কীৰ্ত্তন ঘােষা
প্ৰহ্লাদ চৰিত্ৰ
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ ৰাম মুৰাৰি প্ৰভু ৰঘুনাথ।
কৃষ্ণ প্রণামাে দমায়া নাথ।। ১
পদঃ বােলন্ত শুকে শুনা পৰীক্ষিত।
ভক্ত প্রহ্লাদ কহাে চৰিত।।
যুধিষ্ঠিৰ আগে নাৰদে কৈলা।
শুনিয়াে প্রহ্লাদৰ যেন ভৈলা।। ১
ব্ৰহ্মাৰ মানস চাৰি তনয়।
ভ্রমন্ত আকাশে আনন্দময়।।
পাঞ্চ বৰিষীয়া শিশু সঙ্কাশ।
নাহিকে বস্ত্র সৱে দিগবাস।। ২
আনন্দে লােকক চাহন্তে ফুৰি।
দিনেক দেখিলা বৈকুণ্ঠ পুৰী।।
আতি আনন্দিত বিষ্ণুৰ থানে।
সৱে চতুর্ভুজ পুৰুষ মানে।। ৩
যতেক ৰমণী লক্ষ্মী প্রত্যেক।
কল্পতৰু সম বৃক্ষ যতেক।।
বৈমানিকগণ পৰম ৰঙ্গে।
হাতত তাল নাৰীগণ সঙ্গে।। ৪
গাৱন্ত কৃষ্ণৰ গুণ চৰিত্র।
আনন্দতে দ্রৱে সৱাৰাে চিত্ত।।
সুগন্ধি বায়ুক কৰে ধিক্কাৰ।
সিবেলা মনক মােহে আহ্মাৰ।। ৫
ভ্ৰমৰৰাজে গাৱে হৰি গীত।
যতেক পক্ষী তাতে দেয় চিত্ত।।
নকৰে আৰাৱ থাকে নিচুকে।
কৃষ্ণৰ চৰিত্র শুনে উৎসুকে।। ৬
চড়ি ৰত্নময় দিব্য বিমানে।
যতেক সুন্দৰী পদ্মিনী মানে।।
হাস লাস কৰি দৰশে গাৱ।
বৈষ্ণৱজনৰ নুপজে ভাৱ।। ৭
হৰিৰ গৃহে মহালক্ষ্মী মাৱে।
হাতে ফুৰাই পদ্ম ভ্রমন্ত পাৱে।।
দেখিয়া স্ফটিক বাৰৰ গুণি।
সাঞ্জে গৃহ যেন লক্ষ্মী আপুনি।। ৮
গােৱিন্দৰ গুণ চৰিত্ৰ বাজে।
শুনে গ্রাম্য কথা যিটো নিলাজে।।
বৈকুণ্ঠে নাযায় সিটো ভাগ্য শূন্য।
কুকথায়ে হৰে সমস্তে পুণ্য।। ৯
তমাে নৰকে হােৱে চিৰ বাস।
আপুনি চিন্তে আপুনাৰ নাশ।।
দেৱৰাে বাঞ্ছনী মনুস্য জন্ম।
উপজে আত যত জ্ঞান ধৰ্ম্ম।। ১০
নকৰে কীৰ্ত্তন ইহাক পায়া।
জানিবা তাক লক্ষ্যে বিষ্ণু মায়া।।
হেন জানি আন আলাপ এড়ি।
বােলা হৰি হৰি সমাজে বেঢ়ি।। ১১
।। দ্বিতীয় কীৰ্ত্তন।।
কৃষ্ণ প্রণামাে দমায়া নাথ।। ১
পদঃ বােলন্ত শুকে শুনা পৰীক্ষিত।
ভক্ত প্রহ্লাদ কহাে চৰিত।।
যুধিষ্ঠিৰ আগে নাৰদে কৈলা।
শুনিয়াে প্রহ্লাদৰ যেন ভৈলা।। ১
ব্ৰহ্মাৰ মানস চাৰি তনয়।
ভ্রমন্ত আকাশে আনন্দময়।।
পাঞ্চ বৰিষীয়া শিশু সঙ্কাশ।
নাহিকে বস্ত্র সৱে দিগবাস।। ২
আনন্দে লােকক চাহন্তে ফুৰি।
দিনেক দেখিলা বৈকুণ্ঠ পুৰী।।
আতি আনন্দিত বিষ্ণুৰ থানে।
সৱে চতুর্ভুজ পুৰুষ মানে।। ৩
যতেক ৰমণী লক্ষ্মী প্রত্যেক।
কল্পতৰু সম বৃক্ষ যতেক।।
বৈমানিকগণ পৰম ৰঙ্গে।
হাতত তাল নাৰীগণ সঙ্গে।। ৪
গাৱন্ত কৃষ্ণৰ গুণ চৰিত্র।
আনন্দতে দ্রৱে সৱাৰাে চিত্ত।।
সুগন্ধি বায়ুক কৰে ধিক্কাৰ।
সিবেলা মনক মােহে আহ্মাৰ।। ৫
ভ্ৰমৰৰাজে গাৱে হৰি গীত।
যতেক পক্ষী তাতে দেয় চিত্ত।।
নকৰে আৰাৱ থাকে নিচুকে।
কৃষ্ণৰ চৰিত্র শুনে উৎসুকে।। ৬
চড়ি ৰত্নময় দিব্য বিমানে।
যতেক সুন্দৰী পদ্মিনী মানে।।
হাস লাস কৰি দৰশে গাৱ।
বৈষ্ণৱজনৰ নুপজে ভাৱ।। ৭
হৰিৰ গৃহে মহালক্ষ্মী মাৱে।
হাতে ফুৰাই পদ্ম ভ্রমন্ত পাৱে।।
দেখিয়া স্ফটিক বাৰৰ গুণি।
সাঞ্জে গৃহ যেন লক্ষ্মী আপুনি।। ৮
গােৱিন্দৰ গুণ চৰিত্ৰ বাজে।
শুনে গ্রাম্য কথা যিটো নিলাজে।।
বৈকুণ্ঠে নাযায় সিটো ভাগ্য শূন্য।
কুকথায়ে হৰে সমস্তে পুণ্য।। ৯
তমাে নৰকে হােৱে চিৰ বাস।
আপুনি চিন্তে আপুনাৰ নাশ।।
দেৱৰাে বাঞ্ছনী মনুস্য জন্ম।
উপজে আত যত জ্ঞান ধৰ্ম্ম।। ১০
নকৰে কীৰ্ত্তন ইহাক পায়া।
জানিবা তাক লক্ষ্যে বিষ্ণু মায়া।।
হেন জানি আন আলাপ এড়ি।
বােলা হৰি হৰি সমাজে বেঢ়ি।। ১১
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ হে পুণ্ডৰীকাক্ষ কৰা কৃপা ও ৰাম
কৰা দায়া কমল-লােচন।
নেড়াে যেন অৰুণ চৰণ।। ২
পদঃ দূৰতে ধৰ্ম্মক পৰিহৰি।
যিটো চিন্তে হৃদি ৰূপ ধৰি।।
নিতান্তে কীৰ্ত্তন মাত্র কৰে।
বৈকুণ্ঠত থাকে সিটো নৰে।। ১২
অন্যো অন্যে হৰিকথা গাৱে।
শিহৰে শৰীৰ প্ৰেমভাৱে।।
আনন্দে লােতক পড়ে ঝৰি।
গেৰি পাৰি বােলে ৰাম হৰি।। ১৩
বৈকুণ্ঠ নগৰী নিৰুপম।
নাহি যাত কালৰ বিক্রম।।
তাক পায়া ভকতসকলে।
মজিল আনন্দ সিন্ধু জলে।। ১৪
বৈকুণ্ঠত কেশৱ সাক্ষাত।
শুতি থাকা ভুজঙ্গ শয্যাত।।
লক্ষ্মীৰ কোলাত থৈয়া ভৰি।
লক্ষ্মীয়াে ঝান্টন্ত হাতে ধৰি।। ১৫
মূৰ্ত্তি ধৰি বেদ শাস্ত্রগণ।
কৰে বেঢ়ি মহিমা কীৰ্ত্তন।।
চৈধ্য ভুৱনৰ বন্দ্য স্থান।
যাক কৃষ্ণে কৰিছা নিৰ্মাণ।। ১৬
হেন বৈকুণ্ঠত চাৰি মুনি।
ভ্রমন্ত কীৰ্ত্তন ধ্বনি শুনি।।
কৃষ্ণৰ আৱাস পাইলা পাছে।
ৰত্নময় দ্বাৰসৱ আছে।। ১৭
লগাই আছে হীৰাৰ কপাট।
ৰত্নে বিৰচিত যত বাট।।
হেন দ্বাৰচয় চড়াই পাছে।
দেখন্ত দুগােটা দ্বাৰী আছে।। ১৮
সপ্তম দ্বাৰৰ দুই পাশে।
দুইৰাে শিৰে কিৰীটি প্রকাশে।।
পদ্ম নেত্র বদন মণ্ডলে।
শােভে গণ্ড মকৰ কুণ্ডলে।। ১৯
সুন্দৰ নাসিকা অল্প হাস।
চাৰু শ্যাম তনু পীত বাস।।
যেন কুন্দ কড়ি দন্ত পান্তি।
কেয়ূৰ কঙ্কণে কৰে কান্তি।। ২০
দুইৰো চতুর্ভুজ অতি জ্বলে।
বনমালা শােভে বক্ষঃস্থলে।।
সেৱে তাক ভ্ৰমৰে গুঞ্জৰি।
দুয়াে দিব্য গদা আছে ধৰি।। ২১
দেখে পাছে হেন দুয়াে দ্বাৰী।
বিবস্ত্রে আসন্ত সিদ্ধ চাৰি।।
নুসুধি পশন্ত অভ্যন্তৰ।
কোপে দুয়াে কম্পাৱে অধৰ।। ২২
মুখ কৰি ভ্ৰকুটি কুটিল।
বেতে ঠেলি চাৰিকো খেদিল।।
কৃষ্ণৰ কিঙ্কৰে এহু ভণে।
হৰি হৰি বােলা সৰ্ব্বজনে।। ২৩
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ ৰাম কৃষ্ণ কহ নিতে।
চাই ধৰি হৰি-পদ চিত্তে৷।। ৩
পদঃ দেখিয়া পাছে হেন চাৰি সিদ্ধ।
দেখন্তে শিশু বয়সত বৃদ্ধ।।
কৃষ্ণ দৰশন আশা ভঙ্গে।
কোপে চক্ষু পকাই মাতন্ত খঙ্গে।। ২৪
বৈষ্ণৱ বােলস তােৰা দুয়ােজন।
বৈকুণ্ঠ বাসীৰ নুহি লক্ষণ।।
প্রশান্ত পুৰুষ আনন্দময়।
তাহান্তো তােৰা কৰা সংশয়।। ২৫
পাৰিষদ বােলাই কৰস চটি।
জানিলাে তােৰা দুয়াে কপটী।।
বৈকুণ্ঠৰাে আনা দুৰ্যশ বৰ।
ঐৰপৰা তােৰ দুহান্তো পড়।। ২৬
অসুৰ যােনিত উপজ মৰি।
হেন শুনি জয় বিজয়ে ডৰি।।
চৰণত ধৰি পড়ি ভূমিত।
কাতৰ কৰে হুয়া ভয় ভীত।। ২৭
তােমাসাক বাধি কৰিলাে পাপ।
মিলােক যিবা দিলা চণ্ড শাপ।।
আপােন কর্মে যাও অধােগতি।
প্রভুৰ পাৱে নছাড়ােক মতি।। ২৮
তােমাসাত মাগাে এতেক বৰ।
এহি বুলি দুয়াে কৰে কাতৰ।।
হেন অথান্তৰ শুনিয়া হৰি।
আসন্ত বজাই অভ্যন্তৰ এৰি।। ২৯
অনেক পৰিচ্ছদে লক্ষ্মী মাৱে।
পাছত চলি যান্ত ভূমি পাৱে।।
শুক্ল চামৰে বিঞ্চে দুই কাছে।
উপৰে শ্বেত ছত্র ধৰি আছে।। ৩০
তাতে চন্দ্ৰকান্তে স্ৰৱে শিশিৰ।
চলি যান্ত হৰি গতি গম্ভীৰ।।
লক্ষ্মীৰ ছটা শ্যাম উৰঃস্থলে।
আপাদম্বী বনমালা গলে।। ৩১
গুঞ্জৰে মধুকৰে কৰি যত্ন।
