কীৰ্ত্তন ঘােষা
নাৰদৰ কৃষ্ণ দর্শন
।। প্রথম কীৰ্ত্তন।।
ঘােষাঃ কমল লােচন ৰাম প্রভু ৰঘুপতি।
কি ৰাম হৰি গতি কি ৰাম ৰঘুপতি।। ১
পদঃ শিশুপাল প্রমুখ্যে নৃপতিগণ জিনি।
ভীষ্মৰ দুহিতা হৰি আনিলা ৰুক্মিণী।।
ৰুক্মক মুণ্ডিলা ধৰি পৰম বিক্রমে।
কি ৰাম হৰি গতি কি ৰাম ৰঘুপতি।। ১
পদঃ শিশুপাল প্রমুখ্যে নৃপতিগণ জিনি।
ভীষ্মৰ দুহিতা হৰি আনিলা ৰুক্মিণী।।
ৰুক্মক মুণ্ডিলা ধৰি পৰম বিক্রমে।
অষ্ট মহিষীক বিহা কৰিলা প্রথমে।। ১
গৰুড়ত চড়ি নৰকক দিলা ধাৰ।
তাক মাৰি পাইলা কন্যা ষােড়শ হাজাৰ।।
সৱাকো পঠাইলা প্রভু দ্বাৰকাক প্রতি।
সত্যভামা সমে পাছে গৈলা অম্ৰাৱতী।। ২
অদিতিক দিলা নিয়া অমৃত কুণ্ডল।
তােহ্মাক অৰ্চ্চিল আসি দেৱ আখণ্ডল।।
বাসৱে সহিতে হৰি কহি কথা মাত।
খুজিলা ভাৰ্য্যাৰ পদে পুষ্প পাৰিজাত।। ৩
ইন্দ্রে নেদিলন্ত তাক জানিয়া মুৰাৰি।
আনিলন্ত বলে পাৰিজাতক উভাৰি।।
দেখি খেদি আসি ইন্দ্ৰে কৰিলা সমৰ।
বাসৱক লীলায়ে ভঙ্গাইলা দামােদৰ।। ৪
উলটি পলাইল ইন্দ্ৰ তােমাৰ প্রহাৰে।
ৰুইলা পাৰিজাত সত্যভামাৰ দুৱাৰে।।
গৰুড়ত চড়ি নৰকক দিলা ধাৰ।
তাক মাৰি পাইলা কন্যা ষােড়শ হাজাৰ।।
সৱাকো পঠাইলা প্রভু দ্বাৰকাক প্রতি।
সত্যভামা সমে পাছে গৈলা অম্ৰাৱতী।। ২
অদিতিক দিলা নিয়া অমৃত কুণ্ডল।
তােহ্মাক অৰ্চ্চিল আসি দেৱ আখণ্ডল।।
বাসৱে সহিতে হৰি কহি কথা মাত।
খুজিলা ভাৰ্য্যাৰ পদে পুষ্প পাৰিজাত।। ৩
ইন্দ্রে নেদিলন্ত তাক জানিয়া মুৰাৰি।
আনিলন্ত বলে পাৰিজাতক উভাৰি।।
দেখি খেদি আসি ইন্দ্ৰে কৰিলা সমৰ।
বাসৱক লীলায়ে ভঙ্গাইলা দামােদৰ।। ৪
উলটি পলাইল ইন্দ্ৰ তােমাৰ প্রহাৰে।
ৰুইলা পাৰিজাত সত্যভামাৰ দুৱাৰে।।
ষােড়শ হাজাৰ কন্যা আনি ভিনে ভিনে।
দ্বাৰকাত বিবাহ কৰিলা একে দিনে।। ৫
সিটো দিব্য পতনী যতেক বৰনাৰী।
ততেক শৰীৰ ধৰি ক্ৰীড়িলা মুৰাৰি।।
চৌৰাশী অধিক তেৰ হাজাৰ প্রমাণ।
সালঙ্কৃতা কৰি নিতে কৰন্ত গাে দান।। ৬
