মাত কিছু নাহি প্রয়ােজন।। ২
ৰাজাগণ ভয়ে থাকো সাগৰৰ মাজে।
ভয়াতুৰজনক বৰিলা কোন কাজে।।
স্বৰূপত নােহাে মই ৰাজাৰ নন্দন।
নাহি ৰাজ চিহ্ন মােত ছত্র সিংহাসন।। ৩
উগ্রসেন ৰাজাৰেসে থাকো আজ্ঞা ধৰি।
কোন গুণ দেখি মােক বৰিলা সুন্দৰী।।
আৰাে মই নকৰাে লােকৰ সদাচাৰ।
নাৰীত বিস্তৰ মােৰ নাহিকে আদৰ।। ৪
সিসৱৰ আচাৰ নুবুজে একোজন।
স্ত্ৰীৰ পৰাধীন নােহে যিটো নৰগণ।।
তাহাত ভজিলে দুখ পাৱে নাৰীগণে।
মই সেহিমত বৰিলাহা কোন গুণে।। ৫
এতেকে ৰুক্মিণী নুশুনিলা চিৰকাল।
বিশেষ নুবুজি বিচাৰিলা গুণ ভাল।।
সৰ্ব্ব গুণহীন মােক বৰিলা সুন্দৰী।
তােমাৰ সমান মই হৈবাে কেন কৰি।। ৬
কি কৰি বৰিলা আগ পাছ নুগুণিলা।
পিতৃ মাতৃ ভ্রাতৃৰ বচন নুশুনিলা।।
প্রলয় জলৰ বাট পথ নাহি ভালে।
আমি স্বামী ভৈলে সুখ নাহি কোনাে কালে।। ৭
তােৰ ভাই ৰুক্ম শিশুপাল জৰাসন্ধ।
সিসৱৰ মদ গৰ্ব্ব কৰিবাৰ অন্ত।।
সি কাৰণে ৰুক্মিণী আনিলাে তােক হৰি।
যৈকে ইচ্ছা তুমি তৈকে যাৱা শীঘ্ৰ কৰি।। ৮
দিলােহা বিদায় তুমি যথা লাগে যাৱা।
তােহ্মাৰ সদৃশ বৰ বিচাৰিয়া লৱা।।
বিদায় দিবাৰ হেন শুনিলা ৰুক্মিণী।
বিমূৰ্চ্চিত হুয়া ঢলি পৰিলা ধৰণী।। ৯
শােকৰ জালত দগ্ধ ভৈল কলেৱৰ।
হাতৰ পৰিল খসি শুক্ল যে চামৰ।।
দুই হাত মেলি হৰি ধৰিলন্ত তুলি।
একহাতে ৰুক্মিণীৰ বান্ধিলন্ত চুলি।। ১০
একহাতে মচি মুখ লােতক গুচাইলা।
দৃঢ় কৰি ৰুক্মিণীক বুজাইবে লাগিলা।।
স্বামীৰ ভাৰ্য্যাৰ জানা হেনসে লক্ষণ।
ভাৰ্য্যা সঙ্গে কৌতুক নকৰে কোন জন।। ১১
ভাগ্যৱতী ৰুক্মিণী কৃষ্ণৰ প্রাণ জায়া।
বােলা হৰি হৰি তৰা সংসাৰৰ মায়া।। ১২
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ গােৱিন্দ যদুদেৱ প্রভু ৰঘুপতি।তুমিসি কেৱল মােৰ অগতিৰ গতি।। ২
পদঃ কৃষ্ণত নৈৰাশ হুয়া ৰুক্মিণী সুন্দৰী।
দেখে তমােময় যেন প্রাণ গৈল উৰি।।
কাপন্ত শৰীৰ তান স্থিৰ নােহে মন।
ভূমিত পৰিয়া দেৱী হৈলা অচেতন।। ১৩
মূৰ্চ্ছা গৈলা মাধৱৰ বচন শুনিয়া।
নােহে সুস্থ ৰুক্মিণীৰ ত্রাসে কম্পে হিয়া।।
প্ৰভুৰ নৈৰাশে যেন প্রাণ ছাড়ি যায়।
মৰন্ত ৰুক্মিণী আতি চক্ষু ওলটাই।। ১৪
মূৰ্চ্ছা গৈলা মাধৱৰ বচন শুনিয়া।
নােহে সুস্থ ৰুক্মিণীৰ ত্রাসে কম্পে হিয়া।।
