কীৰ্ত্তন ঘােষা
জৰাসন্ধৰ যুদ্ধ
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ নমাে দামােদৰ হৰি।
নিয়ােক নাথ উদ্ধাৰি।। ১
পদঃ বােলন্ত শুকে শুনা পৰীক্ষিত।
কহিবাে কৃষ্ণৰ আৰাে চৰিত।।
মৰিল কংস তাৰ ভাৰ্য্যা দুই।
পিতৃগৃহে গৈল বিৱধা হুই।। ১
শুনিয়াে বাপ কি কহিবাে আমি।
মাৰিলন্ত কৃষ্ণে আমাৰ স্বামী।।
শুনি জৰাসন্ধ ক্রোধিল আতি।
তেইশ অক্ষৌহিণী সাজি পদাতি।। ২
বেঢ়িল চতুর্ভিতি মথুৰাক।
দেখি ভয় ভৈল যাদৱ জাক।।
নৰ নাৰীগণো আসি লৱড়ি।
সেনাক চাৱে ৰঙ্গে চাঙ্গে চড়ি।। ৩
সাগৰ সঙ্কাশ দেখি পদাতি।
ত্রাসতে কম্পিল হৃদয় আতি।।
বুলিলা মাধৱে নির্ভয় বাণী।
কৰিলা আলােচ জ্ঞাতিক আনি।। ৪
কৃষ্ণৰ বাক্যে সৱে ভৈল স্বস্থ।
বৈকুণ্ঠৰ পৰা নামিল ৰথ।।
আইল অস্ত্ৰচয় চক্ৰ প্ৰমুখ্যে।
কৃষ্ণক নমিলা আসি দাৰুকে।। ৫
পড়িল লাঙ্গল মুষল বাণ।
কৰিলা দোভায়ে পাছে পয়াণ।।
ৰথে চড়ি কৃষ্ণে বেগে বজাইলা।
শৰ কৰি শত্ৰু সেনা ভঙ্গাইলা।। ৬
কাটিলা ৰথ হস্তী পতিচয়।
শোণিতে নদী প্রৱহাইলা তয়।।
পৰম লীলায়ে শত্ৰু সংহৰি।
ফুঙ্কিলা পাঞ্চজন্য উচ্চ কৰি।। ৭
পাছে বলাে ঘােৰ সমৰ কৰি ৷
মাগধ ৰাজাক জীৱন্তে ধৰি।।
মাৰিবাক চান্ত কোবাই সমূলি।
বাধিলা কৃষ্ণে আক ৰাখা বুলি।। ৮
কৃষ্ণৰ বচনে ৰাখিলা কন্ধ।
দেশক পাছে গৈলা জৰাসন্ধ।।
নযায় নুপুহায় কৃষ্ণত হাৰি।
আনিলেক ৰাজা সৱে হাকাঁৰি।। ৯
দঢ়ায়া আপুনাক মাস তিনি।
লড়িলা সাজি তেইশ অক্ষৌহিণী।।
বেঢ়িলে গৈয়া দুনাই মথুৰাক।
যমুনা তীৰে ৰৈল ৰাজা জাক।। ১০
কাঠ গড় বান্ধি বঞ্চিল ৰাতি।
নাচে গাৱে ৰঙ্গে যত পদাতি।।
মাধৱে পাছে সৱে বাৰ্ত্তা পাইল।
দুনাই যুজিবাক মাগধ আইল।। ১১
যদু বীৰগণো আনিলা মাতি।
আলােচিলা কৃষ্ণে সমস্তে ৰাতি।।
আপােন সেনা তিনি ভাগ কৰি।
নিয়ােজিলা সৱে বীৰক হৰি।। ১২
সাৰণ গদক বলাে দাদাক।
পঠাইলা বাম পাশে যুজিবাক।।
উদ্ধৱ সাত্যকি অনেক ৰথে।
বেঢ়িলে সেনাক দক্ষিণ পথে।। ১৩
কতাে সেনা লৈয়া কৃষ্ণে আটোপে।
সমুখে মাগধক ধাইল কোপে।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ১৪
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ এ হৰি নাৰায়ণ মাধৱে গতি।
কৃষ্ণৰ চৰণে মােৰ নছাড়ােক মতি।। ২