নিয়াে কৃপাময় সেৱক পালি।। ১২
পদঃ যােড়শ হাজাৰ কন্যাক ভিনে।
কৰিলা হৰি বিহা একে দিনে।।
কৃষ্ণৰ আশ্চৰ্য্য মহিমা শুনি।
দ্বাৰকাক গৈলা নাৰদ মুনি।। ১২
দেখিলা ঋষি দিব্য পুৰী পাছে।
সুৱৰ্ণময় গড়ে বেঢ়ি আছে।।
সাগৰ বেঢ়ি ভৈল গড়খাই।
দেখি বিপক্ষৰ ধাতু উৰাই।। ১৩
দিব্য সৰােবৰ পুষ্পিত বনে।
পড়িয়া নাদ তেজে পক্ষীগণে।।
চম্পা পাৰিজাত সুৰভি বাসে।
নৱ লক্ষ দেৱ গৃহ প্রকাশে।। ১৪
কতাে স্ফটিকৰ কতাে ৰজত।
সুৱৰ্ণময় কতাে মৰকত।।
সূৰ্য্য সমজ্বলে গৃহৰ কান্তি।
ৰঞ্জে আতি ধ্বজ পতাকা পান্তি।। ১৫
তাৰ অন্তঃপুৰ দেখিলা পাছে।
প্রৱন্ধে বিশ্বকর্মে নিৰ্ম্মি আছে।।
ষােড়শ হাজাৰ দিব্য আৱাস।
সূৰ্য্য সম জ্বলে লঙ্ঘি আকাশ।। ১৬
তাহাৰ মধ্যে এক গৃহ পশি।
ৰত্নৰ দীপিতি দেখন্ত ঋষি।।
প্ৰৱালৰ স্তম্ভ বৈদুৰ্য্য ফলি।
সুৱৰ্ণৰ কাঠি কামী মণ্ডলি।। ১৭
ইন্দ্রনীল ৰত্নে লগাইল বাৰ।
মাণিক কপাট হীৰাৰ দ্বাৰ।।
ৰত্নৰ চাৰু কুন্দৰুখ জালে।
ধূপ ধূম্ৰচয় বজাই বােম্বালে।। ১৮
পদঃ আউৰ ঘৰে গৈয়া দেখন্ত ঋষি।
কৰন্ত গােৱিন্দে হােম হৰিষি।।
ব্রহ্ম ভােজ দেন্ত কতাে গৃহত।
ভুঞ্জন্ত আনি আৱশেষ যত।। ৩২
কতাে গৃহে আছা সন্ধ্যা উপাসি।
গায়ত্রী জপা মৌন হুয়া বসি।।
ছাড়ন্ত খাণ্ডা বাৰু কতাে ঘৰে।
কতােহাে ফুৰন্ত ৰথ উপৰে।। ৩৩
ঘােড়া লৱড়ান্ত কতাে প্রৱন্ধে।
দ্বাৰকাত বিবাহ কৰিলা একে দিনে।। ৫
সিটো দিব্য পতনী যতেক বৰনাৰী।
ততেক শৰীৰ ধৰি ক্ৰীড়িলা মুৰাৰি।।
চৌৰাশী অধিক তেৰ হাজাৰ প্রমাণ।
সালঙ্কৃতা কৰি নিতে কৰন্ত গাে দান।। ৬
ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া তােহ্মাক।
দ্বাৰকাক পঠাই দিল সুধৰ্ম্মা সভাক।।
তাত বসিবাক যাহা প্রত্যেকে উৎসুকে।
আগত যােগান্ত আনি ৰথক দাৰুকে।। ৭
ৰথত চড়িয়া দাৰুকৰ ধৰি হাতে।
সাত্যকি উদ্ধৱ সমে সমস্ত সভাতে।।
গুৰু শুক্র সমে যেন আকাশত শশী।