শিৰত কিৰীটি অমূল্য ৰত্ন।।
উন্নত নাসা সুপ্রসন্ন মুখ।
কমল নেত্রক দেখন্তে সুখ।। ৩২
মকৰ কুণ্ডলে প্রকাশে গণ্ড।
শ্যামল চাৰু চাৰি ভুজ দণ্ড।।
কেয়ূৰ কঙ্কণ প্রকাশে তাত।
শ্রীবৎস মুকুতা হাৰ হিয়াত।। ৩৩
পীত বস্ত্রে শােভে শ্যামল কায়।
নুগুচে মুখত হাস্য সদায়।।
অমূল্য মেখলা কটিৰ মাজে।
চৰণে ৰত্নৰ নূপুৰ বাজে।। ৩৪
কৌস্তুভ মণি শােভে কণ্ঠ মাজে।
দুই পাশে নানা দিব্য যন্ত্র বাজে।।
মিলাৱে সমাধি তাৰ শৱদে।
ধৰিছা মূৰ্ত্তি ভকতৰ পদে।। ৩৫
গৰুড়ৰ স্কন্ধে হস্তক থই।
ফুৰন্ত পদ্ম আউৰ হাতে লই।।
পাৰিষদগণ চলে উপাসি।
আসন্ত বৈকুণ্ঠপুৰ প্রকাশি।। ৩৬
অদ্ভুত মূৰ্ত্তি চাৰি সিদ্ধে দেখি।
নাহিকে তৃপিতি চান্ত নিৰীক্ষি।।
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বােলা হৰি হৰি সমস্ত জনে।। ৩৭
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ পদ্মপাণি হন ৰাজীৱ মােম।
সুখে দুখে মুখে যােনো ছাড়ে ৰাম নাম।। ৪
পদঃ পৰম আনন্দে চাৰি সিদ্ধে দেখি পাছে।
শিৰে প্রণামিয়া দণ্ডৱতে পঢ়ি আছে।।
কৃষ্ণ পাদ পদ্ম তুলসীৰ পায়া গন্ধ।
ক্ষোভ ভৈল চিত্ত মহা মিলিল আনন্দ।। ৩৮
প্রেমভাৱ উপজি দ্ৰৱিল আতি চিত্ত।
হৰিষে লােতক স্ৰৱে তনু লােমাঞ্চিত।।
দেখিলা কৃষ্ণৰ মুখ শ্যাম পদ্ম কোষ।
সুন্দৰ অধৰ হাস্যে মিলাৱে সন্তোষ।। ৩৯
তাসম্বাৰ ভৈল মনবাঞ্ছিত পূৰণ।
চাহিলা কৃষ্ণৰ দুনাই দুখানি চৰণ।।
আৰকত নখ পান্তি আছে প্রকাশন্তে।
চিত্তত চিন্তিলা তাঙ্ক বাহিৰৰ হন্তে।। ৪০
আছিলন্ত ধৰি হৃদয়ত কতাে বেলি।
কৃষক সন্মুখে দেখি পাছে চক্ষু মেলি।।
কৰযােৰে চাৰি সিদ্ধে আনন্দ পাই।
কৰিবে লাগিলা স্তুতি মাধৱক চাই।। ৪১
সমস্ত ভূতৰে যদি তুমি হৃদিগত।
তথাপি কৰ্ম্মীৰ মনে নুহিকা বেকত।।
ভকতেসে পাৱে খুজি তুমি অন্তর্যামী।
কিনাে ভাগ্য নয়নে তােহ্মাক দেখাে আমি।। ৪২
পিতৃ মুখে তযু গুণ শুনিলাে যৈসানি।
সেহিদিনা হিয়াত পশিলা চক্রপাণি।।
তুমি পৰমাত্মা তত্ত্ব জানিলাে সম্প্রতি।
সত্য মূর্তি ধৰি সাধা ভকতৰ গতি।। ৪৩
তােহ্মাক নপাই অনুৰাগ বাঢ়ে যাৰ।
সেহিসে ভকতি যােগে ছিণ্ডে অহঙ্কাৰ।।
তাহাৰেসে গুচে বিষয়ত অনুৰাগ।
হৃদয়ত বিচাৰি তােহ্মাক পাৱে লাগ।। ৪৪
তােহ্মাৰ পাৱত লৈলে যিজনে শৰণ।
তযু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন।।
মােক্ষ প্রসাদ প্রভু তােহ্মাত নমাগে।
ছাৰ স্বর্গসুখ কোন তাসম্বাৰ আগে।। ৪৫
তযু গুণ গান যদি কর্ণে থাকে ভৰি।
সদায় বদনে যেৱে বােলে ৰাম হৰি।।
চৰণেকো চিন্তে চিত্তে বিঘ্নিকো নগণি।
নাৰকী জন্মও তেৱে আহ্মাৰ বাঞ্ছনী।। ৪৬
দেখাই দিব্যৰূপ ইটো আতি চমৎকাৰ।
সাধিলা আনন্দ কিনাে নেত্ৰৰ আহ্মাৰ।।
অজ্ঞজনে তােহ্মাৰ নলৱে গুণ নাম।
আমি হেৰা পড়ি প্রভু কৰিলাে প্রণাম।। ৪৭
তােহ্মাৰ পাৱত হৌক একান্ত ভকতি।
এতেক প্ৰসাদ দিয়াে আহ্মাক সম্প্রতি।।
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলােক।
ডাকি হৰি হৰি বােলা পাতেক ছাড়ােক।। ৪৮
।। পঞ্চম কীৰ্ত্তন।।
পদঃ পৰম আনন্দে চাৰি সিদ্ধে দেখি পাছে।
শিৰে প্রণামিয়া দণ্ডৱতে পঢ়ি আছে।।
কৃষ্ণ পাদ পদ্ম তুলসীৰ পায়া গন্ধ।
ক্ষোভ ভৈল চিত্ত মহা মিলিল আনন্দ।। ৩৮
প্রেমভাৱ উপজি দ্ৰৱিল আতি চিত্ত।
হৰিষে লােতক স্ৰৱে তনু লােমাঞ্চিত।।
দেখিলা কৃষ্ণৰ মুখ শ্যাম পদ্ম কোষ।
সুন্দৰ অধৰ হাস্যে মিলাৱে সন্তোষ।। ৩৯
তাসম্বাৰ ভৈল মনবাঞ্ছিত পূৰণ।
চাহিলা কৃষ্ণৰ দুনাই দুখানি চৰণ।।
আৰকত নখ পান্তি আছে প্রকাশন্তে।
চিত্তত চিন্তিলা তাঙ্ক বাহিৰৰ হন্তে।। ৪০
আছিলন্ত ধৰি হৃদয়ত কতাে বেলি।
কৃষক সন্মুখে দেখি পাছে চক্ষু মেলি।।
কৰযােৰে চাৰি সিদ্ধে আনন্দ পাই।
কৰিবে লাগিলা স্তুতি মাধৱক চাই।। ৪১
সমস্ত ভূতৰে যদি তুমি হৃদিগত।
তথাপি কৰ্ম্মীৰ মনে নুহিকা বেকত।।
ভকতেসে পাৱে খুজি তুমি অন্তর্যামী।
কিনাে ভাগ্য নয়নে তােহ্মাক দেখাে আমি।। ৪২
পিতৃ মুখে তযু গুণ শুনিলাে যৈসানি।
সেহিদিনা হিয়াত পশিলা চক্রপাণি।।
তুমি পৰমাত্মা তত্ত্ব জানিলাে সম্প্রতি।
সত্য মূর্তি ধৰি সাধা ভকতৰ গতি।। ৪৩
তােহ্মাক নপাই অনুৰাগ বাঢ়ে যাৰ।
সেহিসে ভকতি যােগে ছিণ্ডে অহঙ্কাৰ।।
তাহাৰেসে গুচে বিষয়ত অনুৰাগ।
হৃদয়ত বিচাৰি তােহ্মাক পাৱে লাগ।। ৪৪
তােহ্মাৰ পাৱত লৈলে যিজনে শৰণ।
তযু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন।।
মােক্ষ প্রসাদ প্রভু তােহ্মাত নমাগে।
ছাৰ স্বর্গসুখ কোন তাসম্বাৰ আগে।। ৪৫
তযু গুণ গান যদি কর্ণে থাকে ভৰি।
সদায় বদনে যেৱে বােলে ৰাম হৰি।।
চৰণেকো চিন্তে চিত্তে বিঘ্নিকো নগণি।
নাৰকী জন্মও তেৱে আহ্মাৰ বাঞ্ছনী।। ৪৬
দেখাই দিব্যৰূপ ইটো আতি চমৎকাৰ।
সাধিলা আনন্দ কিনাে নেত্ৰৰ আহ্মাৰ।।
অজ্ঞজনে তােহ্মাৰ নলৱে গুণ নাম।
আমি হেৰা পড়ি প্রভু কৰিলাে প্রণাম।। ৪৭
তােহ্মাৰ পাৱত হৌক একান্ত ভকতি।
এতেক প্ৰসাদ দিয়াে আহ্মাক সম্প্রতি।।
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলােক।
ডাকি হৰি হৰি বােলা পাতেক ছাড়ােক।। ৪৮
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ গতি মােৰ গতি মােৰ গােৱিন্দ দেৱ।
মাধৱ বিনা বন্ধু নাহি কেৱ।। ২
পদঃ কৰিলা স্তুতি চাৰি মহামুনি।
চাৰিকো মাধৱে মাতিলা গুণি।।
পাৰিষদ জয় বিজয় মােৰ।
কৰিল মহা অপৰাধ ঘােৰ।। ৪৯
বিহিলা উচিত দণ্ড ইহাক।
কদর্থিলা দুয়াে আতি আহ্মাক।।
সেৱকে যদি কৰে অপকাৰ।
পাৱে অপশে স্বামীক তাৰ।। ৫০
ক্ষমিয়াে মােক চাৰি মহাশিষ্ট।
ব্রাহ্মণগণ মােৰ মহা ইষ্ট।।
বিপ্র সেৱাতেসে আহ্মাৰ খ্যাতি।
চাণ্ডালকো কৰে পৱিত্ৰ আতি।। ৫১
তােহ্মাৰ ইন্দ্রে কৰে অপৰাধ।
কাটিবাে ইন্দ্রক নাহিকে বাধ।।
বিপ্রৰ মুখে ভুঞ্জো যেন কৰি।
বহ্নিৰ হােমে নােহে তাঙ্ক সৰি।। ৫২
আহ্মাৰ তনু যত বিপ্রগণ।
তাসম্বাৰ দ্রোহ চিন্তে যিজন।।
যমৰ দূতে কৰে তাক দণ্ডি।
গৃধ্ৰগণে খায় মাংসক ছিণ্ডি।। ৫৩
পাৰন্ত গালি বিপ্রে যদি আসি।
প্রণাম কৰে যিটো তাঙ্ক হাসি।।
সম্বুধি প্রবােধে সাধু বচনে।
কৰিলেক বশ্য মােক সিজনে।। ৫৪
পাৰিষদ জয় বিজয় দুই।
তােহ্মাসাৰ শাপে অসুৰ হুই।।
দুনাই বৈকুণ্ঠক ঝাণ্টে আসােক।
হেন অনুগ্রহ কৰিয়াে মােক।। ৫৫
আছন্ত সৱে যদি খেদ চিত্তি।
কৃষ্ণ বাক্যামৃতে ভৈল তৃপিতি।।
কৃষ্ণৰ বাক্যক কৰি বিচাৰ।
নুবুজিলা কিছু আশয় তাৰ।। ৫৬
মিলিল আনন্দ দ্ৰৱিল চিত্ত।
লােতক স্ৰৱে তনু লােমাঞ্চিত।।