পদঃ মাগধ ৰাজাৰ সেনা সাগৰ সঙ্কাশ।
সুখে ৰহি আছে পায়া পথতে প্রয়াস।।
কতাে হাসে মাতে কতাে আছে নিদ্ৰা পাৰি।
হয় হস্তী ৰথ বান্ধি আছে শাৰী শাৰী।। ১৫
নাহি যুদ্ধ ঘৰা হয় হস্তীৰ পিঠিত।
নতু আনি যােৰে ঘোঁৰা ৰথ যুৱলিত।।
শুদা হাতে বসিয়াছে যত ৰাজায়।
সিবেলাত নতু হােন্ত আদিত্য উদয়।। ১৬
হেন ঊষা সময়ত পাছে যদুৰায়।
পশিলা সেনাৰ মাজে নিসান কোবাই।।
সিংহনাদ কৰি হৰি ধনুক টঙ্কাৰি।
বৰষিলা দিব্য অস্ত্র অসংখ্য মুৰাৰি।। ১৭
কালান্তক সম দেখি কৃষ্ণক প্রত্যেক।
থকবক কৰে আতি নৃপতি যতেক।।
নাহি শ্রুতি বুদ্ধি চাৱে উলটি পালটি।
মাধৱৰ শৰে আসি ফুটে চটচটি।। ১৮
বাম পাশে খেদি আসি বলাে মহাবলী।
শত্ৰুৰ সেনাক সৱে লৈ যান্ত নিৰ্ডলি।।
সাত্যকি দক্ষিণ পথে দেখি দিল ধাৰ।
কৰিবাক লাগিলা শত্ৰুক বুন্দামাৰ।। ১৯
কৰন্ত ক্রন্দন আতি তিনি ভিতি বেঢ়ি।
মহাভয়ে কতাে সেনা পলায় ৰণ এড়ি।।
কতাে প্রাণ ছাৰি পৰে পৃথিৱীত ঢলি।
শত্ৰুৰ সন্মুখ হুয়া ধাৱে কতাে বলী।। ২০
ৰাজাগণে দেখে সেনা বিভঙ্গে ভাগিল।
অনা যুদ্ধ কাছে ৰণ কৰিবে লাগিল।।
কতাে বাসা এড়ি পলাই পশিল বনত।
ত্ৰাহি বুলি পৰে কতাে কৃষ্ণৰ আগত।। ২১
যিটো ৰাজাগণে আগবাঢ়ি দিল ৰণ।
তাৰ কন্ধ ছেদ কৰিলন্ত নাৰায়ণ।।
মাগধৰ সেনাগণ সাগৰ সঙ্কাশ।
ক্ষণেকে ভাগিল সৱে হুয়া মহাত্রাস।। ২২
বলভদ্র সাত্যকি মাধৱ মহাৰথ।
খেদিল পাছত পঞ্চ প্ৰহৰৰ পথ।।
হয় হস্তী ৰত্ন ৰথ লাগে মানে পাইল।
মথুৰাত নিয়া যদু ৰাজাত যােগাইল।। ২৩
মাধৱত যুদ্ধ হাৰি জৰাসন্ধ নৃপ।
ৰাজাগণ সমে গৈল বাণৰ সমীপ।।
প্রাণমিত্র বুলি বাণে কৰিলা সৎকাৰ।
জৰাসন্ধে নিৱেদিলে দুখ আপােনাৰ।। ২৪
শুনা দৈত্যপতি কিনাে ভৈল বিসঙ্গতি।
ৰাত্ৰি চুৰি কৰি আসি গােপাল দুৰ্ম্মতি।।
জিনিয়া খেদিলা মােক বহু দূৰ পথ।
নিলেক মােহােৰ সৱে হয় হস্তী ৰথ।। ২৫
তােহ্মাৰ পাশক আইলাে শুনা দৈত্যৰায়।
কৃষ্ণক যুঁজিবে মােৰ হুয়ােক সহায়।।
তুমি সম প্রাণমিত্র নাহিকে আমাৰ।
কৃষ্ণ শত্রু সাগৰত কৰা মােক পাৰ।। ২৬
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে।।
শুনা সৰ্ব্বজন আউৰ কেদিন জীৱন।
বােলা হৰি হৰি আছে যাৱত চেতন।। ২৭
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম।