সভাক ৰঞ্জিয়া প্রভু ৰঙ্গে থাকা বসি।। ৮
দেখিয়া প্রণামে যিটো সুধৰ্ম্মা সভাক।
যদুগণে আনন্দে চটকি ফুৰে তাক।।
তােমাৰ প্ৰসাদে নুভুঞ্জিল কোন ভােগ।
মিলে দ্বাৰকাত যত বস্তু দেৱ ভােগ।। ৯
পঢ়াইলা যাদৱ বংশে যতেক কুমাৰ।
তাৰ সংখ্যা কৰিবাক শকতি কাহাৰ।।
তাসম্বাৰ শুনিয়ে পঢ়োৱা ওজা যত।
তিনি কোটি চৌৰাশী হাজাৰ একশত।। ১০
ভণিল শঙ্কৰে শুনিয়ােক সৰ্ব্বজন।
একচিত্তে কৰা সৱে হৰিৰ কীৰ্ত্তন।।
আত পৰে ধৰ্ম্ম আৰ নাহি সংসাৰত।
ৰাম ৰাম ঘােষিয়োক বসি আসনত।। ১১
দ্বাৰকাক পঠাই দিল সুধৰ্ম্মা সভাক।।
তাত বসিবাক যাহা প্রত্যেকে উৎসুকে।
আগত যােগান্ত আনি ৰথক দাৰুকে।। ৭
ৰথত চড়িয়া দাৰুকৰ ধৰি হাতে।
সাত্যকি উদ্ধৱ সমে সমস্ত সভাতে।।
গুৰু শুক্র সমে যেন আকাশত শশী।
সভাক ৰঞ্জিয়া প্রভু ৰঙ্গে থাকা বসি।। ৮
দেখিয়া প্রণামে যিটো সুধৰ্ম্মা সভাক।
যদুগণে আনন্দে চটকি ফুৰে তাক।।
তােমাৰ প্ৰসাদে নুভুঞ্জিল কোন ভােগ।
মিলে দ্বাৰকাত যত বস্তু দেৱ ভােগ।। ৯
পঢ়াইলা যাদৱ বংশে যতেক কুমাৰ।
তাৰ সংখ্যা কৰিবাক শকতি কাহাৰ।।
তাসম্বাৰ শুনিয়ে পঢ়োৱা ওজা যত।
তিনি কোটি চৌৰাশী হাজাৰ একশত।। ১০
ভণিল শঙ্কৰে শুনিয়ােক সৰ্ব্বজন।
একচিত্তে কৰা সৱে হৰিৰ কীৰ্ত্তন।।
আত পৰে ধৰ্ম্ম আৰ নাহি সংসাৰত।
ৰাম ৰাম ঘােষিয়োক বসি আসনত।। ১১
।। দ্বিতীয় কীৰ্ত্তন।।
ঘােষাঃ কেশৱ কৃষ্ণ বিষ্ণু বনমালী।নিয়াে কৃপাময় সেৱক পালি।। ১২
পদঃ যােড়শ হাজাৰ কন্যাক ভিনে।
কৰিলা হৰি বিহা একে দিনে।।
কৃষ্ণৰ আশ্চৰ্য্য মহিমা শুনি।
দ্বাৰকাক গৈলা নাৰদ মুনি।। ১২
দেখিলা ঋষি দিব্য পুৰী পাছে।
সুৱৰ্ণময় গড়ে বেঢ়ি আছে।।
সাগৰ বেঢ়ি ভৈল গড়খাই।
দেখি বিপক্ষৰ ধাতু উৰাই।। ১৩
দিব্য সৰােবৰ পুষ্পিত বনে।
পড়িয়া নাদ তেজে পক্ষীগণে।।
চম্পা পাৰিজাত সুৰভি বাসে।
নৱ লক্ষ দেৱ গৃহ প্রকাশে।। ১৪
কতাে স্ফটিকৰ কতাে ৰজত।
সুৱৰ্ণময় কতাে মৰকত।।
সূৰ্য্য সমজ্বলে গৃহৰ কান্তি।