প্ৰভুৰ নৈৰাশে যেন প্রাণ ছাড়ি যায়।
মৰন্ত ৰুক্মিণী আতি চক্ষু ওলটাই।। ১৪
কাম্পে হাত ভৰি দেখি ত্রাসে নাৰায়ণ।
কোলে কৰি আশ্বাসিলা তুলি তেতিক্ষণ।।
আপােনাৰ বস্ত্রে ধৰি মুখক মুচিলা।
ৰুক্মিণীক আশ্বাসিয়া বচন বুলিলা।। ১৫
হুয়াে সন্ধুক্ষণ সতী কৈলা উপহাস।
শুনিয়া ৰুক্মিণী পুনু তেজিলা নিশ্বাস।।
বুলিবে লাগিলা স্তুতি কৰিয়া প্রণতি।
মাধৱৰ নিন্দাক শুনিয়া মহাসতী।। ১৬
আৰম্ভিলা স্তুতি ধৰি কৃষ্ণৰ চৰণ।
নমাে নমাে নাৰায়ণ আদি নিৰঞ্জন।।
তুমি পূর্ণব্রহ্ম প্রভু সত্য সনাতন।
অগতিৰ গতি হৰি কৰা পৰিত্ৰাণ।। ১৭
লীলা নৰতনু ধৰি হুয়া অৱতাৰ।
বাৰে বাৰে জগতক কৰা উদ্ধাৰ।।
নজানােহাে প্রভু মই মহিমা তােহ্মাৰ।
লীলায়ে ধৰাহা অৱতাৰ বহুবাৰ।। ১৮
ব্রহ্মা হৰে উপাসন্ত যাহাৰ চৰণ।
গৰুড় বাহন প্রভু দেৱ সনাতন।।
তযু পত্নী বুলি গৰ্ব্ব কৈলাে দেৱ হৰি।
ক্ষমিয়াে মােহােৰ দোষ হেৰা যাও মৰি।। ১৯
নমাে নমাে নাৰায়ণ সহস্র লােচন।
সহস্রেক বাহু যাৰ সহস্র বয়ন।।
নমাে নমাে জগন্নাথ ব্রহ্ম সনাতন।
বিষ্ণুৰূপী প্রভু নমাে তােহ্মাৰ চৰণ।। ২০
জানিয়া তােমাৰ পাৱে পশিলাে শৰণ।
মই অজ্ঞানীৰ হৰি দোষ ক্ষমা কৰ।।
ক্ষমা কৰি দাসী লৈয়াে মােৰ দামােদৰ।
তােমাৰ পাৱত কৰাে এতেক কাতৰ।। ২১
ভকত বৎসল প্রভু তুমি যদুপতি।
তােমাৰ চৰণে সদা ৰৌক মােৰ মতি।।
কোলে কৰি আশ্বাসিলা তুলি তেতিক্ষণ।।
আপােনাৰ বস্ত্রে ধৰি মুখক মুচিলা।
ৰুক্মিণীক আশ্বাসিয়া বচন বুলিলা।। ১৫
হুয়াে সন্ধুক্ষণ সতী কৈলা উপহাস।
শুনিয়া ৰুক্মিণী পুনু তেজিলা নিশ্বাস।।
বুলিবে লাগিলা স্তুতি কৰিয়া প্রণতি।
মাধৱৰ নিন্দাক শুনিয়া মহাসতী।। ১৬
আৰম্ভিলা স্তুতি ধৰি কৃষ্ণৰ চৰণ।
নমাে নমাে নাৰায়ণ আদি নিৰঞ্জন।।
তুমি পূর্ণব্রহ্ম প্রভু সত্য সনাতন।
অগতিৰ গতি হৰি কৰা পৰিত্ৰাণ।। ১৭
লীলা নৰতনু ধৰি হুয়া অৱতাৰ।
বাৰে বাৰে জগতক কৰা উদ্ধাৰ।।
নজানােহাে প্রভু মই মহিমা তােহ্মাৰ।
লীলায়ে ধৰাহা অৱতাৰ বহুবাৰ।। ১৮
ব্রহ্মা হৰে উপাসন্ত যাহাৰ চৰণ।
গৰুড় বাহন প্রভু দেৱ সনাতন।।
তযু পত্নী বুলি গৰ্ব্ব কৈলাে দেৱ হৰি।
ক্ষমিয়াে মােহােৰ দোষ হেৰা যাও মৰি।। ১৯
নমাে নমাে নাৰায়ণ সহস্র লােচন।
সহস্রেক বাহু যাৰ সহস্র বয়ন।।