কৃতাঞ্জলি কৰি কৃষ্ণক চাই।
মাতন্ত চাৰিও মুনি দুনাই।। ৫৭
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে কহে।
জানা চিৰকাল দেহা নৰহে।।
কৃষ্ণৰ কীৰ্ত্তনে সাধিয়াে গতি।
বােলা হৰি হৰি একান্ত মতি।। ৫৮
।। ষষ্ঠ কীৰ্ত্তন।।
ঘােষাঃ ৰাম ৰাম মুকুন্দ।
ত্রাহি ত্রাহি গােৱিন্দ।। ৬
পদঃ তােহ্মাৰ বচন স্বামী।
নুবুজিলাে কিছু আমি।।
আপুনি ঈশ্বৰ হুয়া।
বােলাহা কৰিয়াে দায়া।। ৫৯
ত্রিজগতে কৰে সেৱ।
বােলা মােৰ বিপ্ৰ দেৱ।।
যত দেৱ দ্বিজ ভূমি।
সৱাৰো দেৱতা তুমি।। ৬০
ধৰ্ম্মৰো পৰম গুহ্য।
তুমি জগতৰে পূজ্য।।
যাৰ ৰূপ হিয়ে ধৰি।
দুস্তৰ মৃত্যুক তৰি।। ৬১
তাঙ্ক আনে কৰে দায়া।
কোনে বুজিবেক মায়া।।
মান্য কৰি ব্ৰাহ্মণক।
শিক্ষা দিয়া সামান্যক।। ৬২
ধর্ম্ম পথ ৰক্ষা কৰি।
সৃষ্টি প্ৰৱৰ্ত্তায়া হৰি।।
তযু পাৰিষদ দুই।
আকো শাপে মুনি হুই।। ৬৩
কৰিলাে দাৰুণ পাপ।
দণ্ডিয়াে জগত বাপ।।
এহি বুলি মৌন ভৈলা।
মাধৱে বুলিবে লৈলা।। ৬৪
মুনিগণ এড়া তাপ।
আমিসে দিয়াইলাে শাপ।।
বৈৰভাৱে চিন্তি মােক।
দুনাই পাইবে এহি লােক।। ৬৫
বােলা মহা মনতুষ্টি।
শুনি চাৰি সিদ্ধে উঠি।।
মাধৱক প্রদক্ষিণি।
প্রণামিলা বাৰ তিনি।। ৬৬
লৈয়া তান্তে অনুমতি।
আকাশে কৰিলা গতি।।
বৈষ্ণৱৰ শ্ৰীক চাই।
মনে প্রশংসন্তে যায়।। ৬৭
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়ােক সৰ্ব্বজনে।।
অন্তকে পাইলেক পৰা।
ৰাম হৰি বুলি তৰা।। ৬৮
।। সপ্তম কীৰ্ত্তন।।
ঘােষাঃ হে পৰমানন্দ
কৰা কৃপা ভৃত্যক সম্প্রতি।
তুমি বিনা নাহি আন গতি।। ৭
পদঃ পাছে জয় বিজয়ক হৰি।
কৰিলা আশ্বাস দুইকো ধৰি।।
অসুৰ যােনিক যাহা তই।
নকৰিবা মনে কিছু ভয়।। ৬৯
তােৰা দুইৰ থাকোক কল্যাণ।
মই দুখ কৰিবাে নিৰ্য্যাণ।।
ব্রহ্মশাপ নকৰাে উৎসন্ন।
আছে পদে মােৰ প্রয়ােজন।। ৭০
সুমৰিয়াে পুৰণি কথাক।
চিন্তি আছাে মঞি আপােনাক।।
আহ্মাৰ পাশক আসা লক্ষ্মী।
তাঙ্কো নিবাৰিলা দুয়াে দেখি।। ৭১
ক্রোধে বুলিলন্ত লক্ষ্মী শাপি।
হুয়ােক অসুৰ দুয়াে পাপী।।
হেন জানি হুয়াে দুয়াে দৈত্য।
ভকতৰ ভয় আছে কৈত।। ৭২
বৈৰভাৱে চিন্তিবাহা মােক।
অল্পকালে পাইবা এহি লােক।।
দুখৰ কৰিবাে মঞি অন্ত।
এহি বুলি পাছে ভগৱন্ত।। ৭৩
লক্ষ্মী সমে গৈয়া ধীৰে ধীৰে।
প্ৰৱেশিলা ৰত্নৰ মন্দিৰে।।
পাছে দুয়াে মুখ্য পাৰিষদ।
এড়ি সবে বৈকুণ্ঠ সম্পদ।। ৭৪
শ্রীহত হয় অধােমুখে।
বিমানৰ পৰা পড়ে দুখে।।
হেন দেখি বৈকুণ্ঠক ছানি।
কৰে সৱে হাহাকাৰ ধ্বনি।। ৭৫
পাছে দুয়াে এড়ি নিজ কায়।
কশ্যপৰ বীর্য্যে লৈলা ঠাই।।
স্বামীৰ সংযােগে পাছে দিতি।
অনুক্রমে ভৈলা গৰ্ভৱতী।। ৭৬
কৃষ্ণৰ কিঙ্কৰে এহু ভণে।
নেড়িবা কীৰ্ত্তন একো জনে।।
কেতিক্ষণে পড়ে ইটো কায়।
হৰি হৰি ঘুষিয়াে সদায়।। ৭৭
।। অষ্টম কীৰ্ত্তন।।
ঘােষাঃ হৰি ৰাম হৰি ৰাম এ মূল মন্ত্র।
কলিত নাহি তপ যজ্ঞ যন্ত্র।। ৮
পদঃ দিতিৰ গর্ভে দুয়াে ভৈল জাত।
হিৰণ্যকশিপু নামে প্রখ্যাত।।
হিৰণ্যাক্ষ নামে কনিষ্ঠ তাৰ।
যুদ্ধত বৰাহে চিন্তিল মাৰ।। ৭৮
শুনিয়া হিৰণ্যে ভ্রাতৃৰ বধ।
ক্রোধে আৰকত চক্ষু তবধ।।
শূলক তুলি গর্জে দৈত্যনাথ।
দশন কামূৰি ঝঙ্কাৰে মাথ।। ৭৯
দানৱগণক মাতে সম্বুধি।
মাৰিবাে বৰাহক শূলে বিন্ধি।।
বধিলে আহ্মাৰ ভ্ৰাতৃ কনিষ্ঠ।
দেৱ ব্রাহ্মণৰ চিন্ত অনিষ্ট।। ৮০
পৃথিৱীক লাগি কৰা গমন।
তপ জপ যজ্ঞ কৰিয়াে ছন্ন।।
বিষ্ণুসে সৱাৰ জানা আশ্রয়।
গৰু ব্ৰাহ্মণৰ কৰা প্রলয়।। ৮১
হেনয় আজ্ঞা কৰি দৈত্যৰাজ।
ভ্রাতৃৰ পাছে কৰি প্ৰেতকাজ।।
কথায়ে আশ্বাসিয়া বান্ধৱক।
তপক লাগি গৈল মন্দৰক।। ৮২
আকাশ চাই উৰ্দ্ধবাহু হুই।
থাকিলা ভূমিক অঙ্গুষ্ঠে ছুই।।
জটাৰ দীপিতি দেখন্তে ত্রাস।
প্রলয় সূৰ্য্যৰ যেন প্রকাশ।। ৮৩
ব্রহ্মাক চিন্তিয়া আছে মনত।
বহি গৈল দিব্য বৰিষ শত।।
ঢাকিল তনু উঁই মাটি তুলি।
শৰীৰৰ মাংস খাইল সমূলি।। ৮৪
গাজিল তাক ঢাকি বেৰু ঝাৰ।
তথাপি কটাক্ষ নাহিকে তাৰ।।
শিৰৰ বহ্নি বঝায় তপােময়।
তাৰ তাপে ভৈল জগতে ভয়।। ৮৫
সঘনে ভূমি কাম্পে নিৰন্তৰ।
খলকিল জল সাত সাগৰৰ।।
সঞ্চাৰে তাৰাগ্রহ অসংখ্যাত।
দশােদিশে ভৈল উলুকা পাত।। ৮৬
হেন দেখি ভৈল ত্রিদশে ত্রাস।
স্বর্গ এড়ি গৈল ব্ৰহ্মাৰ পাশ।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বােলা হৰি হৰি সমস্ত নৰে।। ৮৭
।। নৱম কীৰ্ত্তন।।
ঘােষাঃ কৃষ্ণ যদুপতি।
ৰামে মােৰ গতি।। ৯
পদঃ ব্রহ্মাক প্রণামি বুলিলন্ত দেৱজাক।
সৃষ্টি নষ্ট হােৱে কেনে নৰাখা আহ্মাক।।
দৈত্যেন্দ্ৰৰ দেখি ঘােৰ তপৰ দীপিতি।
স্বৰ্গত থাকিবে কাৰ বাপৰ শকতি।। ৮৮
ব্রহ্মপদ তােমাৰ কৰিবে চাৱে ছন্ন।
ভিন্ন সৃষ্টি কৰিবাক দৈত্যৰ যতন।।
হেন জানি বিধি কৰিয়েক প্রতিকাৰ।
যাৱে নতু নষ্ট হােৱে সমস্ত সংসাৰ।। ৮৯
হেন জানি ব্রহ্মা লড়ি গৈল হংস যানে।
তপ কৰি আছে দৈত্যপতি যিটো থানে।।
তপৰ মহিমা দেখি ভৈলন্ত বিস্ময়।
বোলন্ত উঠিয়ে আৱে কশ্যপ তনয়।। ৯০
শৰীৰৰ মাংসক খাইলেক তােৰ উঁই।
তথাপি আৰাধ মােক একচিত্ত হুই।।
হেন তপ কৰন্তা নাহিকে সংসাৰত।
যেহি লাগে বৰ আৱে লৈয়াে অভিমত।। ৯১
এহি বুলি ব্রহ্মা জলে কৰিলন্ত শান্তি।
ভৈল অঙ্গ পূর্ণ তপ্ত সুৱৰ্ণৰ কান্তি।।
বজ্ৰ সম সুদৃঢ় তৰুণ কলেৱৰ।
উঠিল মাটিৰ পৰা পাছে দৈত্যশ্বৰ।। ৯২
ব্রহ্মাক দেখিল হংস যানে আছে চড়ি।
মিলিল আনন্দ প্রণামিল পাৱে পড়ি।।
হৰিষে লােক পড়ে লােমাঞ্চিত গাৱে।
কৰিল অনেক স্তুতি নতি নম্রভাৱে।। ৯৩
বিধাতাক বােলে যদি মােক দিবা বৰ।
তুমি স্ৰজি আছা যত প্রাণী নিৰন্তৰ।।
কতাে হন্তে নুহিবেক মোহোৰ মৰণ।
ত্ৰৈলৈক্যৰ লােকে লৌক আহ্মাত শৰণ।। ৯৪
নমৰিবাে ৰাত্ৰিত দিনত মৃত্যু নৌক।
অস্ত্ৰে শস্ত্ৰে মাৰিবাক নৱাৰেক মােক।।
মিলােক মহিমা মােৰ তােহ্মাৰ সমান।
দিয়ে এহি বৰ ব্ৰহ্মা নমাগােহাে আন।। ৯৫
ব্রহ্মায়ে বােলন্ত হাসি শুনা দৈত্যশ্বৰ।
যদ্যপি দুর্ল্লভ বাপ ইটো মহাবৰ।।
তথাপিতাে দিলাে বৰ বাঞ্ছা হৌক সিন্ধি।
এহি বুলি নিজ স্থানে চলি গৈলা বিধি।। ৯৬
হেন বৰ পায়া বল বাঢ়িল অশেষ।
ভ্ৰাতৃ বৈৰী বুলি কৰে মাধৱক দ্বেষ।।
তিনিও লােকক বশ্য কৰি দৈত্যপতি।
কাঢ়ি লৈল বলে মহেন্দ্ৰৰ অম্ৰাৱতী।। ৯৭
ভয়ে দাৰুণক ত্রিজগতে কৰে সেৱ।
ব্রহ্মা বিষ্ণু ৰুদ্র বিনা খাটে সৰ্ব্ব দেৱ।।
এহিমতে দিব্য ভােগ ভুজে আসৰিশ।
বহি গৈল অসংখ্যাত সহস্ৰ বৰিষ।। ৯৮
দেৱতাগণৰ আৰ নাহি সুখ শান্তি।
নপান্ত উপায় একোমতে গুণি গান্থি।।