ৰঞ্জে আতি ধ্বজ পতাকা পান্তি।। ১৫
তাৰ অন্তঃপুৰ দেখিলা পাছে।
প্রৱন্ধে বিশ্বকর্মে নিৰ্ম্মি আছে।।
ষােড়শ হাজাৰ দিব্য আৱাস।
সূৰ্য্য সম জ্বলে লঙ্ঘি আকাশ।। ১৬
তাহাৰ মধ্যে এক গৃহ পশি।
ৰত্নৰ দীপিতি দেখন্ত ঋষি।।
প্ৰৱালৰ স্তম্ভ বৈদুৰ্য্য ফলি।
সুৱৰ্ণৰ কাঠি কামী মণ্ডলি।। ১৭
ইন্দ্রনীল ৰত্নে লগাইল বাৰ।
মাণিক কপাট হীৰাৰ দ্বাৰ।।
ৰত্নৰ চাৰু কুন্দৰুখ জালে।
ধূপ ধূম্ৰচয় বজাই বােম্বালে।। ১৮
মেঘ বুলি তাক ময়ূৰ গণে।
গৃহত পড়িয়া নাচে সঘনে।।
প্রকাশে চন্দ্ৰতাপ অসংখ্যাত।
আৰিছে মুকুতা মুৰাৰি তাত।। ১৯
তলত ৰত্নময় সিংহাসন।
বিছাই হংস তুলি বিতােপন।।
তাতে শুতি আছা জগতপতি।
উপাসি আছন্ত ৰুক্মিণী সতী।। ২০
ৰত্ন দণ্ড চামৰ ধৰি।
স্বামীক বিঞ্চন্ত লাসে সুন্দৰী।।
সমান বয়সী সহস্র দাসী।
লগত যােগানে আছে উপাসি।। ২১
প্রণত পালক তুমি গােপাল।। ৩
পদঃ চৌপাশে প্রকাশে ৰত্ন প্রদীপ।
চাপিলা হৰিষে ঋষি সমীপ।।
নাৰদক দেখি উঠিলা হৰি।
প্রণামিলা পাৱে শিৰে সাদৰি।। ২২
কৃতাঞ্জলি স্তুতি বুলিলা বাণী।
আপুনি আসনে বৈসাইলা আনি।।
লক্ষ্মী পানী দেন্ত ভৃঙ্গাৰ ধৰি।
ধুৱাইলা ঋষিৰ চৰণ হৰি।। ২৩
লৈলা পাদোদক শিৰত আনি।
বুলিলা অমৃত মধুৰ বাণী।।
পৱিত্ৰ আজি ভৈলাে ঋষিৰাজ।
কৰিয়াে আজ্ঞা সাধ্যে কোন কাজ।। ২৪
শুনিয়া নাৰদে বুলিলা হাসি।
তােমাৰ চৰণ দেখিলাে আসি।।
ব্রহ্মা আদি যত পৰম জ্ঞানী।
চিন্তে হিয়ে যাক প্ৰৱন্ধে আনি।। ২৫
সংসাৰ কূপে পড়ে যিটোজন।
তাৰাে অৱলম্ব তযু চৰণ।।
হেন পাদ পদ্ম চিন্তা সদায়।
তােমাৰ নাম মুখে ফুৰাে গাই।। ২৬
তােমাৰ পাৱে নছাকে মতি।
দিয়াে এহি দান জগতপতি।।
এহি বুলি তৈৰ উঠিলা ঋষি।
দেখিলা পাছে আৰ গৃহ পশি।। ২৭
কৰিয়া কৃষ্ণে হাস পৰিহাস।
ভাৰ্য্যায়ে সহিতে খেলন্ত পাশ।।
কাষতে উদ্ধৱ আছে নিৰেখি।
উঠিলা কৃষ্ণ নাৰদক দেখি।। ২৮
আসনে বৈসাই ধুৱাইলা ভৰি।
কেতিক্ষণে আইলা পুছন্ত হৰি।।
