কীৰ্ত্তন ঘােষা
ভাগৱতৰ তাৎপৰ্য
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত।
নাম ধৰ্ম্ম কৰিলা বিদিত।। ১
পদঃ সত্য যুগে প্রথমত ব্রহ্মা আদি দেৱ যত
হৰি নাম কৰিলা গুপুত।
কিনাে দয়াময় হৰি নামক বেকত কৰি
কলিৰ পাপ কৰাইলা লুপুত।।
যিটো মহা ম্লেছ জাতি সিও শুদ্ধ হােৱে আতি
মুখে মাত্র হৰি নাম লয়।
কলিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া
ৰহিল সমস্তে ধৰ্ম্মচয়।। ১
ইটো কলি কাল ঘােৰ পাপৰ নাহিকে ওৰ
আত হিত চিন্তিলা প্রজাৰ।
জগতৰে পাপ হৰে স্মৰণে নিস্তাৰ কৰে
হেন নাম কৰিলা প্রচাৰ।।
দোষৰ সাগৰ কলি আত হৰি নাম লৈলি
ধৰ্ম্ম অর্থ পাৱে মােক্ষ কাম।
সমস্তকে দায়াতৰে আৱে দেৱ দামােদৰে
বিদিত কৰিলা হৰি নাম।। ২
মন্ত্র তন্ত্র যজ্ঞ যত তপ তীর্থ কোটি শত
হৰি নাম অধিক সৱাতে।
কিনাে ভাগ্য কিনাে ভাগ্য হেন হৰি নাম লাগ
পাইলে লােক মুকুত সাক্ষাতে।।
যিটো নাম নেৰে মুখে পাইলে মােক্ষ মহাসুখে
জানা কৃষ্ণ তুষ্ট ভৈল তাৰ।
গুৰু ভৈলা জগতৰে কৰিলেক সিটো নৰে
কৌটি কৌটি পুৰুষ উদ্ধাৰ।। ৩
পাতেক শুকান বন হৰি নাম হুতাশন
ক্ষেন্তেকতে দহি কৰে ছন্ন।
হেন নাম প্ৰচাৰিলা পাতেকীক নিস্তাৰিলা
পৰম কৃপালু নাৰায়ণ।।
দেৱৰে ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি
লৈয়াে এক শৰণ সাক্ষাত
যাৰ ইচ্ছা মােক্ষ পাইবে নলাগে দূৰক যাইবে
আছা হৰি সৱাৰ হিয়াত।। ৪
কৃষ্ণৰ কিঙ্কৰে কহে হৰি নামে পাপ দহে
ৰাম নাম সৱাতাে অধিক।
যিটোজনে নাম স্মৰে সকল পাতক তৰে
অনায়াসে পাৱে মুকুতিক।।
জগত নিস্তাৰ হেতু কৰিলা গড় কেতু
ইবাৰ বিদিত হৰি নাম।
আয়ু যায় আলে জালে কেতিক্ষণে ধৰে কালে
নিৰন্তৰে বােলা ৰাম নাম।। ৫
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ মাধৱ ৰান্ধৱ উদ্ধাৰা বাপ।
কতনাে সহিবে সংসাৰ তাপ।। ২
পদঃ বােলন্ত শুকে শুনা নৃপবৰ্য্য।
বাহ্ৰয় স্কন্ধৰ যি তাৎপৰ্য্য।।
কৃষ্ণ বিনে নাই অপৰ দেৱ।
জানিয়া কৃষ্ণৰ কৰিয়াে সেৱ।। ৬
যাহাৰ আছে পুণ্য অসংখ্যাত।
সিসি পাতে কাণ কৃষ্ণ কথাত।।
সেহিসে কৃষ্ণক বােলে আপুন।
শুনিয়ে কৃষ্ণ দেৱতাৰ গুণ।। ৭