নমাে নমাে জগন্নাথ ব্রহ্ম সনাতন।
বিষ্ণুৰূপী প্রভু নমাে তােহ্মাৰ চৰণ।। ২০
জানিয়া তােমাৰ পাৱে পশিলাে শৰণ।
মই অজ্ঞানীৰ হৰি দোষ ক্ষমা কৰ।।
ক্ষমা কৰি দাসী লৈয়াে মােৰ দামােদৰ।
তােমাৰ পাৱত কৰাে এতেক কাতৰ।। ২১
ভকত বৎসল প্রভু তুমি যদুপতি।
তােমাৰ চৰণে সদা ৰৌক মােৰ মতি।।
এহি বুলি কান্দে আতি ৰুক্মিণী সুন্দৰী।
নয়নৰ লােতকে তিয়াইলা দুই ভৰি।। ২২
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন।
একান্তে লৈয়ােক সৱে হৰিত শৰণ।।
হৰিৰ চৰণ চিন্তি এড়া আন কাম।
নিৰন্তৰে নৰে ডাকি বােলা ৰাম ৰাম।। ২৩
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন।
একান্তে লৈয়ােক সৱে হৰিত শৰণ।।
হৰিৰ চৰণ চিন্তি এড়া আন কাম।
নিৰন্তৰে নৰে ডাকি বােলা ৰাম ৰাম।। ২৩
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ জগন্নাথ তুৱা পাৱে ৰৌক মােৰ মতি।কৰিয়ােক দায়া প্রভু ভৃত্যক সম্প্রতি।। ৩
পদঃ কান্দন্ত কাৰুণ্যে পৰি ৰুক্মিণী সুন্দৰী।
নয়নৰ লােতক পৰিল সৰসৰি।।
কৃষ্ণৰ বচনে যেন অগ্নি যায় জ্বলি।
মহামৰ্ম্মে ৰুক্মিণীৰ গাৱ নেয় ঢলি।। ২৪
কতােক্ষণে চেতন লভিলা মহাসতী।
মাধৱক বুলিলন্ত কৰিয়া কাকূতি।।
পৰম অজ্ঞানী মই পাতকী নিশ্চয়।
আমাত সদয় ভৈলা প্রভু কৃপাময়।। ২৫
অনাচাৰী নাৰী মই অজ্ঞানী বৰ্ব্বৰ।
নজানি তােমাত গৰ্ব্ব কৈলাে দামােদৰ।।
অনন্ত শকতি তুমি দেৱ মহেশ্বৰ।
চৰণত ধৰাে প্রভু দোষ ক্ষমা কৰ।। ২৬
তযু পত্নী বুলি অহঙ্কাৰ আচৰিলাে।
ঢুলন চামৰ লৈয়া আপদে মজিলাে।।
ব্রহ্মা ইন্দ্র চন্দ্ৰে সেৱা কৰে তযু পাৱে।
অনন্তে সহস্র মুখে যাৰ গুণ গাৱে।। ২৭
হেন হৰি তুমি পূর্ণব্রহ্ম সনাতন।
আপুনাক আপুনিয়ে কৰিলাে নিন্দন।।
হেন নাৰায়ণ দায়াময় দেৱ হৰি।
মই অজ্ঞানীক হৰি লৈয়াে দাসী কৰি।। ২৮
যি বুলিলা ৰাজাৰ দুহিতা আতিশয়।
সিসৱ শুনিয়া মােৰ কাম্পয় হৃদয়।।
কোনবা জনমে প্রভু আছাে তপসাই।
তােহ্মাক সেৱিবে মই পাইলাে যদুৰাই।। ২৯
গৃহ অন্ধকূপে পৰি নপাও মই পাৰ।
মই পাপীনীক প্রভু কৰিয়়ো উদ্ধাৰ।।
কৰােহাে কাতৰ আৱে চৰণত ধৰি।
মই অজ্ঞানীক তুষ্ট হােৱা দেৱ হৰি।। ৩০
তােমাৰ গৃহৰ প্ৰভু হৈবোহো কিঙ্কৰী।
জন্মে জন্মে থাকিবো চৰণে সেৱা কৰি।।