তুমি সৰ্ব্ব পূর্ণকাম সন্ন্যাসী।
অপূর্ণকামী আমি গৃহবাসী।। ২৯
তথাপি বােলা কি কৰিবাে আমি।
জন্মক মােৰ সাম্ফলিয়ে স্বামী।।
শুনিয়া নাৰদ বিস্ময় ভৈলা।
তৈৰ উঠি আউৰ গৃহক গৈলা।। ৩০
দেখন্তে ঋষি তৈত যদুৰায়।
আছন্ত বসি শিশু উমলাই।।
দেখিল পাছে আৰ গৃহ পশি।
স্নানক উদ্যমে আছন্ত বসি।। ৩১
গৃহত পড়িয়া নাচে সঘনে।।
প্রকাশে চন্দ্ৰতাপ অসংখ্যাত।
আৰিছে মুকুতা মুৰাৰি তাত।। ১৯
তলত ৰত্নময় সিংহাসন।
বিছাই হংস তুলি বিতােপন।।
তাতে শুতি আছা জগতপতি।
উপাসি আছন্ত ৰুক্মিণী সতী।। ২০
ৰত্ন দণ্ড চামৰ ধৰি।
স্বামীক বিঞ্চন্ত লাসে সুন্দৰী।।
সমান বয়সী সহস্র দাসী।
লগত যােগানে আছে উপাসি।। ২১
।। তৃতীয় কীৰ্ত্তন।।
ঘােষাঃ মাধৱ মুকুন্দ দীন দয়াল।প্রণত পালক তুমি গােপাল।। ৩
পদঃ চৌপাশে প্রকাশে ৰত্ন প্রদীপ।
চাপিলা হৰিষে ঋষি সমীপ।।
নাৰদক দেখি উঠিলা হৰি।
প্রণামিলা পাৱে শিৰে সাদৰি।। ২২
কৃতাঞ্জলি স্তুতি বুলিলা বাণী।
আপুনি আসনে বৈসাইলা আনি।।
লক্ষ্মী পানী দেন্ত ভৃঙ্গাৰ ধৰি।
ধুৱাইলা ঋষিৰ চৰণ হৰি।। ২৩
লৈলা পাদোদক শিৰত আনি।
বুলিলা অমৃত মধুৰ বাণী।।
পৱিত্ৰ আজি ভৈলাে ঋষিৰাজ।
কৰিয়াে আজ্ঞা সাধ্যে কোন কাজ।। ২৪
শুনিয়া নাৰদে বুলিলা হাসি।
তােমাৰ চৰণ দেখিলাে আসি।।
ব্রহ্মা আদি যত পৰম জ্ঞানী।
চিন্তে হিয়ে যাক প্ৰৱন্ধে আনি।। ২৫
সংসাৰ কূপে পড়ে যিটোজন।
তাৰাে অৱলম্ব তযু চৰণ।।
হেন পাদ পদ্ম চিন্তা সদায়।
তােমাৰ নাম মুখে ফুৰাে গাই।। ২৬
তােমাৰ পাৱে নছাকে মতি।
দিয়াে এহি দান জগতপতি।।
এহি বুলি তৈৰ উঠিলা ঋষি।
দেখিলা পাছে আৰ গৃহ পশি।। ২৭
কৰিয়া কৃষ্ণে হাস পৰিহাস।
ভাৰ্য্যায়ে সহিতে খেলন্ত পাশ।।
কাষতে উদ্ধৱ আছে নিৰেখি।
উঠিলা কৃষ্ণ নাৰদক দেখি।। ২৮
আসনে বৈসাই ধুৱাইলা ভৰি।
কেতিক্ষণে আইলা পুছন্ত হৰি।।
তুমি সৰ্ব্ব পূর্ণকাম সন্ন্যাসী।
অপূর্ণকামী আমি গৃহবাসী।। ২৯