ভকতে যত লৱে গুণ নাম।
তাহাৰ মালা গান্থি অনুপাম।।
পিন্ধত কণ্ঠত কৰি উৎসৱ।
হেনসে ভকত বন্ধু মাধৱ।। ৮
যিজনে যায় হৰি নাম সেৱি।
পাছতে ফুৰে যত দেৱ দেৱী।।
যতেক তীর্থ তাক স্তুতি কৰে।
তাৰ বায়ু পাপ সমস্ত হৰে।। ৯
যিটোজনে ফুৰে নাম সুমৰি।
তাৰ পাছে পাছে ভ্রমন্ত হৰি।।
বৎসক স্নেহে যেন ধেনু ধাৱে।
ভজিয়া জানি হেন হৰি পাৱে।। ১০
এক জনে যদি নাম উচ্চাৰে।
শুনে মানে পাপ সৱাৰাে হৰে।।
হেনসে আশ্চর্য্য দেৱতা হৰি।
যাহাৰ নাম লৈলে মাত্ৰ তৰি।। ১১
অনিচ্ছাতে যিটো বিষ্ণুক কহে।
তাহাৰাে সমস্ত পাতক দহে।।
প্রেমে ভজে যিটো কৃষ্ণৰ পাৱ।
কহিবাে তাহাৰ কত প্ৰভাৱ।। ১২
সংসাৰ গৰ্ত্তে পৰি আছে লােক।
মােহত অন্ধ নেড়ায় দুখ শােক।।
কাল ভুজঙ্গে দংশি লৱে প্রাণ।
কৃষ্ণ বিনে কোনে কৰিবে ত্রাণ।। ১৩
যতেক দেখা খােজ সমুদায়।
হস্তীৰ খােজত সৱে লুকায়।।
এহিমতে যত বিশ্ব সমস্ত।
কৃষ্ণতে জানা সৱে যায় অস্ত।। ১৪
অতিপাতেকীও কৰি হৰিষ।
ধিয়াৱে কৃষ্ণক এক নিমিষ।।
ভৈল পুণ্যশালী সিও বিচিত্র।
পৱিত্ৰকাৰীকো কৰে পৱিত্ৰ।। ১৫
সম্পদকো জানা নুহি সম্পদ।
জানা অপদকো নুহি আপদ।।
পৰম সম্পদ হৰি ভকতি।
আপদ জানা হৰি বিৰকতি।। ১৬
মহাপাপী আতি অধম জাতি।
তাকো নামে কৰে পৱিত্ৰ আতি।।
হেনসে নাম ধৰ্ম্ম শিৰােমণি।
পাপ অৰণ্য যেন অগনি।। ১৭
কলিত পৰম উপায় নাম।
একেদায়ে সিজে ত্রিতয় কাম।।
উপজে পুণ্য পাপ হােৱে দূৰ।
মিলে মহামােক্ষ সুখ প্ৰচুৰ।। ১৮
কলিত লােকৰ মলিন মতি।
নুপজয় আন পুণ্য সম্প্রতি।।
নামেসে পৰম ধৰ্ম্ম কলিত।
নামেসে মৰণ সমল বিত।। ১৯
হেন জানি তেজা বিষয় ধান্ধা।
হৰিৰ নামক গলত বান্ধা।।
কত পুণ্যে পাই মনুষ্য তনু।
ইহাক বিফল নকৰা পুনু।। ২০
মােহ নিদ্রা এড়ি লােৱা চেতন।
কৃষ্ণৰ সেৱাত কৰা যতন।।
সত্বৰে কৰা পৰলােক কাম।
ঘুুষিয়ো নিৰন্তৰে ৰাম ৰাম।। ২১
।। ভাগৱতৰ তাৎপৰ্য্য সমাপ্ত ।।
--------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
কতনাে সহিবে সংসাৰ তাপ।। ২
পদঃ বােলন্ত শুকে শুনা নৃপবৰ্য্য।
বাহ্ৰয় স্কন্ধৰ যি তাৎপৰ্য্য।।
কৃষ্ণ বিনে নাই অপৰ দেৱ।