কৃষ্ণৰ চৰণে সৱে লৈলন্ত শৰণ।
হৰি বিনা নাহি আৰ দুৰ্গতি তাৰণ।। ৯৯
এহি বুলি বায়ু ভক্ষি নিদ্ৰা পৰিহৰি।
মাধৱক আৰাধন্ত কষ্ট ব্ৰত ধৰি।।
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে কৃষ্ণ কথা।
বােলা হৰি হৰি জন্ম নকৰিয়াে বৃথা।। ১০০
।। দশম কীৰ্ত্তন।।
ঘােষাঃ এ ৰাম হৰি নিৰঞ্জন।। ১০
পদঃ দেৱ যেৱে উপসন্তে আছে।
পড়িল আকাশী বাণী পাছে।।
দেৱগণ নকৰিবা ভয়।
কৰিবােহাে দৈত্যৰ প্রলয়।। ১০১
ইটো দুখ হৈব উপশান্তি।
শুনা তাৰ মৰণৰ খ্যান্তি।।
তাৰ পুত্র বৈষ্ণৱ প্রহ্লাদ।
তাঙ্ক কৰে যৈসানি বিবাদ।। ১০২
তেবে তাক কৰিবাে নিৰ্য্যাণ।
ভকতেসে জানা মােৰ প্রাণ।।
তান পীড়া শৰীৰে নসহে।
ভকতৰ দুখে হৃদি দহে।। ১০৩
নির্ভয়ে থাকিয়াে দেৱগণ।
অল্পতে সিজিবে প্রয়ােজন।।
দেৱগণ নিৱৰ্ত্তিয়া গৈল।
দৈত্যেন্দ্ৰৰ চাৰি পুত্ৰ ভৈল।। ১০৪
প্রহ্লাদ বৈষ্ণৱ ভৈলা আতি।
বিষ্ণুক চিন্তন্ত দিনে ৰাতি।।
ইন্দ্রিয়ক কৰিলা নিয়ম।
প্রাণীক দেখন্ত আত্মাসম।। ১০৫
ৰূপে গুণে বিদ্যাত পাৰ্গত।
নাহি গৰ্ব্ব তথাপি মনত।।
দুখতাে উদ্বিগ্ন নুহি চিত্ত।
নাহি স্পৃহা সুখতাে কিঞ্চিত।। ১০৬
অসুৰ স্বভাৱ এড়িলন্ত।
কাম জিনি ভৈল উপশান্ত।।
মহাবৈৰী হুয়া দেৱজাক।
সাধু বুলি বখানন্ত তাক।। ১০৭
পাঞ্চ বৰিষতে মহামতি।
ক্রীড়া এড়ি কৰন্ত ভকতি।।
নিতান্তে হৰিক কৰে ধ্যান।
হৰি বিনে নেদেখন্ত আন।। ১০৮
সদায়ে কৃষ্ণৰ গুণ কহে।
চিত্তত ধৰিল কৃষ্ণ গ্রাহে।।
নেড়ে মনে গােৱিন্দৰ পাৱ।
কৃষ্ণত উপজে প্রেম ভাৱ।। ১০৯
কৃষ্ণক চিন্তন্তে দ্রৱে মন।
কেহাে বেলা কৰন্ত ক্রন্দন।।
কেহাে বেলা হাসন্ত আহ্লাদে।
কতাে গুণ গাৱন্ত প্রহ্লাদে।। ১১০
গােৱিন্দক আনন্দে ডাকন্ত।
লাজ এড়ি কতােহাে নাচন্ত।।
হৰি বুদ্ধি হােৱে আপােনাক।
কতাে কৰে কৃষ্ণৰ চেষ্টাক।। ১১১
আনন্দে লােতক যায় বহি।
নমাতি থাকন্ত কতাে ৰহি।।
হৰিষতে তনু লােমাঞ্চিত।
কৃষ্ণতে একান্ত ভৈল চিত্ত।। ১১২
এহিমতে কৰন্ত ভকতি।
আন বিষয়ত নাহি মতি।।
কৃষ্ণৰ কিঙ্কৰে এহু ভণে।
হৰি হৰি বােলা সৰ্ব্বজনে।। ১১৩
।। একাদশ কীৰ্ত্তন।।
ঘােষাঃ ৰাম হৰি ৰাম হৰি গােপাল গােপাল।। ১১
পদঃ ষণ্ডামর্ক নামে দুয়াে শুক্ৰৰ তনয়।
প্রহ্লাদক পঢ়াৱন্ত শাস্ত্র বামানয়।।
পঢ়ে আনাে অসংখ্যাত দৈত্যৰ ছৱাল।
মনত প্রহ্লাদে তাক নমানন্ত ভাল।। ১১৪
একদিনা দৈত্যেন্দ্রে পুত্রক কোলে লই।
কিবা পঢ়ি আছা বুলি আনন্দে সােধয়।।
কাক ভাল মান বাপ কহিয়াে সত্বৰে।
বুলিলন্ত প্রহ্লাদে পিতৃক অনন্তৰে।। ১১৫
শুনা পিতৃ ইটো গৃহ অন্ধকূপ সৰি।
তপােবনে একচিত্তে আৰাধিয়াে হৰি।।
সংসাৰ সাগৰে ভাল নাহি আত পৰে।
হেন শুনি হাসি পাছে মাতে দৈত্যেশ্বৰে।। ১১৬
কোনবা বৈষ্ণৱে আক কৰে বুদ্ধি ভেদ।
ভালমতে শিশুক পঢ়ায়াে অবিছেদ।।
শুনি ষণ্ডামর্কে প্রহ্লাদক ঘৰে আনি।
হাসিয়া পুছন্ত বাপ কহ সত্য বাণী।। ১১৭
কোনে তােক হেন বিপৰ্য্যয় বুদ্ধি দিল।
কিবা তােৰ মনত আপুনি সম্পজিল।।
শুনিবাক ইচ্ছা কহ কুলৰ নন্দন।
প্রহ্লাদে কহিল কৰি কৃষ্ণক বন্দন।। ১১৮
ব্রহ্মা আদি কৰি যত দেৱতা পণ্ডিত।
যাহাৰ পন্থত হােন্ত মায়ায়ে মােহিত।।
যাৰ মায়া বিভৱৰ নাহি পৰিচ্ছেদ।
হেন হৰি কৰন্ত আহ্মাৰ মতি ভেদ।। ১১৯
চুম্বকৰ কাছে লােহা ভ্রমে যেন ঠানে।
ভিন্ন ভৈল বুদ্ধি মােৰ বিষ্ণু সমিধানে।।
এহি বুলি গুৰুক প্রহ্লাদ মৌন ভৈল।
শুনি ষণ্ডামর্কে তাক গৰ্জ্জিবাক লৈল।। ১২০
আন বেত কোবাই মাৰে অৰে দুৰাচাৰ।
মন্দবুদ্ধি আহ্মাৰ অনাইলি খিলিঙ্কাৰ।।
উপজিলি তই দৈত্যকুলৰ কণ্টক।
ভৈলি বিষ্ণুপক্ষ ক্ষয় কৰিলি কুলক।। ১২১
এহিমতে অনেক উপায়ে দেখাই ভয়।
প্রহ্লাদক পঢ়াৱন্ত শাস্ত্র বামানয়।।
জানিলেক শাস্ত্র গুৰু মনে হেন জানি।
দৈত্যেন্দ্ৰৰ আগে প্রহ্লাদক দিলা আনি।। ১২২
পিতৃৰ চৰণে পড়ি আছা মহামতি।
দুই হাতে তুলি আশ্বাসিলা দৈত্যপতি।।
কোলাত বৈসাই ঘনে ঘনে ঘ্রাণি শিৰ।
হাসি প্রহ্লাদত কথা সােধে মহাবীৰ।। ১২৩
কিবা সুশােভন পাঠ পঢ়ি আছা তাত।
গুৰুত শিখিলা কিবা কহিয়াে আহ্মাত।।
শুনিয়া প্রহ্লাদে পাছে কহন্ত সাদৰি।
পাতেক ছাড়োক ডাকি বােলা হৰি হৰি।। ১২৪
।। দ্বাদশ কীৰ্ত্তন।।
ঘােষাঃ ও হৰি চৰণে লাগাে শৰণ মাগাে
গােপাল গােৱিন্দ।
ভৱসিন্ধু মাজে মজিলাে মাধৱ
সুমৰি নাসয় নিন্দ৷।। ১২
পদঃ শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদ সেৱন।
দাস্য সখিত্ব বন্দন বিষ্ণুত
কৰিব দেহ অর্পণ।।
নৱ বিধ ভক্তি বিষ্ণুত আচৰে
সেহিসে পাঠ উত্তম।
হেন শুনি পাছে হিৰণ্য কশিপু
কোপে কাম্পে যেন যম।। ১২৫
গুৰুৰ পুত্ৰক চাহি দৈত্যপতি
পাৰিবে লাগিলা গালি।
শুনৰে অধম ব্রাহ্মণ শিশুক
এহিসে পাঠ শিখাইলি।।
ষণ্ডামর্কে বােলে আনে নিশিখাৱে
ইটো নপঢ়াইলাে আমি।
তােহ্মাৰ নয় স্বভাৱে বােলয়
কোপ এড়া দৈত্যস্বামী।। ১২৬
শুনিয়া হিৰণ্য কশিপু দুনাই
সােধয় কথা পুত্রত।
গুৰু নিশিখাইলে হেন বিমঙ্গল
বাণী বােলা কেনমত।।
প্রহ্লাদে বােলন্ত শুনিয়ােক তাত
বিষয়ীৰ নাহি গতি।
গুৰু উপদেশে আপােনাৰ হন্তে
নুপজে কৃষ্ণত ৰতি।। ১২৭
আপুনি বিষয়ী হুয়া যিটো জনে
বিষয়ীক গুৰু মানে।
যেন অন্ধক অন্ধে উপদেশে
বিষ্ণুক সিটো নজানে।।
বৈষ্ণৱক যেৱে নকৰে উপাসা
মােহে অন্ধ মূঢ় মতি।
শুনা পিতৃ তেৱে কৃষ্ণৰ চৰণ
নােছােৱে তাহাৰ মতি।। ১২৮
হেন শুনি মহা ক্রোধে দৈত্যৰাজ
জ্বলি গৈল অহঙ্কাৰী।
মাটিক লাগিয়া পুত্রক পেলাইল
কোলাৰ পৰা আছাৰি।।
ৰাক্ষসগণক ক্রোধে আদেশয়
মাৰ পাপীষ্ঠক বেঢ়ি।
ভ্রাতৃবৈৰী বিষ্ণু তাকেসে সেৱয়
আহ্মাত সৌহৃদ্য এড়ি।। ১২৯
প্রচণ্ড আদেশ শুনিয়া অশেষ
ৰাক্ষস উঠিল ৰাগি।
হাতে শূল ধৰি খেখট কৰিয়া
ধাইল প্রহ্লাদক লাগি।।
কাট মাৰ বুলি বেঢ়িয়া সন্ধানে
দিলেক শূলৰ ঝাক।
বিষ্ণুক সুমৰি প্রহ্লাদ কুমাৰে
কটাক্ষো নকৰে তাক।। ১৩০
ভােতাহুয়া শূল উফৰি পৰিল
দেখি আছে সৰ্ব্বজনে।
হেন অদভুত দেখি দৈত্যপতি
পৰম সঙ্কিত মনে।।
দিগ্গজগণক আদেশ কৰিল
দিগ্গজো ভিৰিল দান্তে।
জলত ডুবায়া উপৰে পৰ্ব্বত
পেলায়া কতােহাে ঝান্তে।। ১৩১
মহা সৰ্পগণে বেঢ়িয়া দংশয়
তাৰ দান্ত গৈল ভাগি।
পৰ্ব্বত শিখৰে তুলিয়া কতােহাে
পেলাৱে মাটিক লাগি।।
গাঁত খানি কতাে পােতে প্রহ্লাদক
কৰাৱে বিষক পান।
হাতে গলে বান্ধি অগ্নিত পেলাৱে
তথাপি নচাৰে প্রাণ।। ১৩২
বিষ্ণুৰ চৰণ চিন্তিয়া প্রহ্লাদে
আছন্ত নির্ভয় ভাৱে।
দেখি দৈত্যপতি মনত চিন্তয়
শ্রুতি নাহি তাৰ গাৱে।।