তথাপি বােলা কি কৰিবাে আমি।
জন্মক মােৰ সাম্ফলিয়ে স্বামী।।
শুনিয়া নাৰদ বিস্ময় ভৈলা।
তৈৰ উঠি আউৰ গৃহক গৈলা।। ৩০
দেখন্তে ঋষি তৈত যদুৰায়।
আছন্ত বসি শিশু উমলাই।।
দেখিল পাছে আৰ গৃহ পশি।
স্নানক উদ্যমে আছন্ত বসি।। ৩১
।। চতুর্থ কীৰ্ত্তন।।
ঘােষাঃ ত্রাহি সদাশিৱ শাৰঙ্গপাণি।। ৪পদঃ আউৰ ঘৰে গৈয়া দেখন্ত ঋষি।
কৰন্ত গােৱিন্দে হােম হৰিষি।।
ব্রহ্ম ভােজ দেন্ত কতাে গৃহত।
ভুঞ্জন্ত আনি আৱশেষ যত।। ৩২
কতাে গৃহে আছা সন্ধ্যা উপাসি।
গায়ত্রী জপা মৌন হুয়া বসি।।
ছাড়ন্ত খাণ্ডা বাৰু কতাে ঘৰে।
কতােহাে ফুৰন্ত ৰথ উপৰে।। ৩৩
ঘােড়া লৱড়ান্ত কতাে প্রৱন্ধে।
ফুৰন্ত কৃষ্ণ কতাে হস্তী কন্ধে।।
কতাে ঘৰে আছা খাটত শুতি।
চপয় পঢ়ি ভাটে কৰে স্তুতি।। ৩৪
উদ্ধৱ প্ৰমুখ্যে মন্ত্রী সহিতে।
কৰন্ত মন্ত্রণা কতাে গৃহতে।।
সহস্র সংখ্যাত ৰমণী সঙ্গে।
কৰন্ত কতাে জলক্রীড়া ৰঙ্গে।। ৩৫
কতাে ঘৰে আছা খাটত শুতি।
চপয় পঢ়ি ভাটে কৰে স্তুতি।। ৩৪
উদ্ধৱ প্ৰমুখ্যে মন্ত্রী সহিতে।
কৰন্ত মন্ত্রণা কতাে গৃহতে।।
সহস্র সংখ্যাত ৰমণী সঙ্গে।
কৰন্ত কতাে জলক্রীড়া ৰঙ্গে।। ৩৫
অনেক বিপ্র অনাই দামােদৰে।
কৰন্ত ধেনু দান কতাে ঘৰে।।
ভাৰ্য্যাক মাতি পৰিহাস কৰি।
কতাে ঘৰে ৰঙ্গে হাসন্ত হৰি।। ৩৬
শুনন্তে আছন্ত কৈতাে পুৰাণ।
কৰন্ত কৈতাে অর্থ উপাদান।।
কতাে ঘৰে বসি আসন ধৰি।
আত্মক চিন্তন্তে আছন্ত হৰি।। ৩৭
কৰন্ত দ্বন্দ্ব কৈতাে লক্ষ্মীপতি।
কৰন্ত কৃষ্ণে কৈতাে মিত্র অতি।।
কতাে আলােচন্ত বলাে সহিত।
চিন্তন্তে আছন্ত সন্তৰ হিত।। ৩৮
কতাে ঘৰে আতি উৎসৱ কৰি।
কৰন্তে পুত্ৰৰ বিৱাহ হৰি।।
বিহা দেন্ত কন্যা কৈতাে মুৰাৰি।
দুনাই আনন্ত কৈতাে বহাৰী।। ৩৯
কৈতাে শ্বাশুৰিক পঠাইলা জীৱ।
কান্দন্ত বসি দেৱ সদাশিৱ।।
কৰন্ত কতাে গৃহে যজ্ঞ কাম।
প্রতিষ্ঠান্ত কৈতাে কূপ আৰাম।। ৪০
ঘােটকতে চড়ি কৈতাে মুৰাৰি।
ফুৰন্ত পৱিত্ৰ মৃগক মাৰি।।