আমাৰ জীৱন স্বামী হৈবে দামােদৰ।
কৰােহাে কাতৰ প্ৰভু দিয়া এহি বৰ।। ৩১
এহি বুলি কেশ মেলি চৰণ মুচিলা।
চাৰি হাত মেলি হৰি আশ্বাসি বুলিলা।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে প্রলাপ।
হৰি হৰি বুলি তৰা সংসাৰৰ তাপ।। ৩২
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ ৰাঘৱৰ অভয় চৰণে।
সত্যে সত্যে পশিলাে শৰণে।। ৪
পদঃ মাধৱ বদতি সাধু সাধু মহাসতী।
যতেক বুলিলা মানে স্বৰূপ যুগুতি।।
এহি তযু বচন শুনিবে অভিলাষ।
এতেকে তােমাক কৰিলােহাে পৰিহাস।। ৩৩
একান্ত ভকত তুমি শুনিয়ো কল্যাণী।
যেন যেন কাম মােত বাঞ্ছিলা আপুনি।।
সকলে তােমাত আছে নাহিকে সংশয়।
কিন্তু মােক্ষ হেতু হৈবা বুলিলাে নিশ্চয়।। ৩৪
তােমাৰ স্বামীত প্রেম জানিলাে আপুনি।
আৱে তযু নাম পতিব্রতা আছে বাণী।।
এতেক বচনে তযু ছলিলাে মনক।
তভাে মােক তেজি মন নগৈল তানক।। ৩৫
সত্যে সত্যে পশিলাে শৰণে।। ৪
পদঃ মাধৱ বদতি সাধু সাধু মহাসতী।
যতেক বুলিলা মানে স্বৰূপ যুগুতি।।
এহি তযু বচন শুনিবে অভিলাষ।
এতেকে তােমাক কৰিলােহাে পৰিহাস।। ৩৩
একান্ত ভকত তুমি শুনিয়ো কল্যাণী।
যেন যেন কাম মােত বাঞ্ছিলা আপুনি।।
সকলে তােমাত আছে নাহিকে সংশয়।
কিন্তু মােক্ষ হেতু হৈবা বুলিলাে নিশ্চয়।। ৩৪
তােমাৰ স্বামীত প্রেম জানিলাে আপুনি।
আৱে তযু নাম পতিব্রতা আছে বাণী।।
এতেক বচনে তযু ছলিলাে মনক।
তভাে মােক তেজি মন নগৈল তানক।। ৩৫
ধন্য ধন্য ৰুক্মিণী তুমিসি পতিব্রতা।
পৰম সুন্দৰী সৰ্ব্ব গুণে অনিন্দিতা।।
সৰ্ব্বক্ষণে কৰা তুমি আহ্মাত ভকতি।
তােমাৰ সমান কোন আছে ভাগ্যৱতী।। ৩৬
একান্ত ভক্তিক প্রশংসিলা দেৱ হৰি।
সকামী ভক্তত নিন্দা কৰন্ত মুৰাৰি।।
পুত্ৰ পত্নী কামে যিটো ভজয় আমাক।
মােহােৰ মায়ায়ে জানা মুহি আছে তাক।। ৩৭
তপ ব্ৰত ধৰি দুখ পাৱে পৃথা শ্রমে।
মহা মােক্ষদাতা মােক ভজে আন কামে।।
নৰকক মিলে বিষয়ৰ যত দুখ।
তাকে লাগি হােৱে লােক মােহােত বিমুখ।। ৩৮
কিনাে মহা ৰঙ্গ মােৰ শুনা গৃহেশ্বৰী।
সদায়ে মােহােৰ সেৱা কৰা ৰঙ্গ কৰি।।
সংসাৰ মােচন আকে বুলিয় ভকতি।
অভকত জনে আৰ নুবুজয় গতি।। ৩৯
স্বামীত ভকত সৰ্ব্ব গুণে সুলক্ষণী।
তােমাৰ সমান মই নেদেখাে ঘৰিণী।।