আছােক মৰিব ভয় নুপজয়
নেড়য় আমাৰ পাশ।
ইহাৰ বিৰােধে জানিলাে অৱশ্যে
মােহােৰ হৈব বিনাশ।। ১৩৩
দূৰন্ত চিন্তায়ে শ্রীহানি ভৈল
নমাইল মলিন মুখ।
পাছে ষণ্ডামর্কে বিৰলে বিনাৱে
দৈত্যেন্দ্ৰৰ দেখি দুখ।।
প্রহ্লাদ চৰিত ৰচিল শঙ্কৰে
কৃষ্ণৰ কিঙ্কৰে এৱে।
বােলা হৰি হৰি সংসাৰক তৰি
বৈকুণ্ঠক যাইবা যেৱে।। ১৩৪
।। ত্রয়ােদশ কীৰ্ত্তন।।
ঘােষাঃ কেশৱ শিৱ শিৱ ঘুষিয়াে সদায়।
ৰাম নাম বিনা বান্ধৱ নাই।। ১৩
পদঃ কিসক দৈত্যেন্দ্র আছা মনত বিকলে।
তিনিও লােকক তুমি জিনিলা একলে।।
তযু কটাক্ষতে কাম্পে দিকপালগণ।
তােহ্মাৰ চিন্তাৰ কিছু নেদেখাে কাৰণ।। ১৩৫
হেন জানি হুয়া ৰাজা মনত সন্তোষ।
শিশু ছৱালৰ কিছু নধৰিবা দোষ।।
বৰুণৰ পাশে বান্ধি থৈয়াে কত কাল।
আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল।। ১৩৬
এহি হৌক বুলি পাছে মাতে দৈত্যেশ্বৰ।
শিখায়ােক আক ৰাজনীতি নিৰন্তৰ।।
হেন শুনি গুৰুপুত্রে আনি প্রহ্লাদক।
মহাযত্নে পঢ়াইলন্ত দৈত্যৰ শাস্ত্রক।। ১৩৭
তাক ভাল নমানয় প্রহ্লাদৰ মনে।
কৰিলা নিবিড় চিত্ত কৃষ্ণৰ চৰণে।।
পঢ়াই শুনাই গুৰু যেৱে গৃহকামে যান্ত।
দৈত্য শিশুসৱক মাতিয়া শিখাৱন্ত।। ১৩৮
দৈত্য শিশুসৱাে পাছে আন ক্রীড়া এড়ি।
প্রহ্লাদক গৌৰৱ কৰিয়া বসে বেঢ়ি।।
দায়ায়ে প্রহ্লাদে দেন্ত হিত উপদেশ।
শুনিয়ােক বাণী দৈত্য দানৱ নিঃশেষ।। ১৩৯
অসাৰ সংসাৰ নাহি ইহাত বিশ্বাস।
জানি হৰি ভকতিক কৰিয়াে অভ্যাস।।
মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত।
অৰ্দ্ধেক বিফলে যায় জানিবা নিদ্রাত।। ১৪০
বিংশতি বৰিষ আয়ু যায় ওমলন্তে।
নেয় দশ বৰিষ ধনক উপাৰ্জ্জন্তে।।
বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি।
একো কাৰ্য্য সাধিবাক নাহিকে শকতি।। ১৪১
শৰীৰক পীড়ে ব্যাধি চক্ষুৱে নাকলে।
আশা পাশে বান্ধিয়া গৃহত থাকি গলে।।
হেন জানি শিশুসৱ এড়া আন কৰ্ম্ম।
কৰিয়াে কুমাৰ কালে ভাগৱত ধৰ্ম্ম।। ১৪২
দুৰ্ল্লভ মনুষ্য জন্ম নকৰা বিফল।
চিন্ত মনে মাধৱৰ চৰণ কমল।।
হৰিসে সৱাৰাে আত্মা বান্ধৱ ঈশ্বৰ।
মায়াময় ইটো পুত্ৰ ভাৰ্য্যা কলেৱৰ।। ১৪৩
আৰ অর্থে ব্যর্থে কেনে কৰা আয়ুপাত।
সৱাৰাে হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত।।
হেন জানি অসুৰ স্বভাৱ সৱে এড়ি।
সমস্ত প্রাণীক পূজা বিষ্ণু বুদ্ধি কৰি।। ১৪৪
তেৱেসে অল্পতে তুষ্ট হৈব নাৰায়ণে।
কোননাে দুৰ্ল্লভ আছে হৰি সুপ্রসন্নে।।
হেন জানি বিষয়ত হুয়ােক বিমুখ।
পশু শৰীৰতাে পায় বিষয়ৰ সুখ।। ১৪৫
বাল্য ক্রীড়া এড়ি কৰা মাধৱক ধ্যান।
নাৰদৰ মুখত শুনিলাে ইটো জ্ঞান।।
স্বৰূপ কহিলাে নাহি ইহাত সংশয়।
বােলা হৰি হৰি হৌক পাপৰ প্রলয়।। ১৪৬
।। চতুর্দশ কীৰ্ত্তন।।
ঘােষাঃ নমাে মধুমূৰমথন ৰাম।
সংসাৰ তাপ কৰা উপশাম।। ১৪
পদঃ শুনিয়া পাছে দৈত্য শিশুজাক।
প্রহ্লাদক হেন বুলিলা বাক।।
অন্তেষপুৰে থাকি মহাভাগ।
কিমতে পাইলা নাৰদক লাগ।। ১৪৭
কহিলা ঋষি কেনে তত্ত্ব ভেদ।
কৰিয়াে আহ্মাৰ সংশয় ছেদ।।
বুলিলা প্রহ্লাদে হেন বচন।
শুনা পূৰ্ব্ব কথা বালকগণ।। ১৪৮
যৈসানি পিতৃ তপস্যাক গৈলা।
দেখি দেৱগণ সংশয় ভৈলা।।
জানিল পিতৃক খাইলেক উঁই।
নগৰ বেঢ়িয়া লগাইল জুই।। ১৪৯
দানৱগণ ভয় ভৈলা বৰ।
পুত্ৰ ভাৰ্য্যা এৰি দিলা লৱৰ।।
মিলিল দৈত্যৰ আপদ ঘােৰ।
ইন্দ্ৰে ধৰিলেক মাতৃক মােৰ।। ১৫০
আপুন স্থান নেন্ত আজুৰি।
কান্দন্ত সতী মুখে বস্ত্ৰ জুৰি।।
পাৰে আৰ্ত্তৰাৱ ৰাজ মহিষী।
দেখিয়া বুলিলা নাৰদ ঋষি।। ১৫১
ইহাঙ্ক এড়া এড়া সুৰপতি।
একে পৰস্ত্রী আৰাে মহাসতী।।
মাতিল ইন্দ্ৰে নাৰদক পাছে।
এইৰ উদৰে শিশু এক আছে।। ১৫২
তাঙ্ক মাৰি দিবাে এইক মেলানি।
শুনিয়া নাৰদে বুলিলা বাণী।।
নিস্পাপ পুৰুষ আছে গৰ্ভত।
সাক্ষাতে ইটো মহাভাগৱত।। ১৫৩
তােহ্মাৰ মাৰিবে নাহি শকতি।
এড়িল হেন শুনি সুৰপতি।।
মাতৃক পাছে প্রদক্ষিণ কৰি।
স্বৰ্গক গৈলন্ত মােক সাদৰি।। ১৫৪
মাতৃক ঋষি আশ্ৰমত থৈল।
আশ্বাস কৰিয়া বুলিবে লৈল।।
যাৱদেকে নাসে তােহ্মাৰ স্বামী।
নির্ভয়ে থাকিয়াে পালিবাে আমি।। ১৫৫
শুনিয়া মাৱে ভয় পৰিহৰি।
থাকিল ঋষিক শুশ্রুষা কৰি।।
দয়ালু নাৰদ পিতৃ সমান।
মাতৃক দিলন্ত পৰম জ্ঞান।। ১৫৬
ভক্তিৰ লক্ষণ সৱে কহিলা।
গর্ভতে মােক উপদেশ দিলা।।
মাতৃ পাসৰিলা লভিয়া স্বামী।
ঋষিৰ প্ৰসাদে সুমৰাে আমি।। ১৫৭
কহিলাে তােহ্মাত সৱে স্বৰূপ।
জানি হিয়ে চিন্তা কৃষ্ণৰ ৰূপ।।
আত পৰে পুণ্য লােকত নাই।
কেতিক্ষণে পড়ে ক্ষণিক কায়।। ১৫৮
এড়িয়াে আত অহম্মম ভাৱ।
দৃঢ় কৰি ধৰা কৃষ্ণৰ পাৱ।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বােলা সমস্ত নৰে।। ১৫৯
।। পঞ্চদশ কীৰ্ত্তন।।
ঘােষাঃ দুৰাচাৰ মন মােৰ ৰাম হৰি বােল।
ৰাম হৰি বােল ৰাম হৰি বােল।। ১৫
পদঃ কৃষ্ণৰ চৰণে হুইবে যিমতে ভকতি।
শুনা সাৱধানে তাক স্থিৰ কৰি মতি।।
বিষ্ণু ভকতৰ সঙ্গ লৈবে প্রথমতে।
গুৰু মানি শুশ্রুষা কৰিব ভালমতে।। ১৬০
লৈয়া উপদেশ মাধৱক আৰাধিব।
যতেক সুকৃতি মানে কৃষ্ণতে অর্পিব।।
কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন।
সৰ্ব্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্ত্তন।। ১৬১
কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।
আছন্ত ঈশ্বৰ হৰি সমস্তে ভূতত।।
হেন জানি প্রাণীক কৰিবা সতকাৰ।
তেৱেসে কৃষ্ণত ৰতি হৈবেক তােহ্মাৰ।। ১৬১
হৰিৰ সেৱাত কিছু নাহিকে প্রয়াস।
আপুনি লৈবন্ত হৰি হৃদয়ত বাস।।
আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়।
তাক এড়ি সামান্যক সেৱে দুৰাশয়।। ১৬৩
ধন জন প্রাণ পুত্র যত পৰিবাৰ।
সমস্তে অবস্তু অনুমাত্রো নুহি সাৰ।।
হেন অনুমানি মাধৱত কৰা ৰতি।
ইহ পৰলােকে হৰি চৰণেসে গতি।। ১৬৪
নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইবে।
নলাগে সভৃত শাস্ত্র বিস্তৰ জানিবে।।
তপ জপ যজ্ঞ দান সৱে বিড়ম্বন।
কেৱল ভক্তিতে তুষ্ট হােন্ত নাৰায়ণ।। ১৬৫
যক্ষ ৰক্ষ স্ত্রী শূদ্র দৈত্য ব্রজবাসী।
পক্ষী মৃগাে বিষ্ণু ভৈল কৃষ্ণক উপাসি।।
জানি দৈত্য শিশুসৱ হুয়াে একমতি।
হৰিত কৰিয়াে সৱে একান্ত ভকতি।। ১৬৬
এহি মাত্র মহাপুৰুষাৰ্থ পুৰুষৰ।
শ্ৰৱণ কীৰ্ত্তন কৰিবেক নিৰন্তৰ।।
সমস্ত ভূততে দেখিবেক নাৰায়ণ।
আত পৰে আন ধর্ম সৱে বিড়ম্বন।। ১৬৭
হেন শুনি নিৰন্তৰে দৈত্য শিশুগণ।
প্রহ্লাদৰ উপদেশে ভেদিলেক মন।।
গুৰুৰ শিক্ষাত আৰাে কেহাে নেদে মতি।