ধৰিয়া বেশ কৈতাে ভৰি খুম্পি।
ভাঞ্জ কাজ বুজি ফুৰন্ত চুম্পি।। ৪১
ভকতৰ ভয় ভঞ্জন হেতু।। ৫
পদঃ দেখিয়া নাৰদে তুলিলা হাসি।
আমাক প্ৰভু ভুৰুকুৱা আসি।।
তােমাৰ চৰণ সেৱাৰ বলে।
তবু যােগ মায়া জানাে সকলে।। ৪২
জানিয়াে প্রভু মই তযু দাস।
কৰন্ত ধেনু দান কতাে ঘৰে।।
ভাৰ্য্যাক মাতি পৰিহাস কৰি।
কতাে ঘৰে ৰঙ্গে হাসন্ত হৰি।। ৩৬
শুনন্তে আছন্ত কৈতাে পুৰাণ।
কৰন্ত কৈতাে অর্থ উপাদান।।
কতাে ঘৰে বসি আসন ধৰি।
আত্মক চিন্তন্তে আছন্ত হৰি।। ৩৭
কৰন্ত দ্বন্দ্ব কৈতাে লক্ষ্মীপতি।
কৰন্ত কৃষ্ণে কৈতাে মিত্র অতি।।
কতাে আলােচন্ত বলাে সহিত।
চিন্তন্তে আছন্ত সন্তৰ হিত।। ৩৮
কতাে ঘৰে আতি উৎসৱ কৰি।
কৰন্তে পুত্ৰৰ বিৱাহ হৰি।।
বিহা দেন্ত কন্যা কৈতাে মুৰাৰি।
দুনাই আনন্ত কৈতাে বহাৰী।। ৩৯
কৈতাে শ্বাশুৰিক পঠাইলা জীৱ।
কান্দন্ত বসি দেৱ সদাশিৱ।।
কৰন্ত কতাে গৃহে যজ্ঞ কাম।
প্রতিষ্ঠান্ত কৈতাে কূপ আৰাম।। ৪০
ঘােটকতে চড়ি কৈতাে মুৰাৰি।
ফুৰন্ত পৱিত্ৰ মৃগক মাৰি।।
ধৰিয়া বেশ কৈতাে ভৰি খুম্পি।
ভাঞ্জ কাজ বুজি ফুৰন্ত চুম্পি।। ৪১
।। পঞ্চম কীৰ্ত্তন।।
ঘােষাঃ গােৱিন্দ গােপাল গৰুড়কেতু।ভকতৰ ভয় ভঞ্জন হেতু।। ৫
পদঃ দেখিয়া নাৰদে তুলিলা হাসি।
আমাক প্ৰভু ভুৰুকুৱা আসি।।
তােমাৰ চৰণ সেৱাৰ বলে।
তবু যােগ মায়া জানাে সকলে।। ৪২
জানিয়াে প্রভু মই তযু দাস।
কৰিয়া তােমাৰ যশ প্রকাশ।।
তিনিও লােকে ফুৰাে বীণা বাই।
তােমাৰ পৱিত্ৰ চৰিত্ৰ গাই।। ৪৩
মাধৱে বােলন্ত শুনিয়াে মুনি।
যেন ভক্ত তুমি জানাে আপুনি।।
লােকক শিখাও ই ধৰ্ম্ম ভেদ।
নকৰা মুনি আত কিছু খেদ।। ৪৪
বােলন্ত শুকে শুনা পৰীক্ষিত।
মাধৱে মুনিৰ ৰঞ্জিলা চিত্ত।।
দেখিয়া কৃষ্ণৰ গৃহ সম্পদ।
পৰম বিস্ময় ভৈলা নাৰদ।। ৪৫
কৃষ্ণৰ আতি সতকাৰ পাই।
লড়িলা তৈৰপৰা বীণা বাই।।
কৃষ্ণৰ চৰণ চিন্তন্তে যান্ত।
গােৱিন্দৰ গুণ সদায়ে গান্ত।। ৪৬
কৃষ্ণৰ মুনুষ্য লীলা চৰিত্র।