নমাে ৰাম এ হৃষীকেশ হৃষীকেশ হৰি।। ৩
পদঃ পাছে বলি সুত বাণ।
দিলা হেন সমিধান।।
মােৰ যত ৰাজ্য ভাৰ।
তােহ্মাৰেসে অধিকাৰ।। ২৮
এহি বুলি দৈত্যপতি।
অসংখ্যাত হয় হস্তী।।
দিলে দৈত্য সেনা ৰথ।
পূৰি তাৰ মনােৰথ।। ২৯
সিটো সেনা লৈয়া সঙ্গে।
মাগধ চলিলা ৰঙ্গে।।
ৰথ ধ্বজ গজ বাজি।
পৰম প্রাৰম্ভে সাজি।। ৩০
লগে লৈয়া সেনা জাক।
বেঢ়িলেক মথুৰাক।।
ধৰ মাৰ কৰে ৰােল।
বাৱে বীৰ ঢাক ঢােল।। ৩১
মথুৰাবাসীৰ ভয়।
দেখি কৃষ্ণ কৃপাময়।।
বীৰগণ কৰি সাজ।
নগৰৰ ভৈলা বাজ।। ৩২
বলভদ্র ক্রোধে ৰাগি।
ধাইলা মাগধক লাগি।।
কৰিলা দুৰ্ঘোৰ ৰণ।
সংহৰিলা বৈৰগণ।। ৩৩
যত আইল ৰাজাজাক।
একলে গােপালে তাক।।
মাৰিলা সমৰ মাজে।
হত ভৈল সামৰাজে।। ৩৪
বলভদ্রে জৰাসন্ধে।
যুঁজিলন্ত মাল বান্ধে।।
প্রহাৰে অনেক ভাৱে।
ছান্দি ধৰি পাৱে পাৱে।। ৩৫
পাছে বলাে সন্ধুকিয়া।
মাগধক আস্ফালিয়া।।
এড়াইলা উলটা বান্ধে।
লাঙ্গল ভেজাইলা কান্ধে।। ৩৬
আজুৰি আনিয়া কাছে।
মুষল উচ্চায়া পাছে।।
মুণ্ড ভাঙ্গিবাক চান্ত।
সেহিবেলা শুনিলন্ত।। ৩৭
পড়িল আকাশী বাক।
নমাৰা নমাৰা আক।।
শুনি বলে সৰ্ব্বজান।
ৰাখি মাগধৰ প্রাণ।। ৩৮
এড়িলা দাৰুণ যুদ্ধ।
ৰথে চড়ি হলায়ুধ।।
কৃষ্ণ সমে লড়ি গৈলা।
মথুৰা প্ৰৱেশ ভৈলা।। ৩৯
এহিমতে ৰাম হৰি।
বিপক্ষক ক্ষয় কৰি।।
যত পাইল অলঙ্কাৰ।
কিৰীটি কুণ্ডল হাৰ।। ৪০
যাদৱ ৰাজাক দিলা।
মনুষ্যৰ দেখাই লীলা।।
কৰিলন্ত ক্রীড়া হৰি।
ভকতৰ প্রীতি কৰি।। ৪১
পাছে জৰাসন্ধ ৰাজা।
যুদ্ধ হাৰি হুয়া লজ্জা।।
দেশ গৈল অধােমুখে।
নযায় নুপুহায় দুখে।। ৪২
দুনাই দুনাই দেয় ধাৰ।
হাৰিল সতেৰ বাৰ।।
তথাপি নভৈল লজ্জা।
আৰকা যােৰাৱে প্ৰজা।। ৪৩
সাধিবাে ইবাৰ জয়।
এহি বুলি দুৰাশয়।।
সাজে চতুৰঙ্গ দল।
নজানি কৃষ্ণৰ বল।। ৪৪
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়ােক সৰ্ব্বজনে।।
মাধৱৰ জন্ম কৰ্ম্ম।
আত পৰে নাহি ধৰ্ম্ম।। ৪৫
অদ্যাপি নুপজে বুদ্ধি।
কলিযুগে মহৌষধি।।
কৃষ্ণ ৰাম ৰাম বাণী।
কেনে হেলা কৰা জানি।। ৪৬
যত মহা যজ্ঞ দান।
তপ জপ তীর্থ স্নান।।
কেহাে নােহে আক সৰি।
ডাকি বােলা হৰি হৰি।। ৪৭
।। জৰাসন্ধৰ যুদ্ধ সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.