কীৰ্ত্তন ঘােষা
গােপী উদ্ধৱ সংবাদ
ঘােষাঃ মাধৱ মধুসুদন ৰাম।
ভকত বৎসল কৰাে প্রণাম।। ১
পদঃ বিৰহে আকুল গােপীক জানি।
আমাৰ মাতি বুলিলা বাণী।।
আমাত পৰম তুমি ভকত।
যায়াে গােকুলত চড়ি ৰথত।। ১
বচন সন্দেশ গােপীত কই।
প্রবােধ দিবা কতাে দিন ৰই ৷ ৷
গৈলন্ত উদ্ধৱ গােপ নগৰী।
আদৰিলা নন্দে আতি সাদৰি।। ২
যশােদা কান্দন্ত কৃষ্ণক স্মৰি।
চক্ষুৰ লােহ পড়ে সৰসৰি।।
সােধন্ত ৰাম মাধৱৰ কথা।
এড়িলন্ত কৃষ্ণে আমাৰ বেথা।। ৩
মাৱ বাপ পাই নাহিলা দুনাই।
আমাক কৰিলা অনাথ প্রায়।।
এহি বুলি দুয়াে কান্দন্ত আতি।
উদ্ধৱে প্ৰবােধ বুলিলা মাতি।। ৪
দেখিবা কৃষ্ণক নকৰা খেদ।
কৰিবা হৰি দুখ পৰিচ্ছেদ।।
উদ্ধৱৰ বােলে দুয়াে জুড়াইল।
কৃষ্ণৰ কথাতে ৰাত্রি পুহাইল।। ৫
গােপীগণাে আতি ব্যাকুল চিত্ত।
গাৱে উজাগৰে কৃষ্ণৰ গীত।।
কাহাৰে হৰি বিনা নাহি সুস্থ।
ওলায়া দেখে সুৱৰ্ণৰ ৰথ।। ৬
কোন আসিয়াছে নন্দৰ পুৰ।
যােনাে কংস দূত আইল অৰ।।
নিলেক কমল লােচন স্বামী।
যাহাৰ বিৰহে মৰােহো আমি।। ৭
ইবাৰ কিবা মাংস নেয় কাটি।
মৰিলে কংস দিবে পিণ্ড বাটি।।
ডাকিয়া পাৰে অৰক গালি।
হা কৃষ্ণ বুলি কান্দে গােৱালী।। ৮
দেখিলা সৱে উদ্ধৱক পাছে।
ৰূপে মনােহৰ জ্বলন্তে আছে।।
আজানুলম্বিত বাহু দুখান।
নৱ পদ্ম যেন জ্বলে লােচন।। ৯
গাৱে পীত বস্ত্র কর্ণে কুণ্ডল।
পদ্ম সম শােভে মুখমণ্ডল।।
গলত জ্বলে নৱ পদ্ম মালা।
বিস্ময় ভৈল যত গােপবালা।। ১০
ইটো কোনজন কৃষ্ণৰ বেশ।
যােনাে আনিয়াছে কৃষ্ণ সন্দেশ।।
বিৰলে নিয়া উদ্ধৱক মাতি।
বেঢ়িয়া বসিলা সমাজ পাতি।। ১১
জানিলাে তুমি মুখ্য হৰিদাস।
পঠাইলা পিতৃৰ মাতৃৰ পাশ।।
মুনিৰাে দুস্ত্যজ বন্ধুৰ স্নেহ।
জানাে আনি আছাে কৃষ্ণ সন্দেশ।। ১২
নুহি গােকুলক স্মৰিবা কেনে।
পুষ্প চুম্বি এড়ে ভ্ৰমৰা যেনে।।
স্ত্রীতাে তেনে পুৰুষৰ চিত্ত।
বুজিলাে কৃষ্ণৰ আমি ইঙ্গিত।। ১৩
এড়িলা স্নেহ প্রভু সমুদায়।
মথুৰা নাগৰী সুন্দৰী পাই।।
এহি বুলি সৱে লজ্জাক এড়ি।
কান্দন্ত কৃষ্ণৰ গুণ সুমৰি।। ১৪
কৃষক লাগি আতি প্রেমভাৱে।
কৃষ্ণৰ সমে গুণ গীত গাৱে।।
কৃষ্ণত সৱে নিমজাইল মন।
কাহাৰাে গাৱত নাহি চেতন।। ১৫
উদ্ধৱে গােপীৰ দেখিয়া ভাৱ।
বিস্ময় হুয়া শিহৰাইলা গাৱ।।
নন্দৰ ব্ৰজে যত গােপীজাক।
শিৰে বন্দো তান পদধূলাক।। ১৬
ৰাত্রি দিনে গাৱে হৰি চৰিত্ৰ।
তিনিও লােকক কৰে পৱিত্ৰ।।
বােলন্ত অনেক প্রবােধ বাক।
ক্রন্দন এড়া আৱে গােপীজাক।। ১৭
কিনাে তােৰাসৱে কৰিলা পুণ্য।
সদায়ে গােৱা গােৱিন্দৰ গুণ।।
হৰিত মজিলা আতি হৃদয়।
কিনাে তােমাসাৰ ভাগ্য উদয়।। ১৮
হৰিৰ অৰ্থে পতি পুত্র এড়ি।
কৰিলা পূজা যেন সৱে চেড়ী ৷ ৷
জানিলাে সংসাৰ তৰিলা সুখে।
বর্ণাইবাে আৰাে কত মােৰ মুখে।। ১৯
কহিলা কৃষ্ণৰ সন্দেশ বাক।
জুড়াইল শুনি সৱে গােপীজাক।।
উদ্ধৱত কথা সােধে দুনাই।
সুখে কি আছন্ত কৃষ্ণ গােসাঁই।। ২০
আমাৰ কথা কি পৰে মনত।
যেন ক্রীড়া ভৈলা ৰাত্ৰি বনত।।
আউৰ কি আসিবা নন্দৰ পুৰ।
কৈসানি দেখিবাে মুখ প্ৰভুৰ।। ২১
পৰিল কান্দন্তে চক্ষুৰ পানী।
উদ্ধৱে প্ৰবােধ বুলিলা বাণী।।
এড়া অনুশােচ দেখিবা হৰি।
ৰাম বুলি যায়াে সংসাৰ তৰি।। ২২
শুনা সৰ্ব্বজন কৃষ্ণৰ বাণী।
ভক্তক স্নেহ কৰা চক্রপাণি।।
কামাতুৰভাৱে ভজিয়া হৰি।
তৰিল এতেকে গােপৰ নাৰী।। ২৩
তাহাঙ্ক শান্ত কৰাইলন্ত পাছে।
ভক্তৰ ইষ্টদেৱ কোন আছে।।
আলাস তেজিয়া ভজিয়াে হৰি।
সমস্ত নৰে ডাকি বােলা হৰি।। ২৪
।। গােপীউদ্ধৱ-সংবাদ সমাপ্ত ।।
------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.