জগতকে ইটো কৰে পৱিত্ৰ।।
যিটো শুনে ভণে আক সঘনে।
তাৰ ভক্তি হৈব কৃষ্ণ চৰণে।। ৪৭
শুনা সৰ্ব্বজন শংকৰে কহে।
চিৰকাল ইটো দেহা নহে।।
হাটে বাটে কৈত মিলে মৰণ।
সদায়ে নেড়িবা হৰি চৰণ।। ৪৮
নাৰদত বিষ্ণু আছন্ত কই।
বৈকুণ্ঠত মই নথাকো ৰই।।
যােগীৰ হিয়া এড়ি সমুদায়।
থাকো ভকতৰ কীৰ্ত্তন চাই।। ৪৯
জানিয়া সৱে এড়া ভাষভুষ।
ভাগ্যেসে ভাৰতে ভৈলা মানুষ।।
আক ব্যর্থ কৰা বিষয় ভােলে।
মাণিকক বিকা কাচৰ মােলে।। ৫০
মিছাতে পুত্ৰ দাৰা বুলি মৰা।
আপুনি গুণ আইলা কৈৰ পৰা।।
সৱে মায়াময় স্বপ্নৰ সৰি।
জন্ম সাম্ফলি বােলা হৰি হৰি।। ৫১
।। নাৰদৰ কৃষ্ণ দর্শন সমাপ্ত ।।
তিনিও লােকে ফুৰাে বীণা বাই।
তােমাৰ পৱিত্ৰ চৰিত্ৰ গাই।। ৪৩
মাধৱে বােলন্ত শুনিয়াে মুনি।
যেন ভক্ত তুমি জানাে আপুনি।।
লােকক শিখাও ই ধৰ্ম্ম ভেদ।
নকৰা মুনি আত কিছু খেদ।। ৪৪
বােলন্ত শুকে শুনা পৰীক্ষিত।
মাধৱে মুনিৰ ৰঞ্জিলা চিত্ত।।
দেখিয়া কৃষ্ণৰ গৃহ সম্পদ।
পৰম বিস্ময় ভৈলা নাৰদ।। ৪৫
কৃষ্ণৰ আতি সতকাৰ পাই।
লড়িলা তৈৰপৰা বীণা বাই।।
কৃষ্ণৰ চৰণ চিন্তন্তে যান্ত।
গােৱিন্দৰ গুণ সদায়ে গান্ত।। ৪৬
কৃষ্ণৰ মুনুষ্য লীলা চৰিত্র।
জগতকে ইটো কৰে পৱিত্ৰ।।
যিটো শুনে ভণে আক সঘনে।
তাৰ ভক্তি হৈব কৃষ্ণ চৰণে।। ৪৭
শুনা সৰ্ব্বজন শংকৰে কহে।
চিৰকাল ইটো দেহা নহে।।
হাটে বাটে কৈত মিলে মৰণ।
সদায়ে নেড়িবা হৰি চৰণ।। ৪৮
নাৰদত বিষ্ণু আছন্ত কই।
বৈকুণ্ঠত মই নথাকো ৰই।।
যােগীৰ হিয়া এড়ি সমুদায়।
থাকো ভকতৰ কীৰ্ত্তন চাই।। ৪৯
জানিয়া সৱে এড়া ভাষভুষ।
ভাগ্যেসে ভাৰতে ভৈলা মানুষ।।
আক ব্যর্থ কৰা বিষয় ভােলে।
মাণিকক বিকা কাচৰ মােলে।। ৫০
মিছাতে পুত্ৰ দাৰা বুলি মৰা।
আপুনি গুণ আইলা কৈৰ পৰা।।
সৱে মায়াময় স্বপ্নৰ সৰি।
জন্ম সাম্ফলি বােলা হৰি হৰি।। ৫১
।। নাৰদৰ কৃষ্ণ দর্শন সমাপ্ত ।।
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.