ভাগৱত ধৰ্ম্মত সৱাৰে ভৈল ৰতি।। ১৬৮
শুনে কৃষ্ণ কথাক মনত চিন্তে হৰি।
ৰাম ৰাম গাৱে বাৱে বজাইয়া চাপৰি।।
দেখি ক্রোধে ষণ্ডামর্কে দণ্ড কৰে আনি।
তথাপি আটাস পাৰি বােলে ৰাম বাণী।। ১৬৯
অদ্ভুত দেখিয়া দুয়াে গুৰু গৈল ডৰি।
দিলেক লৱৰ প্রহ্লাদৰ হাতে ধৰি।।
ৰাজাত বিনাৱে তযু পুত্র ভৈল নষ্ট।
আনাে সৱ শিশুক কৰিলে সৱে ভ্রষ্ট।। ১৭০
নপঢ়য় শাস্ত্র আৰাে প্রভু একো ছাত্র।
মৰণকো নগণয় ৰাম বােলে মাত্র।।
আহ্মাক দণ্ডিবা পাছে দিলাে আসি জান।
বােলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ।। ১৭১
।। ষােড়শ কীৰ্ত্তন।।
ঘােষাঃ ৰাম-পদে ভজ ভাই।
ঘুষিয়াে হৰি সদায়।। ১৬
পদঃ হিৰণ্যকশিপু শুনিয়া হেন।
ক্রোধত কাম্পে আতি যম যেন।।
ঝঙ্কাৰে মাথা কৰি আতি দর্প।
লাথি পাই যেন ফোঙ্কাৰে সৰ্প।। ১৭২
প্রহ্লাদে আছে অৱনত কায়।
কৃতাঞ্জলি কৰি পিতৃক চাই।।
অসুৰে গৰ্জ্জয় কটাক্ষে চাই।
খাইবাে আজি তােৰ মুণ্ড পুতাই।। ১৭৩
শুনৰে বৰ্ব্বৰ নগণ মােক।
দেখাইবাে আজি যমপুৰী তােক।।
ত্রিদশে কাম্পে দেখি মােৰ খঙ্গ।
কৰস কেনে তঞি আজ্ঞা ভঙ্গ।। ১৭৪
শুনিয়া প্রহ্লাদে বােলয় বাণী।
সৱাতাে বৰ প্রভু চক্রপাণি।।
আছােক তুমি আমি কোন জন।
ব্রহ্মা হৰে সেৱে যাৰ চৰণ।। ১৭৫
তেহেন্তে পৰম ঈশ্বৰ দেৱ।
বিষ্ণুত পৰে আন নাহি কেৱ।।
আপুন মায়াৰ বলে অনন্তে।
স্ৰজন্ত পালন্ত সংহাৰে অন্তে।। ১৭৬
জানি পিতৃ এড়া অসুৰ কাম।
আপুন মন কৰা উপশাম।।
শত্রু মিত্র সৱ কৰিয়াে সম।
এহিসে কৃষ্ণৰ ভক্তি উত্তম।। ১৭৭
নিজিনি শৰীৰৰ শত্ৰুচয়।
জিনিলাে দশােদিশ হেন কয়।।
জানিয়া পিতৃ এড়া অহঙ্কাৰ।
ভজিয়াে কৃষ্ণক কহিলাে সাৰ।। ১৭৮
শুনিয়া হিৰণ্যে বােলে বচন।
জানিলাে তােৰ মৰিবাক মন।।
মােক বিকৰ্থস অৰে বৰ্ব্বৰ।
মােত পৰে আছে আউৰ ঈশ্বৰ।। ১৭৯
পেলাইবাে কাটি তােক খাণ্ডা ধৰি।
দেখাে কেনমতে ৰাখন্ত হৰি।।
হৰিসে যদি জগতৰ ঈশ।
কৈত আছে তাৰ কহ উদ্দিশ।। ১৮০
শুনি প্রহ্লাদে বােলয় বাণী।
ব্যাপক বিভু প্রভু চক্রপাণি।।
সৱাতাে আছন্ত জগত স্বামী।
স্ফটিকৰ স্তম্ভে দেখােেহো আমি।। ১৮১
শুনি দৈত্যপতি দান্ত কামুৰি।
ডাবৰ খড়্গক লৈল আজুৰি।।
আসনৰ হন্তে আটোপে উঠি।
ভাঙ্গিল স্তম্ভক হানিয়া মুঠি।। ১৮২
স্তম্ভৰ ভিতৰে শুনিল নাদ।
প্রলয় মেঘৰ যেন শৱদ।।
ফুটিল কটাহ ভৈল বিস্ময়।
ত্রিদশে বােলন্ত মিলে প্রলয়।। ১৮৩
যত বৰ দৈত্য আছে চৌপাশে।
কাম্পে পৃথিৱীত পড়িয়া ত্রাসে।।
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বােলা হৰি হৰি সমস্ত নৰে।। ১৮৪
।। সপ্তদশ কীৰ্ত্তন।।
ঘােষাঃ ও হৰি নৰহৰি হৰিয়ো কুমতি।
অন্তকালে হৰি-চৰণেসে গতিি।। ১৭
পদঃ শুনি দৈত্যেন্দ্ৰৰ অন্তৰীক্ষ ভৈল ধাতু।
কোনে দিলে আটাস নেদেখি তাৰ হেতু।।
সত্য কৰিবাক লাগি নিজ ভৃত্য বাণী।
স্তম্ভতে বেকত ভৈলা প্রভু চক্রপাণি।। ১৮৫
অদ্ভুত দেখিয়া দৈত্যপতি ভৈল চুপ।
নুহি সিংহ নুহি ইটো মনুষ্যৰ ৰূপ।।
ঘােৰ মূৰ্ত্তি ধৰি নৰসিংহ ভৈলা বাজ।
দেখি মহাত্রাসে কাম্পে দানৱ সমাজ।। ১৮৬
তপ্ত সুৱৰ্ণৰ সম জ্বলে চক্ষু দুই।
পৰ্ব্বত সমান কায় আছে স্বর্গ চুই।।
শৰীৰৰ ৰােম চন্দ্রসম শুক্ল বর্ণ।
তুলি আছে ঊদ্ধক তবধ দুই কর্ণ।। ১৮৭
বাইলা মুখ যেন গিৰি গহ্বৰ পৰায়।
প্রচণ্ড বাতাস যেন নিশ্বাসে বজায়।।
প্রকাশয় কেশ শিৰে ৰবিৰ কিৰণ।
ভ্ৰূকুটি কুটিল মুখ বিকট দশন।। ১৮৮
লহ লহ কৰে জিহ্বা যেন ক্ষুৰ ধাৰ।
জ্বলে বাহু শত তীক্ষ নখে চমৎকাৰ।।
বহল হৃদয় দীর্ঘ গ্রীৱা কৃশ কটি।
জিহ্বা মেলি আছা দুয়াে দশন প্রকটি।। ১৮৯
হেন দেখি দৈত্যেন্দ্ৰ মনত গুণে ডৰি।
আহ্মাক বধিবে বিষ্ণু আইল মায়া কৰি।।
মনে বিমৰিষি পাছে গদাক উচ্চাই।
দানৱ মাতঙ্গ গৈল নৃসিংহক ধাই।। ১৯০
নেদেখিয় দৈত্যেন্দ্রক নৃসিংহৰ পাশে।
লুকায় পতঙ্গ যেন অগনিত জাসে।।
ছিদ্র চাই পাক ফুৰে দৈত্য দুৰাচাৰ।
নৃসিংহক দিল ঘােৰ গদাৰ প্ৰহাৰ।। ১৯১
এড়াইলন্ত নৰসিংহে কাতি কৰি কায়।
পাজৰত ফুৰে দৈত্যে পতঙ্গ পৰায়।।
গদায়ে সহিতে ধৰিলন্ত দিয়া চাম্প।
গৰুড়ৰ হাতত বাজিল যেন সাপ।। ১৯২
এড়াইল হাতৰ দৈত্য আৰিমূৰি কৰি।
লীলায়ে এড়িলা তাক আপুনি নৃহৰি।।
দেখি দেৱগণে আতি কৰে হৃদিখেদ।
হৰি হৰি নভৈল দুখৰ পৰিচ্ছেদ।। ১৯৩
দৈত্যেশ্বৰে বােলে বল কন্টালিলো আৰ।
কৈক যাইবি নৰসিংহ কৰিবাে দোহাৰ।।
এহি বুলি খাণ্ডা বাৰু ধৰি সেহি ছেগে।
শ্ৰম কৰি পক্ষী যেন ধাইল মহাবেগে।। ১৯৪
ঘােৰ নাদ তেজি অধে ঊৰ্দ্ধে ফুৰে পাক।
বাৰুতে লুকায় কায় নাকলিয় তাক।।
প্রহাৰিবে লাগি ছিদ্র চাহে মহাসুৰ।
বােলা হৰি হৰি পাপ হৌক মষিমূৰ।। ১৯৫
জিহ্বা মেলি আছা দুয়াে দশন প্রকটি।। ১৮৯
হেন দেখি দৈত্যেন্দ্ৰ মনত গুণে ডৰি।
আহ্মাক বধিবে বিষ্ণু আইল মায়া কৰি।।
মনে বিমৰিষি পাছে গদাক উচ্চাই।
দানৱ মাতঙ্গ গৈল নৃসিংহক ধাই।। ১৯০
নেদেখিয় দৈত্যেন্দ্রক নৃসিংহৰ পাশে।
লুকায় পতঙ্গ যেন অগনিত জাসে।।
ছিদ্র চাই পাক ফুৰে দৈত্য দুৰাচাৰ।
নৃসিংহক দিল ঘােৰ গদাৰ প্ৰহাৰ।। ১৯১
এড়াইলন্ত নৰসিংহে কাতি কৰি কায়।
পাজৰত ফুৰে দৈত্যে পতঙ্গ পৰায়।।
গদায়ে সহিতে ধৰিলন্ত দিয়া চাম্প।
গৰুড়ৰ হাতত বাজিল যেন সাপ।। ১৯২
এড়াইল হাতৰ দৈত্য আৰিমূৰি কৰি।
লীলায়ে এড়িলা তাক আপুনি নৃহৰি।।
দেখি দেৱগণে আতি কৰে হৃদিখেদ।
হৰি হৰি নভৈল দুখৰ পৰিচ্ছেদ।। ১৯৩
দৈত্যেশ্বৰে বােলে বল কন্টালিলো আৰ।
কৈক যাইবি নৰসিংহ কৰিবাে দোহাৰ।।
এহি বুলি খাণ্ডা বাৰু ধৰি সেহি ছেগে।
শ্ৰম কৰি পক্ষী যেন ধাইল মহাবেগে।। ১৯৪
ঘােৰ নাদ তেজি অধে ঊৰ্দ্ধে ফুৰে পাক।
বাৰুতে লুকায় কায় নাকলিয় তাক।।
প্রহাৰিবে লাগি ছিদ্র চাহে মহাসুৰ।
বােলা হৰি হৰি পাপ হৌক মষিমূৰ।। ১৯৫
।। অষ্টাদশ কীৰ্ত্তন।।
ঘােষাঃ হৰি ৰাম মুকুন্দ মুৰাৰি মােৰ গতি।
কৃষ্ণ কৃপা কৰা প্ৰভু মােক ৰঘুপতি।। ১৮
পদঃ দানৱ ফুৰন্তে যেৱে আছে।
দেখি খঙ্গে নৰসিংহে পাছে।।
কম্পাই শিৰ কেশৰ উল্লাসি।
তুলিলা আটাস গােৰ হাসি।। ১৯৬
স্বর্গক ভেদিল ঘােৰ ৰিঙ্গে।
বেগে চাম্প দিলা নৰসিংহে।।
আলগতে দৈত্যক ধৰিল।
নাহি মাত চেতন হৰিল।। ১৯৭
সর্পে যেন ধৰিল ইন্দুৰ।
নিশৱদ দানৱ দ্বন্দুৰ।।
সাধিবাক লাগি দেৱ কাজ।
দ্বাৰৰ কৰিলা তাক বাজ।। ১৯৮
চিত কৰি ঊৰুত থাপিলা।
নখে তাৰ হিয়া বিদাৰিলা।।
যেহেন সর্পক পাৱে ভিৰি।
গৰুড়ে পেলাইলা ঠোঁঠে ছিৰি।। ১৯৯
চক্ষু পকাই দৈত্য অন্তকাৰী।
চেলেকন্ত জিহ্বয়ে কৱাৰি।।