জানিয়া কৃষ্ণৰ কৰিয়াে সেৱ।। ৬
যাহাৰ আছে পুণ্য অসংখ্যাত।
সিসি পাতে কাণ কৃষ্ণ কথাত।।
সেহিসে কৃষ্ণক বােলে আপুন।
শুনিয়ে কৃষ্ণ দেৱতাৰ গুণ।। ৭
ভকতে যত লৱে গুণ নাম।
তাহাৰ মালা গান্থি অনুপাম।।
পিন্ধত কণ্ঠত কৰি উৎসৱ।
হেনসে ভকত বন্ধু মাধৱ।। ৮
যিজনে যায় হৰি নাম সেৱি।
পাছতে ফুৰে যত দেৱ দেৱী।।
যতেক তীর্থ তাক স্তুতি কৰে।
তাৰ বায়ু পাপ সমস্ত হৰে।। ৯
যিটোজনে ফুৰে নাম সুমৰি।
তাৰ পাছে পাছে ভ্রমন্ত হৰি।।
বৎসক স্নেহে যেন ধেনু ধাৱে।
ভজিয়া জানি হেন হৰি পাৱে।। ১০
এক জনে যদি নাম উচ্চাৰে।
শুনে মানে পাপ সৱাৰাে হৰে।।
হেনসে আশ্চর্য্য দেৱতা হৰি।
যাহাৰ নাম লৈলে মাত্ৰ তৰি।। ১১
অনিচ্ছাতে যিটো বিষ্ণুক কহে।
তাহাৰাে সমস্ত পাতক দহে।।
প্রেমে ভজে যিটো কৃষ্ণৰ পাৱ।
কহিবাে তাহাৰ কত প্ৰভাৱ।। ১২
সংসাৰ গৰ্ত্তে পৰি আছে লােক।
মােহত অন্ধ নেড়ায় দুখ শােক।।
কাল ভুজঙ্গে দংশি লৱে প্রাণ।
কৃষ্ণ বিনে কোনে কৰিবে ত্রাণ।। ১৩
যতেক দেখা খােজ সমুদায়।
হস্তীৰ খােজত সৱে লুকায়।।
এহিমতে যত বিশ্ব সমস্ত।
কৃষ্ণতে জানা সৱে যায় অস্ত।। ১৪
অতিপাতেকীও কৰি হৰিষ।
ধিয়াৱে কৃষ্ণক এক নিমিষ।।
ভৈল পুণ্যশালী সিও বিচিত্র।
পৱিত্ৰকাৰীকো কৰে পৱিত্ৰ।। ১৫
সম্পদকো জানা নুহি সম্পদ।
জানা অপদকো নুহি আপদ।।
পৰম সম্পদ হৰি ভকতি।
আপদ জানা হৰি বিৰকতি।। ১৬
মহাপাপী আতি অধম জাতি।
তাকো নামে কৰে পৱিত্ৰ আতি।।
হেনসে নাম ধৰ্ম্ম শিৰােমণি।
পাপ অৰণ্য যেন অগনি।। ১৭
কলিত পৰম উপায় নাম।
একেদায়ে সিজে ত্রিতয় কাম।।
উপজে পুণ্য পাপ হােৱে দূৰ।
মিলে মহামােক্ষ সুখ প্ৰচুৰ।। ১৮
কলিত লােকৰ মলিন মতি।
নুপজয় আন পুণ্য সম্প্রতি।।
নামেসে পৰম ধৰ্ম্ম কলিত।
নামেসে মৰণ সমল বিত।। ১৯
হেন জানি তেজা বিষয় ধান্ধা।
হৰিৰ নামক গলত বান্ধা।।
কত পুণ্যে পাই মনুষ্য তনু।
ইহাক বিফল নকৰা পুনু।। ২০
মােহ নিদ্রা এড়ি লােৱা চেতন।
কৃষ্ণৰ সেৱাত কৰা যতন।।
সত্বৰে কৰা পৰলােক কাম।
ঘুুষিয়ো নিৰন্তৰে ৰাম ৰাম।। ২১
।। ভাগৱতৰ তাৎপৰ্য্য সমাপ্ত ।।
--------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.