আৰাে তযু চৰিত্ৰ সুমৰি মােৰ মনে।
আনন্দে আকুল মই হও ঘনে ঘনে।। ৪০
যতেক নৃপতি পাই সবাকে উপেক্ষি।
মােক লাগি বিপ্রক পঠাইলা পত্র লেখি।।
পিতৃ মাতৃ ভ্রাতৃৰ বচন নুশুনিলা।
সঙ্কেত কৰিয়া মােক আপুনি নিয়াইলা।। ৪১
তযু ভাই ৰুক্মক মুণ্ডিলাে মই ধৰি।
তবু মােক চান্তে তুমি সহিলা সুন্দৰী।।
মই এড়িবাক ডৰে একো নুবুলিলা।
এতেকে ৰুক্মিণী মােক তুমিসে জিনিলা।। ৪২
শুনা সভাসদ ভাগৱত আন এৰি।
প্রেম ভকতিত তুষ্ট ভৈলা দেৱ হৰি।।
মিছা গৃহ বন্দীশালে পড়িয়া নমৰা।
মাধৱত প্রেম ভক্তি কৰি সুখে তৰা।। ৪৩
হেন জানি এড়া সৱে ভাষ ভুষ কাম।
পাতেক ছাড়ােক ডাকি বােলা ৰাম ৰাম।। ৪৪
।। ৰুক্মিণীৰ প্রেম কলহ সমাপ্ত।।
পৰম সুন্দৰী সৰ্ব্ব গুণে অনিন্দিতা।।
সৰ্ব্বক্ষণে কৰা তুমি আহ্মাত ভকতি।
তােমাৰ সমান কোন আছে ভাগ্যৱতী।। ৩৬
একান্ত ভক্তিক প্রশংসিলা দেৱ হৰি।
সকামী ভক্তত নিন্দা কৰন্ত মুৰাৰি।।
পুত্ৰ পত্নী কামে যিটো ভজয় আমাক।
মােহােৰ মায়ায়ে জানা মুহি আছে তাক।। ৩৭
তপ ব্ৰত ধৰি দুখ পাৱে পৃথা শ্রমে।
মহা মােক্ষদাতা মােক ভজে আন কামে।।
নৰকক মিলে বিষয়ৰ যত দুখ।
তাকে লাগি হােৱে লােক মােহােত বিমুখ।। ৩৮
কিনাে মহা ৰঙ্গ মােৰ শুনা গৃহেশ্বৰী।
সদায়ে মােহােৰ সেৱা কৰা ৰঙ্গ কৰি।।
সংসাৰ মােচন আকে বুলিয় ভকতি।
অভকত জনে আৰ নুবুজয় গতি।। ৩৯
স্বামীত ভকত সৰ্ব্ব গুণে সুলক্ষণী।
তােমাৰ সমান মই নেদেখাে ঘৰিণী।।
আৰাে তযু চৰিত্ৰ সুমৰি মােৰ মনে।
আনন্দে আকুল মই হও ঘনে ঘনে।। ৪০
যতেক নৃপতি পাই সবাকে উপেক্ষি।
মােক লাগি বিপ্রক পঠাইলা পত্র লেখি।।
পিতৃ মাতৃ ভ্রাতৃৰ বচন নুশুনিলা।
সঙ্কেত কৰিয়া মােক আপুনি নিয়াইলা।। ৪১
তযু ভাই ৰুক্মক মুণ্ডিলাে মই ধৰি।
তবু মােক চান্তে তুমি সহিলা সুন্দৰী।।
মই এড়িবাক ডৰে একো নুবুলিলা।
এতেকে ৰুক্মিণী মােক তুমিসে জিনিলা।। ৪২
শুনা সভাসদ ভাগৱত আন এৰি।
প্রেম ভকতিত তুষ্ট ভৈলা দেৱ হৰি।।
মিছা গৃহ বন্দীশালে পড়িয়া নমৰা।
মাধৱত প্রেম ভক্তি কৰি সুখে তৰা।। ৪৩
হেন জানি এড়া সৱে ভাষ ভুষ কাম।
পাতেক ছাড়ােক ডাকি বােলা ৰাম ৰাম।। ৪৪
।। ৰুক্মিণীৰ প্রেম কলহ সমাপ্ত।।
-------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.