ৰুধিৰে দিগিধ দেহা হুই।
শিৰত মেৰাইল আন্ত দুই।। ২০০
দেখি দৈত্য কটকে কিটাইল।
অস্ত্র শস্ত্র ধৰি ক্রোধে ধাইল।।
নৃসিংহে পেলাইল দৈত্যেন্দ্রক।
গৈল খেদি দানৱগণক।। ২০১
কাকো নখে কৰি দুই ছিৰ।
টোকৰে ছিণ্ডিলা কাৰাে শিৰ।।
কাকো গােড়ে মাৰি ঘৰাকাতি।
সংহৰিল দানৱ পদাতি।। ২০২
দৈত্য জিনি ত্যজিলা আটাস।
পলায় দিগ্গজ হুয়া ত্রাস।।
ঝঙ্কাৰন্তে শিৰৰ কেশৰ।
উড়ায় সৱে বিমান স্বৰ্গৰ।। ২০৩
খলকে সাগৰ শ্বাস লাগি।
বেগত পৰ্ব্বত পড়ে ভাগি।।
নৃসিংহৰ চৰণৰ গতি।
টলবল কৰে বসুমতী।। ২০৪
চক্ষুৰ ৰশ্মিত ভৈল ছন্ন।
নিষ্প্রভ সমস্তে গ্রহগণ।।
দৈত্যেন্দ্ৰৰ দিব্য সিংহাসনে।
বসিল নৃসিংহ কোপ মনে।। ২০৫
খুজি আৰ নপান্ত যুজাৰ।
ক্রোধে মুখ দেখি অন্ধকাৰ।।
দেখি ত্রিজগতে ভৈল ভয়।
আজি জানাে মিলয় প্রলয়।। ২০৬
শুনি পাছে দৈত্যৰ নিৰ্য্যাণ।
ৰঙ্গে আইল দেৱৰ বিমান।।
জোকাৰন্ত আকাশক ছন্নি।
কৰে দেৱে দুন্দুভিৰ ধ্বনি।। ২০৭
দেৱৰ সুন্দৰীগণ আসি।
পুষ্প বৰিষন্ত হাসি হাসি।।
প্রধান গন্ধৰ্ব্বে গীত গাৱে।
বিদ্যাধৰে মৃদঙ্গ বজাৱে।। ২০৮
অপেশ্বৰাগণে কৰে নৃত্য।
ভৈলন্ত ত্রিদশে কৃতকৃত্য।।
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে।
বােলা হৰি হৰি সৱ নৰে।। ২০৯
।। ঊনৱিংশ কীৰ্ত্তন।।
ঘােষাঃ হৰি মাধৱ মধুৰিপু মুৰাৰি ৰাম।
কৃষ্ণৰ চৰণে কৰাে পৰিয়া প্রণাম।। ১৯
পদঃ অনন্তৰে শিৰত ধৰিয়া কৃতাঞ্জলি।
ব্রহ্মা ৰুদ্ৰ আদি দেৱগণ গৈলা চলি।।
বৈকুণ্ঠৰ পৰা পাৰিষদগণ আসি।
থাকি ৰৈলা নৃসিংহৰ চৌপাশে উপাসি।। ২১০
পৃথকে পৃথকে স্তুতি কৰিবাক লৈলা।
প্রথমতে ব্রহ্মা কৰযােৰে আগ ভৈলা।।
প্রণামাে অনন্ত তুমি দুৰন্ত শকতি।
লীলায়ে সংহৰি প্রভু কৰা সৃষ্টি স্থিতি।। ২১১
কেমনে জানিবাে তযু বল পৰাক্রম।
এহি বুলি ব্রহ্মাদেৱ পড়িল নিজম।।
অনন্তৰে শঙ্কৰে বুলিল স্তুতি বাণী।
মাৰিলা অসুৰ ইটো অতি অল্প প্রাণী।। ২১২
তােমাৰ কোপত হােৱে জগতে প্রলয়।
ভক্ত প্রহ্লাদক প্রভু পালিবে লাগায়।।
এহি বুলি মহাদেৱ থাকিল নিচুকি।
আগবাঢ়ি ইন্দ্রে স্তুতি কৰিল উৎসুকি।। ২১৩
দৈত্যে আক্রমিলে প্রভু আমাৰ হৃদয়।
স্বপনে সচেতে আমি দেখাে দৈত্যময়।।
দানৱক মাৰি আৱে খণ্ডিলা দুর্গতি।
কোননাে নসাধে প্রভু তােমাত ভকতি।। ২১৪
ঋষিগণে বােলে নমি ভৈল মহাৰঙ্গ।
কৰিলেক আমাৰ পাতেকী তপ ভঙ্গ।।
তাক মাৰি সাধিলা আমাৰ মনােৰথ।
দুনাই থাপিলা জগন্নাথ ধৰ্ম্ম পথ।। ২১৫
পিতৃগণে বােলে নৃসিংহক নমি বাক।
পুত্রগণে দেয় শ্রাদ্ধ যতেক আমাক।।
দৈত্যেন্দ্ৰ আপুনি ভুঞ্জে সৱে কাঢ়ি নিয়া।
কিনাে ৰঙ্গ ভৈল তাৰ বিদাৰিলা হিয়া।। ২১৬
নাগগণে বােলে নৃসিংহক আগবাঢ়ি।
ভাল ভাল স্ত্রীক মানে আনিলেক কাঢ়ি।।
সাধিলা আনন্দ তাৰ হৃদয় বিদাৰি।
প্রণামাে অনন্ত ভকতৰ ভয়হাৰী।। ২১৭
বৈতালিকগণে বােলে শুনিয়ে গােসাঞি।
দেৱৰ সভাত ফুৰাে তযু গুণ গাই।।
তাকো নিষেধিলে দুষ্ট দানৱ দুৰ্ব্বাৰ।
তাক মাৰি ব্যাধি যেন গুচাইলা আহ্মাৰ।। ২১৮
পাৰিষদগণে বােলে চৰণে নমিলাে।
তােমাৰ নৃসিংহ ৰূপ আজিসে দেখিলাে।।
তযু ভৃত্য ভৈল ইটো দৈত্য শাপ পায়।
নমাৰিলা প্রভু আক কৰিলাহা দায়া।। ২১৯
এহিমতে আনাে দেৱে কৰিলন্ত স্তুতি।
যুধিষ্ঠিৰ ৰাজাত নাৰদ নিগদতি।।
তথাপি নুগুচে নৃসিংহৰ মহাক্রোধ।
দেখি দেৱগণে দেন্ত লক্ষ্মীক প্রবােধ।। ২২০
স্বামীৰ গুচায়াে ক্রোধ জগতৰ মাৱ।
শুনি লক্ষ্মী দেৱী উঠি চালিলন্ত গাৱ।।
নৃসিংহৰ মহা ভয়ঙ্কৰ ৰূপ দেখি।
ডৰে উলটিলা দেৱী মুদি দুয়াে আখি।। ২২১
পাছে প্রহ্লাদক ব্রহ্মা লগাইলন্ত মাত।
নৃসিংহৰ কোপ বাপ কৰা উপশান্ত।।
পৰম ভকত তুমি হিৰণ্য তনয়।
বােলা হৰি হৰি হােক পাপৰ প্রলয়।। ২২২
।। ৱিংশ কীৰ্ত্তন।।
ঘােষাঃ ও হৰি ৰাম নাৰায়ণ যাদৱানন্দ
দূৰ কৰা মােৰ মায়া।
বিষয় ব্যাধিৰ ঔষধি মাগাে
ভকতি অমিয়া।। ২০
পদঃ ব্ৰহ্মাৰ বচন সাদৰি প্ৰহ্লাদে
ধীৰে ধীৰে গৈলা চলি।
ভূমিত পড়িয়া আছন্ত প্রহ্লাদ
শিৰে ধৰি কৃতাঞ্জলি।।
পাৱত পড়িয়া আছয় প্রহ্লাদ
দেখি নৰসিংহে হাসি।
স্নেহত স্ৰৱয় নয়নৰ নীৰ
তুলিলা হাতে উল্লাসি।। ২২৩
হস্তপদ্মে তাৰ পৰশিল শিৰ
পৰম নির্ভয় দিয়া।
দেখি প্রহ্লাদৰ তনু লােমাঞ্চিত
আনন্দে দ্ৰৱিল হিয়া।।
হৰিষে লােতক স্ৰৱে প্রহ্লাদ
চৰণ চিন্তিয়া আছে।
যুৰি দুয়াে হাত গদগদ মাতে
স্তুতি কৰিলন্ত পাছে।। ২২৪
ব্রহ্মা সিদ্ধ মুনি আজিও নজানে
পূজিবে তােহ্মাৰ পাৱ।
কিবা স্তুতি নতি কৰিবোহো আমি
অসুৰ ক্ৰূৰ স্বভাৱ।।
ধন জন তপ প্রভাৱে তােমাক
আৰাধিবে শক্য নাই।
গজেন্দ্রে কেৱলে ভকতি কৰিলে
পৰম আপদ পাই।। ২২৫
যিটো চাণ্ডালে কায় বাক্য মনে
সদায়ে সুমৰে হৰি।
আছে বাহ্র ব্রত যিটো ব্রাহ্মণৰ
সিসি শ্রেষ্ঠ তাতাে কৰি।।
সিটো মহাগৰ্ব্বী বিপ্ৰে আপুনাক
পৱিত্ৰ কৰিবে নাৰে।
ভকত চাণ্ডালে আপুনাকো তাৰে
পুৰুষ কৌটি উদ্ধাৰে।। ২২৬
তুমি জগজীৱ তােহ্মাক পূজিলে
মিলে আপুনাতে যাই।
যেন মুখ শ্রীক প্রতিবিম্ব মুখে
দেখয় দর্পণ চাই।।
হেন জানি মঞি মতি অনুসাৰে
ভজিলাে তােমাৰ পাৱ।
ব্রহ্মা আদি দেৱ গণ ডৰে মৰে
এড়িয়াে ক্ৰুদ্ধ স্বভাৱ।। ২২৭
ভয়ঙ্কৰ কোপ দেখিয়া তােহ্মাৰ
প্রভু মােৰ ভয় নাই।
সংসাৰ চক্ৰৰ নিকাৰ দেখিয়া
সদায় ধাতু উড়াই।।
তােমাৰ চৰণ ছত্র ছায়াক
কৈসানিনাে দিবা মােক।
কহিয়াে উপায় কিমতে এড়াও
নিদাৰুণ দুখ শােক।। ২২৮
তযু হস্ত পদ্ম শিৰে দিলা মােৰ
কি ভৈল মহা আহ্লাদ।
ব্রহ্মা হৰ লক্ষ্মী দেৱীও নপান্ত
তেসম্বাে হেন প্রসাদ।।
সমস্তে ভূতৰে তুমিসে আতমা
হৃদয় পৰম গুৰু।
তথাপি সেৱাৰ অনুসাৰে কৃপা
কৰা যেন কল্পতৰু।। ২২৯
কিমতে ভকতি কৰাে পঞ্চেন্দ্রিয়ে
পাঞ্চদিকি লাগি ধৰে।
যেন গৃহস্থক অনেক সপত্নী
সকলে আকল কৰে।।
ভৱ বৈতৰণী মাজে মজিলােহাে
নেড়ে মােক শােক ভয়।
তােহ্মাৰ চৰণে শৰণ পশিলাে
কৃপা কৰা কৃপাময়।। ২৩০
আৰু বহুবিধ স্তুতি কৰি আগে
প্রহ্লাদ পৰিয়া আছে।
ভৈলন্ত প্রসন্ন ক্রোধ ভাৱ এড়ি
হৰি হাসিলন্ত পাছে।।
প্রহ্লাদক চাই আনন্দে বােলন্ত
তিনিও লােকৰ স্বামী।
বােলা হৰি হৰি সংসাৰক তৰি
হুয়ােক বৈকুণ্ঠ গামী।। ২৩১
।। একৱিংশ কীৰ্ত্তন।।
ঘােষাঃ স্বামী ৰাম নেৰো আৰ চৰণ তােমাৰ
দূৰ কৰা সংসাৰ নিকাৰ।। ২১
পদঃ বােলন্ত প্রহ্লাদক উঠ উঠ।
তােৰ ভক্তি ভৈলাে মহা তুষ্ট।।
লৈও বৰ তােৰ যেন মন।
বৃথা নােহে মােক দৰিশন।। ২৩২
মােক দেখিলেক যিটোজন।
নাহি তাৰ পুনৰাগমন।।
ভকতৰ পূৰে মনােৰথ।
দেও কাম মােক্ষ ধৰ্ম্ম অর্থ।। ২৩৩
