কীৰ্ত্তন ঘােষা
ভৃগু পৰীক্ষা
ঘােষাঃ যদুমণি ৰাম মোৰ প্ৰাণ
হৰি হৰি ৰাম।। ১
পদঃ বাসুদেৱে বিষ্ণু হেন জানিয়া তােমাক।
অনেক বিনয়ে বুলিলন্ত স্তুতি বাক।।
পুছিলন্ত পৰম ৰহস্য মহাজ্ঞান।
পিতৃত সমস্তে তত্ত্ব কৰিলা ব্যাখ্যান।। ১
আসিলন্ত লৰি ভৃগু ঋষি পৰীক্ষাক।
সুখে নিদ্রা লভি আছা দেখিলা তােমাক।।
জগাইলন্ত ক্রোধে হৃদয়ত লাঠি মাৰি।
ভৃগুক প্রণামি স্তুতি বুলিলা মুৰাৰি।। ২
কৰিলা কাকূতি চৰণত ধৰি হৰি।
হিয়াত লাগিল সিটো সুকোমল ভৰি।।
পাইলা মহাদুখ কিনাে আতি অসন্তোষ।
নিদ্রাত আছিলাে মােৰ মৰষিয়ে দোষ।। ৩
ঋষিৰ ধূলাৰ চিহ্ন ধৰিলাহা হৰি।
শুক্লা ভৈলা লােম পান্তি সেহি দিন ধৰি।।
তােমাৰ অদ্ভুত লীলা জানিবাে কিমতে।
তুমিসি ব্ৰহ্মণ্য দেৱ জানিল জগতে ৷ ৷ ৪
ভুজঙ্গ শয্যাত প্রভু আছিলাহা শুতি।
মূৰ্ত্তি ধৰি চাৰি বেদে কৰিলন্ত স্তুতি।।
নিদ্রাত প্রবােধে প্রভু কৰাইল তােমাক।
যেন নট ভাটগণে জগাৱে ৰাজাক।। ৫
সৰ্ব্বগ্রাস সূৰ্য্যৰ গ্রহণ আসি ভৈলা।
জানি কৃষ্ণ সবান্ধৱে কুৰুক্ষেত্রে গৈলা।।
কৃষ্ণ দৰশন অভিলাষ মন সুখে।
আসিলন্ত দেৱ ঋষি নাৰদ প্রমুখ্যে।। ৬
সৱাকো অৰ্চ্চিলা হৰি বুলি স্তুতি বাণী।
পিতৃৰ কৰাইলা মহাযজ্ঞ চক্রপাণি।।
নন্দ যশােদাক পায়া কৰিলা সৎকাৰ।
দিলা মনােৰথ পূৰি বস্ত্র অলঙ্কাৰ।। ৭
চিৰকাল তােমাক দেখিয়া দুয়াে প্রাণী।
কান্দিলা অনেক দুয়াে গলে বান্ধি আনি।।
দৈৱকী ৰােহিণী আসি ধৰি যশােদাক।
কৰিলা সাদৰ আতি বুলি প্রিয় বাক।। ৮
গােপীগণ সহিতে তহিতে যদুৰাই।
ভৈল চিৰ বিয়ােগে চিৰলে এক ঠাই।।
কৃষ্ণক বেড়িয়া গােপীগণে কান্দে আতি।
সৱাকো আশ্বাস কৰিলন্ত বুলি মাতি।। ৯
কহিলা পৰম জ্ঞান তুমি চক্রপাণি।
শুনি সৱে তােমাৰ অমৃত সম বাণী।।
জুলাইল শৰীৰ গােপীগণ ভৈল স্বস্থ।
দিলা বস্ত্র অলঙ্কাৰ পূৰি মনােৰথ।। ১০
মহাৰাজা নৃগ মহা কঙ্কাল স্বৰূপে।
অধত আছিলা পৰি ঘােৰ অন্ধকূপে।।
তুলিবাক নৱাৰিলা অনেক যাদৱে।
বাম হাতে অপ্রয়াসে তুলিলা মাধৱে।। ১১
তযু পৰশনে নৃগ শাপক নিস্তাৰি।
তােমাক নমিলা আসি দণ্ডৱতে পৰি।।
অক্ষয় স্বর্গক পাছে পাইলা মহাশয়।
সমস্ত যাদৱগণে ভৈলন্ত বিস্ময়।। ১২
ভণিল শঙ্কৰে শুনিয়ােক সৰ্ব্বজনে।
কৰিয়াে কৃষ্ণৰ নাম কীৰ্ত্তনে যতনে।।
নাহিকে বান্ধৱ ৰাম নামক বিনাই।
মৰিলেও পাইবা ৰাম নামক সহায়।। ১৩
হেন জানি হৰি নাম লৈয়াে সৰ্ব্বজনে।
কলি যুগে নাহি গতি কীৰ্ত্তনত বিনে।।
চাৰিও বেদৰ সাৰ নাম হেন জানি।
লাজ এড়ি বােলা সৱে ৰাম ৰাম বাণী।। ১৪
।। ভৃগু পৰীক্ষা সমাপ্ত।।
ঃ ধ্যান বর্ণন ঃ
ঘােষাঃ মাধৱ মুকুন্দ ৰাম।
ঘুষিয়ো হৰিৰ নাম ৷ ৷ ১
পদঃ সংসাৰ সাগৰে তৰা।
কৃষ্ণৰ চৰণে ধৰা।।
দেখিয়ে হৃদয় মাজে।
জিনি কাম কৌটি সাজে।। ১
চন্দ্ৰক জিনয় কান্তি।
দশন মুকুতা পান্তি।।
শিৰত ৰত্নৰ জ্বলে।
বনমালা শােভে গলে।। ২
নয়ন কমল দল।
ভ্ৰুৱযুগ নিৰিমল।।
নয়ন পঙ্কজ জ্যোতি।
উৰে লুলে গজমতি।। ৩
কুটিল কুন্তলচয়।
কিৰীটি সুৱৰ্ণময়।।
তিলক কপালে জ্বলে।
কর্ণত কুণ্ডল দুলে।। ৪
নাসা তিলফুল সম।
কমুকণ্ঠ মনােৰম।।
শ্যামল সুন্দৰ বৰ।
পীত বস্ত্র মনােহৰ।। ৫
পেখিতে মদন লাজে।
বহল হৃদয় মাজে।।
মণিময় হেমহাৰ।
ঝিলিমিলি পেচন্দাৰ।। ৬
দাহিনে শ্রীবৎস পান্তি।
অমূল্য ৰত্নৰ কান্তি।।
বামে লক্ষ্মী বিতােপনী।
কণ্ঠত কৌস্তুভ মণি।। ৭
চাৰু চতুর্ভুজ সম।
সুবলিত মনােৰম।।
কেয়ূৰ কঙ্কণ জ্বলে।
আৰকত কৰ তলে।। ৮
শঙ্খ চক্র পদ্ম গদা।
ধৰিয়া আছন্ত সদা।।
সুদীর্ঘ আঙ্গুলিচয়।
চম্পাৰ পাকৰি নয়।। ৯
ৰত্নৰ আঙ্গুষ্ঠিচয়।
নখচন্দ্র প্রকাশয়।।
সুন্দৰ উদৰে দেখা।
আৰকত তিনি ৰেখা।। ১০
নাভি সৰােৰুহ কান্তি।
ৰত্নৰ কিঙ্কিণী পান্তি।।
সিংহবন্ধ মধ্য দেশ।
সুন্দৰ মধুৰ বেশ।। ১১
বহল নিতম্ব হয়।
কটি কাঞ্চী ৰত্নময়।।
উৰু কৰিকৰ সম।
জানু জঙ্ঘা মনােৰম।। ১২
পদ দুই পদ্মকোষ।
শুনি নূপুৰৰ ঘােষ।।
চাৰু আঙ্গুলিৰ পান্তি।
নখচন্দ্রে কৰে কান্তি।। ১৩
দশাে আঙ্গুলিৰ মাজে।
উজণ্টি ৰত্নৰ সাজে।।
জঙ্ঘাত ঘােড়ৰ জ্বলে।
অৰুণ চৰণ তলে।। ১৪
ধ্বজ বজ্ৰ পদ্ম যৱ।
দেখি চিহ্ন মহােৎসৱ।।
হেনৰূপে দামােদৰ।
হৃদয়ৰ অভ্যন্তৰ।। ১৫
আছন্ত জগত বাপ।
দৰশনে হৰে তাপ।।
তত্ত্ববাণী হেন জানি।
চিন্তিয়ােক চক্রপাণি।। ১৬
বৃথা কথা পৰিহৰা।
হৰি গুণ নাম ধৰা।।
ক্ষণিক অথিৰ কায়।
প্রাণ কেতিক্ষণে যায়।। ১৭
তথাপি চেতন নাই।
কেনে আছা বাট চাই।।
জ্ঞান শূন্য মতিহীন।
কহয় মাধৱ দীন।। ১৮
কলি যুগে গতি নাম।