এহি বুলি প্রলােভন্ত বৰ।
নবাঞ্ছন্ত প্রহ্লাদ কুমাৰ।।
ভক্তিসে পৰম লাভ জানি।
বিষ্ণুক বােলন্ত হাসি বাণী।। ২৩৪
জানাে প্রভু পৰীক্ষা আহ্মাক।
সিহেতু বুলিলা হেন বাক।।
বাঞ্ছে ফল তযু কৰি কৃত্য।
সিটো বণিজাৰু নােহে ভৃত্য।। ২৩৫
তােহ্মাৰ অকাম ভৃত্য আমি।
তুমিও নিষ্কাম মােৰ স্বামী।।
নাহি কাম আহ্মাৰ অন্যথা।
নুহি ৰাজ সেৱকৰ যথা।। ২৩৬
শুনি নৰসিংহে হাসিলন্ত।
জানাে তঞি ভকত একান্ত।।
তথাপিতাে ইটো মন্বন্তৰ।
হুয়া থাকা দৈত্যৰ ঈশ্বৰ।। ২৩৭
সদায়ে শুনিবি মােৰ কথা।
মােৰ ৰূপ চিন্তিবি সৰ্ব্বথা।।
কীৰ্ত্তনে পলাইবে পাপচয়।
ভােগ্য ভুঞ্জি পুণ্য কৰা ক্ষয়।। ২৩৮
তােৰ যশ ব্যাপিব জগতে।
ৰাত্রি দিনে মােক সুমৰন্তে।।
সৱে কৰ্ম্ম বন্ধ হৈব ক্ষীণ।
অন্তকালে মােতে যাইবি লীন।। ২৩৯
তােৰ মােৰ কথা যিটো নৰে।
তােক মােক সময়ত স্মৰে।।
সিওজনে মােক পাইব আসি।
প্রহ্লাদে মাতন্ত পাছে হাসি।। ২৪০
তযু পাৱে মাগাে এক বৰ।
তুমি প্রভু জগত ঈশ্বৰ।।
তােহ্মাক নিন্দিলে পিতৃ মােৰ।
সিজিল পাতেক মহা ঘােৰ।। ২৪১
তাত হন্তে পিতৃ নিস্তৰোক।
হেন অনুগ্রহ কৰিয়ােক।।
তুমি দীন দয়াশীল দেৱ।
তােহ্মাৰ চৰণে কৰাে সেৱ।। ২৪২
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে।
নেড়িবা কীৰ্ত্তন একো নৰে।।
আজি কালি মিলিবে মৰণ।
হৰি হৰি বােলা সৰ্ব্বজন।। ২৪৩
।। দ্বাৱিংশ কীৰ্ত্তন।।
ঘােষাঃ ও হৰি নমাে দামােদৰ যাদৱানন্দ।
দুখ নিৱেদিবাে কত।
নভৈল ভকতি ইহ মনুষ্য জন্মত।। ২২
পদঃ নৃসিংহে বােলন্ত হাসি শুনিয়ে প্রহ্লাদ।
দিবাক লাগে তােক ইসৱ প্রসাদ।।
পৰম বৈষ্ণৱ তঞি পুত্র ভৈলি যাৰ।
একৈশ পুৰুষ তাৰ কৰিলি উদ্ধাৰ।। ২৪৪
যৈত থাকে মােৰ ভক্ত উদাৰ চৰিত্ৰ।
কীট পতঙ্গকো তথা কৰয় পৱিত্ৰ।।
নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
আহ্মাত অৰ্পণ কৰে আপােনাৰ দেহা।। ২৪৫
ভকততে শ্রেষ্ঠ তঞি পাইলি বাঞ্ছা সিদ্ধি।
কৰিয়াে পিতৃৰ প্ৰেতকাৰ্য্য যেন বিধি।।
মােতে চিত্ত দিয়া কাৰ্য্য কৰিয়ে সন্তোষে।
তেৱে কি কৰিবে আৰ সংসাৰৰ দোষে।। ২৪৬
নৃসিংহৰ আদেশে প্রহ্লাদ দৈত্যৰাজ।
কৰিলন্ত পিতৃৰ যতেক প্রেতকাজ।।
ব্ৰহ্মায়ে দেখ পাছে নৃসিংহ প্রসন্ন।
ত্রিদশে সহিতে উঠি বুলিলা বচন।। ২৪৭
দেৱ দেৱ জগন্নাথ কৰাে নমস্কাৰ।
পাপীষ্ঠক মাৰি প্রীতি সাধিলা আহ্মাৰ।।
মােত বৰ পায়া কাকো কটাক্ষ নকৰে।
আচৰিল দ্রোহ মহাদৈত্যে জগতৰে।। ২৪৮
তাহান তনয় মহাবৈষ্ণৱ প্রহ্লাদ।
গুচাইলা তােহ্মাৰ ক্রোধ মিলাইলা আহ্লাদ।।
নৃসিংহে বােলন্ত ব্রহ্মা শুনিয়ো উত্তৰ।
আৰ বাৰ দৈত্যক নেদিয়াে হেন বৰ।। ২৪৯
স্বভাৱে দুৰ্জ্জন দৈত্য একোৱে নমানে।
যেন বল বাঢ়য় সৰ্পৰ দুগ্ধ পানে।।
এহি বুলি নৰসিংহ ভৈল অন্তৰ্দ্ধান।
প্রহ্লাদে কৰিলা ত্রিদশক বহু মান।। ২৫০
প্রথমতে ব্রহ্মাক নমিলা দৈত্যেশ্বৰ।
শঙ্কৰকো প্রণামিলা আত অনন্তৰ।।
জানন্ত বিষ্ণুৰ অংশ আনাে যত দেৱ।
এক থানে সৱাক কৰিলা পড়ি সেৱ।। ২৫১
পাছে শুক্র আদি কৰি মুনিগণ যত।
উঠিলন্ত ব্রহ্মা লৈয়া সৱাকে লগত।।
প্রহ্লাদক কৰাইলন্ত ৰাজ্য অভিষেক।
দিলা সৱে অধিকাৰ পিতৃৰ যতেক।। ২৫২
দৈত্য দানৱৰ ৰাজা ভৈলন্ত প্রহ্লাদ।
স্বর্গে গৈলা দেৱগণ দিয়া আশীর্বাদ।।
শুক মুনি বােলস্ত শুনিয়ো পৰীক্ষিত।
কহিলাে তােহ্মাত সৱে প্রহ্লাদ চৰিত।। ২৫৩
নৃসিংহৰ লীলা ইটো বধ দৈত্যেন্দ্ৰৰ।
প্রহাদৰ পুণ্য কথা শুনে যিটো নৰ।।
তাহাৰ মৃত্যুৰ হন্তে নাহি আৰ ত্রাস।
অপ্রয়াসে ছিণ্ডে সংসাৰৰ কৰ্ম্ম পাশ।। ২৫৪
শুনা সৰ্ব্বজন কহে কৃষ্ণৰ কিঙ্কৰে।
নাহি আন ধৰ্ম আৰ কীৰ্ত্তনত পৰে।।
বৈকুণ্ঠক যাইবা যেৱে সংসাৰক তৰি।
নিৰন্তৰে ডাকি ঘুষিয়োক হৰি হৰি।। ২৫৫
জয় জয় নাৰায়ণ সংসাৰ কাৰণ।
যােগীগণে সেৱা কৰে যাহাৰ চৰণ।।
যাহাৰ মায়াৰ গতি নজানন্ত কেৱ।
হেন হৰি চৰণে কৰিলাে মঞি সেৱ।। ২৫৬
হৰি পদ যুগল ধৰিয়া একমনে।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়ােক সৰ্ব্বজনে।।
হেন জানিয়ােক হৰি চৰণেসে গতি।
প্রহ্লাদ চৰিত এহিমানে সমাপতি।। ২৫৭
।। প্রহ্লাদ চৰিত্ৰ সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
ভকততে শ্রেষ্ঠ তঞি পাইলি বাঞ্ছা সিদ্ধি।
কৰিয়াে পিতৃৰ প্ৰেতকাৰ্য্য যেন বিধি।।
মােতে চিত্ত দিয়া কাৰ্য্য কৰিয়ে সন্তোষে।
তেৱে কি কৰিবে আৰ সংসাৰৰ দোষে।। ২৪৬
নৃসিংহৰ আদেশে প্রহ্লাদ দৈত্যৰাজ।
কৰিলন্ত পিতৃৰ যতেক প্রেতকাজ।।
ব্ৰহ্মায়ে দেখ পাছে নৃসিংহ প্রসন্ন।
ত্রিদশে সহিতে উঠি বুলিলা বচন।। ২৪৭
দেৱ দেৱ জগন্নাথ কৰাে নমস্কাৰ।
পাপীষ্ঠক মাৰি প্রীতি সাধিলা আহ্মাৰ।।
মােত বৰ পায়া কাকো কটাক্ষ নকৰে।
আচৰিল দ্রোহ মহাদৈত্যে জগতৰে।। ২৪৮
তাহান তনয় মহাবৈষ্ণৱ প্রহ্লাদ।
গুচাইলা তােহ্মাৰ ক্রোধ মিলাইলা আহ্লাদ।।
নৃসিংহে বােলন্ত ব্রহ্মা শুনিয়ো উত্তৰ।
আৰ বাৰ দৈত্যক নেদিয়াে হেন বৰ।। ২৪৯
স্বভাৱে দুৰ্জ্জন দৈত্য একোৱে নমানে।
যেন বল বাঢ়য় সৰ্পৰ দুগ্ধ পানে।।
এহি বুলি নৰসিংহ ভৈল অন্তৰ্দ্ধান।
প্রহ্লাদে কৰিলা ত্রিদশক বহু মান।। ২৫০
প্রথমতে ব্রহ্মাক নমিলা দৈত্যেশ্বৰ।
শঙ্কৰকো প্রণামিলা আত অনন্তৰ।।
জানন্ত বিষ্ণুৰ অংশ আনাে যত দেৱ।
এক থানে সৱাক কৰিলা পড়ি সেৱ।। ২৫১
পাছে শুক্র আদি কৰি মুনিগণ যত।
উঠিলন্ত ব্রহ্মা লৈয়া সৱাকে লগত।।
প্রহ্লাদক কৰাইলন্ত ৰাজ্য অভিষেক।
দিলা সৱে অধিকাৰ পিতৃৰ যতেক।। ২৫২
দৈত্য দানৱৰ ৰাজা ভৈলন্ত প্রহ্লাদ।
স্বর্গে গৈলা দেৱগণ দিয়া আশীর্বাদ।।
শুক মুনি বােলস্ত শুনিয়ো পৰীক্ষিত।
কহিলাে তােহ্মাত সৱে প্রহ্লাদ চৰিত।। ২৫৩
নৃসিংহৰ লীলা ইটো বধ দৈত্যেন্দ্ৰৰ।
প্রহাদৰ পুণ্য কথা শুনে যিটো নৰ।।
তাহাৰ মৃত্যুৰ হন্তে নাহি আৰ ত্রাস।
অপ্রয়াসে ছিণ্ডে সংসাৰৰ কৰ্ম্ম পাশ।। ২৫৪
শুনা সৰ্ব্বজন কহে কৃষ্ণৰ কিঙ্কৰে।
নাহি আন ধৰ্ম আৰ কীৰ্ত্তনত পৰে।।
বৈকুণ্ঠক যাইবা যেৱে সংসাৰক তৰি।
নিৰন্তৰে ডাকি ঘুষিয়োক হৰি হৰি।। ২৫৫
জয় জয় নাৰায়ণ সংসাৰ কাৰণ।
যােগীগণে সেৱা কৰে যাহাৰ চৰণ।।
যাহাৰ মায়াৰ গতি নজানন্ত কেৱ।
হেন হৰি চৰণে কৰিলাে মঞি সেৱ।। ২৫৬
হৰি পদ যুগল ধৰিয়া একমনে।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়ােক সৰ্ব্বজনে।।
হেন জানিয়ােক হৰি চৰণেসে গতি।
প্রহ্লাদ চৰিত এহিমানে সমাপতি।। ২৫৭
।। প্রহ্লাদ চৰিত্ৰ সমাপ্ত।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.