জানি তেজা আন কাম।।
কৰি মন উপশম।
ডাকি বােলা ৰাম ৰাম।। ১৯
।। ধ্যান বর্ণন সমাপ্ত।।
---------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
ঘুষিয়ো হৰিৰ নাম ৷ ৷ ১
পদঃ সংসাৰ সাগৰে তৰা।
কৃষ্ণৰ চৰণে ধৰা।।
দেখিয়ে হৃদয় মাজে।
জিনি কাম কৌটি সাজে।। ১
চন্দ্ৰক জিনয় কান্তি।
দশন মুকুতা পান্তি।।
শিৰত ৰত্নৰ জ্বলে।
বনমালা শােভে গলে।। ২
নয়ন কমল দল।
ভ্ৰুৱযুগ নিৰিমল।।
নয়ন পঙ্কজ জ্যোতি।
উৰে লুলে গজমতি।। ৩
কুটিল কুন্তলচয়।
কিৰীটি সুৱৰ্ণময়।।
তিলক কপালে জ্বলে।
কর্ণত কুণ্ডল দুলে।। ৪
নাসা তিলফুল সম।
কমুকণ্ঠ মনােৰম।।
শ্যামল সুন্দৰ বৰ।
পীত বস্ত্র মনােহৰ।। ৫
পেখিতে মদন লাজে।
বহল হৃদয় মাজে।।
মণিময় হেমহাৰ।
ঝিলিমিলি পেচন্দাৰ।। ৬
দাহিনে শ্রীবৎস পান্তি।
অমূল্য ৰত্নৰ কান্তি।।
বামে লক্ষ্মী বিতােপনী।
কণ্ঠত কৌস্তুভ মণি।। ৭
চাৰু চতুর্ভুজ সম।
সুবলিত মনােৰম।।
কেয়ূৰ কঙ্কণ জ্বলে।
আৰকত কৰ তলে।। ৮
শঙ্খ চক্র পদ্ম গদা।
ধৰিয়া আছন্ত সদা।।
সুদীর্ঘ আঙ্গুলিচয়।
চম্পাৰ পাকৰি নয়।। ৯
ৰত্নৰ আঙ্গুষ্ঠিচয়।
নখচন্দ্র প্রকাশয়।।
সুন্দৰ উদৰে দেখা।
আৰকত তিনি ৰেখা।। ১০
নাভি সৰােৰুহ কান্তি।
ৰত্নৰ কিঙ্কিণী পান্তি।।
সিংহবন্ধ মধ্য দেশ।
সুন্দৰ মধুৰ বেশ।। ১১
বহল নিতম্ব হয়।
কটি কাঞ্চী ৰত্নময়।।
উৰু কৰিকৰ সম।
জানু জঙ্ঘা মনােৰম।। ১২
পদ দুই পদ্মকোষ।
শুনি নূপুৰৰ ঘােষ।।
চাৰু আঙ্গুলিৰ পান্তি।
নখচন্দ্রে কৰে কান্তি।। ১৩
দশাে আঙ্গুলিৰ মাজে।
উজণ্টি ৰত্নৰ সাজে।।
জঙ্ঘাত ঘােড়ৰ জ্বলে।
অৰুণ চৰণ তলে।। ১৪
ধ্বজ বজ্ৰ পদ্ম যৱ।
দেখি চিহ্ন মহােৎসৱ।।
হেনৰূপে দামােদৰ।
হৃদয়ৰ অভ্যন্তৰ।। ১৫
আছন্ত জগত বাপ।
দৰশনে হৰে তাপ।।
তত্ত্ববাণী হেন জানি।
চিন্তিয়ােক চক্রপাণি।। ১৬
বৃথা কথা পৰিহৰা।
হৰি গুণ নাম ধৰা।।
ক্ষণিক অথিৰ কায়।
প্রাণ কেতিক্ষণে যায়।। ১৭
তথাপি চেতন নাই।
কেনে আছা বাট চাই।।
জ্ঞান শূন্য মতিহীন।
কহয় মাধৱ দীন।। ১৮
কলি যুগে গতি নাম।
জানি তেজা আন কাম।।
কৰি মন উপশম।
ডাকি বােলা ৰাম ৰাম।। ১৯
।। ধ্যান বর্ণন সমাপ্ত।।
---------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.